দিন ছয় ৷৷ খণ্ড ২
কালি আহোঁতে মই পোৱা, পৰ্বতৰ টিঙত অৱস্থিত ২ নং কেম্প
চাইটৰ ফালে নগৈ সোঁহতীয়া ট্ৰেক এটাৰে দলটো আগ বাঢ়িছে৷ আহি আহি কালি গছৰ ওপৰত বহি থকা
ঠাইখিনি ওলালোঁ৷ মোৰ আগে আগে গৈ থকা শিৱদেবে সেইখিনিতে, নামনি অংশটোত হঠাতে কিবা
এটা বুটলি লোৱা দেখা গ'ল৷ একে সময়তে তেওঁৰ মুখমণ্ডলত প্ৰকাশি উঠা হাঁহি এমোকোৰাও মোৰ
দৃষ্টিৰ পৰা সাৰি নগ’ল৷ কালি আহি থাকোঁতে তেওঁৰ দামী কেমেৰাটোৰ লেন্সৰ ক'ভাৰখন হেৰাইছিল৷ সৌভাগ্যক্রমে, অক্ষতভাৱেই এইমাত্ৰ পাই গ'ল৷ ট্ৰেকৰ দাঁতিতে পৰি আছিল৷ পাম বুলি হয়তো সপোনতো ভবা নাছিল তেওঁ৷ আচম্বিতে পাই যোৱাত এতিয়া ওঁঠত হাঁহি বিৰিঙি উঠিছে৷ বুটলি লৈ মোলৈ নোচোৱাকৈয়ে ক’লে, ‘থেংক গড্৷ মিল গয়া৷’ পাছতে থকা মোৰ ফালে চালে তেওঁ৷ ‘আপোনাৰ ভাগ্য ভাল৷’ ঘটনাটো গম পাই মোৰ প্ৰতিক্রিয়া
হিচাপে তাৎক্ষণিকভাৱে প্ৰত্যুত্তৰ দিলোঁ৷ তেওঁ পুনৰবাৰ হাঁহিলে আৰু সাফৰখন কেমেৰাটোত
লগোৱাত আনন্দেৰে মগ্ন হৈ পৰিল৷
এইখিনি পাই মোৰ চকুৱে এতিয়া বিচাৰি ফুৰিছে কালিৰ বিশেষ
গছ দুজোপা, য'ত মই উঠি আছিলোঁ আৰু নিশাটো কটাব লাগিব বুলিয়ে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলোঁ৷ ক্ষন্তেক
পাছতে তলৰ পৰাই অৱস্থানটো ধৰা পেলালোঁ৷ সঠিক জেগা আহি পোৱাত উৎসাহেৰে আটাইকে শুনাব ধৰিলোঁ কালি
বিয়লিৰ গোপন সত্যটো৷ অৰূপদাক পিছে যোৱানিশাই ইংগিত এটা নিদিয়া নহওঁ৷ মুখেৰে যিমান বলকি থাকিলেও
এনেকুৱা কথা আনে বিশ্বাস নকৰিবও পাৰে৷ এতেকে সত্য-প্ৰমাণৰ প্ৰয়োজনত আকৌ এবাৰ সকলোৰে
সন্মুখত গছ বগাই চাঙৰ ওপৰ পালোঁগৈ৷ ফেৰেঙনিত মূৰ থৈ শুয়ো দেখুৱালোঁ৷ ততালিকে মোৰ কেমেৰাটোৰে
অৰূপদাই স্নেপ্ কেইটামান ল'বলৈ খৰধৰ লগাই দিলে৷ প্ৰদৰ্শনীৰ অন্তত চোঁচৰি নামি আকৌ ট্ৰেকত
খোজ দিয়াত লাগি গ’লোঁ৷ সংগীসকলক এই বিশেষ ঠাইডোখৰ
আৰু অৱস্থানটো দেখুৱাবলৈ পাই খুব স্ফূৰ্তি লাগিল৷
আহি আহি আমি ১ নং কেম্প চাইট পাওঁ পাওঁ হ'লোঁ৷ পাহাৰী জুৰিৰ
খল্খল্ শব্দ কেম্পটোৰ ওপৰফালে গৰাত থাকোঁতেই কাণত বাজিব ধৰিছে৷ অৰূপদাৰ হাতঘড়ীত সময়টো
নিৰীক্ষণ কৰিলোঁ৷ ১০.৩০৷ তাৰ মানে আঢ়ৈ ঘণ্টা আহিলোঁ৷ কেইমিনিটমানৰ আগেয়ে আহি পোৱা প্ৰদীপদাহঁতে চাঙত বহি জিৰণি লৈ আছে৷ ৰৈ দিলেই ঠাণ্ডা লাগে৷ প'ৰ্টাৰ দুজনে
