Saturday, 16 December 2017



দিন সাত (১.১২.২০১৬, বৃহস্পতিবাৰ) ৷৷ খণ্ড ১

'All of us tend to put off living instead of enjoying the roses that are blooming outside our windows today.' ~Dale Carnegie

পুৱা বিছনা থাকোঁতেই ঘনচিৰিকাৰ কিচিৰ্‌-মিচিৰ্‌ শব্দ কাণত ভাহিল৷ এই প্ৰথম চৰাইৰ মাত শুনিলোঁ ইয়াত৷ অজান ভাবত মনটো কিবা ভাল লাগি গ'ল৷ মাহ ডিচেম্বৰ৷ ঠাণ্ডাৰ মাত্ৰা চৰিছে৷ এই হেতুকেই চাগৈ চৰাই-চিৰিকটি কম দেখা গৈছে৷

নেদেখা ঠাই একোখন মন-দাপোণত সদায়েই ৰম্যভূমি হৈ দেখা দিয়ে৷ মেন্‌-চু-খালৈ অহাৰ আগতে কল্পনাত এই ঠাইখনো আমাৰ বাবে তেনেকুৱাই আছিল৷ ইফালে ইচ্ছাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত মনৰ অদম্য হেঁপাহক নেওচা দিয়া সহজ নহয়৷ সেয়েহে আমি আহিলোঁ৷ আহি থাকি, ফুৰি-চাকি, দেখি-শুনি-বুজি যি পালোঁ, বাস্তৱত এতিয়া সঁচাকৈয়ে ই ৰম্যভূমি হৈ পৰিল দেখোন! মূৰৰ শিতানৰ পৰ্দাখন সামান্য আঁতৰাই আইনাৰ মাজেৰে বাহিৰখনলৈ চাওঁতে দিনটোৰ প্ৰথম অনুভৱটো এনে ধৰণৰে হ'ল৷ ঘনচিৰিকাকেইটাই তাত যেন অনুঘটকৰহে কাম কৰিলে! ভাব হৈছে, আজিলৈ অৰুণাচলত দিহিঙে-দিপাঙে যিমান ঘূৰিলোঁ-ফুৰিলোঁ-চালোঁ, সেই সকলোবোৰৰে ভিতৰত মেন্‌-চু-খাকেই সৰহ নম্বৰ দিব লাগিব৷ দিব লাগিব মানে দিলোঁৱেই৷ প্ৰাচীন ঐতিহ্য আৰু বৰ্ণাঢ্য ইতিহাসসমৃদ্ধ অপৰ্যাপ্ত-অপ্ৰকাশিত সমলেৰে ভৰপূৰ মেন্‌-চু-খাই বুকুত অযুত-অপূৰ্ব সম্ভাৱনা লৈ লোকচক্ষুৰ পৰা আজিও নিৰৱে অৱস্থান কৰি আছে৷ সৰহ মানুহ আজিও অহা নাই ইয়ালৈ৷

যোৱা নিশা জুইৰ গুৰিত বহোঁতে গেবু আৰু নানাক ঢেৰ কথা কৈছিলোঁ৷ কৈছিলোঁ যে সৌন্দৰ্যবৰ্ধনৰ বাবে জি.টি.এল. চৌহদটোত পৰিকল্পিতভাৱে বৃক্ষৰোপণ কৰিব লাগে৷ প্ৰকৃতি সংৰক্ষণ আৰু সংবৰ্ধনমুখী পদক্ষেপ সদায়েই উৎসাহজনক৷ ফুল কিছুমান আছে যদিও হ'মষ্টে'ৰ আশে-পাশে ডাঙৰ গছ এজোপাও নাই৷ সৰু জাতৰ আলংকাৰিক গছ ৰুলে ভাল লাগিব বুলি ক'লোঁ৷ চিন্তা-উদ্দীপক বিশ্লেষণেৰে আন বিভিন্নজনেও বিভিন্ন দিশৰ সজ আৰু কামত অহা পৰামৰ্শ আগ বঢ়াইছিল৷ দম্পতীহালে খুব মনোযোগেৰে শুনি মূৰ দুপিয়াই গৈছিল৷

