দিন সাত ৷৷ খণ্ড ৩
য়াৰগ্যাপ চুৰ পাৰে পাৰে ওভতনি যাত্ৰা চলিছে৷ যাত্ৰী আটাইকেইজনেই নিৰৱ৷ নৈখনৰ ওপৰেৰে ছিংবিৰ ভিলেজলৈ ১৫০ মিটাৰ দৈৰ্ঘ্যৰ স্থায়ী আইৰণ ব্ৰীজ সজা হ'ব বুলি শুনা পাইছোঁ৷ শোভাময় আৰু আনন্দদায়ক জেগাবোৰে মেন্-চু-খাৰ আশে-পাশে পোহাৰ মেলি ৰৈ আছে, যিবোৰে মনৰ মাজত সেউজীয়া সিঁচি দিয়ে৷ সেই মাদকতাৰ পূৰ্ণপ্ৰাপ্তিৰ বাবে খোজ কিন্তু কাঢ়িব পাৰিবই লাগিব৷ খোজ যিমানে কাঢ়িব পাৰি সিমানেই প্ৰকৃতিৰ সৈতে একাত্মতা লভিব পাৰি৷ যেনেদৰে আমি পালোঁ৷
MENCHUKHA, পৰ্বতৰ ওপৰত বগাকৈ লেখা আখৰকেইটা অলপ পাছতে কেঁকুৰিৰ আঁৰত অন্তৰ্ধান হৈ গ'ল৷ বুকুখন কিবা খালী খালী লাগিব ধৰিলে! অনুভৱৰ বাক্য এষাৰি পিছ মুহূৰ্ততে মনলৈ আহিল আৰু ৰিক্ত স্থান পূৰ কৰি দিলে... MENCHUKHA, Unlike any place you have been before!
এই মেন্-চু-খাৰে জীৱন-ৰেখাস্বৰূপ সৌখন য়াৰগ্যাপ চু৷ আমাৰ বাওঁহাতে, আমি গৈ থকা দিশলৈকে ভটিয়াই বৈ আছে৷ নৈখনৰ দুয়োটি পাৰ সুন্দৰকৈ সজাই-পৰাই খোজ কঢ়া আৰু চাইকেল চলোৱাৰ সু-ব্যৱস্থা কৰিব পৰা যায়৷ পৰ্বতৰ উপৰিভাগত টকলা হৈ থকা জেগাবোৰত সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্যৰে বৃক্ষ ৰোপণৰ উপৰি বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ দিশতো ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা উচিত যাতে প্ৰাকৃতিক বাতাৱৰণ দূৰ ভৱিষ্যতলৈ অক্ষুণ্ণ হৈ ৰয়৷ সংস্কৃতি আৰু অৰ্থনীতিলৈ বৰঙণি যোগাই অহা নৈখনৰ জলৰাশিৰ উপযুক্ত ব্যৱহাৰৰ লগতে সময় থাকোঁতেই নদী সংৰক্ষণত যথোচিত গুৰুত্ব দিয়াটোও এটা অপৰিহাৰ্য কথা৷ ভাৰতৰ ক্ষয়িষ্ণু নদীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ বাবে জনসাধাৰণে আজি হাঁহাকাৰ কৰিবলগীয়া দিন আহি পৰিছে৷ তেনে নাভূত-নাশ্ৰুত পৰিঘটনা অসমৰ নৈ-উপনৈৰ ক্ষেত্ৰতো অচিৰেই ঘটিবলৈ গৈ আছে বুলি ভৱিষ্যদ্বাণী শুনা গৈছে৷ য়াৰগ্যাপ চুৰ জলস্তৰ বা সৌন্দৰ্যৰ হীন-ডেঢ়ি যেন নঘটক৷
