Saturday, 23 December 2017

দিন আঠ ৷৷ খণ্ড ৯



আমাৰ সন্মুখত ৰুক্‌চিন্‌৷ ৰুক্‌চিনলৈ পাচিঘাটৰ পৰা ৩৫ কিল'মিটাৰ৷ ৰাষ্ট্ৰীয় পথ৷ ৰাস্তা ভাল৷ গাড়ী ফোঁ-ফোঁৱাই চলি আহিছে৷ জোনাইৰ সাংবাদিক বন্ধু ৰয়েল পেগুক ফোন কৰিলোঁ৷ কালি আল'ৰ পৰাও কৰিছিলোঁ৷ তেওঁ আজি পাচিঘাটলৈ অহাৰ কথা আছিল৷ বাটতে পৰস্পৰে পৰস্পৰক লগ পোৱাৰ ইচ্ছা৷ আমি আহি আহি ৰুক্‌চিন্‌ চে'ক গে'টেই পালোঁহি৷ গে'ট পাৰ নহওঁতেই পুনৰ ফোন কৰি জানিব পাৰিলোঁ যে তেওঁ ইতিমধ্যে মধ্যৰাস্তা পালেগৈ৷ গাড়ীৰ ভিতৰত বহি ইজনে সিজনক কেতিয়ানো পাৰ হ'লোঁ ধৰিবই নোৱাৰিলোঁ৷ যোৱাবাৰ আহোঁতে এই পৰীক্ষণ চকীৰ কাষৰে ৰুক্‌চিন্‌ মাৰ্কেটত পাব্লিক বাছ ষ্টেণ্ড এলেকাত থকা ইকু লজত পেগুৰ সৈতে চিনাকি হৈছিলোঁ৷ নিজৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন 'অৰণ্য-জনাৰণ্য'ৰ ক'পী অৰুণদা আৰু মোক উপহাৰ দিছিল তেতিয়া৷ সেই কিতাপৰ লেখা এটা আমাৰ এই যাত্ৰাৰ প্ৰস্তুতিত যথেষ্ট পৰিমাণে সহায়ক হৈছে৷ তাকে লৈ কৃতজ্ঞতাসূচক দুআষাৰ পাতিম বুলি ভাবিছিলোঁ যদিও মোৰেই দুৰ্ভাগ্য, পাৰাপাৰ হ'লোঁ, ভেটা-ভেটি নহ'ল৷

অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰোঁতে চে'ক গে'টত ইনাৰ লাইন পাৰ্মিট দেখুৱাব লাগে৷ আমি ২৬ নৱেম্বৰ তাৰিখে লিকাবালি গে'টেৰে প্ৰৱেশ কৰিছিলোঁ৷ এতিয়া ৰুক্‌চিন গে'টেৰে ওলালোঁ৷ ওলাবৰ পৰত কোনো সোধ-পোছ নাই৷ 

সন্মুখত মুৰ্কংচেলেক, জোনাই৷ অৰুণাচল-অসম সীমান্তৰ পৰা ২ কিল'মিটাৰ দূৰৈতে মুৰ্কংচেলেক৷ গাতে লাগি জোনাই৷ অসমৰ শেষ প্ৰান্তীয় চহৰ এইখন৷ অনাদি কালৰে পৰাই মিচিং অধ্যুষিত ঠাই৷ পাচিঘাট-জোনাই ৩৭ কিল'মিটাৰ৷ ইতিহাসে কয়, বৰ্তমানৰ জোনাই অঞ্চলৰ তাহানিৰ নাম আছিল মুৰ্কংচেলেক৷ মুৰ্কংচেলেকৰ পৰা প্ৰায় ৭-৮ কিল'মিটাৰ দূৰত্বত জোনাই আছিল এখন গাওঁ৷ সূৰ্যৰ পোহৰে ভেদ কৰিব নোৱৰা দুৰ্গম অৰণ্যৰে ভৰা, হিংস্ৰ জীৱ-জন্তুৰ বিচৰণভূমি জোনাইৰ নাম তেতিয়া মানুহে ব্যৱহাৰ কৰাই নাছিল৷ ১৯২০ চনত ব্ৰিটিছে মুৰ্কংচেলেকত আছাম শ্ব' মিল নামে বৃহৎ আকাৰৰ কাঠৰ মিল প্ৰতিষ্ঠা কৰিছিল৷ ইয়াকে কেন্দ্ৰ কৰি মুৰ্কংচেলেক বাণিজ্যিক নগৰ হৈ উঠিল আৰু জনস্ৰোত ববলৈ ল'লে৷ কোম্পানীৰ অধীনত সৃষ্টি হ'ল মুৰ্কংচেলেক টাউন, মুৰ্কংচেলেক বমজে, মুৰ্কংচেলেক নামনি নামে বিশাল জনবসতিপূৰ্ণ অঞ্চলসমূহ৷

