Friday, 15 December 2017

দিন ছয় ৷৷ খণ্ড ৫


জি.টি.এল.ৰ পৰা ২ কিল'মিটাৰ নিলগত Lhakpa Chu-Pa-La৷ য়াৰগ্যাপ্‌ চুৰ বুকুত ইক'-ফ্ৰেইণ্ডলি পৰিৱেশত এটা সৰু ধুনীয়া দ্বীপ৷ এড্‌ভেন্‌চাৰ্‌ ফেষ্টিভেলৰ সময়ত জি.টি.এল.ৰ তৰফৰ পৰা তাত তম্বু সাজি কেম্পিং, ডি. জে. নাইট, ফটোগ্ৰাফি ইত্যাদিৰ ব্যৱস্থা কৰা হৈছিল বুলি গেবুৱে জনালে৷ উৎসৱৰ অন্তিম নিশাৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ প্ৰতিভাৱান কণ্ঠশিল্পী নাহিদ আফ্ৰিন, তিছ্‌ অফ্‌ ইণ্ডিয়াৰ বি. জী. পৱনদীপ, আমেৰিকা নিবাসী তিব্বতীয় মূলৰ সংগীত শিল্পী কুৰ্পা নাম্‌গ্যাল, বলিউডৰ জনপ্ৰিয় গায়ক আদনান্‌ স্বামীয়ে গীত পৰিৱেশন কৰি গৈছে৷ মেন্‌-চু-খাক দেশৰ ভিতৰতে উত্তম দুঃসাহসিক ক্রীড়াক্ষেত্ৰলৈ উন্নীত কৰাৰ দিশত চৰকাৰে পদক্ষেপ ল'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কীৰেন ৰিজিজুৱে উৎসৱথলীতে ঘোষণা কৰিছিল৷ গেবুৰ লেপ্‌টপত ফটো আৰু ভিডিