দিন ছয় ৷৷ খণ্ড ৩
Shingyongla Trekking সামৰি ১.৩০ বজাত গেবুজ ট্ৰেডিচনেল্
লজত প্ৰথমেই পদাৰ্পণ কৰিলোঁ মই আৰু প্ৰদীপদাই৷ আমাৰ পাছে পাছে নিমা আৰু দাৱা৷ ৰূমৰ চাবিটো হাতত লৈয়ে পোনছাটেই গাটো ধোৱাৰ ইচ্ছা৷ তলাটো খুলিলোঁ, পিছে গিজাৰতহে গৰম পানী বিন্দুমাত্ৰও নাই৷
বিদ্যুতৰ সমস্যা৷ চিৰাচৰিত কথা৷ সাহস গোটাই ঠাণ্ডা পানীৰেই সৰ্বশৰীৰ ভালকৈ পখালিলোঁ৷ তাৰ পাছত চাফা
কাপোৰ এসাজ পিন্ধাত মনটো বৰ প্ৰফুল্ল লাগিল৷ আৰণ্যক গোন্ধবোৰো লাহেকৈ আঁতৰিল৷ বাহিৰলৈ ওলাই নাহি বিছনাখনতে কম্বলৰ তলত সোমাই
থাকিলোঁ৷ অলপ সময় বাগৰি আৰাম কৰাৰ পাছতহে দীপকদাহঁত আহি পালে৷ ঘড়ীয়ে ক'লে, বিয়লি ৩.০০
বাজি গৈছে৷ পশ্চিমৰ বেলিটো আমি এৰি থৈ অহা পৰ্বতমালাৰ আঁৰলৈ যাব ধৰিছে৷
অৰুণাচলৰ অতীব মনোমোহা প্ৰাকৃতিক দৃশ্য বা যাত্ৰাপথৰ
দিক্ নিদৰ্শন চৰকাৰৰ পৰ্যটন বিভাগে কিমান গুৰুত্ব সহকাৰে, কিমান সঠিক ৰূপত, কিমান
আন্তৰিকতাৰে কৰে সেই লৈ আমাৰ মনত গম্ভীৰ প্ৰশ্নৰ অৱতাৰণা নোহোৱা নহয়৷ বিভিন্নজনে আশা
কৰাৰ দৰে পৰ্যটন উদ্যোগটোৰ প্ৰতি যথোপযুক্ত আৰু সময়োপযোগী গতিশীলতা প্ৰদানে এই ৰাজ্যখনক
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভ্ৰমণ-পৰ্যটন ক্ষেত্ৰলৈ নিশ্চয়কৈ উত্তৰণ ঘটাব পাৰে বুলি আমিও
ভাবোঁ৷ সেইবোৰ যি নহওক, মেন্-চু-খাৰ সৌন্দৰ্যময়তাক কেন্দ্ৰ কৰিয়ে আজি উৎপাদনশীলতাৰে
স্বনিৰ্ভৰশীল হৈছে জি.টি.এল.ৰ গৰাকী গেবু চোনা পৰিয়াল৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনি
বা সা-সুবিধা যিখিনি পাৰে তেওঁলোকে নিজৰ হ'মষ্টে'ত ৰাখিছে৷ ধন উপাৰ্জনৰ লগতে এচামে কৰ্মসংস্থাপনৰো সুবিধা লাভ
কৰিছে৷ দেশী-বিদেশী সকলো পৰ্যটককেই গ্ৰাহক-অতিথিৰূপে গণ্য কৰাৰ ফলত তেওঁলোকে নিজ কৰ্মত
সফলতা আৰ্জিছে বুলিব পাৰি৷ ইমান ভিতৰুৱা, এমূৰীয়া জেগা এখনক চলি থকা সদৰ্থক কাৰ্যকলাপ আৰু সামগ্ৰিকভাৱে উৎসাহজনক কথাবোৰ মোৰ ভাল লাগিছে৷ অধ্যৱসায়ী মনোভাবাপন্ন মানুহটোৱে নিজৰ আইডিয়াতে ধন খৰচ কৰি এই কামবোৰ কৰি গৈছে বুলি নানাজীয়ে প্ৰথম কথোপকথনতে মোক কৈছিল৷ গেবুকে দেখি স্বাৱলম্বিতাৰ এই পথ গ্ৰহণ কৰিছে আৰু ভালেমানজনে৷ মোৰ চিন্তা, দৰ্শন, স্বাভিমানৰ সৈতে মিলি যোৱা 'Be your own boss' বাক্যটিৰ উচিত প্ৰয়োগ গেবু-নানাৰ ক্ষেত্ৰত দেখা পাই বিৰাট আনন্দ লভিছোঁ মই, একাত্ম হৈ পৰিছোঁ ইহঁতৰ সৈতে৷
সাধাৰণ নাগৰিকৰ দৃষ্টিভংগীৰে চালে এইটো অসত্য নহয় যে বিমুদ্ৰাকৰণে দেশৰ বিভিন্ন দিশৰ লগতে পৰ্যটনৰ দৰে উন্নয়নমুখী ক্ষেত্ৰলৈকো আকস্মিকভাৱে অশনি
