দিন সাত ৷৷ খণ্ড ৫
হোটেল আল'ত সোমাওঁতে সন্ধ্যাই লাগিল৷ 'আজি খালী ৰূম কম আছে৷ এটা ডবল ৰূম আৰু এটা চিংগল ৰূম পাব ৷' 'তিনিজনলৈ হ'ল বাৰু, বাকীকেইজনৰ কি হ'ব?' 'ফেমিলী ৰূম এটা আছে৷' ফেমিলী ৰূম বোলোঁতে প্ৰথমে মই বুজাই নাছিলোঁ, মেনেজাৰ মোহন ছেত্ৰীয়েনো কি ক'ব খুজিছে৷ লাহেকৈহে ধৰিব পাৰিলোঁ৷ ফেমিলী ৰূমটো অন্য ৰূমৰ তুলনাত ডাঙৰ৷ আহল-বহল বিছনাযুক্ত সৰু কোঠা এটাও আছে তাৰ ভিতৰতে৷ অৰূপদা আৰু প্ৰদীপদা কোঠাৰ ভিতৰৰ কোঠাটোত আগে-ভাগে সোমালগৈ৷
আমাৰ গাড়ীখনত উঠি অহা চাৰিওজনে ফেমিলী ৰূমতে একেলগে থকাৰ সিদ্ধান্ত হ'ল৷ ৰূমটো ডাঙৰ ঠিকেই৷ এফালে ৰন্ধা-বঢ়াৰো সুবিধা আছে৷ ভিতৰুৱা কোঠাটোৰখন বাদ দিলে বিছনা কিন্তু এখনেই৷ তাকো এজনীয়া৷ মোৰ ভাগ্যত বিছনাখন মিলিল৷ দীপকদাৰ কি হ'ব? মজিয়াত ঢালাই! এইটো ভাল কথা নহ'ব৷ দীপকদা ছিনিয়ৰ মানুহ৷ দিল্লীৰ পৰা লেহ-লাডাখলৈ ৰয়েল এনফিল্ড বুলেট মটৰ চাইকেল চলোৱা দীৰ্ঘদেহী, অভিজ্ঞ, এড্ভেন্চাৰাচ লোকজনে এইটো যাত্ৰাত আমাৰ বাবে গাড়ী বন্দৱস্ত কৰিছিল৷ জি.টি.এল.ত আজি পুৱা পৰ্যন্ত মোৰ ৰূমমেত আছিল তেওঁ৷ সেই মানুহজন মজিয়াত শুব, মই বিছনাৰ ওপৰত শুম, এইটো কেনে কথা? চুপে-চাপে পাঙি ৰাখিলোঁ যে সদ্যহতে যিয়েই নহওক, ৰাতি শুবৰ বেলিকা মই যি ভাবিছোঁ সেইটোৱেই কৰিম৷ মহ-ডাঁহ নাই ইয়াত৷ আঁঠুৱা নহ'লেও চলে৷ ঠাণ্ডাও মেন্-চু-খাতকৈ বহুগুণে কম৷ গতিকে সমস্যা নহ'ব৷
পুৱাৰে পৰা কৰি অহা যাত্ৰাটোৰ অন্তত গাটো ধুই মজা লাগিল৷ কিন্তু তাৰ পাছতে বাহিৰত তহলদিবলৈ যোৱাৰ প্ৰৱণতা এটায়ো বৰকৈ খুন্দিয়ালে৷ প্ৰসংগ বেকত কৰিবলৈহে পালোঁ, জেক্জেকাই উঠিল প্ৰদীপদা ওৰফে ধৰমপাল৷ ক'লে, 'নালাগে নালাগে৷ অচিনাকি ঠাই৷ আন্ধাৰ হোৱাৰ পাছত ঘূৰি ফুৰাটো উচিত নহয়৷' মন সেমেকিলেও উপায় নাই৷ জ্যেষ্ঠজনৰ সাৱধান-বাণী৷ বাৰাণ্ডাত বহি আল'ৰ লাইটৰ তিৰ্বিৰণিবোৰকে চাই সময় অতিবাহিত কৰিব ধৰিলোঁ৷ একোবাৰ ৰাজীৱ, কাটাউচ, জয়ন্তদাহঁতৰ ওচৰলৈ যাওঁ৷ পুনৰ ঘূৰি আহি বিছনাখনত বাগৰোঁ৷ মেন্-চু-খালৈ, নানা-ৰূপা-চাংগে'হঁতলৈকো চেৰেং চেৰেংকৈ মনত পৰি আছে৷ এনেতে গেবু আৰু দালাই দৰজাত ঢকিয়ালেহি৷ আল'ত সিহঁতৰ সম্পৰ্কীয় মানুহ আছে৷ আজি ৰাতি তাতে থাকিব৷ কাইলৈ গন্তব্য চিলাপথাৰ৷
হোটেললৈ উঠি অহাৰ পাছৰে পৰাই গেবু আৰু দালাই মোক বিচাৰি থকা বুলি জনালে৷ বিশেষ সকাম আছে হেনো মোৰ সৈতে৷ কি সকাম থাকিব পাৰে ইহঁতৰ? দকৈ ভাবি চালোঁ৷ হৰ্নবিল ফেষ্টিভেললৈ যোৱাৰ উদ্দেশ্যৰে দুয়ো ঘৰ-পৰিয়াল, কাম-কাজ এৰি ওলাই অাহিছে কেইবাদিনৰ বাবে৷ হিচাপ কৰিলে ওলায়, যাওঁতে তিনি দিন, আহোঁতে তিনি দিন৷ সেয়ে হ'লেও কথাটো মই বেয়া পোৱা নাই৷ পিছে ৰাস্তা হ'লে এজনেও নিচিনে৷ পকেটত গুগল মেপ থাকিল কিডাল হ'ল? অসম-নাগালেণ্ডৰ ভূগোল এজনৰো আয়ত্তত নাই৷ শুনিছে যে তালৈ যাবলৈ হ'লে অসমৰ মাজেৰে প্ৰথমে ডিমাপুৰ পাবগৈ লাগিব৷ বন্ধু এজনে কাইলৈ ইটানগৰৰ পৰা গাড়ী লৈ চিলাপথাৰ ওলোৱাহি কথা৷ এতিয়া গম্ভীৰ প্ৰশ্নটো হ'ল সিহঁত যাব কোন বাটে? বগীবিলেৰে পাৰ হোৱা উচিত নে ক'লীয়া ভোমোৰাদি? গাড়ী কেৱল চলাব জানিলেইতো নহ'ব৷ বাটৰ আভাস আৰু স্থানীয় নিয়ম-নীতিবোৰ আগতীয়াকৈ জানি নল'লে অসুবিধাত পৰাৰে সম্ভাৱনা৷ সেয়েহে বিচাৰি আহিছে মোক, বাটৰ জ্ঞান ল'বলৈ৷ মই তালৈ গৈছোঁ বুলি কালি কথা প্ৰসংগত শুনা পাইছিল৷ তাতে ডিমাপুৰৰ নিকটৱৰ্তী আমাৰ ডিফু৷
মোৰ হাতত কাগজৰ অভাৱ৷ দীঘল এনভেলপ এটা আছিল৷ তাকে ফালি বিছনাৰ ওপৰতে বহলকৈ মেলি ল'লোঁ৷ এপিঠিত কলমেৰে অংকন কৰিব ধৰিলোঁ Road Map, আল'ক ষ্টাৰ্টিং পইণ্ট হিচাপে লৈ৷ আঁকিও গৈছোঁ, সৰলভাৱে বুজায়ো গৈছোঁ৷ ছাত্ৰবৎ মনোযোগিতাৰে দালা আৰু গেবুৱে শুনি গৈছে৷ সুধিবলগীয়াখিনি সুধিছে৷ যথাযথ উত্তৰ লগে লগে৷ নিজকে মোৰ কিবা মাষ্টৰ মাষ্টৰ যেন লাগি গৈছে! একোবাৰত আকৌ টুৰ কনচালটেণ্ট যেন লাগিছে৷ বেংককত R.T.S. Inter Transport and Tours Service Co. Ltd.