Tuesday, 5 December 2017

দিন পাঁচ ৷৷ খণ্ড ৬

১১ বাজি ৩০ মিনিট গৈছে৷ নিমা আহি পালে৷ চাং এখনত গাত গা লগাই বহি দলৰ বাকী সদস্যসকলৰ বাবে অপেক্ষাৰে আমি চাৰিও আড্ডা পিটিব ধৰিছোঁ৷ চক্‌লেটৰ টুকুৰা ভাগ-বতৰা কৰিছোঁ৷ কথা প্ৰসংগত নিমাই জানিবলৈ দিলে যে ট্ৰেকাৰ্ছৰ খোজ লেহেমীয়া হৈছে৷ আহি পাওঁতে কিছু সময় লাগিব৷ আৰ্মী জোৱানৰ ট্ৰেকিং-কেম্পিং ট্ৰেইনিঙৰ বাবে এই অৱস্থানটো ব্যৱহাৰ কৰা হয় বুলি চেক্‌কেই জনালে৷ এইখিনিক ১ নং কেম্প বোলা হয়৷ ৰেহৰূপলৈ চাই বহুদিন ধৰি জেগাখিনি অব্যৱহৃত যেনহে লাগিল৷ পৰিত্যক্তও হ'ব পাৰে৷ হঠাতে মনত খেলালে, এই আপাহতে পকেট নোটবুকখনত মালবাহক আটাইকেইটাৰে নামবোৰ শুদ্ধকৈ আৰু সম্পূৰ্ণকৈ লিপিবদ্ধ কৰোৱাই লোৱা যাওক৷ অন্যথা আচহুৱা শব্দবোৰ পিছত ভ্ৰমণ কাহিনী লিখিবৰ সময়ত মনত পেলোৱাটো সহজসাধ্য নহ'বও পাৰে৷ উদ্দেশ্যটো কৈ দালাৰ ফালে বহী-কলম আগ বঢ়াই দিয়াত সি খচাখচ লিখি যাব ধৰিলে৷ আখৰকেইটা চালোঁ৷ ভাল, পৰিষ্কাৰ৷ কেপিটেল লেটাৰত লিখিছে সি৷

আমি আহি পোৱাৰ ১৫ মিনিটমানৰ পাছতহে গেবু আৰু দাৱাৰ সৈতে অন্য সংগীসকল ওলালহি৷ গেবুহঁত হাঁহিমুখীয়া, শক্তিশালী মনৰ মানুহ৷ ইমান ওজন পিঠিত কঢ়িয়াই অনাৰ পাছতো অকণোৱেই কেৰ্‌জেৰ্‌, উঃ-আঃ নাই৷ আপত্তিজনক মন্তব্যও প'ৰ্টাৰহঁতৰ এজনৰো মুখতে নুশুনিলোঁ৷ বৰঞ্চ আমাৰ সদস্যসকলৰ গতি ধীৰ হোৱাতহে চিন্তিত হ'ল৷ বোজাবোৰ শাৰী পাতি নমাই থৈ সিহঁতে অকণ অকণ জিৰালে৷ জিৰণিৰ লগতে মিলাই চাহ-বিৰতি ঘোষণা কৰা হল৷ সোঁকাষেদি জুৰি এটা বৈ গৈছে৷ এইখিনিৰ পৰা নেদেখি৷ পানীয়ে শিলত খুন্দিওৱাৰ ফলত উঠা শব্দটোহে কেৱল শুনা পাই আছোঁ৷ দাৱা চোনা আৰু দালা নাক্‌চাঙে তৎপৰতাৰে পানী আনিলেগৈ৷ কুং চেক্‌কেই ফটাফট শুকান খৰি যোগাৰ কৰিলে৷ নিমা শ্বুক্‌লাই ততালিকে জুই একুৰা ধৰি চাহৰ কেট্‌লি বহুৱাই দিলে৷ গেবু চোনাই বাস্কেট খুঁচৰি খোৱাবস্তু উলিওৱাত লাগি গ'ল৷