জুই ধৰিলে৷ প্ৰত্যেককে সিদ্ধ আলু খাবলৈ দিয়া হ'ল৷ অৰণ্যত এয়াই অমৃত৷ বেমাৰীৰ অখাদ্য,
আমাৰ বাবে কিন্তু স্বাস্থ্যসন্মত খাদ্য৷ আলু খাই উঠি কালিৰ চিনাকি জুৰিটোলৈ গৈ হাত-মুখ
ধুলোঁ আৰু পানী কেইচলুমান খালোঁ৷ চাহ কৰাৰ কথা ভবা হৈছিল যদিও ইয়াত সময় ক্ষয় নকৰি গৈ
থকাৰ সপক্ষেহে সকলোৱে মত দান কৰিলে৷ যাত্ৰাৰম্ভত পুনৰায় মই আটাইৰে শেষত হ’লোঁ৷ Leading from behind! ঝুক' ভেলীৰ দৰেই৷
বাঁহনি-হাবিয়নিৰ মাজেৰে বিপদজনক অৱস্থান অতিক্ৰমি সাহসেৰে নৈ পাৰ হৈ, বোকাপানী
খচকি দলটো আগুৱাই গৈ থাকিল৷ মোৰ সন্মুখত এতিয়া জয়ন্তদা৷ ভাগৰত লেবেজান
হৈ পৰিছে৷ কেইখোজমান গৈয়ে ৰৈ দিয়ে৷ বাৰে বাৰে এইটো ঘটিব লাগিছে৷ গতিত বাধা আহি পৰিলে ট্ৰেকত মজা নালাগে৷ একেৰাহে গৈ থাকিবলৈ পাব লাগে৷ দেহা ঠাণ্ডা হৈ পৰে নহ'লে৷ কি কৰা যায়? অ'ভাৰটেক কৰাৰো সকাম নাই৷ বুদ্ধি এটা পাঙিলোঁ৷ তেওঁ ৰ'লেই মই পিছফালে
গাত গা লগাই দিওঁ৷ মুখেৰে নক'লেও বুজাই দিওঁ যে খোজ আগুৱাব লাগে৷ এনে কৰাৰ ফলত সৰহ সময় ৰোৱাটো বন্ধ হৈ পৰিল যেনিবা৷
খৰস্ৰোতা ঝৰ্ণাৰ একাষেৰে পাৰি থোৱা গছডাল পালোঁহি৷ প্ৰথমে গছৰ ডালৰ দলং আৰু তাৰ পাছত পাথৰ বগাই নামি অহাৰ পাছত এইডোখৰ৷ ডালটোৰ ওপৰেদি চাৰ্কাচৰ দৰে সন্তুলন ৰাখি আমাৰ দৰে ঘপাঘপ পাৰ হ'ব নোৱাৰা হেতুকে অনেক আহুকালৰ সন্মুখীন হ'বলগীয়া হ'ল জয়ন্তদা৷ তলৰ শূন্য অংশ দেখিয়ে চাগৈ, ভৰি দুখন তেওঁৰ কঁপিব ধৰিছে৷ ফলত তলফালেৰে বিকল্প বাট বিচাৰিবলগীয়া হ'ল৷ ভাগ্যে প'ৰ্টাৰহঁতে পিঠিৰ খাং নমাই থৈ এইখিনিত হাত ধৰি দিলে৷ তেনেকৈয়ে শামুকীয়া গতিৰে আহি আহি পকী নৰ্দমাৰ কাষেৰে কালি সোমোৱা লুংলুঙীয়া বাটটোৰ মুখ ওলালোঁহি৷ ঘড়ীয়ে ক'লে, সময় দুপৰীয়া প্ৰায় ১২.৩০৷ এইখিনিতে সকলোটি অলপ পৰ ৰ'ল৷ দুৱাৰমুখ বুলিব পৰা, উঠি যোৱা অংশটোলৈ শেষবাৰৰ বাবে এবাৰ চালোঁ৷ আশা ৰাখিলোঁ, এই বাটে আকৌ কেতিয়াবা সোমাব লাগিব৷
ইয়াৰ পাছৰখিনি হাবিতলীয়া যদিও কিছু সমতল৷ গতিকে সহজ ট্ৰেক৷ বিপৰীতে গেবু, দালা আৰু চেক্কে এই মুহূৰ্তত ক'ত আছে নাজানো৷ জনাৰ উপায়ো নাই৷ শাৰী পাতি অকাই-পকাই গৈ থাকি এইবাৰ পালোঁহি নামনিলৈ পানী পৰিৱহণ কৰা পাইপডাল৷ মধ্যাকৰ্ষণ শক্তিৰ জৰিয়তে উচ্চ পাহাৰৰ পৰা ব্যৱহাৰোপযোগী পানী এইডালেৰেই