ৰ Puwadol Chantapoon, চমুকৈ Nui নামৰ ডেকা কনচালটেণ্টজনে মোক এনেদৰেই বুজাইছিল৷ ২০১০ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখটোলৈ চাঁতকৈ মনত পৰি গ'ল৷ বেংকক, ফুকেট, ফি ফি আইলেণ্ড, বেংকক, চাফাৰী ৱৰ্ল্ড, পাট্টায়া, কৰেল আইলেণ্ড, পুনৰ বেংকক, শেষত সুবৰ্ণভূমি এয়াৰপ'ৰ্ট৷ সুন্দৰ বৰ্ণনা আৰু কথাৰ লগে লগে অংকন৷ প্ৰথমে বায়ুপথেৰে হিচাপ উলিয়ালে বেংককৰ পৰা ফুকেটলৈ৷ ভাবিলোঁ, স্থলপথেৰে গ'লে কেনে হয়? ৰাস্তাদি যোৱা-অহা কৰিলে অধিক চোৱাও হ'ব৷ How is the road condition? বুলি সুধিবলৈহে পালোঁ, Nuiএ বিনয়েৰে কৈ উঠিল, 'In Thailand, you need not worry about road condition.' শেষত দুমহলীয়া নৈশ বাছেৰে ওলালোঁগৈ ফুকেট৷ পথে পথে ঘূৰিলোঁ-ফুৰিলোঁ ৬ অক্টোবৰ পৰ্যন্ত৷ ক'তো স্পীড ব্ৰেকাৰ এটা নাই, গাড়ীৰ হৰ্ণ বজা নাই, দৰজা-খিৰিকীৰ ঘটংমটং শুনিবলৈ নাই৷ Nuiৰ কথাযে সত্য আছিল প্ৰমাণ পালোঁ৷
এইফালে পথ নিৰ্দেশনা বটাই দিলত গেবু আৰু দালাই মোক বৰকৈ ধন্যবাদ জনাব ধৰিলে যদিও ৰাস্তাৰ অৱস্থা সংক্ৰান্তত বেংককৰ Nuiৰ দৰে আশ্বস্ত কৰিব হ'লে নোৱাৰিলোঁ৷ মাথো ক'লোঁ, 'অসাৱধানতাত কাগজখন ক'ৰবাত পৰি হেৰাব পাৰে, ম'বাইলৰ কেমেৰাৰে এতিয়াই স্নেপ এটা লৈ থ'লে ভাল হ'ব৷' 'হাঁ, ঠিক ব'লা আপ্৷' এইবুলি কৈ গেবুৱে তাকে কৰিলে লগে লগে৷ স্ক্ৰীণত ফটোখন আৰু আঙুলিৰে টানি-টুনি ৰাস্তাৰ আঁক-বাকবোৰ চাই খুব সুখী হৈ উঠিল৷ দালাই কাগজখন আলফুলে সামৰি-সুতৰি মানিবেগত ভৰালে৷ এইখন এতিয়া ইহঁতৰ বাবে বৰ ডাঙৰ সম্পদ, যেনেকৈ মোৰ ৰাক্চেকত সযতনে ৰখা, এইটো যাত্ৰাৰ সৈতে প্ৰযোজ্য হোৱাকৈ ঘৰতে নিজে তৈয়াৰ কৰি অনা অসম-অৰুণাচলৰ মেপখন, য'ত আমাৰ ষ্টাৰ্টিং পইণ্ট ডিফুৰ পৰা আৰম্ভ কৰি অনুসৰণ কৰিবলগীয়া পথ চিহ্নিত কৰা আছে৷ বাট ভুল হোৱাৰ ভয় নাই৷ মেপখনৰ ৰঙাৰঙী পথটো ভ্ৰমি শেষ হ'ল৷ কাইলৈৰ পৰা ক'লা পথটোৰে ভ্ৰমিম৷ গেবু আৰু দালাক বাটত য'তে যেতিয়াই প্ৰয়োজন হয়, মোক ফোন কৰিবলৈ সকীয়াই থ'লোঁ৷ একো অসুবিধা নহ'লে একেবাৰে জেগা পাই কৰিলেও কথা নাই৷ তেতিয়ালৈ ময়ো ঘৰ পামগৈ৷ কাৰ্য-সমাপ্তিত হেণ্ডশ্বেক মাৰি দুয়ো গুচি গ'ল৷ আন্তৰিক শুভকামনাৰ লগতে সিহঁতৰ উৎসাহ আৰু এড্ভেন্চাৰ মনোবৃত্তিক মনে মনে চেলুট জনালোঁ৷
