দিন পাঁচ ৷৷ খণ্ড ১৩
বাহিৰত প্ৰচণ্ড ঠাণ্ডা৷ অপৰিষ্কাৰ হৈ পৰা ট্ৰেক্চুট্যোৰ সোলোকাই
ইনাৰ চুট আৰু গৰম কাপোৰ এসাজ পিন্ধি শ্লীপিং বে’গত সোমাই কিছুপৰ দীঘল দিবলৈ মন গ’ল৷ অৰণ্যত এনিশা কটাবৰ উদ্দেশ্যে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ৷
প্ৰকৃতি, নিৰ্জনতা আৰু দুৰ্গমতা, জনসমুদ্ৰৰ পৰা আঁতৰি হেৰাই যোৱাৰ আনন্দ ল’বৰ বাবে উত্ৰাৱল হৈ পৰা মনটোৱে
কিছুদিনৰ পৰা বিচাৰি থকা, ভাল পোৱা পৰিৱেশটো পাই লাহে লাহে গভীৰতাত সোমাই পৰিল৷
কোনো প্ৰকাৰৰ বাধা বা অসুবিধা, কাৰো কোনো নিৰ্দেশ কিম্বা হাৰাশাস্তি একো
কাম্য নহয় এনেকুৱা মুহূৰ্তত৷
মোৰ শ্লীপিং মেট্ নাই৷ ইচ্ছা কৰিয়ে অনা নাই৷ ৰে’ল ষ্টেচনত কিনিবলৈ পোৱা ২০ টকীয়া পলিথিন এখনৰ ওপৰত ৰাক্চেকৰ একেবাৰে তলত সুমুৱাই নিয়া পাতল কম্বলখনকে মাজত ভাঁজ দি পাৰি ল’লোঁ৷ ইয়াত কোমল শয্যা বিচাৰিলে নহ'ব৷ হাত আৰু ভৰিৰ পৰা মোজা, মূৰৰ পৰা টুপী একোকে খোলা নাই৷ খুলিব নোৱাৰিও৷ ভীষণ ঠাণ্ডা৷ ঠাণ্ডাত যাতে কোনো কাৰণতে আক্রান্ত নহওঁ তাৰ বাবে সজাগতা অৱলম্বন কৰাটো বুদ্ধিমানৰ কাম৷ অন্লাইনৰ জৰিয়তে নতুনকৈ কিনা Coleman Biker 2 Season Sleeping Bagটোৰ ওপৰত পূৰা ভৰসা ৰাখিছোঁ৷ খনমা-ঝুক' ভেলীৰ পৰা উভতি আহিয়েই এইটো লৈছিলোঁ৷ মেন্-চু-খাত আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব৷ পৰীক্ষা হ'ব, কিমান উত্তাপ ই মোক যোগাব পাৰে৷
ভাত হ’ল৷ নিৰামিষাহাৰীক প্ৰথমে দিয়া হৈছে৷ 'ঐ ধৰমপাল, ভাত হৈ গ'ল৷ নামি আহ৷ ঐ ছাজিদ, আহি যোৱা৷' প্ৰদীপদা আৰু মোক উদ্দেশ্য কৰি তলৰ পৰা বিকট চিঞৰ কেইটামান শুনা গ'ল অৰূপদাৰ৷ দিনৰ দিনটো খোজ কাঢ়ি পেটে ধান বানিবলৈ আৰম্ভ কৰাত নিশাৰ ভাতসাজৰ খবৰ ল'বলৈ চৌকাৰ গুৰিলৈ নামি গৈছিল তেওঁ৷ প্ৰদীপদাৰ উপনামটো মনত আছে, মোৰটো পাহৰিলে৷ অৰণ্যত গুঞ্জৰিত লিৰা ওৰফে অৰূপদাৰ মাতকেইষাৰ ক্রমাৎ নাইকিয়া হৈ পৰিল৷ জুইৰ ওচৰত থিয় দি নিজৰ ভাগটো লওঁতেহে গম পালোঁ যে চেক্কেও নিৰামিষাহাৰী! টাইকোৱান্ডোৰ ব্লেক্ বে’ল্ট আৰু বীৰ্যৱান দুৰন্ত তৰুণ কুং চেক্কেই নিজকে ‘মেঁ ভি ভিজিটেৰিয়ান হুঁ’ বুলি কওঁতে প্ৰথমে বিশ্বাসেই নহ’ল৷ আৰু বিশ্বাস নহ’ল যেতিয়া অন্য এজন প’ৰ্টাৰৰ মুখে জানিলোঁ যে চেক্কেই চাধা-গুট্খা, বিড়ি-চিগাৰেট, মদ-ভাং আদি নিচাযুক্ত দ্ৰব্য একোৱেই নাখায়৷ আনকি চাহো নাখায়৷ অৱশ্যে এটা কাৰণত সঁচা বুলি মানিও ল'লোঁ৷ ট্ৰেকিঙত সৰহভাগ সময় মই তাৰ লগে লগে আছোঁ৷ চাধা-চিগাৰেট খোৱা এবাৰো হ'লে দেখা নাই৷
