Wednesday, 6 December 2017

দিন পাঁচ ৷৷ খণ্ড ১১


লুংলুঙীয়া বাট এটাৰে আমি উঠি যাব ধৰিলোঁ৷ শুকান পাতত গচক পৰি খৰ্‌খৰ্‌ আৱাজ ওলাইছে৷ ১৫ মিনিটমান খোজ কঢ়াৰ পাছত একে চেহেৰাৰ আৰু এটা কেম্প চাইট্‌ আৱিষ্কাৰ হ'ল৷ এইটো ৩ নম্বৰ৷ দুৰ্গম পৰ্বতখনৰ অভ্যন্তৰত দেখোন শিৱিৰেই শিৱিৰ! সকলো কিন্তু কেতিয়াবাতে পৰিত্যক্ত৷ কোন আছিল ইয়াত? চেক্‌কেই কোৱা কথাটো সঁচানে? নে বেলেগ কিবা কথাও আছে? নাজানো৷ এই ঠাইখিনিতো পৰ্বতৰ বক্ষত খলপ কাটি ভালেকেইখন বাঁহৰ চাং তলৰ পৰা ওপৰলৈ সজা আছে৷ চাংবোৰ পুৰণা হৈছে৷ খাংটো এঠাইত নমাই থৈ নিজৰ মবাইল হেণ্ডছেটটো পকেটৰ পৰা উলিয়াই একান্তচিত্তে কিবা খুচৰিব ধৰিলে চেক্‌কেই৷ কি চাইছে নাজানো৷ সুধিলোঁ, সময় কিমান হল? সি কলে, ৪.১০৷ আন্ধাৰচোন নামিলেই! শীতো বাঢ়িল৷ ৰাক্‌চেক্‌টো সুবিধাজনক এঠাইত থ'ব লাগিল৷ থওঁতেই টৰ্চটো বেগৰ পৰা উলিয়াই ললোঁ৷ বুজিলোঁ যে আৰু আগ বঢ়া নহ'ব৷ ইয়াতেই ৰাতিটো থকা হব আজি৷ কিন্তু পানী? পানী কত? পানীতো লাগিবই৷ জান-জুৰি একোৱেই চকুত নপৰিল দেখােন! কেনি কি আছে নাজানো৷

বাকীসকললৈ ৰৈ নাথাকি ছাঁ-পোহৰৰ আকাশী ৰণখন তুংগত থাকোঁতেই আমি তিনিও মিলি ঠাই পৰিষ্কাৰ কৰা আৰু জুই ধৰা কামত লাগি গলোঁ৷ ডিঙিত ওলমাই অনা দাখনেৰে চেক্‌কেই ডালবোৰ ঘপাঘপ টুকুৰা-টুকুৰ কৰিছে৷ চকুৰ পচাৰতে ফালিও পেলাইছে৷ তাৰ দা চালনা দেখি মই অভিূভত হৈ পৰিছোঁ৷ দৃশ্যটো দেখি ঝুক' ভেলীলৈ যাওঁতে দীপমইনা প্ৰমুখ্যে লগত যোৱা আংগামী প'ৰ্টাৰ টমাছ, কেভিচ, জেম্‌চ, বেনিম, মাৰ্টিনলৈ মনত পৰিছে৷ সোৱণশিৰিপৰীয়া যাত্ৰাৰ তাগিন পথ-প্ৰদৰ্শক নিকেল আৰু ভাৰবাহক তানি, তাল', লিদা, তাগে', ৰকেশ, চিংকাৰ, তায়াহঁতৰ মুখবোৰো মানস-পটত ভাহিছে৷ সৰ্বাধিক শক্তিশালীযেন লাগিছে এই কুং চেক্‌কেক৷ মেন্‌-চু-খাৰ ব্ৰুছ লী বুলি এনেয়ে নকয়৷

