দিন আঠ ৷৷ খণ্ড ৪
চিয়াঙৰ উপনদী অনেক৷ তাৰ ভিতৰত ইয়াং-চান-চু, য়ামে, চিয়ম উল্লেখযোগ্য৷ অৰুণাচল প্ৰদেশত চিয়াঙৰ অৱবাহিকাৰ কালিৰ পৰিমাণ ১১,৮০০ বৰ্গ কিল'মিটাৰ৷ প্ৰতি ছেকেণ্ডত বৈ যোৱা পানীৰ পৰিমাণ ২১,০০০ ঘন মিটাৰ৷ দীঘ অনুপাতে উচ্চতাৰ পাৰ্থক্যই এইটো সূচাই যে চিয়াঙৰ বুকুত বহুতো জলপ্ৰপাত আছে৷ চিয়াং অৱবাহিকা অঞ্চলত বৰষুণৰ পৰিমাণ বেছি৷ আল'ত বছৰি ২,০৭০ মিলিমিটাৰ, টুটিঙত ৩,৮৭১ মিলিমিটাৰ, পাচিঘাটত ৪,৪৩৩ মিলিমিটাৰ বৰষুণ হয়৷ ইয়াৰ জলবায়ু পাহাৰীয়া৷ ঠাইবোৰ হাবি-জংঘলেৰে ভৰা৷ জীৱ-জন্তু আৰু বনজ সম্পদত চহকী৷ চিয়াং অৱবাহিকাত গ্ৰেফাইট পোৱা গৈছে৷ অঞ্চলসমূহলৈ যাতায়াত ব্যৱস্থা আজিও অসুবিধাজনক স্থিতিতে আছে৷ জনবসতি ঘন নহয়৷
স্বাভিমানী নৈখনৰ পাৰে পাৰে তাহানিতে সজা পুৰণি ৰাস্তাটো বহলোৱাৰ কাম পূৰ্ণগতিত চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে৷ ঠায়ে ঠায়ে ব্লেক টপিং সমাধা হৈছে৷ পাংগিন-পাচিঘাট পথ এইটো৷ মসৃণ অংশ পালেই সাহাৰ গাড়ীৰ চকা খৰকৈ ঘূৰে৷ এঠাইত কমলা টেঙা বিক্রী কৰি থকা দেখি চালকজনক ব্ৰেক্ মাৰিবলৈ কোৱা হ'ল৷ অনুমান কৰিছোঁ, দোকানী মহিলা দুজনী মাক-জীয়েক হ'বই হ'ব৷ এই স্থানৰ পৰা ১ কিল'মিটাৰ আঁতৰৰ বাবুক ভিলেজৰ বাসিন্দা ইহঁত৷ চিয়াঙৰ পাৰত প্ৰাকৃতিক পৰিৱেশত উৎপন্ন হোৱা, ৰাসায়নিক দ্ৰব্যহীন, সুমিষ্ট সুমথিৰা এতিয়া আমাৰ মুখৰ আগত৷ ৪টা বাস্কেট সজাই থৈছে৷ কলডিল, অমিতা আৰু ভোট জলকীয়াও উলিয়াইছে৷ কলপাত এসোপাও মেৰিয়াই আনিছে৷ কিহৰ বাবে নাজানো৷ পকা অমিতা এটা ফালি কলপাতৰ ওপৰতে লৈ দুয়ো খাই আছিল৷ অৰূপদাই কমলাৰ দাম সুধিলে৷ ১০০ টকাত এক বাস্কেট্৷ একেলগে অহা আমি চাৰিওজনে গাইপতি এটাকৈ গোটেইসোপা কিনাৰ আগ্ৰহ কৰিলোঁ৷ কথাৰ লগে লগে একোটাকৈ বাস্কেট অধিগ্ৰহণ কৰিলোঁৱেই৷ সাহাই সকলোৰে শেষত উঠালে৷ তেওঁক ৮০ টকাতে দি দিলে৷ মোৰ আকৌ এই নিভাঁজ মানুহবোৰৰ লগত দৰ-দাম মাৰি থাকিবলৈ অকণো সত নগ'ল৷ বৰ মৰম লাগে ইহঁতক৷ কথা-বতৰাবোৰো ইমান ভাল! তথাকথিত চহৰীয়ামখাৰ দৰে চতুৰালিভৰা জেলেপী পাক নাই৷