পৰিষ্কাৰ পানী আৰু নিৰ্মল বতাহেই মানুহৰ বাবে উত্তম ঔষধ বুলি এক ধাৰণা কেতিয়াবাৰে পৰাই মোৰ মানসত বদ্ধমূল হৈ আছে৷ এইমাত্ৰ তাত আৰু এটা কথা যোগ দি দিলোঁ৷ সেয়া হ'ল, নিৰামিষ আহাৰেই মানুহৰ বাবে শ্ৰেষ্ঠ খাদ্য৷ মই নিজেও আজীৱন শাকাহাৰী৷ বেমাৰ-আজাৰ নাই৷ কালি মেন্-চু-খা বজাৰত লগ পোৱা কুং চেক্কেৰ সৈতে প্ৰথমবাৰ কৰা হেণ্ডশ্বেক্টোলৈ মোৰ মনত পৰিল৷ হাত চাব মই নাজানো, বিশ্বাসো সমূলি নাই, হাত চুই কিন্তু কৈ দিব পাৰোঁ মানুহৰ অভ্যন্তৰীণ শক্তি-সামৰ্থ, আত্মবিশ্বাসৰ পৰ্যায়টো কেনে৷ ধাৰণা কৰিব পাৰোঁ, কলিজাখন সিংহৰ নে কপৌ চৰাইৰ৷ মানুহজন লেহুকা, আৰামপ্ৰিয় নে কামৰ মানুহ৷ আধাবেমাৰী নে মই বিচৰা জাতৰ এড্ভেন্চাৰাচ মানুহ৷ আৰু আজি নিজ চকুৰে দেখিলোঁ, চেক্কেৰ শক্তিৰ নমুনা৷ স্তম্ভিত হ'লোঁ দেখি৷ তাৰ লগত খোজ কাঢ়িবলৈ পাই নিজকে কিবা সৌভাগ্যৱান যেন লাগিছে৷ শিকিবও পাৰিছোঁ কিছু৷
কি ভাবি নাজানো, চ'টু ওৰফে শিৱদেব সিং কাটাউচ আজি আকৌ সাময়িকভাৱে
নিৰামিষাহাৰী হৈ পৰিল! তাকে লৈ দুই-একৰ কটাক্ষ হজম কৰিবলগীয়াও হ’ল বেচেৰা প্ৰৱাসীজনে৷ ডুবাইৰ পৰা মেন্-চু-খা চাবলৈ অহা মানুহটো এতিয়া সকলোৰে সৈতে খুব ফ্ৰেইণ্ডলী হৈ পৰিছে৷ তেওঁৰ মস্ত কেমেৰাটো
ইতিমধ্যে প’ৰ্টাৰকেইজনৰ মাজত প্ৰৱল আকৰ্ষণৰ
কেন্দ্ৰবিন্দু হৈ পৰিছে৷ সেইটো লৈযে খোজ কঢ়া কিমান মস্কিল, মই বুজি পাইছোঁ৷ সেয়েহে
অথনি শাৰীৰ একেবাৰে শেষতহে হেঁপাই-ফোঁপাই ওলাইছেহি তেওঁ৷ কষ্ট হৈছে মানুহটোৰ৷ কষ্ট
সকলোৰে হৈছে৷ হ'লেও তাৰ মাজত বা পাছত লাভ কৰা বিৰল আনন্দখিনিহে আচল কথা৷ যিকোনোজনেই বা
সকলো মানুহেই আহোঁ বুলিলেই আহিব পৰা ঠাই নহয় এইবোৰ৷ নহ'লেবা অন্য পৰ্যটনথলীৰ দৰে মানুহে গিজ্গিজাই থাকিলহেঁতেন৷
দাইল, ভাজি, আচাৰেৰে ভাতকেইটা খালোঁ৷ তাৰ পাছত জুই পুৱাই থাকিলোঁ৷ মাংস সিজিলত বাকীসকলে খালে৷ আৰু অলপ সময় জুইৰ কাষত বহি বুকু-পিঠি, হাত-ভৰি সেকি সেকি কথা পকটিয়াই নিশা ৯.০০ বজাত তম্বুলৈ উঠিলোঁ৷ কথা-বতৰা আৰু হাঁহিৰ সমাহাৰত মেন্-চু-খাৰ পৰ্বতত অলপ সময়ৰ বাবে খলকনি উঠিল৷ জীৱনলৈ মনত থাকিবলগীয়া সেই খলকনি কেৱল আমিহে শুনি থাকিলোঁ৷
গেবুহঁতে আলোচনা কৰিছে, পুৱা সোনকালে উঠি পৰ্বতৰ অন্য এক শিখৰলৈ যোৱাৰ কথা৷ তাৰ পৰা তলৰ মেন্-চু-খাখন মুকলিকৈ দেখা যায়৷ আমাৰ মাজৰ কোনে কোনে যাব খোজে, হিচাপ লোৱা হৈছে৷ দলৰ এজনেও যাম বোলা নাই৷
ধৰমপাল ওৰফে প্ৰদীপদাই নাযাওঁ বুলি সজোৰে কৈ আছে৷ কাৰণটো হ’ল, আমাৰ হাতত সময় তাকৰ৷ আৰু
আগুৱাই গ’লে আৰু এটা দিন ব্যয় হ’ব৷ গতিকে এইটো পইণ্টৰ পৰাই
প্ৰত্যাৱৰ্তন কৰা উচিত৷ পূৰ্বতে লৈ থোৱা দলীয় সিদ্ধান্তটোও অৱশ্যে সেইটোৱেই৷ গতিকে
ইচ্ছা আৰু আকৰ্ষণ থাকিলেও দলীয় সিদ্ধান্তক নেওচি ‘মই যাম’ বুলি মুখ খুলিবলৈ মোৰো সত যোৱা নাই৷ সেয়ে চুপ থাকিলোঁ৷ মনক প্ৰবোধ
দিলোঁ মোৰ অন্যতম সপোন-পুৰুষ ব্ৰুছ লীৰ বাক্য এটাৰে৷ ‘A goal is not always meant to be
reached, it often serves simply as something to aim at.’
No comments:
Post a Comment