ইমানবোৰ বয়-বস্তু কঢ়িওৱাৰ মাজতো গেবুৱে তাৰ ছনী ব্লুটুথ্‌ স্পীকাৰটো ঘৰৰ পৰা লৈ আহিবলৈ পাহৰা নাই৷ ম'বাইল ফোনেৰে সংযোগ ঘটাই তাতে এতিয়া ফুল ভলিউমত গান বজাই দিছে৷ পৰিৱেশটোৱে প্ৰাণ পাই উঠিছে৷ জংঘল বিদীৰ্ণ কৰি সংগীত-চাঞ্চল্য এটা বৈ গৈছে চৌদিশে৷ উপভোগ্য হৈ পৰিছে সময়খিনি৷ ঘৰ-বাৰী, কাম-কাজ সকলো পাহৰি গৈছোঁ আমি৷ ভাবিছোঁ, ক'ৰ পৰা আহি ক'তযে পালোঁহি! মেন্‌-চু-খাৰ অভ্যন্তৰত কি আছে, কি নাই চোৱাৰ সুযোগ দিছে এই পদযাত্ৰাই৷ পকা ৰাস্তাৰে ঘূৰি-ফুৰি দেখা মেন্‌-চু-খাখনেই পৰ্যটকৰ বাবে শেষকথা নহয়৷ অনেক আছে ইয়াত৷ সিফালে ৰাজীৱে বা অকলে অকলে কি কৰি আছে? মেম্বা গাঁও পালেগৈনে নাই বা? জনাৰ উপায় নাই৷ সুধিবলৈ ম'বাইল নে'টৱৰ্ক থাকিলেহে! 'এইবাটে নাহিল, ভালেই হল৷ কষ্ট খালেহেঁতেন৷' সকলোৱে এইদৰে কব ধৰিলে৷ এই বাটযে কঠিন সেয়া কথা-বতৰাত প্ৰকাশ্যে সাব্যস্ত হৈছে৷ আগলৈযে কঠিনতৰ হ'ব সেয়া মই অনুমান কৰিছোঁ৷ কঠিন হ'লেও ভাল লাগিছে আহি৷

চৌপাশে অপৰিচিত গছ-গছনি৷ নাতিদূৰত বৰ্ষাৰণ্যৰ দৰে শেলাই ওলমি থকা গছবোৰ৷ প্ৰকাণ্ড গোলাইৰে সৰল গছ কিছুমানো আছে৷ এইকেইজোপা বুঢ়া আৰু খুব ওখ৷ গছবিলাকৰ ফাঁকেৰে সূৰ্যৰ কিৰণ এচমকা পৰিছেহি৷ ওপৰৰ পৰা কোনোবাই টৰ্চ লাইটহে যেন মাৰি পঠিয়াইছে, এনে লাগিছে৷ ৰদজাক গাত পৰাত বেচ আমেজ অকণ পাইছোঁ৷ পিন্ধি থকা ট্ৰেকচুটযোৰলৈ চোৱা নাই, বাগৰি দিছোঁ বাঁহৰ চাঙত৷ কেৰেক্‌-মেৰেক্‌ শব্দ উঠিছে৷ পাহাৰ বগাই ঘামি-জামি অহা প্ৰদীপদা, অৰূপদাহঁতে গাৰ তিতা কাপোৰ সলাই ৰদ পৰা জেগাত মেলি দিছে৷ এইটো ভাল লাগিছে যে কষ্টক হাঁহিৰে জিনিবলৈ নিজ নিজ ভাগে প্ৰত্যেকেই অবিৰাম চেষ্টা চলাইছে৷ তামাচা আৰম্ভ হৈছে বাটছোৱাত ঘটি অহা বিভিন্ন কথা-কাণ্ডক প্ৰমুখ্য কৰি৷ অকস্মাতে দেখিলোঁ, কাষতে গছ এজোপাৰ খোৰোঙত মন্দিৰৰ দৰে সাজোন-কাচোন! জংঘলৰ মাজত গোপন দেৱস্থান! আমাৰ বাবে নতুন বিস্ময় এটা৷ সেনাৰ জোৱানৰে সৃষ্টি হ'ব চাগৈ৷ ওচৰলৈ গৈ কেইবাজনেও সভক্তিৰে প্ৰণাম জনালে৷ অৰণ্য দেৱতাক মিনতি কৰিলে চাগৈ, লক্ষ্যস্থান সুস্থ-শৰীৰে পোৱাই দিবলৈ৷ পিছে সেই কাল্পনিক গন্তব্যস্থল কেনি আছে? কোনেও নাজানে৷ কুং চেক্‌কেইহে জানে কিজানি৷ বাকী প্ৰতিজনৰে বাবেই এই যাত্ৰাৰ অন্য নাম হৈ পৰিছে নিৰুদ্দেশ যাত্ৰা৷

আটাইখিনি মানুহ এনেকৈ থূপ খাই থাকোঁতেই দালা আৰু গেবুৰ মূৰত খেলালে অন্য এক চিন্তা৷ সিহঁতৰ ধৰণে আমাৰ প্ৰত্যেকৰে একোটাকৈ উপনাম দিয়াৰ কথা ভাবিলে দুইটাই৷ নহলে পিতৃপ্ৰদত্ত নামে-মানুহে প্ৰতিজনকে চিনি পোৱাটো আৰু নাম কাঢ়ি মতাটো সিহঁতৰ পক্ষে কঠিন হৈ পৰিছে৷ ইফালে নাম নাজানিলে জংঘলৰ মাজত প্ৰয়োজনৰ সময়ত চিঞৰিব কি বুলি?

নিজৰ মাজতে গুণা-গঁথা কৰি সিহঁতে প্ৰথমে প্ৰদীপদালৈ চালে৷ তেওঁৰ নাম দিলে ধৰমপাল৷ গেবুৱে নামটো ঘোষণা কৰা মাত্ৰকে দালা আৰু গেবুক বাদ দি বাকীবোৰ হাঁহিত ফাটি পৰিল৷ সমজুৱাৰ টিটকাৰিত সিহঁত দুটাৰ মুখমণ্ডলতো হাঁহিৰ ৰেশ বিৰিঙি নুঠাকৈ নাথাকিল অৱশ্যে৷ নভবা-নিচিন্তা নাম এটা৷ ঐ ধৰমপাল…৷’ অৰূপদাই চিঞৰ-বাখৰ আৰম্ভ কৰিয়ে দিলে৷ ঠাট্টা-মস্কৰা চলিল কিছু পৰ৷ তাৰ পাছতে দীপকদাৰ পাল৷ তেওঁ হলগৈ আচ্ছি গবুম৷ জয়ন্তদা ন্যাছিটিৰ৷ এই নাম দুটা আমাৰ বাবে টান হল জোঁটাবলৈ৷ অৰূপদাক দিলে লিৰা৷ নামটো ঘোষিত হোৱাৰ লগে লগেই প্ৰদীপদাই পোতক তুলিবলৈ তেওঁক উভতি ধৰি ডায়লগ কেইটামান শুনালে৷ হাঁহিৰ খলকনিত ৰজনজনাই গল মেন্‌-চু-খাৰ হাবি৷ গেবুৱে এইবাৰ শিৱদেব সিং কাটাউচলৈ আঙুলিয়ালে৷ কলে, আপকা নাম হগা চটু৷ আকৌ এজাউৰি খোলা হাঁহিয়ে অৰণ্য কঁপাই গল৷ বিশাল অবয়ৱৰ মানুহটোৰ নাম সেইটোহে হলগৈ! হ'ব লাগিছিল ম'টু, হ'লগৈ চ'টু! কাৰ হাঁহি নুঠিব?

নামকৰণ প্ৰক্ৰিয়াত বাকী ৰ'ল অন্তিম এজন৷ মোক সিহঁতে প্ৰথমে মুন্সী ভাই বুলিলে৷ কি ভাবিনো এই নামটো বিচাৰি পালে নাজানো৷ য'তে-ত'তে বহি হিচাপ-কিতাপবোৰ লিখি ৰখা দেখিয়ে দিলে যেন লাগিছে৷ কিন্তু অকণমান পাছতে, আকৌ কি ভাবিজানো, দুয়ো ফুচ্‌ফুচাই কিবা আলোচনা কৰিলে৷ তাৰ পাছত আগৰ নামটো সলাই কৰিলে ইচাক্‌পু৷ চমুকৈচাক্‌পু৷ সিহঁত দুটালৈ চাই লগে লগে প্ৰশ্ন কৰিলোঁ, ইচাক্‌পু কা মিনিং ক্যা হ্যায় ৰে'? কলে, মেম্বা দোৱানত অই মানে পুত্ৰ, চাক্‌পু মানে কেঁচুৱা৷ তাৰ মানে সিহঁতৰ মানত কেঁচুৱা লৰাহে হ'লোঁ মই! পেটে পেটে এইবুলি ভাবিলোঁ যদিও হ'ব দে বুলি বিনাবাক্যই মানি ল'বলৈ বাধ্য হ'লোঁ৷ দালা-গেবুৰ এনে ৰসবোধ আৰু এনে নামাংকনে ট্ৰেকটোত পিছলৈকো আমাৰ মাজত অন্তহীন হাঁহিৰ খোৰাক যোগাই গ'ল৷ বাকী চাৰিটা নাম মনত নৰলেও প্ৰদীপদাক ধৰমপাল আৰু শিৱদেবক চটু বোলাটো সহজ হলত এই দুটা নামক লৈ হৈ-চৈবোৰ বেছি হব ধৰিলে৷ জমি থাকিল সময়খিনি৷ ভাগৰ কেনিবাদি পলাই পত্ৰং দিলে৷


No comments:

Post a Comment