চুটকেচৰ সদৃশ, ধৰিবলৈ সুব্যৱস্থা থকাকৈ বাঁহেৰে সজা কমলা ভৰোৱা বাস্কেট্কেইটা হাতত লৈ নাতিদূৰত ৰখাই থোৱা কে.ইউ.ভি.খনলৈ আমি সদলবলে আগ বাঢ়োঁতে নিজকে কমলা বেপাৰী যেনেই লাগি গ'ল৷ কথাষাৰ মুকলিকৈ কৈ পাৰ্যমানে হাঁহিলোঁ৷ গাড়ীখনৰ পিছফালে জেগা নাই৷ বাস্কেটকেইটা যেনে-তেনে চিটৰ ফাঁকত ৰাখি আমি বহি লৈছোঁ৷ গাড়ী পুনৰ চলিল৷ আন্দাজ কৰিছোঁ, সৰু-বৰ মিলাই একোটা বাস্কেটত কমেও ৫০টামান টেঙা থাকিব লাগে৷ মিঠা হ'ব বুলি দেখাতেই ক'ব পাৰি৷ ৰ'ব নোৱাৰি বাঁহৰ ফাঁকেৰেই অলপ পৰ যুদ্ধ কৰি এটা বাহিৰ কৰিলোঁ আৰু বাকলি বখলিয়াই গৈ থাকিলোঁ৷ ষ্টিয়েৰিং চম্ভালি থকা সাহাক বাদ দি বাকী দুজনে মোতকৈ আগতেই সুস্বাদু সুমথিৰাৰ ৰসস্বাদনত মছগুল হৈছে৷ সন্তুষ্টিত মাজে মাজে 'আঃ আঃ' কৰি থাকিল অৰূপদাই৷
ঠাইবিশেষে আল্কতৰাৰ চামনি নপৰা ৰাস্তা৷ পুৰণি বেইলী ব্ৰীজো পাইছোঁ৷ ৰাস্তাটো সৰ্পিলাকাৰ, তলৰ নৈখনো একা-বেঁকা৷ দাঁতিত কেৱল কমলা আৰু কমলা৷ ডাল ভৰি ভৰি ওলমি আছে৷ গছ মাত্ৰেই গোলাকাৰ হালধীয়াৰ সমাৱেশ৷ ছিঙি থকা মানুহ কিন্তু এজনো ক'তো দেখা নাই৷ চিয়াঙৰ পাৰত পথ নিৰ্মাণৰ আধুনিক যন্ত্ৰপাতিবিলাকৰ লগতে শ্ৰমিকৰ কেম্প দেখা পাইছোঁ৷ সেইবোৰ পাৰ হৈ কেইবাঠাইতো নতুনকৈ লেও দিয়া কিচ্কিচীয়া, মসৃণ ৰাস্তা পোৱা গ'ল৷ ট্ৰেন্স অৰুণাচল হাইৱে'ৰ কাম এইফালে পূৰ্ণ গতিত চলিছে৷
৯ বাজিবৰ হ'লহি৷ চিয়াঙৰ বুকুত ধেনুভিৰীয়াকৈ হেঙিং ব্ৰীজ এখন জিলিকিছে৷ এটা সুন্দৰ দৃশ্য৷ দলংখন দেখা পায়ে উত্তেজনাও তুংগত উঠিলগৈ৷ এই সাঁকোখনৰ প্ৰস্থ ১,৫০০ ফুট বুলি এঠাইত উল্লেখ পাইছিলোঁ৷ চোৱাৰ হেঁপাহ এটাও তেতিয়াই জাগিছিল৷ এতিয়া চকুৰ আগত বিদ্যমান৷ A burning desire is the starting of all accomplishments বোলা কথাষাৰ সঁচা প্ৰমাণিত হ'ল৷ সাহাক হেঁচুকি দিলোঁ৷ এয়াযে গাড়ী ৰখাবলৈ দিয়া ইংগিত তেওঁ সহজেই বুজি পালে৷ ওলোমা সেতুখনলৈ নামি যোৱাৰ প্ৰবল ইচ্ছা এটা জাগিল যদিও সময়ে ৰঙা চকু দেখুৱাই থকাত সেয়া সিদ্ধি নহ'ল৷ সোৱণশিৰি, য়াৰগ্যাপ চু, লোহিতৰ দৰে ইয়াতো নৈৰ ওপৰত দলঙৰ মাজত ৰৈ থাকি ফটো তোলাৰ তাগিদা এটা আহিছিল৷ কিন্তু কি হ'ব, প্ৰদীপদাৰ ভেকাহিত তেনেই চেঁচাপানী হ'ল৷ গৰাৰ ওপৰৰ পৰাই হেঁপাহকণ পূৰাই অবিশ্বাস্যভাৱে সুন্দৰ দৃশ্যসমূহ উপভোগতে ক্ষান্ত থাকিবলগীয়াত পৰিলোঁ৷ কেমেৰাটো উলিয়াই মেম’ৰীত ভালেকেইটা স্নেপ্ সঞ্চয় কৰি লোৱাতহে মনলৈ সান্ত্বনা অকণমান আহিল৷ এইখিনি ৰত্তুং৷ ওলমা সাঁকোৰে কেকাৰ মন্য়িঙলৈ যায়৷ ৫০০ মিটাৰ বহল আৰু ৫০ মিটাৰ উচ্চতাৰ শৃংগটো ট্ৰেকিঙৰ বাবে এটা ভাল স্থান৷
হিমালয়ৰ সন্তান, অসমৰ ব্ৰহ্মপুত্ৰ মহানদ কৈলাস পৰ্বতৰ মানস সৰোবৰৰ ওচৰৰ কুবী গংগা নামৰ বৰফৰ নৈ বা হিমবাহৰ পৰা নামি আহিছে৷ ইয়াৰ তিব্বতীয় আগলি অংশটো মাগ্হাং চাংপো, মোট্চাং চাংপো, য়াৰ্লুং চাংপো নামেৰে জনাজাত৷ পূব দিশে ই প্ৰায় ১,৫০০ কিল'মিটাৰ প্ৰৱাহিত হৈ ৭,৭৫৬ মিটাৰ উচ্চতাৰ নাম্চা-বাৰ্ৱা শৃংগক প্ৰদক্ষিণ কৰি মূল হিমালয় পৰ্বতমালা অতিক্রম কৰে আৰু দক্ষিণ-পশ্চিম দিশলৈ আহি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি চিয়াং নাম লয়৷
দুশাৰী পৰ্বতৰ মাজেৰে দৃষ্টিনন্দন ৰূপসজ্জাৰে ওলাই অহা চিয়াংখনে বাঁওহাতে আমাক সংগ দি আছে৷ অৰুণাচল প্ৰদেশৰ ভিতৰত দীৰ্ঘতম নৈ এইখন৷ কঠিন আৰু মসৃণ আগ্নেয়শিলাৰে প্ৰাকৃতিকভাৱে বন্ধা ইয়াৰ দুয়ো কুল৷ পাৰত সেউজ, পানীত সেউজ৷ মাজে মাজে সোঁতৰ বগা ধাৰ, ৰেপিড্ছ কিছুমান৷ কল্ কল্ বোঁৱতী স্ৰোতৰ শব্দ৷ তিব্বতৰ চাংপো আৰু অসমৰ ব্ৰহ্মপুত্ৰৰ মাজৰ উদঘাটন নোহোৱা অংশটো বিচাৰি অতীতত চলোৱা ভৌগোলিক অভিযানৰ সময়ত চিয়াং নৈখনক Missing link বুলি ঠাৱৰ কৰা হৈছিল৷ তিব্বতীয় সৃষ্টি-উৎপত্তি তত্ত্বত মণি-মুকুতাৰে পূৰ্ণ বালিৰে এইখনক অশ্বমুখী নৈ বোলা হৈছে৷ যিয়ে ইয়াৰ পানী খায় সিয়ে ঘোঁৰাৰ দৰে বলিষ্ঠ হৈ পৰে বুলি জনবিশ্বাস প্ৰচলিত আছিল৷ গেলিঙলৈ গ'লে এইটো আশা প্ৰথমেই পূৰ কৰিম বুলি ধৰি থৈছোঁ, যিদৰে মেন্-চু-খাত এইবাৰ ঔষধি গুণসম্পন্ন বৰফৰ পানী হেঁপাহ পলুৱাই পি আহিছোঁ৷ বেমাৰ-আজাৰ বুলিবলৈ নাই৷ নিৰোগী আৰু বলিষ্ঠ হৈ থকাই সংকল্প হ'ব অহাটো বছৰতো৷