আশে-পাশে পৰি থকা শুকান বাঁহ-কাঠৰ টুকুৰাবোৰ বিচাৰি-খোঁচাৰি মই চপাই দিছোঁ৷ জুই ধৰা থলী এডোখৰ ইয়াতো আছে, ১ আৰু ২ নম্বৰ কেম্প এলেকাত দেখি অহাৰ দৰেই৷ লগত লৈ অহা কেৰাচিন তেল ঢালি চেক্‌কেই খৰধৰকৈ জুই একুৰা ধৰাত গুৰুত্ব দিলে৷ জংঘলী কাৰবাৰবোৰ অকলে অকলে মই উপভোগ কৰি গৈছোঁ৷ নিমাই খাঙৰ পৰা বস্তুবোৰ উলিয়াই এফালে চিজিল লগোৱাত ব্যস্ত৷ অৰণ্যৰ মাজত এতিয়া ধোঁৱা উৰিছে৷ এই ধোঁৱা চাই সংগীসকলে আমাৰ অৱস্থিতি সহজে নিৰ্ণয় কৰিব পাৰিব৷ আকাশৰ ধোঁৱা অনুসৰণ কৰিয়ে ৰকেশ, তাল' আৰু লিদাহঁতে তাংকচিংগামী ট্ৰেকটোত সোৱণশিৰিৰ পাৰত বৰ্ষাৰণ্যত থকা শিলৰ গুহা এটাত আমাৰ বাবে পতা পিকনিক স্পটটো বিচাৰি উলিয়াইছিলোঁগৈ, য়াং নামৰ অৱস্থানত৷ সি যি কি নহওক, এতিয়া আহিল পানীৰ চিন্তা৷

জুইকুৰা দপ্‌দপাই জ্বলি উঠাত পোহৰ কিছু হল৷ জুইৰ পোহৰতে ভালেমান খৰি গোটালোঁ আমি দুটাই, কম সময়তে৷ ওপৰত এগালমান ডাল জাপি দিলে চেক্‌কেই, যাতে কেঁচা, আধাকেঁচাবোৰ শুকাই যায়৷ চৌকা তেনেকৈয়ে এৰি অনতিপলমে দুয়ো পানী অনাৰ উদ্দেশ্যে ওলালোঁ৷ ২ লিটাৰ জোখৰ খালী বটল এগালমান আৰু কেট্‌লি এটা খাঙত ভৰাই ললে চেক্‌কেই৷ মোক প্ৰেছাৰ কুকাৰ এটা হাতত লবলৈ দিলে৷ টৰ্চ মাৰি জংঘলৰ মাজত পানীৰ উৎস বিচাৰি চেক্‌কে আৰু মই ক্রমান্বয়ে তললৈ নামি যাব ধৰিলোঁ৷ নিমা ৰখীয়া হৈ থাকিল শিৱিৰথলীৰ৷ সন্মুখত অন্ধকাৰ, শুকান পাতৰ ওপৰত পৰা খোজৰ শব্দ, আওগৰীয়া এলেকা৷ পদে পদে কঠোৰ প্ৰত্যাহ্বান৷

জীৱনৰ অন্য এক স্মৰণীয় এড্‌ভেন্‌চাৰ্‌ যাত্ৰা চলিছে৷ হাবি-জংঘল মহতিয়াই এছোৱা যোৱাৰ পাছত চেক্‌কেই কাণ থিয় কৰি উমান লৈছে, বোঁৱতী পানীৰ হৰহৰণি কেনিবা শুনা যায় নেকি৷ দূৰৰ পৰা ভাহি অহা তেনেই ক্ষীণ শব্দ এটা কেইমিনিটমানৰ পাছতে তাৰ কৰ্ণপটহত ধৰা পৰিল৷ প্ৰতিক্ৰিয়া জানিবলৈ সি মোৰ চকুলৈ চালে৷ নোকোৱাকৈয়ে তাৰ প্ৰশ্নটো বুজি পাই গ'লোঁ মই৷ ঝৰ্ণাৰ শব্দ! শব্দটো কোন ফালৰ পৰা আহিছে? মূৰটো দুবাৰমান ইফালে-সিফালে ঘূৰায়ে সি অৱস্থান অনুমান কৰি পেলালে৷ তৎক্ষণাৎ মোক ইংগিত দিলে, অনুসৰণ কৰিবলৈ৷ সময় নষ্ট কৰিব নোৱাৰি৷ আকৌ পদচালনা৷

