দিন পাঁচ ৷৷ খণ্ড ১০
পৰ্বতৰ বক্ষত এডোখৰ মুকলি ঠাই এয়া৷ বাঁহৰ বিছনাত বাগৰি ভাগৰ মাৰি ল'লোঁ৷ খাং পৰি আছে, দুই পথ-প্ৰদৰ্শকৰ এটাৰো এতিয়ালৈকে দেখাদেখি নাই৷ অকলে অকলে কি কৰোঁ? সময় কিমান হ'ল? ম’বাইল ফোনটো বেগৰ পৰা উলিয়াই হাতৰ মুঠিত ল’লোঁ৷ প্ৰথমে সময় চালোঁ৷ ঘড়ীৰ কাঁটা ৪ বজাৰ ফালে গৈ আছে৷ এইবাৰ শুই শুই ঘৰলৈ নম্বৰ টিপিব ধৰিলোঁ৷ ভাবিছোঁ, ক’তনো চাগৈ সংযোগ পাম! পিছে কি আচৰিত, একেবাৰতে ৰিং হ’ল! বিস্ময়াভিভূত নহৈ নোৱাৰিলোঁ৷ পৰিবাৰক সংক্ষেপে ইমানকে কোৱা হ'ল যে আজি পুৱাৰে পৰা খোজ কাঢ়ি কাঢ়ি এতিয়া কোনোবা টিঙত উপস্থিত হৈছোঁহি যদিও থকা ঠাই চূড়ান্ত হোৱাই নাই৷ বেছি কথা নাপাতি পুনৰ চুইচ্ অফ্ কৰি ফোন সামৰি ৰাক্চেকত থৈ দিলোঁ৷ প্ৰকৃতিৰ কোলাত জীৱনৰ এনেকুৱা দুৰ্মূল্য সময়ত কাৰো ফোন অহাটো বিচৰা নাই৷ এই নিৰৱতা, এই সুন্দৰতাহে একান্ত কাম্য৷
বনাঞ্চলৰ মাজেদি মেন্-চু-খাৰ হাফলু সদৃশ টকলা পাহাৰবোৰ ৰিণিকি ৰিণিকি দেখা পাই আছোঁ৷ সেইবোৰতকৈ আমাৰ অৱস্থান ভালেমান ফুট ওপৰত৷ জি.টি.এল.ৰ পৰা দৃশ্যমান পৰ্বতৰ ওপৰত ঠিক মুখামুখিকৈ বুলিব নোৱাৰি, কিছু কৌণিকভাৱে আছোঁ বুলি ধাৰণা হৈছে৷ আন্ধাৰ হৈ আহিছে৷ পাহাৰত সোনকালে পোহৰ নাইকিয়া হয়৷ তাৰ আগতেই কাষতে থকা সুবিধাজনক চাই গছ এজোপাত উঠি ল'লোঁ৷ ডিঙিত কেমেৰা৷ উদ্দেশ্য, চৌদিশ লক্ষ্য কৰা আৰু স্নেপ কেইটামান লোৱা৷ বিপৰীত ঢালটোৰ ফালে উন্মুক্ত পৰ্বতমালা দেখা গৈছে৷ তললৈ পাইন অৰণ্যানিও চকুত পৰিছে৷ বগা বৰফৰ স্তুপবোৰ এতিয়া আমাৰ ওচৰতে দেখা গৈ আছে৷ তাৰ মানে গেবুৰ চোতালৰ পৰা দেখি থকা বৰফবোৰৰ ওচৰ চাপিলোঁহি আমি! এইফালেৰে আৰু আগুৱাই গৈ থাকিলে ডাপ’ৰিজ’ৰ ৰায় ভিলেজ চাবলৈ পোৱা যাব কিজানি!
