Thursday, 21 December 2017

দিন আঠ ৷৷ খণ্ড ৮



ৰাণাঘাটৰ দলংখন সাজোঁতে সময়ৰ হিচাপত ৰেকৰ্ডসংখ্যক ২২ বছৰ লাগিছিল৷ পিছে এবাৰ নিৰ্মাণ হৈ উঠাৰ পাছত চিয়াঙৰ উভয় পাৰৰ মানুহৰ অহা-যোৱা কিমানযে সুচল হৈ পৰিল! জীৱন-যাত্ৰালৈ আহি গ'ল নতুন মাত্ৰা, অনেক স্বস্তি৷ দলঙৰ উপযোগিতা তাতেই৷ তাৰ লগে লগে পাচিঘাটৰ নামতো আৰু এটা সুন্দৰ সংযোজন ঘটিল৷ চিয়াং ব্ৰীজ৷ পাচিঘাটলৈ যিয়েই আহে সিয়েই চিয়াং ব্ৰীজ চাবলৈ এবাৰ হ'লও যায়েই৷ নৈখনৰ উজনি সোঁতলৈ চালে দেখা যায় কৰ্দৈশিৰীয়া অৰুণাচল পৰ্বতৰ লানি৷ ভাটিলৈ অসমৰ উন্মুক্ত দিগন্ত৷ নীলা, সেউজীয়া৷ দুখন চুবুৰীয়া ৰাজ্যৰ মিশ্ৰণত সৃষ্টি হোৱা এটা বিৰল ৰূপ বুলিব পাৰি যাক

জ্যেষ্ঠ এড্‌ভেন্‌চাৰিষ্ট দুজনক দলংখন দেখুৱাই উভতি পাচিঘাট চহৰ সোমালোঁহি৷ 'ইমান কেইদিন হ'ল মিঠাই খোৱা নাই! ২০১১ত শতবৰ্ষ গৰকা চহৰ পাচিঘাটলৈ আমি অহাৰ স্মৃতি যুগমীয়া কৰিবলৈকে আজি ঠিক্‌ছে মিঠাই খাব লাগিব৷ ড্ৰাইভাৰ চাহাব, শুনিছেতো?' হঠাতে মিঠাই খোৱাৰ বাসনা আৰু যুক্তি এটা জাগ্ৰত হৈ উঠিল ধৰমপাল ওৰফে প্ৰদীপদাৰ মনত৷ অৰূপদা আৰু মোৰ জোৰদাৰ সমৰ্থনত তেওঁৰ ইচ্ছাটোৰ প্ৰতি সঁহাৰি জনাই সাহাই চহৰৰ মাজ-মজিয়াত থকা তেল ডিপ' এটাত গাড়ীখন সুমুৱাই দিলে৷ নিৰাপদ পাৰ্কিং প্লেচ৷ পাচিঘাটৰ মাটিত হাঁহি-স্ফূৰ্তি কৰি নামিলোঁ আটায়ে৷ আলিবাটত মানুহৰ ভিৰ৷ ভিৰ ফালি পদব্ৰজে গৈ সোঁহাতে ভাল চাই মিঠাইৰ দোকান এখন আৱিষ্কাৰ কৰি পেলালোঁ৷ চাৰিও বীৰদৰ্পে পদাৰ্পণো কৰি দিলোঁ৷ আমাৰ এজনৰো লাইফ-ষ্টাইল ৰোগ ওৰফে চেনী বেমাৰ, ডাক্তৰী ভাষাত ডায়েবেটিছ নাই৷ গতিকে হেঁপাহ পলুৱাই ইটোৰ পাছত সিটোকৈ বিভিন্ন প্ৰকাৰৰ মিঠাই খুজিলোঁ আৰু গিলিলোঁ৷ প্ৰদীপদাৰ হাতত মজুত থকা সমূহীয়া পুঁজিৰ পৰা এই চেলিব্ৰেচন চলিছে৷ সমুদায় ব্যয় তাৰ পৰাই বহন কৰা হ'ল৷ ফুৰি ফুৰি আকৌ গাড়ীত বহিলোঁহি৷ যাত্ৰা আৰম্ভ হ'ল পোনে পোনে ব্ৰহ্মপুত্ৰৰ পাৰলৈ বুলি৷

শ্বুম দাৰাং অৰুণাচল প্ৰদেশৰ অন্য এক পৰিচয়৷ এই মোহনীয়া কন্যাগৰাকী ২০১০ চনত Miss AAPSU নিৰ্বাচিত হৈছিল৷ ২০১৪ চনৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত Vivel North East DIVA Beauty Pageantৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল৷ ২০১৫ত Miss Himalaya প্ৰতিযোগিতাত তেওঁ দ্বিতীয় ৰাণাৰ্ছ-আপ হয়৷ তাৰ পাছত ২০১৬ৰ অক্টোবৰত দ্বিতীয় সংখ্যক Miss Earth India Water খিতাপ লভিবলৈ সমৰ্থ হয়৷ মডেলিং আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বলিষ্ঠ খোজ পেলাবলৈ সক্ষম হোৱা শ্বুম দাৰাং পাচিঘাটৰ পৰা ২৪ কিল'মিটাৰ নিলগৰ মিৰেম ভিলেজৰ জীয়ৰী৷ আদি শব্দ মিৰেমে চহকী বুজায়৷