মুখ ধুই বিছনা সামৰি চোতাল পালোঁহি৷ চাংগে'ই পানী গৰম কৰিছে৷ পাকঘৰটোলৈ উঠি গ'লোঁ৷ গেবু আৰু নানাই আমাৰ বাবে পুৰী তৈয়াৰ কৰাত লাগিছে৷ মই দুয়োৰে মাজতে চৌকামুখত বহিলোঁ৷ গৰম চাহৰ কাপত চুমুক দি সিহঁতৰ কথা-বতৰাবোৰ শুনিব ধৰিলোঁ৷ দুয়ো বেছ কৰ্মী আৰু সুখী মানুহ৷ মৰমলগা মুহূৰ্তবোৰ কিয় জানো, কেমেৰাত বন্দী কৰিবৰ মন গ'ল৷ একে দৌৰে কোঠাৰ পৰা কেমেৰাটো আনিলোঁগৈ আৰু ক্লিক্‌ কৰাত লাগি গ'লোঁ৷ আজি আমি যামগৈ৷ নানাৰ হাতত মোৰ ভিজিটিং কাৰ্ড এখন তুলি দিলোঁ৷ ভালকৈ ৰাখিবলৈও ক'লোঁ৷ তাই চালে অলপ পৰ৷ তাৰ পাছত উঠি গৈ নিজেও এখন কাৰ্ড লৈ আহিল৷ আল'ৰ নিউ মাৰ্কেটৰ এ.এল.জি. এৰিয়াত থকা সিহঁতৰ পৰিয়ালৰে হোটেল লল্লেন আৰু ৰেস্তোৰাঁ মেন্‌-চু-খাৰ কাৰ্ড৷ আমি আজি নিশাটো যিহেতু আল'ত খপিব লাগিব, গতিকে কোঠাৰ বাবে ফোন কৰি সুধিও চালে তাই৷ উত্তৰটোহে ভবামতে নাহিল৷ সিমূৰৰ পৰা জনালে যে ৰূম এটাও খালী নাই৷ নানাৰ মুখমণ্ডল পঢ়ি বুজিলোঁ, চিন্তাতেই পৰি গৈছে তাই৷ আমি গৈ ক'ত থাকিম তেনেহ'লে? অনিশ্চয়তা৷ তাতেইতো আনন্দ৷ 'এহ্‌ যি হয় হ'ব, সময়ত দেখা যাব' বুলি প্ৰসংগটো তল পেলোৱা হ'ল৷