হঠাতে দুয়ো প'ৰ্টাৰ নিশ্চুপ৷ আকৌ চিন্তাত পেলালে৷ কি হ’ল ইহঁতৰ? ইমান লুকা-ভাকু কিহৰনো? নিজেই বিচাৰি গ'লোঁ৷ সহজে দেখা নোপোৱা অৱস্থান এটাত দুয়ো বহি আছে৷ কি কৰিছে ইয়াত এই দুটাই? প্ৰশ্নটো আপোনা-আপুনি মনলৈ আহি গ'ল৷ দুয়োৰে প্ৰচণ্ড ভোক লাগিছে৷ মোৰ পৰা আঁৰ হৈ তাতে বহি লৈ পেকেট খুলি মোকোৰা-মোকোৰে ব্ৰেড্ চোবাইছে৷ হঠাতে তৃতীয় ব্যক্তি উপস্থিত হোৱাত চক্ খাই গ'ল৷ 'বহুত ভোক লাগিছে চাৰ৷' স্বীকাৰোক্তিৰ লগতে মোকো মাতিলে৷ ভোক মোৰো নলগা নহয়৷ সেইটো বুজিয়েই চাগৈ মোলৈকো ব্ৰেড্ দুডোখৰ আগ বঢ়ালে৷ ব্ৰেড্ আৰু পানী খাই আমি অলপমান শক্তি গোটাই ল’লোঁ৷ পকেটত থকা চক্লেটো ভগালোঁ৷ তাৰ পাছত পিঠিত খাং তুলি চেক্কে আৰু নিমা আগ বাঢ়িল৷ যন্ত্ৰবৎ, পিছে পিছে মই৷ কেম্প চাইটৰ সন্ধানত ওখ-চাপৰ ট্ৰেক এটাৰে গৈ আছোঁ তিনিও৷
জংঘলৰ মাজত ভালেমান গছ কাটি বগৰাই থোৱা আছে৷ কোনে কি দৰকাৰত কাটিলে নাজানো৷ এনেকৈ বনাঞ্চল ধ্বংস কৰাটো মুঠেই ভাল কথা হ'ব নোৱাৰে৷ ট্ৰেকটোৰ দাঁতিতে থিয় হৈ থকা এজোপা গছৰ বাকলি ছেলাই ৰখা অংশত কলমেৰে ঘঁহি ঘঁহি নিজৰ নামটো লিখি পেলালোঁ৷ কোন বাটে সোমাইছোঁ পিছত তেতিয়া সহজে গম পাম আৰু ৰাস্তা নেহেৰুৱাম৷ অথনি পাৰ হৈ অহা ১ নং কেম্পটোৰ দৰে একেই, কেতিয়াবাতে সাজি থোৱা সৰু সৰু গোটা বাঁহৰ চাং কিছুমান এইখিনিতো দেখা গৈছে৷ তাৰ মানে এইটো অন্য এটা কেম্প চাইট! ইয়াতো ট্ৰেইনিং চলে নিশ্চয়৷ সদ্যহতে নিষ্প্ৰাণ, জনপ্ৰাণীহীন৷
কাষৰীয়া চাং এখনৰ ওপৰত চেক্কেই কঢ়িওৱা খাংটো আৰু তাৰ ভিতৰত সুমুৱাই অনা বয়-বস্তুবোৰ৷ দেখিয়েই চিনি পালোঁ৷ কিন্তু সিহঁত দুটাৰ এটাৰোচোন টিকনিকে দেখিবলৈ নাই! থাউকতে কেনি অন্তৰ্ধান হ'ল? চিন্তা আকৌ লাগিল৷ সি যি কি নহওক, এতিয়া বাকী ট্ৰেকাৰ্ছসকল ভালে-কুশলে আহি এইডোখৰ পালেই ৰক্ষা পৰোঁ৷ অনুমান হৈছে, আজি নিশাটো আমি ইয়াতেই খপিম চাগৈ৷ অৱস্থানটো বেয়া লগা নাই৷ গছ-গছনিবোৰৰ ফাঁকেৰে তলৰ অংশবিশেষ চকামকাকৈ দেখা গৈ থকা এইটো পৰ্বতৰ এটা টিং যেনেই ধাৰণা হৈছে৷