চিয়াঙৰ উপনদী অনেক৷ তাৰ ভিতৰত ইয়াং-চান-চু, য়ামে, চিয়ম উল্লেখযোগ্য৷ অৰুণাচল প্ৰদেশত চিয়াঙৰ অৱবাহিকাৰ কালিৰ পৰিমাণ ১১,৮০০ বৰ্গ কিল'মিটাৰ৷ প্ৰতি ছেকেণ্ডত বৈ যোৱা পানীৰ পৰিমাণ ২১,০০০ ঘন মিটাৰ৷ দীঘ অনুপাতে উচ্চতাৰ পাৰ্থক্যই এইটো সূচাই যে চিয়াঙৰ বুকুত বহুতো জলপ্ৰপাত আছে৷ চিয়াং অৱবাহিকা অঞ্চলত বৰষুণৰ পৰিমাণ বেছি৷ আল'ত বছৰি ২,০৭০ মিলিমিটাৰ, টুটিঙত ৩,৮৭১ মিলিমিটাৰ, পাচিঘাটত ৪,৪৩৩ মিলিমিটাৰ বৰষুণ হয়৷ ইয়াৰ জলবায়ু পাহাৰীয়া৷ ঠাইবোৰ হাবি-জংঘলেৰে ভৰা৷ জীৱ-জন্তু আৰু বনজ সম্পদত চহকী৷ চিয়াং অৱবাহিকাত গ্ৰেফাইট পোৱা গৈছে৷ অঞ্চলসমূহলৈ যাতায়াত ব্যৱস্থা আজিও অসুবিধাজনক স্থিতিতে আছে৷ জনবসতি ঘন নহয়৷
স্বাভিমানী নৈখনৰ পাৰে পাৰে তাহানিতে সজা পুৰণি ৰাস্তাটো বহলোৱাৰ কাম পূৰ্ণগতিত চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে৷ ঠায়ে ঠায়ে ব্লেক টপিং সমাধা হৈছে৷ পাংগিন-পাচিঘাট পথ এইটো৷ মসৃণ অংশ পালেই সাহাৰ গাড়ীৰ চকা খৰকৈ ঘূৰে৷ এঠাইত কমলা টেঙা বিক্রী কৰি থকা দেখি চালকজনক ব্ৰেক্ মাৰিবলৈ কোৱা হ'ল৷ অনুমান কৰিছোঁ, দোকানী মহিলা দুজনী মাক-জীয়েক হ'বই হ'ব৷ এই স্থানৰ পৰা ১ কিল'মিটাৰ আঁতৰৰ বাবুক ভিলেজৰ বাসিন্দা ইহঁত৷ চিয়াঙৰ পাৰত প্ৰাকৃতিক পৰিৱেশত উৎপন্ন হোৱা, ৰাসায়নিক দ্ৰব্যহীন, সুমিষ্ট সুমথিৰা এতিয়া আমাৰ মুখৰ আগত৷ ৪টা বাস্কেট সজাই থৈছে৷ কলডিল, অমিতা আৰু ভোট জলকীয়াও উলিয়াইছে৷ কলপাত এসোপাও মেৰিয়াই আনিছে৷ কিহৰ বাবে নাজানো৷ পকা অমিতা এটা ফালি কলপাতৰ ওপৰতে লৈ দুয়ো খাই আছিল৷ অৰূপদাই কমলাৰ দাম সুধিলে৷ ১০০ টকাত এক বাস্কেট্৷ একেলগে অহা আমি চাৰিওজনে গাইপতি এটাকৈ গোটেইসোপা কিনাৰ আগ্ৰহ কৰিলোঁ৷ কথাৰ লগে লগে একোটাকৈ বাস্কেট অধিগ্ৰহণ কৰিলোঁৱেই৷ সাহাই সকলোৰে শেষত উঠালে৷ তেওঁক ৮০ টকাতে দি দিলে৷ মোৰ আকৌ এই নিভাঁজ মানুহবোৰৰ লগত দৰ-দাম মাৰি থাকিবলৈ অকণো সত নগ'ল৷ বৰ মৰম লাগে ইহঁতক৷ কথা-বতৰাবোৰো ইমান ভাল! তথাকথিত চহৰীয়ামখাৰ দৰে চতুৰালিভৰা জেলেপী পাক নাই৷