অৰুণাচল-অসম সীমান্তৱৰ্তী পূব চিয়াং জিলাৰ অন্তৰ্গত আৰু ধেমাজি জিলাৰ সীমান্তত দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য জৈৱ-বৈচিত্ৰ্যৰ বাবে অফুৰন্ত ভঁৰাল হিচাপে প্ৰখ্যাত৷ পূব চিয়াং জিলাৰ সদৰ তথা শতবৰ্ষ গৰকা ঐতিহাসিক টাউন পাচিঘাটৰ পৰা প্ৰায়  কিল'মিটাৰ দক্ষিণ-পূব দিশত, চিয়াং আৰু চিবিয়াৰ মাজত অসম-অৰুণাচলৰ সীমান্তত অৱস্থিত এই অভয়াৰণ্য৷ চিয়াংপৰীয়া নৈসৰ্গিক সৌন্দৰ্যৰ ৰাণী আখ্যা দিয়া হৈছে এই বন্যপ্ৰাণী উদ্যানক৷ অভয়াৰণ্যখনৰ পূবে মেৰ-গাদুম আৰু পশ্চিমে অইৰামঘাট৷ উত্তৰে চিগাৰ মাক্‌তুম্‌ঘাট, দক্ষিণে অসমৰ কবু চাপৰিৰ উত্তৰ অংশ৷ এক কথাত পূব, পশ্চিম আৰু উত্তৰে চিয়াঙৰ জলধাৰাই ঘেৰি আছে৷ নৈসৰ্গিক সৌন্দৰ্যৰে মনোৰম দায়িং ইৰিং অভয়াৰণ্যখন তাহানিৰ অবিভক্ত অসম তথা নেফাৰ সময়ত লালী সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচিত আছিল৷ ১৯৭৬ চনত ইয়াক লালী বন্যপ্ৰাণী উদ্যানলৈ ৰূপান্তৰ কৰা হয়৷ প্ৰসংগক্ৰমে উল্লেখ্য যে অসম সীমাত প্ৰৱেশ হোৱাৰ পাছৰ পৰা ব্ৰহ্মপুত্ৰ মহাসংগম পৰ্যন্ত চিয়াং নদীৰ অংশটোক জোনাইৰ স্থানীয় মানুহে লালী নদী বুলি কয়৷ ১৯৮৬ চনত আধুনিক অৰুণাচলৰ জন্মদাতা, বিশিষ্ট সমাজ-সেৱক, অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী সাংসদ ডাক্তৰ দায়িং ইৰিঙৰ স্মৃতিত উদ্যানখনক দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য নামে নামাংকিত কৰা হয়৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ আগলি বা মূল উৎস চিয়াং নদীৰ দুখন উপনৈৰ দ্বাৰা আবৃত ১৯০ বৰ্গ কিল'মিটাৰ বনভূমিৰে আৱৰা এই অভয়াৰণ্যখনৰ ৭০ শতাংশ জোপোহা অৰণ্য, প্ৰায় ২০ শতাংশ মিশ্ৰিত ঘাঁহনি, ৫ শতাংশ জলাশয় আৰু বাকী অংশ স্বাভাৱিক বনাঞ্চল৷ অনেক দুষ্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটিৰ এখন আদৰ্শ বাসভূমি আৰু কেইবাটাও প্ৰজাতিৰ মূল্যৱান গছ-লতিকা তথা বিভিন্ন অৰ্কিডেৰে সমৃদ্ধিশালী এই বন্যভূমি৷ অৰুণাচলৰ প্ৰদেশৰ ৰাজ্যিক প্ৰতীক ধনেশ পখীৰ ৫টা প্ৰজাতি ইয়াত পোৱা যায়৷ পৰিৱেশতন্ত্ৰ সুস্থিৰ কৰি ৰখাৰ সমান্তৰালকৈ পৰ্যটকৰ বাবে বহুতো সমল আৰু সম্ভাৱনা বহন কৰিছে এই অভয়াৰণ্যখনে৷ জীৱ বিজ্ঞানী, উদ্ভিদ বিজ্ঞানীৰ অধ্যয়নৰ বাবে ইয়াত অনেক সমল আছে৷