ৰাক্চেক্টো পিঠিৰ পৰা নমাই চাং এখনতে থ’লোঁ৷ কেমেৰাটোও ৰাখিলোঁ৷ লাখুটিডাল হাতে ঢুকি পোৱাতে থৈছোঁ৷ তাৰ পাছত ভাগৰ মাৰোঁ বুলি বাঁহৰ চাংখনৰ ওপৰত দীঘল দি পৰি থাকিলোঁ অলপ পৰ৷ নাকৰ পোনে পোনে সীমাহীন বিস্তৃতিৰে মুকলি আকাশমণ্ডল৷ মেন্-চু-খাৰ কোনোবা নাম নজনা শিখৰত সুন্দৰ-সুনীল গগনলৈ একান্তমনে চাই ভাববিভোৰ হৈ থাকোঁতেই জেৰল্ড মেছীৰ কথা এষাৰে মনত ক্ৰিয়া কৰিলেহি৷ ‘পৃথিৱীখন সৌন্দৰ্যৰে ভৰপূৰ, যিদৰে সুন্দৰ আমাৰ মূৰৰ ওপৰৰ আকাশখন৷’ সঁচা কথা, মোৰ মুখৰ আগত দেখা পাই থকা ধুনীয়া আৰু ৰহস্যময় অন্তৰীক্ষৰ দৰেই মেন্-চু-খা নামৰ পৃথিৱীৰ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশটোও মন মতলীয়া কৰা শোভাৰে প্ৰাণৱন্ত৷ তদুপৰি, অলেখ ৰহস্যময়তাৰে পৰিপূৰ্ণ৷ বাস্তৱত নেদেখিলে কল্পনা কৰাটো সম্ভৱেই নহয়৷ তাৰ বাবে ট্ৰেকিং-কেম্পিং বাঞ্ছনীয়৷ এনে ৰং-ৰূপ-ৰসৰ সম্ভেদ তলৰ উপত্যকাটোৰ পৰা, য়াৰগ্যাপ চুৰ পাৰৰ পৰা পাব নোৱাৰি৷
পৰ্বতৰ বক্ষত এডোখৰ মুকলি ঠাই এয়া৷ বাঁহৰ বিছনাত বাগৰি ভাগৰ মাৰি ল'লোঁ৷ খাং পৰি আছে, দুই পথ-প্ৰদৰ্শকৰ এটাৰো এতিয়ালৈকে দেখাদেখি নাই৷ অকলে অকলে কি কৰোঁ? সময় কিমান হ'ল? ম’বাইল ফোনটো বেগৰ পৰা উলিয়াই হাতৰ মুঠিত ল’লোঁ৷ প্ৰথমে সময় চালোঁ৷ ঘড়ীৰ কাঁটা ৪ বজাৰ ফালে গৈ আছে৷ এইবাৰ শুই শুই ঘৰলৈ নম্বৰ টিপিব ধৰিলোঁ৷ ভাবিছোঁ, ক’তনো চাগৈ সংযোগ পাম! পিছে কি আচৰিত, একেবাৰতে ৰিং হ’ল! বিস্ময়াভিভূত নহৈ নোৱাৰিলোঁ৷ পৰিবাৰক সংক্ষেপে ইমানকে কোৱা হ'ল যে আজি পুৱাৰে পৰা খোজ কাঢ়ি কাঢ়ি এতিয়া কোনোবা টিঙত উপস্থিত হৈছোঁহি যদিও থকা ঠাই চূড়ান্ত হোৱাই নাই৷ বেছি কথা নাপাতি পুনৰ চুইচ্ অফ্ কৰি ফোন সামৰি ৰাক্চেকত থৈ দিলোঁ৷ প্ৰকৃতিৰ কোলাত জীৱনৰ এনেকুৱা দুৰ্মূল্য সময়ত কাৰো ফোন অহাটো বিচৰা নাই৷ এই নিৰৱতা, এই সুন্দৰতাহে একান্ত কাম্য৷
বনাঞ্চলৰ মাজেদি মেন্-চু-খাৰ হাফলু সদৃশ টকলা পাহাৰবোৰ ৰিণিকি ৰিণিকি দেখা পাই আছোঁ৷ সেইবোৰতকৈ আমাৰ অৱস্থান ভালেমান ফুট ওপৰত৷ জি.টি.এল.ৰ পৰা দৃশ্যমান পৰ্বতৰ ওপৰত ঠিক মুখামুখিকৈ বুলিব নোৱাৰি, কিছু কৌণিকভাৱে আছোঁ বুলি ধাৰণা হৈছে৷ আন্ধাৰ হৈ আহিছে৷ পাহাৰত সোনকালে পোহৰ নাইকিয়া হয়৷ তাৰ আগতেই কাষতে থকা সুবিধাজনক চাই গছ এজোপাত উঠি ল'লোঁ৷ ডিঙিত কেমেৰা৷ উদ্দেশ্য, চৌদিশ লক্ষ্য কৰা আৰু স্নেপ কেইটামান লোৱা৷ বিপৰীত ঢালটোৰ ফালে উন্মুক্ত পৰ্বতমালা দেখা গৈছে৷ তললৈ পাইন অৰণ্যানিও চকুত পৰিছে৷ বগা বৰফৰ স্তুপবোৰ এতিয়া আমাৰ ওচৰতে দেখা গৈ আছে৷ তাৰ মানে গেবুৰ চোতালৰ পৰা দেখি থকা বৰফবোৰৰ ওচৰ চাপিলোঁহি আমি! এইফালেৰে আৰু আগুৱাই গৈ থাকিলে ডাপ’ৰিজ’ৰ ৰায় ভিলেজ চাবলৈ পোৱা যাব কিজানি!