চুটকেচৰ সদৃশ, ধৰিবলৈ সুব্যৱস্থা থকাকৈ বাঁহেৰে সজা কমলা ভৰোৱা বাস্কেট্কেইটা হাতত লৈ নাতিদূৰত ৰখাই থোৱা কে.ইউ.ভি.খনলৈ আমি সদলবলে আগ বাঢ়োঁতে নিজকে কমলা বেপাৰী যেনেই লাগি গ'ল৷ কথাষাৰ মুকলিকৈ কৈ পাৰ্যমানে হাঁহিলোঁ৷ গাড়ীখনৰ পিছফালে জেগা নাই৷ বাস্কেটকেইটা যেনে-তেনে চিটৰ ফাঁকত ৰাখি আমি বহি লৈছোঁ৷ গাড়ী পুনৰ চলিল৷ আন্দাজ কৰিছোঁ, সৰু-বৰ মিলাই একোটা বাস্কেটত কমেও ৫০টামান টেঙা থাকিব লাগে৷ মিঠা হ'ব বুলি দেখাতেই ক'ব পাৰি৷ ৰ'ব নোৱাৰি বাঁহৰ ফাঁকেৰেই অলপ পৰ যুদ্ধ কৰি এটা বাহিৰ কৰিলোঁ আৰু বাকলি বখলিয়াই গৈ থাকিলোঁ৷ ষ্টিয়েৰিং চম্ভালি থকা সাহাক বাদ দি বাকী দুজনে মোতকৈ আগতেই সুস্বাদু সুমথিৰাৰ ৰসস্বাদনত মছগুল হৈছে৷ সন্তুষ্টিত মাজে মাজে 'আঃ আঃ' কৰি থাকিল অৰূপদাই৷
ঠাইবিশেষে আল্কতৰাৰ চামনি নপৰা ৰাস্তা৷ পুৰণি বেইলী ব্ৰীজো পাইছোঁ৷ ৰাস্তাটো সৰ্পিলাকাৰ, তলৰ নৈখনো একা-বেঁকা৷ দাঁতিত কেৱল কমলা আৰু কমলা৷ ডাল ভৰি ভৰি ওলমি আছে৷ গছ মাত্ৰেই গোলাকাৰ হালধীয়াৰ সমাৱেশ৷ ছিঙি থকা মানুহ কিন্তু এজনো ক'তো দেখা নাই৷ চিয়াঙৰ পাৰত পথ নিৰ্মাণৰ আধুনিক যন্ত্ৰপাতিবিলাকৰ লগতে শ্ৰমিকৰ কেম্প দেখা পাইছোঁ৷ সেইবোৰ পাৰ হৈ কেইবাঠাইতো নতুনকৈ লেও দিয়া কিচ্কিচীয়া, মসৃণ ৰাস্তা পোৱা গ'ল৷ ট্ৰেন্স অৰুণাচল হাইৱে'ৰ কাম এইফালে পূৰ্ণ গতিত চলিছে৷
৯ বাজিবৰ হ'লহি৷ চিয়াঙৰ বুকুত ধেনুভিৰীয়াকৈ হেঙিং ব্ৰীজ এখন জিলিকিছে৷ এটা সুন্দৰ দৃশ্য৷ দলংখন দেখা পায়ে উত্তেজনাও তুংগত উঠিলগৈ৷ এই সাঁকোখনৰ প্ৰস্থ ১,৫০০ ফুট বুলি এঠাইত উল্লেখ পাইছিলোঁ৷ চোৱাৰ হেঁপাহ এটাও তেতিয়াই জাগিছিল৷ এতিয়া চকুৰ আগত বিদ্যমান৷ A burning desire is the starting of all