ব্ৰিটিছৰ দ্বাৰা মুৰ্কংচেলেকত আছাম শ্ব' মিল স্থাপনৰ উদ্দেশ্য আছিল অৰণ্যসমূহৰ পৰা বনজ সম্পদ লুণ্ঠন৷ কাঠফলা কললৈ কুন্দা আনিবলৈ গভীৰ অৰণ্যৰ মাজে মাজে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰে'লপথ বহুওৱা হৈছিল৷ ফলা কাঠ বিদেশলৈ নিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৰে জলপথ তৈয়াৰ কৰা হৈছিল৷ ১৯২৪ চনত প্ৰায় ২৩,০০০ হেক্টৰ ভূমি সেই সময়ৰ খিলঞ্জীয়া মানুহক বিতাড়িত কৰি সংৰক্ষিত ব্ৰিটিছ শাসকে বনাঞ্চল হিচাপে ঘোষণা কৰিলে৷

মণ্টে-চেমছফ'ৰ্ডৰ ৰিপ'ৰ্ট মতে ১৯৩৪ চনত মুৰ্কংচেলেক অঞ্চলক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট হিচাপে চিহ্নিত কৰি নেফা প্ৰশাসনৰ অন্তৰ্গত সামৰি লোৱা হৈছিল৷ ব্ৰিটিছ পলিটিকেল অফিচাৰৰ শাসনতন্ত্ৰ চলিছিল৷ জিলা সদৰ আছিল শদিয়া, মহকুমা সদৰ আছিল পাচিঘাট৷ সেই কালতে ব্ৰিটিছ চৰকাৰে আছাম শ্ব' মিলৰ তত্ত্বাৱধানত মুৰ্কংচেলেকত প্ৰাথমিক বিদ্যালয়, ডাকঘৰ আদি স্থাপন কৰিছিল৷ বেচৰকাৰী মজলীয়া বিদ্যালয়ো প্ৰতিষ্ঠা হৈছিল৷

১৯৫০ চনৰ ১৫ আগষ্ট মুৰ্কংচেলেকবাসীৰ বাবেও আছিল এটা অভাবনীয় দুৰ্যোগৰ দিন৷ প্ৰলয়ংকাৰী বৰ-ভূঁইকঁপৰ ফলত উজনিত ব্ৰহ্মপুত্ৰই সংহাৰী মূৰ্তি ধাৰণ কৰিলে৷ চকুৰ পলকতে মুৰ্কংচেলেক ধ্বংসস্তুপত পৰিণত হ'ল৷ প্ৰাণৰ মমতাত ১৯৫১ চনৰ পৰা ১৯৫৭ চনৰ ভিতৰত এই অঞ্চলৰ মানুহে নিজৰ জন্মভূমি, পৈত্ৰিক ভেটি এৰি বাহিৰ জোনাই নামৰ ঠাইলৈ উঠি গ'ল আৰু নতুনকৈ গাওঁ পাতিলে৷ গৃহ, বিদ্যালয় আদি স্থানান্তৰিত হ'ল৷ সেই সময়ৰ মিচিং-অমিচিং ৰাইজে মিলি এনেকৈয়ে গঢ় দিলে আধুনিক জোনাই৷ সমগ্ৰ মুৰ্কংচেলেক প্ৰশাসনিক অঞ্চলটো কালক্ৰমত জোনাই বুলি নামকৰণ হ'ল৷ জোনাই নামটোৰ উৎপত্তিক লৈ নানাজনৰ নানা মত আছে৷