ফটো তোলাৰ হেঁপাহটো কোনোবা আহি পোৱাৰ আগতেই আগে-ভাগে পূৰাই পেলোৱা হ'ল৷ তাৰ পাছতে পুনৰ ৰাক্চেকৰ ওচৰ পালোঁহি৷ মেন্-চু-খাৰ স্বৰ্গীয় সম্পদৰাজিত একধ্যানে, অকলে অকলে মজি থকা অৱস্থাতে মানুহৰ গুণগুণনি শুনিবলৈ পালোঁ৷ মোক দেখি চেক্কেই চিঞৰ মাৰি জনালে, ‘য়ঁহা পানী নহী মিল ৰহা হ্যায় চাৰ৷’ খৰখেদাকৈ সিহঁত দুটা পানীৰ সন্ধানতে গৈছিল৷ এইটো ২ নং কেম্প৷ ১ নং কেম্পতকৈ বহুখিনি উচ্চতাত৷ জেগা ভাল৷ হ'লেও পানীৰ উৎস, জান-জুৰি ওচৰত নাই৷ এতেকে কেম্পিঙৰ বাবে অযোগ্য৷ কষ্ট কৰি বাওঁহাতে আৰু কিছু আগলৈ যাব লাগিব বুলি জনালে৷ বেছি নহয়, ১০-১৫ মিনিট৷ অথনিৰে পৰা ইহঁতৰ দৌৰা-দৌৰি, অন্তৰ্ধান কাণ্ড ইত্যাদিৰ কাৰণটো এতিয়াহে মোৰ বাবে ফটফটীয়া হ'ল৷
হঠাতে দুয়ো প'ৰ্টাৰ নিশ্চুপ৷ আকৌ চিন্তাত পেলালে৷ কি হ’ল ইহঁতৰ? ইমান লুকা-ভাকু কিহৰনো? নিজেই বিচাৰি গ'লোঁ৷ সহজে দেখা নোপোৱা অৱস্থান এটাত দুয়ো বহি আছে৷ কি কৰিছে ইয়াত এই দুটাই? প্ৰশ্নটো আপোনা-আপুনি মনলৈ আহি গ'ল৷ দুয়োৰে প্ৰচণ্ড ভোক লাগিছে৷ মোৰ পৰা আঁৰ হৈ তাতে বহি লৈ পেকেট খুলি মোকোৰা-মোকোৰে ব্ৰেড্ চোবাইছে৷ হঠাতে তৃতীয় ব্যক্তি উপস্থিত হোৱাত চক্ খাই গ'ল৷ 'বহুত ভোক লাগিছে চাৰ৷' স্বীকাৰোক্তিৰ লগতে মোকো মাতিলে৷ ভোক মোৰো নলগা নহয়৷ সেইটো বুজিয়েই চাগৈ মোলৈকো ব্ৰেড্ দুডোখৰ আগ বঢ়ালে৷ ব্ৰেড্ আৰু পানী খাই আমি অলপমান শক্তি গোটাই ল’লোঁ৷ পকেটত থকা চক্লেটো ভগালোঁ৷ তাৰ পাছত পিঠিত খাং তুলি চেক্কে আৰু নিমা আগ বাঢ়িল৷ যন্ত্ৰবৎ, পিছে পিছে মই৷ কেম্প চাইটৰ সন্ধানত ওখ-চাপৰ ট্ৰেক এটাৰে গৈ আছোঁ তিনিও৷
No comments:
Post a Comment