প্ৰাচীন চহৰখনক তেনেকৈয়ে এৰি থৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমাৰ গাড়ী দুৰন্ত গতিত দৌৰিছে৷ ২৮ কিল'মিটাৰ আহিলোঁ৷ ১২ মাইল পাৰ হৈ আগত অয়ান চাৰিআলি৷ এইখিনিৰ পৰা বাওঁহাতে দক্ষিণ-পূব দিশে ৪ কিল'মিটাৰমান সোমাই গ'লে অৰুণাচল-অসম ৰাজ্যিক সীমান্তৰ কেমি গাঁৱৰ সমীপৱৰ্তী চিয়াং-ব্ৰহ্মপুত্ৰ নদীত অইৰামঘাট নামে ইতিহাস বিজড়িত ফেৰীঘাট এটা পোৱা যায়৷ পাচিঘাটৰ পৰা উক্ত ঘাটলৈ ৩২ কিল'মিটাৰ৷ উল্লেখ্য যে অঞ্চলটোৰ আৰ্থ-সামাজিক, শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা জনৈক অইৰাম বড়ো (১৮৭৭-১৯৬৮ চন)ৰ নামেৰেই হৈছে অইৰামঘাট৷ ব্ৰিটিছৰ আমোলত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সময়ৰ সাঁকো গঢ়োতা, মিচিং সংস্কৃতিৰ প্ৰবাদপুৰুষ অভিধাপ্ৰাপ্ত অইৰাম বড়োৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে নেফা প্ৰশাসনে ১৯৫৮ চনত তেওঁৰ নামেৰে ঘাটটোৰ নামকৰণ কৰিছিল৷ পাচিঘাট, জোনাই আৰু ডিব্ৰুগড় সদৰৰ মাজত তাৰ পৰা যাত্ৰীবাহী ফেৰী চলে৷ শুনিছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ডিব্ৰুগড়ৰ পৰা অইৰামঘাট পাওঁতে হেনো কেইবাঘণ্টাও লাগে! জলপথেৰে অৰুণাচলত প্ৰৱেশ কৰা লোকৰ বাবে অয়ান চাৰিআলিত চে'ক প'ষ্ট আছে৷

হাতত মজুত থকা খবৰ অনুসৰি অইৰামঘাটৰ পৰা নিতৌ পুৱা এখন যাত্ৰীবাহী ফেৰী ডিব্ৰুগড় সদৰলৈ যায়৷ একেদৰে ডিব্ৰুগড় সদৰৰ পৰা আন এখন ফেৰী প্ৰতি বিয়লি অইৰামঘাটলৈ আহে৷ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ অধীনত ব্ৰহ্মপুত্ৰ-চিয়াঙৰ জলৰাশিৰে এই সেৱা বিগত প্ৰায় ৭ বছৰ ধৰি অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ আল', পাচিঘাট, মেব'; অসমৰ জোনাই অঞ্চলৰ ৰাইজে বহিঃবিশ্বৰ সৈতে যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত এই ঐতিহাসিক পাৰঘাটটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ ইফালে নদীৰ প্ৰবল খহনীয়াৰ কবলত পৰি ঘাটটোৱে ইয়াৰ অস্তিত্ব হেৰুৱাবলৈ গৈ থকাৰ বাতৰিও মাজে মাজে পোৱা যায়৷ সি যি কি নহওক, আমাৰ সময় নিমিলাত আগতেই ঠিক কৰিলোঁ যে আমি তালৈ নাযাওঁ, চিলাপথাৰলৈহে যাম৷

চকা ঘূৰিছে মানে অৰুণাচল ৰাজ্য চমু চাপি আহিছে৷ সীমামূৰীয়া ধেমাজি জিলাৰে আমি অসমত প্ৰৱেশ কৰিম৷ জোনাইলৈ ৭ কিল'মিটাৰমান বাকী৷ পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গৈ আছোঁ৷ ১০,২২১ হেক্টৰ ভূমিৰে সমৃদ্ধিশালী বৰ্ষাৰণ্য এইখন৷ পবা নামৰ সৰু খৰস্ৰোতা পাহাৰী সুঁতি এটাৰ পৰাই বৰ্ষাৰণ্যখনৰ নামটোৰ উৎপত্তি হৈছে৷ ব্ৰিটিছৰ আমোলত ১৯২৪ চনত পবাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল৷ ১৯৩৪ চনত কিছু সংশোধন ঘটোৱা হয়৷ অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত বনাঞ্চলখনৰ উত্তৰে অৰুণাচল ভূখণ্ড৷ পূবে ব্ৰহ্মপুত্ৰ মহাসংগম, যাৰ সিপাৰে আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য৷ দক্ষিণ আৰু পশ্চিমে অসম ভূখণ্ড৷ ৬০ ভাগ কাঠনি, ২০ ভাগ পিতনি আৰু ২০ ভাগ ঘাঁহনিৰ সংমিশ্ৰণত সৃষ্টি হোৱা পবা জৈৱ-বৈচিত্ৰ্যত চহকী, বন্যপ্ৰাণী, থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ আদৰ্শ বাসস্থান৷ প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকাশিত এক সমীক্ষামতে পবাত ২২৮ প্ৰজাতিৰ চৰাই, ২১ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২৬০ প্ৰজাতিৰ বৃক্ষ, অসংখ্য প্ৰজাতিৰ পখিলা আৰু অৰ্কিড পোৱা যায়৷ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ দায়িং ইৰিং বন্যপ্ৰাণী উদ্যান, তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ধেমাজি জিলাৰ বৰ্ষাৰণ্য পবা বনাঞ্চল, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ নদীদ্বীপ কবু চাপৰি সংৰক্ষিত বনাঞ্চল মিলি প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী বৃহৎ এক জৈৱ মণ্ডল গঠিত হৈছে৷


No comments:

Post a Comment