অনেক কথাৰ মাজতে কালি নানাই কৈছিল, 'সন্মুখৰ পুৰণি ঘৰটো এইবাৰ খুলিম৷' ঘৰ খুলিব! বুজিবলৈ প্ৰথমে টানেই পাইছিলোঁ, কি ক'বলৈ গৈছেনো তাই৷ পাছতহে জানিলোঁ যে চাং-ঘৰটো আচলতে প'ৰ্টেবল৷ তাক সম্পূৰ্ণৰূপে খুলি পেলোৱা যায়৷ অন্য ঠাইলৈ নি পুনৰায় সাজিব পাৰি৷ থলুৱা, অবিশ্বাস্য মেম্বা টেক্‌ন'লজী! ডঙতো টপদেন মেয়ৰে নিজৰ ঘৰটোত আমাক দেখুৱাইছিল কাঠৰ শলখা কিছুমান৷ গোটেই ঘৰটোৱেই খুলি পেলাব পাৰি৷ অৰুণাচলৰ পূব প্ৰান্তৰ মেয়ৰ বা জাখ্ৰিং মানুহৰ চাং-ঘৰ আছিল সেইটো৷ মেন্‌-চু-খাত দেখা পোৱা সৰহভাগ মেম্বাৰো ঘৰবোৰ চাগৈ এই ধৰণৰে৷ কোনো কোনো ফালে কাঠেৰে সজা প্ৰকাণ্ড প্ৰকাণ্ড বাসগৃহ একোটাহঁতো অহা-যোৱা কৰোঁতে দেখা নোপোৱাকৈ থকা নাই৷ পৰিয়ালৰ সদস্যসংখ্যাৰ তুলনাত ঘৰবোৰ প্ৰয়োজনতকৈ বেছি ডাঙৰ যেনহে লাগে৷ তেনেকৈ সজাৰ বেলেগ কিবা উদ্দেশ্যও থাকিব নিশ্চয়৷ মেন্‌-চু-খা যিহেতু টুৰিষ্ট প্লেছ্‌ হিচাপে খৰ গতিৰে আগ বাঢ়িছে, তেনেকুৱা একো একোটা গৃহত গৃহস্থই থকাঘৰ অৰ্থাৎ হ'মষ্টে' অনায়াসে খুলিব পাৰিব৷ তাৰ মাধ্যমেৰে গৃহ অৰ্থনীতি টনকিয়াল কৰাৰ উপৰি ভাবৰ আদান-প্ৰদান, মানুহৰ সৈতে মানুহৰ সম্পৰ্ক গাঢ় কৰিব পৰা যাব৷ ইতিমধ্যে আমি দেখিছোঁ, কেইবাটাও থকাঘৰ ইফালে-সিফালে গঢ় লৈ উঠিছেই৷ উদ্যোগ হিচাপে পৰ্যটন এনে এক প্ৰক্ৰিয়া যি থকা, খোৱা, মনোৰঞ্জন, পৰিৱহণ, গাইড আদিকো উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰে৷ মন কৰিবলগীয়া কথাটো হ'ল, বিশ্বৰ ভালেমান ৰাষ্ট্ৰত ঘটাৰ দৰে পৰ্যটনে স্থানীয় সভ্যতা-সংস্কৃতি আদি বিনষ্ট কৰিব নালাগিব, অকণো কুপ্ৰভাৱ পেলাব নালাগিব বৰ্ণিল ঐতিহ্য-পৰম্পৰাত৷ তাৰ বাবে নিৰন্তৰ সজাগ-সচেতন হৈ থাকিব লাগিব মেন্‌-চু-খাৰ আবাসীসকল৷