আমি যিফালে যাব ধৰিছোঁ এইফালে পদপথ বুলিবলৈ নাই৷ এফালৰ পৰা মহতিয়াই গৈ আছোঁ৷ দুৰন্ত তৰুণ কুং চেক্‌কে আগত৷ খোজ ক'ত পৰিছে ঠিকনা নাই৷ মাজে মাজে গৰাত পিছলো খাইছোঁ৷ অটব্য অৰণ্যৰ মাজত আন্ধাৰতে বিপদসংকুল এক পদযাত্ৰা চলিছে৷ উদ্দেশ্য পানীৰ উৎস সন্ধান৷ শুকান পাতৰ মৰ্‌মৰণিয়ে জংঘলৰ নিস্তব্ধতা ভংগ কৰি গৈছে৷ নিৰ্দিষ্ট ট্ৰেক্‌ নথকাত পানীৰ উৎসটো বিচাৰি উলিওৱাত আন্ধাৰে-মুন্ধাৰে হিচাপতকৈ অনেক বেছি সময় লাগি গৈছে৷ মাজতে বেলেগ ফালে গুচি যোৱা হৈছিল যদিও সঠিক পথলৈ আহিব পাৰিলোঁ যেনিবা৷

এঢলীয়াৰে খুপি খুপি নামি এসময়ত নিজৰা এটা আৱিষ্কাৰ কৰিলোঁগৈ৷ নিচেই কম পৰিমাণৰ পানী৷ চেপেটা শিল এটাৰ বুকুৱেদি বৈ আছে ধীৰে ধীৰে৷ দেখি দুখ আৰু শোক দুয়োটাই জন্মিল৷ এই সামান্য জলধাৰাৰে কাম চলিবজানো আমাৰ বৃহৎ দলটোৰ? নাই মোমাইতকৈ কণা মোমায়েই ভাল৷ অযথা ভাবনাৰে কালক্ষয় নকৰি দাঁতিৰ পৰা বটল পাতি দুয়ো ভীষণ ধৈৰ্যসহকাৰে পানী ভৰোৱা আৰম্ভ কৰিলোঁ৷ এটা বটল ভৰ্তি হওঁতেই এযুগ যেন লাগি গৈছে৷ বৰফ গলি নামি অহা পানীখিনি কিন্তু একেবাৰে ফট্‌ফটীয়া৷ ইফালে পৰ্বতৰ এনেকুৱা গহ্বৰত সোমাই আছোঁ যে বনৰীয়া জন্তুৱে থপিয়ালেও বচাওঁতা কোনো নাই৷ মোৰ বাবে একমাত্ৰ সাহস চেক্‌কেৰ শৰীৰ কলা৷ বিপৰীতে, ইমান বিপদৰ মাজত, ইমান কষ্ট পাই থকাৰ মাজতো মিচিকিয়া হাঁহিৰে সি মাজে মাজে স্বগতোক্তি কৰি থাকিল, Survival শব্দটোৰ উল্লেখেৰে৷ খুব উপভোগ কৰিছে সি, আমাৰ সৈতে কৰা এই ট্ৰেকিংটো৷ ময়ো উত্ৰাৱল হৈ পৰিছোঁ সি লগত থকাত৷ মানুহৰ জীৱনলৈ চাগৈ কমেইহে আহে এনে সুযোগ৷ এতিয়াও এয়া চলি আছে এক মৰণজয়ী প্ৰচেষ্টা, পানী সংগ্ৰহৰ৷ পানী নিব নোৱাৰিলে ৰন্ধা-বঢ়া, খোৱা-বোৱাযে একোৱেই নহ'বগৈ!


No comments:

Post a Comment