দিন পাঁচ ৷৷ খণ্ড ১৪
আমাৰ টেণ্টত ডিফুৰ পাৰ্টী৷ অৰূপদাই আগে-ভাগে মাজত ঠাই লৈছে৷ তেওঁৰ সোঁহাতে প্ৰদীপদা, মানে ধৰমপাল৷ দিনটোৰ ভাগৰৰ অন্তত শেতেলিত ঢলি পৰাৰ লগে লগে নিদ্ৰাদেৱীয়ে দুয়োকে টানি নিলেই! সংগীযুগলৰ অবিৰাম নাসিকা-সংগীতে মোৰহে টোপনিৰ আগমনত মাধমাৰ শোধাই গ'ল৷ এনেয়ে চকু দুটা মুদি জগা কাঠ পৰাদি পৰি ৰ’লোঁ৷ দুয়োজনৰে নাকৰ শব্দ শাম নাকাটেহে নাকাটে৷ একেৰাহে শুনি শুনি অস্বস্তি লাগি গৈছে৷ সিবাৰ ঝুক’ ভেলী ট্ৰিপটোত শয়ন-সংগী সুবীৰে দুনিশা দুৰ্ভোগ ভোগাইছিল৷ তাৰে এনিশাত আকৌ অৰুণদাৰো নিৰ্দয় সহযোগ৷ আৰু আজি ঘটিছে এয়া! নগা পৰ্বতৰ পাছত পুনৰবাৰ আক্ৰান্ত হৈছোঁ চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ হাবিত৷ এজন নহয়, দুজনকৈ শিল্পী(!) আৰম্ভণিৰে পৰাই লাগি গৈছে সংগীত সাধনাত! নাকৰ ঘোৰ্ঘোৰণিয়ে প্ৰতিযোগিতাৰ ৰূপ লৈছে৷ মই যেন বিচাৰকহে!
ভাগ্য ভাল যে মোক দুয়োজন সাধকৰ মাজত দিয়া নাই৷ বাহিৰৰ ফালে কাটি হৈ আতিশয্যৰ পৰা উপশম পোৱাৰ চেষ্টা এটা চলাইছোঁ৷ বৃথা প্ৰয়াস বুলি জানিও বলপূৰ্বকভাৱে চকুযুৰি মুদি আছোঁ৷ সাৰে থকাজনৰ কাৰণে পৰিৱেশটোৱেই হৈ পৰিছে টোপনিৰ চিৰবৈৰী৷ যি ঘোৰ্ঘোৰায় সিহে শোৱে৷ কি কৰোঁ? সুধিলোঁ নিজকে মনে মনে৷ ম'বাইল ফোনটোকে উলিয়াই ল'লোঁ ৰাক্চেকৰ পৰা৷ চুইচ অন্ কৰাৰ অলপ পাছতে উজলি উঠা স্ক্ৰীণখনে কৈ দিলে, এতিয়া নিশা প্ৰায় ১০ বাজে৷ নে'টৱৰ্ক আছেনে নাই খালী চকুৰে ধৰিবকে পৰা নাই৷ ক'তনো থাকিব চাগৈ? কাকো কালৈকো ফোন কৰা অথনিৰে পৰা দেখা নাই৷ আটাইবোৰ ম'বাইল নিশ্চুপ৷ বাগৰি থাকিয়ে কনটেক্ট লিষ্টৰ আৰম্ভণিতে ওলোৱা অৰুণদাৰ নম্বৰটো এনেয়ে টিপি দিলোঁ৷ কি আচৰিত! ৰিং হ'ব ধৰিলেচোন৷ ইমান ঠাণ্ডাৰ মাজতো দাং খাই উঠিলোঁ মই৷ একেবাৰে ভবা নাছিলোঁ পাম বুলি৷ নতুন উত্তেজনা এটা তৎমুহূৰ্ততে বিয়পি পৰিল তম্বুটোৰ ভিতৰত৷ বাকী দুয়ে একো ক'বই নোৱাৰে৷ মই অৰুণদাৰ লগত কথা পাতিলোঁ৷ আমাৰ সৈতে আহিব নোৱাৰাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিলে৷ যতসম্ভৱ চমুকৈ জনালোঁ আমি ক'ত আছোঁ, কেনেকৈ আহিলোঁ, কি কৰি আছোঁ৷ 'কথাবোৰ শুনি মোৰ আপোনালোকলৈ হিংসাই লাগিছে৷' অৰুণদাই ক'লে৷