জি.টি.এল. এৰাৰ পাছতেই দুই মটৰ চাইক্লিষ্ট দালা আৰু গেবু ফোঁ-ফোঁৱাই আমাতকৈ আগুৱাই দেখা নোপোৱা দূৰত্ব পাইছিলগৈ৷ ৫ কিল'মিটাৰমানৰ ভিতৰতে সিহঁত দুটাক আমি চেৰ পেলালোঁ৷ পালচাৰ বাইকখন দালাই চলাইছে৷ কাউবয় কেপ আৰু পিঠিত ৰাক্চেক লৈ গেবু পাছৰ চিটত৷ বাইক চলাব নাজানো, ৰাইডাৰ হ'ব্বীৰ মানুহ নহওঁ যদিও সিহঁতহালক দেখি মোৰ হিংসা লাগিছে৷ তেনেকৈ মুকলিভাৱে বতাহ খাই গৈ থকাৰ মজাই বেলেগ৷ পাহাৰৰ ভাঁজে ভাঁজে উঠা-নমা আৰু টাৰ্ণিংবোৰ ঘূৰি ঘূৰি গৈ থাকি কিযে ভাল লাগিব! এবাৰ ভাবিলোঁ, গেবুৰ সৈতে চিট সলনা-সলনি কৰি চাওঁ নেকি? প্ৰদীপদা, অৰূপদাহঁতে এইটো আশা পূৰ হ'বলৈ নিদিব বুলি জানো৷ গতিকে নুলিয়ালোঁ একো৷ বৰ কষ্ট কৰি গাড়ীৰ ভিতৰত নিজকে স্থানু ৰাখিছোঁ৷ কল্পনাতে মনটো হৈ পৰিছে পিলিয়ন ৰাইডাৰ৷
য়াৰগ্যাপ চুক একাষে লৈ মেন্-চু-খাৰ পৰা ইতিমধ্যে আমি ৫৫ কিল'মিটাৰ আহিলোঁ৷ তাত'লৈ ৫ কিল'মিটাৰ বাকী৷ ইয়াতে আছে তালিহা সংযোগী পথেৰে হোৱা তিনিআলিটো৷ ইয়াৰ পৰা তালিহালৈ সোঁহাতে ১৩৩ কিল'মিটাৰ৷ ৰাস্তাৰ কাষতে গাড়ী দুখন ৰখোৱা হ'ল৷ পৰ্বতৰ ওপৰত, গম্বুজৰূপী পৰ্বতমালাৰ অভ্যন্তৰত এডোখৰ সুদৃশ্য আৰু আহল-বহল ঠাই৷ পৰিৱেশটোত কিছু সময় কটোৱাৰ মন হ'ল৷ আল' পাবলৈ আমি আৰু ১২৬ কিল'মিটাৰ যাব লাগিব৷ যোৱা বছৰৰ নৱেম্বৰত সোৱণশিৰিৰ পাৰে পাৰে যাওঁতে ডাপ'ৰিজ'ৰ পৰা আগলৈ আহি তালিহা নামৰ ঠাইটুকুৰা পাইছিলোঁ৷ এতিয়া আমি দেখি থকা, সোঁফালে যোৱা তালিহা ৰ'ডটো সেইফালেই মিলিছেগৈ৷ তাৰ আগলৈ চিয়ুম, য'ত চিয়ুম নৈখন তেতিয়া দেখিছিলোঁ৷ এইবাৰ এইফালে আহোঁতে আল'ত আমি চিয়ম নৈখন দেখিলোঁ৷ আগলৈ য়মগ৷ পুনৰবাৰ দেখিমগৈ আজি৷

কিছু সময়ৰ পাছত দালা আৰু গেবু আহি পালে৷ গাড়ী ৰৈ থকা দেখি মটৰ চাইকেল ৰখালে৷ আমিও নামিলোঁ৷ কথা-বতৰা, হাঁহি-তামাচা চলিল কিছুপৰ৷ সুযোগ পাই তালিহা ৰ'ডেৰে দৌৰ মাৰি অকণমান আগলৈ গুচি গ'লোঁ৷ উদ্দেশ্য ফটো তোলা৷ পাহাৰৰ গাত অচিনাকি বনৰীয়া ফুল কিছুমানে নিৰৱে শোভা কৰি থকা চকুত পৰিল৷ কেমেৰায়ো লাগি গ'ল ক্লিক্ কৰাত৷
ৰিগ', তাত' আদি পাৰ হৈ আহিলোঁ৷ তাত'ৰ পৰা বাঁওহাতে যোৱা ৰাস্তাটোৰে ইংকিয়ঙলৈ যাব পাৰি৷ মেন্-চু-খা এতিয়া এটা মহকুমা হৈ আছে৷ তাত' এটা সংমণ্ডল৷ এই তাত'কে সদৰ হিচাপে লৈ মেন্-চু-খা নামে জিলা এখন নতুনকৈ গঠন কৰিবৰ বাবে মেম্বা, ব'কাৰ, ৰামো, পাইলেবো আৰু তাগিন, এই পাঁচোটা জনগোষ্ঠী অধ্যুষিত মহকুমাটোৰ ৰাইজে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে৷ অনাগত দিনত আমি মেন্-চু-খাক হয়তো জিলাৰ ৰূপত দেখিবলৈ পাম৷

No comments:
Post a Comment