দিন পাঁচ ৷৷ খণ্ড ৮
চেক্কেৰ দৰেই নিমাৰ ডিঙিতো ওলমি আছে দীঘল খাপেৰে সৈতে দা এখন৷ মাজে মাজে সিও বাটলৈ আগ বাঢ়ি অহা অনাকাংক্ষিত লতা, ডাল আদি কাটি মুকলি কৰি গৈছে৷ লগত দা এখন থকাটো জনজাতীয় বৈশিষ্ট্য৷ মোৰ হাততহে একো অস্ত্ৰ-শস্ত্ৰ নাই৷ ট্ৰেকিঙত দুটা বস্তু মই ইচ্ছাকৃতভাৱেই লগত নাৰাখোঁ৷ অস্ত্ৰ আৰু ঔষধ৷ চেক্কেই অথনিতে বাঁহৰ লাখুটি এডাল কাটি দিছিল৷ তাকে লৈ আগ বাঢ়ি আছোঁ ইহঁত দুটাৰ পদানুসৰণ কৰি৷ গতিৰ তাৰতম্যৰ বাবে সংগীসকল ইতিমধ্যে নেদেখা অৱস্থানত থাকি আহিল৷ মোৰ অৱস্থা এনেকুৱা হ'ল যে ইহঁত দুটাকো এৰিব নোৱাৰোঁ, নজনা দূৰত্বত থকা সংগীসকললৈও ৰ’ব নোৱাৰোঁ৷ দুই নাও দুই ভৰি৷
শুকান সৰাপাত মহতিয়াই উঠি উঠি গৈ আছোঁ আমি৷ হঠাতে আমাৰ মাজতো ব্যৱধান বাঢ়ি আহিল৷ কিহৰ কাৰণে নাজানো, আগতকৈ খৰ খোজ পেলাই চেক্কে আৰু নিমা আগ বাঢ়ি যাব ধৰিলে৷ এসময়ত নেদেখাই হৈ পৰিল৷ খোজত খোজ মিলাব নোৱাৰি গভীৰ অৰণ্যৰ মাজত অকলশৰীয়া হ’লোঁ মই৷ দুই প’ৰ্টাৰ এতিয়া মোতকৈ আগত, আনবোৰ আকৌ বহুত পাছত৷ আটাইবোৰেই নজনা দূৰত্বত৷ কি কৰা যায়? ৰৈ নিদি অকলে অকলে গৈ আছোঁ৷ ঠাইবিশেষে নিজিৰালেও নহয়৷ ইখন সিখনকৈ ট্ৰেকটোৰ ফটো কিছুমান তুলি ৰখাৰ নিচাটোও সামৰিব পৰা নাই৷ অজান অৰণ্যত সংগীবিহীন হৈ লাহে লাহে মনটো উগুল-থুগুল লাগি আহিল৷ চলনৰ ভংগী মনত পৰি খঙো উঠিল৷ ইহঁতে নাজানে নেকি ময়ো লগত আছোঁ বুলি? নতুন মানুহটোক এনেকৈ চৌঠেঙীয়া কৰিব লাগেনে?
অতীজত মেন্-চু-খাত নৰবলিৰ দৰে ঘটনাও হেনো ঘটিছিল৷ আচম্বিতে খেলাই যোৱা নঞৰ্থক চিন্তাবোৰ আৰু তাৰ ফলত সৃষ্টি হ'ব পৰা ধিপ্ধিপনিবোৰ সজোৰে আঁতৰাবৰ চেষ্টা কৰিছোঁ, যদিওবা মুঠিত জীৱটো লৈ প্ৰাণপণে খোজ আগুৱাই আছোঁ৷ চেক্কেই অথনি কাটি দিয়া লাখুটিডালেই একমাত্ৰ ভৰসা এতিয়া৷ তথাপি সংকল্প ৰাখিছোঁ যে মই কাকো প্ৰথমে মাৰ নামাৰোঁ৷ গতিকে মোকো কোনেও আক্রমণ নকৰিলেই হ’ল৷ লাহে লাহে বুজি উঠিছোঁ যে জংঘলৰ মাজত মই হেৰাই গৈছোঁ৷ যি হয় হ'ব বুলি গান এটাকে গুণগুণোৱাৰ কথা ভাবিছোঁ৷ কিন্তু নাই, নাহে৷ মনলৈকে নাহে, ওঁঠলৈ অহাটোতো দূৰৰে কথা৷