সাময়িকভাৱেহে মোৰ টোপনিত ব্যাঘাত জন্মিছে, নাসিকাৰ উৎপাতত৷ কিছুমান মানুহৰ কিন্তু নিশা সহজতে টোপনি নহা এবিধ বেমাৰেই আছে৷ তেনে বেমাৰ আঁতৰাবৰ বাবে কেম্পিং বৰ উপকাৰী বুলি পৰিগণিত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অফ্ কলেৰাডো ব’ল্ডাৰৰ অধ্যয়নত এই কথা প্ৰকাশ পাইছে৷ এই সন্দৰ্ভত কেম্পিং কৰি থকা মানুহ আৰু ঘৰত থকা মানুহক লৈ তুলনামূলক অধ্যয়ন চলোৱা গৱেষক কেনেথ্ ৰাইটে কৈছে যে সম্প্ৰতি লাইফ-ষ্টাইল ৰোগত আক্রান্ত হৈ মানুহে কৰা লে’ট্ নাইট্ আৰু তাৰ ফলস্বৰূপে টোপনি-চক্রত খেলিমেলি জন্মি স্বাস্থ্য হানি হোৱা মানুহৰ জৈৱিক ঘড়ীটোৰ পুনৰ্স্থাপনৰ বাবে সপ্তাহান্তত হাতত লোৱা কেম্পিং ট্ৰিপ্ এক সহজ মহৌষধ৷ টোপনিক লৈ দৰাচলতে মোৰ কোনো সমস্যা নাই৷ কাষৰ শিল্পী দুজনৰ কথা ভাবিহে কি কৰোঁ, কি নকৰোঁ অৱস্থা হৈছে৷ মাজে মাজে তেওঁলোকৰ ফালে চাইছোঁ৷ অস্বস্তি প্ৰকাশক উঃ-আঃ শব্দও কৰিছোঁ৷ অকলে অকলে হাঁহিও উঠিছে দুয়োৰে শোৱন দেখি৷ পিছে খবৰেই নাই কাৰো৷ দুৰ্ঘোৰ টোপনি৷ নহ'বওনো কিয়? কমখন বগাইছেনে!
নিশা ১০.৩০ হ’ল৷ উজাগৰে থাকি সৰুপানী চুবৰ অনুভূতি জাগিছে৷ প্ৰকৃতিৰ আহ্বানক সঁহাৰি জনাবলৈ শীত নেওচি উঠি যাব লাগিব৷ পৰি থকাৰ পৰা উঠি তম্বুৰ চেইনডাল খুলিলোঁ৷ বিকট সুৰত চাংখনে কেৰ্কেৰাই উঠিল৷ বাহিৰ ওলাই চাওঁ যে মোৰ কাষৰ ফালে পতা প’ৰ্টাৰৰ তম্বুটো দেখোন অন্তৰ্ধান৷ হাৰে! শব্দটো নিজে নিজেই মুখৰ পৰা বাহিৰ ওলাই আহিল৷ ভয় ভয়ো লাগিল অকণমান৷ অনুসন্ধানৰ মতলবেৰে টৰ্চটো চৌদিশে মাৰি চালোঁ৷ তিনিটা তম্বু আছে৷ সেইটোচোন নাই! নতুন ৰহস্যই লগ ল'লে এইবাৰ৷ পোহৰটো তলৰ ফালে মাৰি দিলোঁ৷ কুঁৱলীৰ মাজেদি দেখোঁ যে সেইটো ইয়াৰ পৰা উঠাই নি একেবাৰে তলফালে পাতিলেগৈ! কোন টলকতনো তম্বুটো অকণো সাৰি-শব্দ নোহোৱাকৈ স্থানান্তৰিত হ’ল, পাত্তাই নাপালোঁ৷
