দিন আঠ ৷৷ খণ্ড ২
প্ৰদীপদাৰ আগ্ৰহ আৰু নিৰ্দেশক্রমে এঠাইত কমলা টেঙা বিক্রী কৰি থকা জনজাতীয় মহিলা এগৰাকীৰ কাষলৈ সাহাই গাড়ীখন চপাই দিবলগীয়া হ'ল৷ গাড়ীৰ পৰা নামোঁতেই স্বগতোক্তি, 'আৰে, খাই নাচালে কেনেকৈ গম পাম কোন ঠাইৰ কমলাৰ সোৱাদ কেনে?' ঠিকেইতো৷ কমলা এঠোঙা কিনি পুনৰ যাত্ৰা চলিল৷ কেঁকুৰিটোত নমাৰ সুযোগতে ফটো কেইখনমান তুলিলোঁ৷ চৌপাশ আৰু বস্তা এটাত বহি থকা পোহাৰীগৰাকীৰ৷ ৰে'ডী বুলি কওঁতেই মোৰফালে চাই মিঠা হাঁহি এটা মাৰিলে তেওঁ৷ হাঁহিটোৱে জনাই দিলে কিমান সুখী এই সৰলমতীয়া মানুহবোৰ৷ 'সময় কিমান হ'ল বাৰু?' অৰূপদাৰ পৰা জানিব বিচৰাত হাতলৈ চাই ক'লে, '৭ বাজি ২৫ মিনিট গৈছে৷'
সন্মুখৰ ৰাস্তাত পানীৰ ডোঙা৷ যি বুজিছোঁ, এই ৰাস্তা আল'-চিলাপথাৰ ৰ'ডতকৈ কোনোগুণে কম সাংঘাতিক নহ'ব৷ এইফালেদিয়েই আল'লৈ পাচিঘাট হৈ দিবা-নৈশ বাছ চলাচল কৰে! ৰঙা খ্ৰিষ্টমাছ ট্ৰী, গছে গছে ওলমি থকা হালধীয়া সুমথিৰা আৰু বগা কাঞ্চন ফুলে এইবাৰ আমাৰ লগ নেৰা হ'ল৷ তাৰ পাছতে দেখা দিলে কলগছ আৰু তালগছৰ লানি৷ ৰঙানদীৰ পাৰেৰে জিৰোলৈ যাওঁতে য়াশ্বুলিৰ ওচৰে-পাজৰে মনত ৰৈ যোৱাকৈ পাইছিলোঁ কাঞ্চনৰ আধিক্য৷ পাত দেখা নোপোৱাকৈ ফুলিছিল বগা ফুলবোৰ৷ জিৰো পাৰ হৈ ডাপ'ৰিজ'লৈ আগুৱাওঁতে পাইছিলোঁ খ্ৰিষ্টমাছ ট্ৰী, Poinsettia৷ সেইডোখৰত আকৌ পাত নেদেখাকৈ ৰঙা ফুল৷ বিপুল প্ৰাকৃতিক বৈভৱৰ ভাণ্ডাৰ এই অৰুণাচল প্ৰদেশ৷ কিমান মহামূল্যৱান আৰু দুৰ্লভ সম্পদযে আজিৰ তাৰিখতো কোনেও নজনাকৈ লুকাই আছে ইয়াৰ বুকুত! সৌন্দৰ্য উপভোগ কৰি একঘেয়ামি জীৱনৰ পৰা ক্ষণিক নিলগত থকাৰ সুবিধাও ইয়াত প্ৰচুৰ৷ ৰাস্তা ঠেক আৰু পকোৱা হ'ব পাৰে, মনবোৰ সৰল আৰু বহল৷ শেহতীয়া উদাহৰণ গেবু চোনাহঁত৷
আগত ৰাস্তাটো দুভাগ হ'ল৷ আমি সোঁৱে ঘূৰি দিলোঁ৷ পোনে পোনে ইংকিয়ঙলৈ যায়৷ আল'ৰ পৰা এইটো বাটেৰে ইংকিয়ঙৰ দূৰত্ব ১১৮ কিল'মিটাৰ৷ চিয়মখন পাৰ হৈ তালৈ যাওঁতে সময় ৫ ঘণ্টামানেই লাগি যায় বুলি শুনিছোঁ৷ যোৱা হোৱা নাই৷ যোৱাৰ কল্পনা আছে, পৰিকল্পনা নাই হোৱা৷ সদ্যহতে আমাৰ আগত বেগিং৷ পাচিঘাটৰ পৰাও পোনে পােনে ইংকিয়ঙলৈ যাব পাৰি৷ কম্চিং হৈ ১৮০ কিল'মিটাৰ দূৰ৷ কোনোবাই কোৱা শুনিছোঁ, বতাহত এয়া মাথোন ৩০ কিল'মিটাৰমানহে হেনো! সঁচা-মিছা নাজানো৷ মেপ অধ্যয়ন কৰি দেখিছোঁ, আল' আৰু পাচিঘাটৰ পৰা যোৱা দুয়োটা ৰাস্তা ব'লেঙত একত্ৰিত হৈছে৷ ইংকিয়ঙৰ পৰা জেংগিঙলৈ গান্ধীঘাটেৰে চিয়াং নৈ পাৰ হৈ বাওঁ পাৰে পাৰে টুটিঙলৈ যায়৷ দূৰত্ব ১৫৫ কিল'মিটাৰ৷ আল' বা পাচিঘাটৰ পৰা তালৈ পোনে পোনে যাওঁ বুলি ভাবিলে ইংকিয়ঙলৈ নগ'লেও হয়৷ সিদিনা মেন্-চু-খাৰ জি.টি.এল.ত লগ পোৱা ইংকিয়ঙৰ দলটোলৈ মনত পৰিল৷ মুকলি চোতালখনত জুইৰ কাষত বহি খুব গান গাইছিল তেওঁলোকে৷ স্ফূৰ্তিবাজ মানুহ৷ যান্ত্ৰিকতাৰ পৰা আঁতৰি নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিবলৈ সদা-প্ৰস্তুত৷ উপাদানৰো অভাৱ নাই অৰুণাচলত৷ সিয়েই বাৰে বাৰে মোৰ মনটোকো টানি লৈ যায়৷
টুটিঙৰ পৰা ৩০ কিল'মিটাৰ আগত গেলিং, যিফালেৰে চাংপোৱে চিয়াং নাম লৈ ভাৰতত প্ৰৱেশ কৰিছে৷ বনাৰ পৰা তালৈ প্ৰায় ১১ কিল'মিটাৰ বাকী থাকে৷ চিয়াঙৰ সেই অপূৰ্ব ৰূপ স্বচক্ষে দৰ্শন কৰাৰ প্ৰচণ্ড হাবিয়াহ এটা মোৰ মন-মগজুত আগৰে পৰাই সংগোপনে জাগ্ৰত হৈ আছে৷ একেবাৰে Burning desire৷ য'তে যেনেকৈ যিমান পাৰোঁ তথ্য সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া উত্তৰ-পূবৰ অন্তিম পূবত অৱস্থিত চীন-ভাৰত সীমান্তৰ শেষ গাঁও কাহোৰ পৰা উভতি অহাৰ পাছৰে পৰাই জাৰি ৰাখিছোঁ৷ কালি মেন্-চু-খাত কফী টেবুল বুকখনত দেখা পায়ে গো-গ্ৰাসে বুটলি লৈছোঁ টুটিঙৰ তথ্য৷ মেন্-চু-খাৰ ক্ষুধা নিবাৰণৰ পাছত এদিন কোনোবা মুহূৰ্তত ঘপহ্কৈ ওলামগৈ টুটিং, গেলিং ভিলেজ৷ টুটিং মনাচটাৰী চাম, 'জাম্পা'ৰে পাৰ হ'ম চিয়াং, ট্ৰেকিং কৰিম বিশ্বিং জলপ্ৰপাত আৰু কাপাংলা গিৰিপথলৈ৷ লগত কোন কোন থাকিব নাজানো৷ শেষ কথা এইটোৱেই যে চিয়াং অৰ্থাৎ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰখনৰ ভাৰত সীমান্তৰ সেই আগলি অংশটো নোচোৱাকৈ মৰিব নোখোজোঁ৷
আমাৰ সোঁহাতে দণ্ডায়মান অৱস্থাত Welcome to Pangin Town বুলি লেখা চাইনব'ৰ্ড এখন ওলাল৷ আল'ৰ পৰা পাংগিনলৈ ৩০ কিল'মিটাৰ৷ সমুদ্ৰ পিঠিৰ পৰা ঠাইটুকুৰাৰ উচ্চতা ৩৯৭ মিটাৰ৷ নীলা পানীৰে পশ্চিমফালৰ পৰা বৈ অহা ডাঙৰ উপনৈ চিয়মখন এই ঠাইতে সেউজীয়া পানীৰ ডাঙৰ নৈ চিয়াঙত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ অগ্ৰভাগৰ এইখিনিৰ মোহনীয় ৰূপ আৰু দুই নৈৰ বোঁৱতী পানীৰ পৃথক বৰণে পৰ্যটকক সততে বিস্মিত, শিহৰিত কৰে বুলি ট্ৰেভেলগত পঢ়িছোঁ৷ নদীৰ এনে বৰণক লৈ হেনো স্থানীয় লোক-সমাজত কল্প-কাহিনীও আছে৷ সেই কাহিনীবোৰ কেনে? আজিও নাজানো৷ চিয়মৰ ওপৰত সজা পাংগিন ব্ৰীজৰ ওপৰেদিয়েই পাচিঘাট-ইংকিয়ং ৰাস্তাটো গৈছে৷ আজি আমাৰ লক্ষ্য অৱশ্যে ইংকিয়ং নহয়, পাচিঘাটহে৷
চীন-ভাৰত সীমান্তৰ ল'লা গিৰিপথৰ পৰা ওলাই মেন্-চু-খা উপত্যকা পাৰ হোৱাৰ পাছত আমি আগলি দেখি অহা চিয়ম নৈখন এটা অত্যন্ত দুৰ্গম অঞ্চলৰ মাজেদি পাৰ হৈ থুম্বিন্ নামৰ ঠাইত ওলাইছিল৷ নদীৰ সিপাৰে দুপু, বিলে, পাউম আদি৷ তাৰ পাছত কিছু শান্ত গতিৰে বৈ আহিছে৷ ভালেখিনি অংশ এই যাত্ৰাত আমি একাদিক্ৰমে প্ৰত্যক্ষ কৰিবলৈ পালোঁ৷ এনেকৈয়ে প্ৰায় ২৫০ কিল'মিটাৰ মেম্বা, ৰামো, পাইলেবু, ব'কাৰ, ব'ৰি আৰু গাল' জনজাতীয় অঞ্চলৰ মাজেদি বাগৰি পাংগিনতে চিয়াঙত মিলিত হৈছে৷ পূৰ্বাংশত মেম্বা জনবসতি অঞ্চল পৰ্যন্ত নৈখনৰ নাম য়াৰগ্যাপ্ চু৷ তাৰ পাছত য়মগ৷ পাছত চিয়ম৷ একেটা জলধাৰাৰ তিনি ঠাইত তিনিটা নাম! পাংগিনৰ আগলৈ গাল'সকলৰ বাসভূমি৷ চিয়মখনেই গাল' জনজাতিৰ উত্তৰ সীমা৷ দক্ষিণে তেওঁলোকে অসম-অৰুণাচল সীমান্তৰ লিকাবালি পৰ্যন্ত প্ৰায় ১৫০ কিল'মিটাৰ জুৰি আছে৷ পশ্চিমে তাগিনসকলৰ বাসভূমিলৈকে প্ৰায় ১৫০ কিল'মিটাৰ অঞ্চলত গাল' জনজাতিৰ লোকে বসতি কৰে৷ পাংগিনৰ পৰা পাচিঘাট পৰ্যন্ত বসবাস কৰা লোকসকল মিন্যং জনজাতিৰ৷ পাচিঘাটলৈ ইয়াৰ পৰা ৭৬ কিল'মিটাৰ৷
চিয়মৰ পাৰে পাৰে আহি থাকোঁতে আমাৰ চালক বাসুদেব সাহাই পিকনিক স্পট কিছুমান আঙুলিয়াই দেখুৱাই গৈছিল, ড্ৰাইভিং চিটৰ পৰাই৷ এনেকুৱা নৈসৰ্গিক শোভাৰ মাজত যিকোনোজনেই অনায়াসে নিজকে বিলীন কৰি দিব পাৰে৷ অনন্যসুন্দৰ এই সৌন্দৰ্যথলীবোৰৰ সংৰক্ষণ তথা সুৰক্ষাৰ্থে প্ৰতিখন বনভোজস্থলীতে কিছুমান নীতি-নিৰ্দেশনা, বিশৃংখল মানুহক নাকী লগাবলৈ কেতবোৰ নিয়ম-নিষেধাজ্ঞা থকাটো আজি সময়ৰ আহ্বান হৈ পৰিছে যাতে পেলনীয়া সামগ্ৰী যেনি-তেনি দলিয়াই বা য'তে-ত'তে এৰি থৈ কোনেও প্ৰাকৃতিক পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱস্থা বিনষ্ট কৰিব নোৱাৰে৷ এই ক্ষেত্ৰত আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে গ্ৰহণ কৰা পদক্ষেপ নিশ্চয় শলাগিবলগীয়া আৰু অনুকৰণ কৰিবলগীয়া৷ সকলোৱেই জনা উচিত যে বনভোজস্থলী মানেই একো একোটা পৰ্যটনস্থলী৷

No comments:
Post a Comment