পথ প্ৰদৰ্শনকাৰী ইংগিত বুলিবলৈ চকুৰ আগত একোটোৱেই নাইকিয়া৷ এনেস্থলত আগ বাঢ়োঁ নে থমকি ৰওঁ? কি কৰোঁ? উভতি যাওঁগৈ নেকি? অলপ অলপ সময়ৰ অন্তৰালত নিজকে নিজে বাৰে বাৰে প্ৰশ্নকেইটা কৰিবলগীয়া হৈছে৷ এই মুহূৰ্তত মই কি কৰা উচিত? অজান-অটব্য অৰণ্যৰ লুংলুঙীয়া বাটৰ পদযাত্ৰাত আমাৰ কেৰাভান্টো এতিয়া সম্পূৰ্ণ অদৃশ্য৷ ক’ত আছে, অৱস্থান কেনি, জনাৰ উপায় নাই৷ সংযোগহীন, সংগীহীন মই৷ কিংকৰ্তব্যবিমূঢ় সন্ধিক্ষণতে অন্তৰৰ গভীৰতম কোণৰ পৰা আচম্বিতে এইষাৰ মুখলৈ আহিব ধৰিলে… ‘ভয় নকৰিবা, ভয় নকৰিবা৷ সাহসেই মূলকথা৷'
এঠাইত ট্ৰেক্টো তললৈ নামি গৈছে৷ পোহৰে মাটি ঢুকি নোপোৱা গেজেপনি মৰা হাবি৷ কেইখোজমান নামি যোৱাৰ পাছতে, কি হ'ল জানো, ইচ্ছাটোৱে ভৰি দুখনক আৰু আগ বঢ়াব নুখুজিলে৷ দোমোজাত পৰি উভতি খোজ ল’লোঁ৷ স্বতঃস্ফূৰ্তভাৱেই ঘটি গ’ল কাণ্ডটো৷ মনটোৱে ক'লে, এইখিনিত বাট ভুল হোৱাৰ সম্ভাৱনা প্ৰৱল৷ ফাটি যোৱা ট্ৰেক্টোৰ কোনো এফালেও অথনিৰ দৰে ভেটি থোৱা হোৱা নাই৷ শুদ্ধ পথ কেনি? খোজৰ চিনো পাবলৈ নাই৷ চেক্কেহঁতযে পোনে পোনেই গৈছে তাৰ কি ঠিক আছে? অকলে অকলে বহুত সময় ধৰি এনেকৈ একেৰাহে আহি থাকি অৱশেষত গভীৰ অৰণ্যৰ মাজত নিশ্চিতভাৱে মই হেৰাই গৈছোঁ বুলিয়েই প্ৰতীয়মান হ’লোঁ৷ জীৱনৰ এক বিৰল ঘটনা! এতিয়া কি কৰোঁ? অপৰাহ্নটো পাৰ হ'লেই ভূতৰ ওপৰত দানহ পৰাদি আপদীয়া ৰাতি এটা চাপি অহাটো নিৰ্ধাৰিত সত্য৷ পথভ্ৰষ্ট যাত্ৰিকৰ এই মুহূৰ্তত কৰ্তব্য কি? প্ৰথম কথা, নাৰ্ভাচ হ’লে নহ’ব৷ সাহস, বুদ্ধি আৰু ধৈৰ্য লাগিব, বাচি থাকিবলৈ৷ ডিচক’ভাৰী চেনেলৰ ‘মেন ভাৰ্চাচ ৱাইল্ড’ত দেখা বিয়েৰ গ্ৰেইল্চলৈ মনত পৰিল৷
খৰতকীয়াভাৱে চিন্তা কৰিব ধৰিলোঁ৷ ট্ৰেকটো হঠাতে তললৈ নামি যোৱা ঠাইখিনিতে ক্ষণিক পূৰ্বে দেখিছিলোঁ, বৰ ডাঙৰ নহয় যদিও দুজোপা গছ দুফালৰ পৰা আহি হাবিতলীয়া বাটটোৰ ঠিক সোঁমাজতে কিন্তু ওপৰত লগালগি হোৱা৷ সেইখিনিলৈকে ঘূৰি আহিলোঁ৷ গধুৰ ৰাক্চেক্টো নমালোঁ পিঠিৰ পৰা৷ কেমেৰাটো ওলোমাই ৰাখিলোঁ গছৰ ফেৰেঙনিত৷ পৰ্বতত অন্ধকাৰ সোনকালে হয়৷ মোৰ হাতত সময় কম৷ পানীৰ বটলটোলৈ চালোঁ৷ আধা বটলতকৈও কমহে আছে৷ এইখিনিৰেই কাম চলাব লাগিব৷ পুৱা ট্ৰেকিং আৰম্ভণিৰ সময়তে দিয়া Good Day বিস্কুটৰ পেকেট্ এটা, ORS এপেকেট লগত আছে৷ ঠাণ্ডা লাগিলে জুই ধৰিবলৈ হাতত হ'লে জুইশলা নাই৷ আত্মৰক্ষাৰ বাবে দা, বন্দুকো একোটো নাই৷ তথাপি বাচিব লাগিব৷ প্ৰাণ বচাবই লাগিব আজি৷ ভয়ংকৰ পৰিস্থিতি এটাৰ পৰা পৰিত্ৰাণ পাবলৈ মানসিকভাৱে সাজু হোৱাৰ বাদে, সুস্থিৰতাৰে চিন্তা কৰাৰ বাদে অন্য বিকল্প এই মুহূৰ্তত নাই৷
No comments:
Post a Comment