সংকেত কঢ়িয়ালে৷ তেনে এক সন্ধিক্ষণতে আমাৰ অসম পৰ্যটনে প্ৰিয়ংকা চোপ্ৰাৰ দৰে শীৰ্ষস্থানীয়
শিল্পী প্ৰতিভাক বৃহৎ অংকৰ বিনিময়ত অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ নিযুক্ত কৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক
আগ বঢ়াই নিয়াৰ পদক্ষেপ লৈছে৷ ভেটি সবল কৰি পৰ্যটনক ঠন ধৰাই তুলিব পাৰিলে ৰাজ্যখনৰ অৰ্থনৈতিক ৰেহ-ৰূপ সলনি হোৱাৰে সম্ভাৱনা প্ৰৱল৷ এইফালে জন আব্ৰাহামক শিখণ্ডী হিচাপে লৈ অৰুণাচল প্ৰদেশ চৰকাৰেও নিৰ্মাণ কৰিছে আকৰ্ষণীয়
ভিডিঅ'৷ দেখুৱা হৈছে ৰাজ্যখনৰ বিৰল তথা আত্মা-আলোড়নকাৰী প্ৰাকৃতিক সম্পদ-সম্ভাৰ৷ ইমানৰ পাছতো এয়া স্থিৰ কথা যে কেৱল চমক, প্ৰচাৰ, বিজ্ঞাপনেৰে পৰ্যটনক গঢ় দিয়া নাযায়৷ মন্ত্ৰীৰ তথাকথিত ৰ'ড শ্ব'ৰেও কোনো পৰ্যটকৰে হৃদয় উদ্বুদ্ধ কৰিব নোৱাৰি৷ সেয়া হ'বগৈ ৰাজকোষৰ ধনৰ শৰাধ৷ মন্ত্ৰী-আমোলাৰ চৰকাৰী খৰচত দেশ-বিদেশ ফুৰাৰ ফন্দি আমাৰ সমৰ্থনযোগ্য নহয়৷ এতিয়া তথ্য-প্ৰযুক্তিৰ যুগ৷ ইচ্ছুক আৰু সমৰ্থৱান ভ্ৰমণকাৰীয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লৈহে ভ্ৰমণলৈ ওলাব৷ গতিকে সাৰশূন্য তৎপৰতাবিলাকৰ বিপৰীতে সুস্থ আৰু কাৰ্যকৰী পৰ্যটন নীতিহে আমাৰ কাম্য যাৰ জৰিয়তে সামগ্ৰিক প্ৰভাৱ যোগাত্মক হ'ব, অৰ্থনৈতিক উন্নয়ন বহনক্ষম তথা আশাব্যঞ্জক হৈ উঠিব৷ গতিকে ভেটি সবল কৰাৰ হকে সুপৰিকল্পনাৰে দীৰ্ঘম্যাদী আঁচনিৰে যথাযথভাৱে কাম কৰি যাব লাগিব৷ 'বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ' কথাষাৰ প্ৰণিধানযোগ্য৷
ভাগৰ লাগিলেও সমান অঞ্চল পাই আমাৰ মাজত চিন্তা
আৰু বাটৰ আলোচনাবোৰ, তুলনামূলক কথাবোৰ ক্রমাৎ গম্ভীৰ হৈ উঠিছে৷ আদিম অৰণ্যখনৰ আৰম্ভণি পথটো ক'ৰবাত এৰি থৈ চৰকাৰী পানী যোগান আঁচনিৰ শুকান পকী চৌবাচ্চাটো
পালোঁহি৷ থাউকতে প্ৰশ্ন এটা উত্থাপিত হ'ল৷ কি কৰিবলৈ সাজিছিল বাৰু এইটো? ধনৰ অপচয় যেনেহে লাগিল, বিধ্বস্ত আৰু কাৰ্যহীন ৰূপটো দেখি৷ সৌফালে তলতো দেখা পাইছোঁ চৌবাচ্চা কেইটামান৷ নতুনকৈ সাজিছে৷
এইখিনিৰ পৰা এঢলীয়াভাৱে তললৈ নামিব লাগে৷ এতিয়া দিনৰ ১.০০ বাজিছে৷ সময়ৰ অজুহাততে সুন্দৰী মেন্-চু-খাৰ মনোলোভা দৃশ্যৰাজি সৰহ সময়লৈ চাই থাকিব নোৱাৰিম৷ নহ'লে সূৰ্যাস্তলৈকে বহি থকাৰ ইচ্ছা আছিল৷ ইফালে ভোকেও আমনি নকৰা নহয়৷ আৰু ক্ষন্তেক পৰ কটাই দুনয়ন সাৰ্থক কৰি, মনৰ জোলাঙা ভৰাই উপত্যকা অভিমুখে অৱৰোহণ আৰম্ভ কৰি দিলোঁ৷ মনতে বিৰ্বিৰালোঁ আনৰ্ল্ড বেনেটৰ সত্য-বাক্য এটি… ‘পৰ্বতৰ পৰা তললৈ নমাটো যিমান সহজ, ওপৰলৈ উঠাটো সিমান টান৷ কিন্তু পৰ্বতৰ ওপৰৰ পৰা দেখা দৃশ্যটোহে অতি মনোৰম৷' গান এটা আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল৷