মেন্-চু-খালৈ কঢ়িয়াই নিয়া হৈছে৷ গেবুৰ ঘৰলৈকো এইদৰেই, ইয়াৰ পৰাই পানী গৈছে৷ পাহাৰীয়া নৈ-নিজৰা, জান-জুৰিৰ পৰা নামনিত বাস কৰা মানুহৰ ব্যৱহাৰৰ বাবে পানী এনেকৈয়ে কঢ়িওৱা হয়৷ এই পদ্ধতিৰেই তাহানিতে আমাৰ শিক্ষানুষ্ঠান নেৰিষ্টলৈ নদী গৰ্ভৰ উচ্চাংশত পাতি লোৱা ৰিজাৰ্ভাৰৰ পৰা পানী যোগান ধৰা হৈছিল৷ কৌতূহলী বন্ধুবৰ্গৰ সৈতে এদিন আমি ট্ৰেকিং কৰি গৈ সেই উৎসৰ সন্ধান উলিয়াইছিলোঁ৷ ইয়াতো দেখিছোঁ, তদনুৰূপ ব্যৱস্থা৷ হায়ুলিয়াঙৰ সমীপৱৰ্তী খুপাত থাকোঁতে তাতো এনেকুৱাই দেখিছিলোঁ৷ ইলেক্ট্ৰিচিটি, পাম্প চেটৰ প্ৰয়োজন নাই৷ আমাৰ ডিফু চহৰলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানীও পাইপযোগে একে পদ্ধতিৰেই আহে শিলনী পিকনিক স্পটৰ পৰা ১০ কিল'মিটাৰ ওপৰত অৱস্থিত তেৰাং গাঁৱত থকা নৈখনৰ উৎসৰ পৰা৷

চিল্ভাৰৰঙী পাইপডালৰ কাষে কাষে আহি থাকি আমি অন্তিম
মূৰত উপস্থিত হ'লোঁ, য'ৰ পৰা মেন্-চু-খাখন স্পষ্টকৈ তললৈ দেখি থাকি৷ বৰ উপভোগ্য দৃশ্য৷
চায়েই থাকিম যেন অতিকৈ সুন্দৰ আৰু চকুত লগা প্ৰাকৃতিক বেশভূষা৷ Ladakh with
greenary, Switzerland of the east, Paradise of north-east আদি অভিধাপ্ৰাপ্ত মেন্-চু-খা
অঞ্চলটো দেখাত লাডাখৰ দৰে বুলি দুয়ো ঠাই দেখা লোকে কয়৷ জুলাই মাহত আমি গৈ অহা নাগালেণ্ড-মণিপুৰ
সীমান্তৰ অপূৰ্ব নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য আৰু সুন্দৰতাৰে মেটমৰা উপত্যকা ঝুক' ভেলীৰেও
ইয়াৰ মিল পাইছোঁ৷ আনহাতে চুইজাৰলেণ্ড, লাডাখ মই এতিয়াও দেখাগৈ নাই৷ ছবিতহে দেখিছোঁ৷
হয়, পৰ্বতৰ সাদৃশ্য আছে৷ উপত্যকাৰ সাদৃশ্যও নথকা নহয়৷ আমাৰ সাধাৰণ দৃষ্টিৰেই এইটো ধৰা পেলাইছোঁ৷ দুৰ্গম আৰু ঘন জংঘলেৰে ভৰপূৰ
এই অঞ্চলবোৰৰ অনেক অংশই শোভাৰ ফালৰ পৰা নিঃসন্দেহে অতি উচ্চমানৰ৷ তৎসত্ত্বেও উপযুক্ত
প্ৰচাৰ আৰু পৰিকল্পনাৰ অভাৱত অনেক সম্ভাৱনাই আজিও অনাৱিষ্কৃত হৈ ৰৈছে৷ অৰুণাচল প্ৰদেশৰ
ভূখণ্ডত পৰ্যটনস্থলীযে সীমিত নহয়, অফুৰন্ত পৰ্যটন সমলেৰেযে প্ৰদেশখন পৰিপূৰ্ণ, এই বাটে
এবাৰ আহিলেই সেই নিশ্চিতি স্বয়ংক্রিয়ভাৱেই পোৱা যায়৷ বাৰে বাৰে গৈ থাকিও নতুন যাত্ৰাপথৰ
বাবে সেয়ে আমাৰ দৰে সাধাৰণ পথিকে পুনৰবাৰ বাছি লওঁ অৰুণাচল ৰাজ্য৷
No comments:
Post a Comment