চাংগে'ই উতলাই দিয়া গৰম পানীৰ সাহসতে গাটো তিয়াই লৈছোঁ৷ যাবলৈ ওলাই মনটো সেমেকি উঠিছে৷ বাহিৰত জুইৰ ব্যৱস্থা কৰাৰ লগতে পুৱাৰ আহাৰ যতনাই ৰখা হৈছে৷ নুডল্‌ছ, পুৰী-তৰকাৰি, চাহ আদি৷ আমি সকলোৱে শাৰী পাতি থিয় হৈ একেলগে খাইছোঁ৷ খাই থাকোঁতেই গ্ৰুপ ফটো তোলা হৈছে, স্মৃতি ৰক্ষাৰ্থে৷ গেবু আৰু দালা মটৰ চাইকেলেৰে ওলাইছে আল'লৈ৷ তাৰ পৰা যাব চিলাপথাৰ৷ চিলাপথাৰৰ পৰা গাড়ীৰে যাত্ৰা কৰি নাগালেণ্ডৰ ক'হিমাৰ সমীপৱৰ্তী কিছামাৰ নাগা হেৰিটেজ ভিলেজত আজিৰে পৰা মুকলি হোৱা ১৭ সংখ্যক Hornbill Festival চাবগৈ৷ হৰ্নবিল্‌ অৰ্থাৎ ধনেশ চৰাই হৈছে এইখন প্ৰদেশৰ ৰাজ্যিক পক্ষী৷ অৰুণাচলৰ ৰাজ্যিক পখীবিধৰ নামেৰে নাগালেণ্ডৰ ফেষ্টিভেল্‌ অফ্‌ ফেষ্টিভেল্‌ছৰ নাম ৰখা হৈছে! এটা মন কৰিবলগীয়া আৰু মিলনাত্মক কথা৷ গেবু আৰু দালা যথেষ্ট কৌতূহলী হৈ আছে উৎসৱটো চাবলৈ৷ মই তালৈ আগতে গৈছোঁ বুলি জানি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ নিজকে টুৰিষ্ট কনচালটেণ্ট যেনেই লাগি গৈছে মোৰ! হৰ্নবিলৰ পাছত দুয়ো যাব North-Eastern Orange Festival of Adventure and Music (OFAM) চাবলৈ৷ অৰুণাচল প্ৰদেশৰ পূব মূৰৰ ল'ৱাৰ দিবাং ভেলী জিলাৰ ডাম্‌বুকৰ আক'ক' গাঁৱত তৃতীয়বাৰৰ বাবে এই উৎসৱৰ যো-জা চলিছে৷ চাৰিদিনীয়া উৎসৱটি অহা ১৫ ডিচেম্বৰ তাৰিখে আৰম্ভ হ'ব৷ সাংস্কৃতিক আৰু ধৰ্মীয় পৰ্যটনক আগুৱাই নিয়াৰ মানসেৰেই এই উৎসৱৰ আয়োজন কৰা হৈছে৷ সুমথিৰাক লৈ ডাম্‌বুকত অ'ৰেঞ্জ ফেষ্টিভেল্‌ পতা হৈছে যদিও 'Orange Capital of Arunachal' বুলি কোৱা হয় কিন্তু পূব প্ৰান্তৰ ৱাক্র' নামৰ ঠাইখনকহে৷ কিবিথুলৈ যাওঁতে ৱাক্র'ৰ লানি নিছিগা কমলা বাগানবোৰ দেখি আচৰিতেই হৈছিলোঁ৷ এতিয়া চাগৈ গছবিলাকত লমালমে ভৰি আছে সুস্বাদু ফলবোৰ৷

মন কৰিছোঁ, পৰ্যটন উন্নয়নক উদ্দেশ্য কৰি অৰুণাচলৰ ইমূৰৰ পৰা সিমূৰলৈ সঘনাই অনুষ্ঠিত কৰা সৰু-বৰ উৎসৱৰ সংখ্যা আৰু পৰিসৰ সাম্প্ৰতিক সময়ত যথেষ্ট বৃদ্ধি পাই আহিছে৷ সমূহৰে ভিতৰত বৃহত্তমলৈ গতি কৰিছে এড্‌ভেন্‌চাৰ এট্‌ মেন্‌-চু-খাই৷ মেন্‌-চু-খাৰ অপাৰ সম্ভাৱনাক সকলো ধৰণৰ মানুহৰ মাজলৈ লৈ যোৱাটোৱেই এড্‌ভেন্‌চাৰ্‌ এট্‌ মেন্‌-চু-খাৰ মূল প্ৰচেষ্টা৷ এনে আয়োজনৰ পশ্চাদ্‌পটত নিশ্চিতভাৱে নিহিত থকা উচিত এক দীৰ্ঘকালীন উদ্দেশ্য৷ তেনে উদ্দেশ্য আৰু সুসংহত উন্নয়নৰ বাবে বিস্তৰ গৱেষণা, সমীক্ষা, সুসংহত কাৰ্যসূচী-কৰ্মসূচী, শক্তিশালী নেতৃত্ব, সুদক্ষ কৰ্মী-বাহিনী, প্ৰতিভাশালী তথা উদ্ভাৱনী গুণসম্পন্ন ব্যক্তিবিশেষৰ বৰকৈ প্ৰয়োজন আছে৷ কেৱল দুঃসাহসিক আনন্দ বা সাংস্কৃতিক প্ৰদৰ্শনেই নহয়, এনে উৎসৱ-মহোৎসৱে ৰাজ্যখনলৈ বৈদেশিক বিনিয়োগ আকৰ্ষণ কৰিব পাৰিলেহে সঁচা অৰ্থত সফলতা কঢ়িয়াইছে বুলি ক'ব পৰা যাব৷


No comments:

Post a Comment