'If you donot scale the mountain, you cannot view the plains' বুলি কথা এষাৰ আছে৷ তাৰে বশৱৰ্তী হৈ দৃশ্য চাই চাই বাকীসকল ওপৰৰ সেই স্থানতে এতিয়াও বিভোৰ
হৈ আছে৷ মই অকলে অকলেই ধীৰে ধীৰে আহি আহি তল পালোঁহি৷ তাম্ৰিংফুজৰ নাতিবৃহৎ আৰ.চি.চি. দলংখনৰ ওপৰত ৰ'লোঁ৷ বাওঁফালে অদূৰত ঘোঁৰা কিছুমান চৰি আছে৷ সেউজীয়াৰ মাজত এটা আকৰ্ষণীয় দৃশ্য৷ আন এফালে ক'লা বৰণৰ নোদোকা মেঠোন কেইটামান৷ মেঠোন হৈছে অৰুণাচল
প্ৰদেশৰ ৰাজ্যিক পশু৷ ঘোঁৰাবোৰ বন-ঘৰচীয়া৷ আপোনমনে ঘাঁহ-বন খাই থকা জন্তুবোৰৰ ওচৰলৈ যাবলৈ বৰকৈ মন গৈছে যদিও অকলশৰীয়া আৰু সাৱধানতাৰ কথা ভাবিয়ে চাপি নগ'লোঁ৷ দূৰৰ পৰাই চালোঁ, ফটোও তুলিলোঁ৷
কালিৰে চিনাকি, শিলগুটি দিয়া পথটোৰে অকলেই আগুৱাবলৈ উদ্যত হৈছোঁ৷ এবাৰ পিছলৈ ঘূৰি চাওঁতে দেখিলোঁ, প্ৰদীপদা নামি আহি আছে৷ নিজৰ গতি কমাই দিলোঁ তেওঁ ওচৰ চাপক বুলি৷ বাকীসকল তেতিয়াও শিখৰতে৷ চৌবাচ্চাৰ দেৱালত শাৰী পাতি বহি আছে৷ ৬০ এক্স কেমেৰাৰ লেন্সেৰে ঝুম কৰি চাই যি বুজিলোঁ দীপকদা, জয়ন্তদা, অৰূপদা তিনিওজনেই গাড়ীচালক দুজনলৈ ফোন সংযোগৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ অলপ পাছতে প'ৰ্টাৰ দুজনেও নামি আহিবলৈ আৰম্ভ কৰিলে৷ প্ৰদীপদা মোৰ কাষ পালেহি৷ আমাৰ দুয়োৰে পিঠিত নিজৰ নিজৰ ৰাক্চেক৷ ভালেমান পৰৰ পাছতহে নিমা আৰু দাৱা ওচৰ চাপিলহি৷ সিহঁতৰ পিঠিত গধুৰ খাং৷ আমি একেলগ হ'লোঁ৷ গাড়ী অহাৰ আশাত ৰৈ নাথাকি কথা পাতি পাতি খোজ বঢ়াই থাকিলোঁ, জি.টি.এল. অভিমুখে৷ প্ৰস্তাৱ লোৱা হ'ল যে গাড়ী আহিলেও নুঠোঁ, খোজ কাঢ়িয়েই ঘৰ ওলামগৈ৷ মেন্-চু-খাৰ উপকণ্ঠত দপ্দপাই ফুৰাৰ এনেকুৱা সুযোগ আৰুনো ক'ত পাম?

ডঙলৈ যাওঁতে লোহিতৰ বুকুৰ পৰা শিল এটা বুটলি আনিছিলোঁ,
স্মৃতিচিহ্ন হিচাপে৷ য়াঙলৈ যাওঁতেও সোৱণশিৰিৰ পাৰৰ শিলগুটি এটা উঠাই আনিছিলোঁ৷ একেটা
বস্তুকে এইবাৰ হাতত তুলি ল'লোঁ য়াৰগ্যাপ চুৰ উপনৈ তাম্ৰিংফুজৰ পাৰৰ পৰা৷ ইয়াক ইয়াৰ পৰা নি লোহিতপৰীয়া
আৰু সোৱণশিৰিপৰীয়া শিল দুটাৰ কাষতে মোৰ টে'বুলত চকুৰ আগত আথে-বেথে ৰাখিম৷ আনকো দেখুৱাম৷ আশা কৰোঁ
স্মৃতিৰ মানচিত্ৰত আমাৰ এই দুৰ্গম আৰু দুঃসাহসিক ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰ অভিযানটোক চক্চকীয়া
শিলটোৱে চিৰস্মৰণীয় কৰি ৰাখিব আৰু অনাগত জীৱনলৈ বহুতে বুজিব নোৱাৰা বিধৰ আনন্দ তথা এক ধৰণৰ অন্তৰ্শক্তি সকলো সময়তে দান কৰি যাব৷
No comments:
Post a Comment