ডাইনিং হলত সমভিব্যাহাৰে নিশাৰ আহাৰভাগ গ্ৰহণৰ ব্যস্ততা আৰম্ভ হৈছে৷ ধৰমপালজীৰ নিৰ্দেশ মানি গধূলি ওলাই নোযোৱাত ভোকৰ মাত্ৰা চৰিছে৷ ভাত-পানী খাই উঠি পুৱাৰ যাত্ৰাটোক লৈ আমাৰ ৰূমতে আড্ডা বহিল৷ বয়-বস্তু সামৰাৰ কামো তাৰ মাজে মাজে চলাই গ'লোঁ৷

কাইলৈ আমি তিনিজন ক্রমে অৰূপদা, প্ৰদীপদা আৰু মই আল'ৰ পৰা পাচিঘাট আৰু তাৰ পাছত ব্ৰহ্মপুত্ৰৰ ফেৰীঘাট পামগৈ৷ তাৰ পৰা বৰনৈ পাৰ হৈ বগীবিল৷ তাৰ পৰা ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচন৷ তাত নামনিমুৱা ট্ৰে'ন ধৰিম ডিফুলৈ৷ অন্য এক এড্ভেন্চাৰ্, আমাৰ বাবে৷ বাকী চাৰিজন পাচিঘাট হৈ চিলাপথাৰলৈ যাব৷ তাত মুৰ্কংচেলেকৰ পৰা যাত্ৰাৰম্ভ কৰা নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেচখন ধৰিব, গুৱাহাটীলৈ বুলি৷ গতিকে সিদ্ধান্ত হ'ল যে পুৱা ৬.০০ বজাতে ৰঙা মহেন্দ্ৰ কে.ইউ.ভি.খন লৈ ডিফুৰ পাৰ্টী প্ৰথমে ৰাওনা হ'ম৷ বাকীসকল লাহে-ধীৰে আহি থাকিলেও হ'ব, যিহেতু গাড়ী নিশা ৯.৩০ বজাতহে৷ চালক বাসুদেৱ সাহাক অৰূপদাই কথাটো জনাই থৈ আহিল৷ বলেৰ'খন আৰু চালক পুলিন গগৈক আমি ইয়াতেই এৰিম৷ চিলাপথাৰৰ হোটেল সীমা প্লাজাত সিদিনা আহোঁতে গঠন হোৱা সাতজনীয়া কমিটিখনো হিচাপ-নিকাচ পৰিষ্কাৰ কৰি ফেমিলী ৰূমতেই ভংগ কৰি দিয়া হ'ল৷ নতুনকৈ তিনিজনীয়া কমিটি গঠন হ'ল ডিফুগামী তিনিজনৰ মাজত৷ হিচাপ লেখাটো মোৰ গাতে পৰিল৷ ধৰমপাল ওৰফে প্ৰদীপদা ধন-ভঁৰালী৷
হোটেলৰ ল'ৰা এটাই দি যোৱা তোছকখন পাই দীপকদাই মজিয়াৰ ওপৰতে নিজৰ শয্যাথলী ঠিক-ঠাক কৰি লৈছে৷ মোৰ তোছকখন বিছনা চাদৰ আৰু গাৰুৰে সৈতে একে টানে নমাই আনি তেওঁৰখনৰ সৈতে লগ লগাই দিলোঁ৷ আমি একেলগে শুম৷ বিছনাখন বেৰৰ কাষত খালী হৈ পৰি থাকক, কথা নাই৷
No comments:
Post a Comment