accomplishments বোলা কথাষাৰ সঁচা প্ৰমাণিত হ'ল৷ সাহাক হেঁচুকি দিলোঁ৷ এয়াযে গাড়ী ৰখাবলৈ দিয়া ইংগিত তেওঁ সহজেই বুজি পালে৷ ওলোমা সেতুখনলৈ নামি যোৱাৰ প্ৰবল ইচ্ছা এটা জাগিল যদিও সময়ে ৰঙা চকু দেখুৱাই থকাত সেয়া সিদ্ধি নহ'ল৷ সোৱণশিৰি, য়াৰগ্যাপ চু, লোহিতৰ দৰে ইয়াতো নৈৰ ওপৰত দলঙৰ মাজত ৰৈ থাকি ফটো তোলাৰ তাগিদা এটা আহিছিল৷ কিন্তু কি হ'ব, প্ৰদীপদাৰ ভেকাহিত তেনেই চেঁচাপানী হ'ল৷ গৰাৰ ওপৰৰ পৰাই হেঁপাহকণ পূৰাই অবিশ্বাস্যভাৱে সুন্দৰ দৃশ্যসমূহ উপভোগতে ক্ষান্ত থাকিবলগীয়াত পৰিলোঁ৷ কেমেৰাটো উলিয়াই মেম’ৰীত ভালেকেইটা স্নেপ্ সঞ্চয় কৰি লোৱাতহে মনলৈ সান্ত্বনা অকণমান আহিল৷ এইখিনি ৰত্তুং৷ ওলমা সাঁকোৰে কেকাৰ মন্য়িঙলৈ যায়৷ ৫০০ মিটাৰ বহল আৰু ৫০ মিটাৰ উচ্চতাৰ শৃংগটো ট্ৰেকিঙৰ বাবে এটা ভাল স্থান৷
চিয়াঙৰ দুয়ো পাৰে ওখ ওখ পাহাৰ অথনিৰে পৰাই দেখা পাই আহিছোঁ৷ পাহাৰীয়া আৰু গতিশীল নৈ হেতুকে নাব্য নহয়, অৰ্থাৎ ইয়াৰ জলৰাশিৰে নৌকা কিম্বা জাহাজ চলাচল কৰিব নোৱাৰে৷ মীন পালনৰো সম্ভাৱনা নাই৷ নৈখনক ভেটা দি কৃত্ৰিম জলাধাৰ সৃষ্টি কৰিব পৰা সুচল ঠাই কিন্তু দেধাৰ৷ তাকে উপলক্ষ্য কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত কেইবাঠাইতো লোৱা আছে৷ ২,৭০০ মেগাৱাট নামনি চিয়াং প্ৰকল্প, ১,০০০ মেগাৱাট চিয়াং প্ৰকল্প, ৯,৬০০ মেগাৱাট চিয়াং জলবিদ্যুৎ প্ৰকল্প তাৰ ভিতৰত উল্লেখযোগ্য৷ ইয়াকে লৈ বিভিন্ন সময়ত বিৰোধিতা তথা ব্যাপক প্ৰতিক্ৰিয়া শুনা পোৱা যায়, বিশেষকৈ অসমভূমিত৷ বহুতৰ মতে অৰুণাচলৰ ভূ-প্ৰাকৃতিক গঠন সবল নহয় হেতুকে বৃহৎ নদী বান্ধে নামনি অংশত বসতি কৰি থকা মানুহৰ জীৱন আৰু সম্পত্তিলৈ যিকোনো সময়তে বিপদ নমাই আনিব পাৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত জয়জয়-ময়ময় অৱস্থাতো মানুহযে প্ৰকৃতিৰ ওচৰত আজিও কিংকৰ্তব্যবিমূঢ়, নিৰুপায়, নতশিৰ, নগণ্য, সেয়াই প্ৰতীয়মান হয় এইবোৰ দেখি-শুনি৷
No comments:
Post a Comment