মোক আচৰিত কৰি অলপ পাছতে প্ৰদীপদাও কঁপি কঁপি উঠি আহিল, প্ৰকৃতিৰ আহ্বানক সঁহাৰি জনাবলৈ৷ তেওঁৰ পাছে পাছে কুঁচি-মুচি অৰূপদাও তম্বুৰ পৰা ওলাইছে৷ কাম একেটাই৷ টৰ্চ মাৰি অকলশৰীয়াকৈ দূৰত পাতি লোৱা তম্বুটো দেখুৱালোঁ৷ উঠাই নিওঁতে টোপনিৰ বাবে তেওঁলোকে গম নোপোৱাটো স্বাভাৱিক যদিও ময়ো কিন্তু অকণো কেৰেক্-মেৰেক্ নুশুনিলোঁ! 'একো ক'বই নোৱাৰোঁ হে'৷' অৰূপদাই ক'লে৷ হামি এটাও মাৰিলে৷ আমি আকৌ টেণ্টত সোমালোঁহি আৰু চেইন মাৰি দিলোঁ৷ দুই-এটা বাক্য বিনিময় ঘটিল যদিও বাকী দুজন সোনকালেই আগৰ অৱস্থা পালেগৈ৷
সঁচা কথা যে উক্ত তম্বুটো, তাত আশ্ৰয় লোৱা প'ৰ্টাৰহঁতৰ সাহসতে মই একাষে থাকিও নিশ্চিন্তমনে শুব ধৰিছিলোঁ, কাষতে সিহঁতবোৰ সিটোফালে আছে বুলি৷ আৰু এতিয়া, প্ৰথমেই মই! সেইফালৰ পৰা অগত্যা কিবাহে যদি ওপৰ দিশৰ পৰা নামি আহি আক্রমণ চলায়, তেন্তে কোনো কথাই নাই, পোনেই মোকে পাব৷ অশনি চিন্তা-ভাবনাত মজি এতিয়াহে চকু দুটা জাপ নোখোৱা হ'ল মোৰ৷

খচ্মচাই আছোঁ৷ টোপনি মুঠেও অহা নাই৷ মধ্যৰাতি অৰণ্যৰ দুৰ্গমতা আৰু এনেকুৱা অসহনীয় পৰিস্থিতিৰ মাজতো যোগাত্মক ধৰণে অন্য এক চিন্তা কৰি চালোঁ৷ চিনিয়ৰ মেম্বাৰ দুজনৰ নাকৰ পৰা উৎপত্তি হোৱা ইঞ্জিনসদৃশ শব্দ এফালৰ পৰা চাবলৈ গ’লে ভালহে হৈছে৷ কাৰণ, জংঘলৰ মাজত কোনো জন্তু-জানোৱাৰ ওচৰলৈ আহিলে নন্ষ্টপ্ চলি থকা অচিনাকি শব্দটোৰ বাবেই নিশ্চয়কৈ ভয় খাব আৰু আমাক আক্রমণ কৰিবলৈ এপলকৰ বাবে হ’লেও থমকিব লগা হ’বই হ'ব৷ আক্রমণকাৰীয়ে ভাবিব, এই ঘৰটোৰ ভিতৰত তাতোকৈ হিংস্ৰ কোনোবা সোমাই আছে৷ গতিকে নিজৰ প্ৰাণটো বচাই আঁতৰি যোৱাই মংগল৷
নিশাটো যথেষ্ট দীঘলীয়া যেন লাগি গৈছে৷ কেতিয়াকৈনো ৰাতি পুৱাই, কেতিয়াকৈনো ৰাতি পুৱাই, মনৰ ভিতৰত তাকে গুণা-গঁথা কৰি পৰি আছোঁ৷ অৰূপদা আৰু প্ৰদীপদাৰ বিপুল নিদ্ৰাসুখ দেখি ভিতৰি হিংসাও লাগিছে৷ কাটি হৈ দিয়াৰ লগে লগে পুনৰবাৰ কেৰকেৰাই উঠিল চাংখন৷ অৱশেষত এসময়ত নিজেও কেতিয়ানো জানো কেনেকৈ টোপনি গ'লো, নাজানো৷

No comments:
Post a Comment