অৰুণাচল পাহাৰৰ পৰা বৈ আহি ৰুক্‌চিন, তৰাজান, মহমৰা, বাহিৰ জোনাই গাঁওসমূহৰ মাজেৰে বৈ যোৱা নৈখনৰ নামৰ পৰা জোনাই নামটোৰো উৎপত্তি বুলি জনা যায়৷ ১৯৫৩-৫৪ চনমানৰ সময়ত এই নদীখন বৰ গভীৰ আছিল৷ ইয়াৰ বুকুৰে মেচিন নাও চলাচল কৰিছিল৷ নৈখনৰ নামটো অতীজত জ-নাইহে আছিল৷ লোকশ্ৰুতি অনুযায়ী জ-নে-জ নামৰ এখন বৃহৎ নৈ পাহাৰৰ মাজেদি বৈ গৈছিল৷ এই নদীৰ অন্যতম উপনৈ আছিল জ-নাই অৰ্থাৎ জ-আনে৷ জ মানে উপনৈ, আনে মানে মাতৃ৷ অৰ্থাৎ উপনৈ সমূহৰ মাতৃ, প্ৰধান উপনৈ৷ অন্য এখন উপনৈ আছিল জ-নে-কৰং অৰ্থাৎ শুকাই যোৱা উপনৈ৷ জ-আনেৰ পৰা চমুকৈ জনাই আৰু পিছলৈ জোনাই হ'ল৷ ১৯৫১ চনৰ ১৩ ফেব্ৰুৱাৰীত নেফা অঞ্চলৰ পৰা মুৰ্কংচেলেকক পৃথক কৰি হস্তান্তৰিত এলেকাৰূপে ঘোষণা কৰা হৈছিল আৰু প্ৰশাসনীয় দায়িত্ব সহকাৰী ৰাজনৈতিক বিষয়াৰ হাতত অৰ্পণ কৰা হৈছিল৷ সেই সময়ৰে পৰাই আধুনিক মুৰ্কংচেলেক হিচাপে জোনাই নামটো প্ৰচলন হৈ আহিছে৷

ৰয়েল পেগুৱে সম্পাদনা কৰা কিতাপ এখনত পবা, মুৰ্কংচেলেক, জোনাই সম্বন্ধে বিভিন্ন লেখকৰ লেখাসমূহ পঢ়িবলৈ পাইছিলোঁ৷ মানুহজনৰ মুখখনৰ লগতে কথাবোৰ এতিয়া মনত পৰি গৈছে৷ পবা গাঁও সংলগ্ন পবা বনাঞ্চলখনক তাহানিৰ মুৰ্কংচেলেকৰ ৰৈ যোৱা ঐতিহাসিক চিন বুলি কোৱা হয়৷ অতীতৰ সুখ-দুখৰ স্মৃতি সুঁৱৰি এই অঞ্চলৰ বয়োবৃদ্ধসকল এতিয়াও হেনো পবালৈ আহে৷ আমিও পবাৰ মাজেৰেই ১৫নং ৰাষ্ট্ৰীয় পথেৰে ৪ কিল'মিটাৰমান দূৰত্ব পাৰ হৈ আহিছোঁ৷ পুৰণি যাত্ৰাৰ স্মৃতিকে দোহাৰি দুআষাৰ কৈ গৈছোঁ অৰূপদাহঁতক৷

No comments:

Post a Comment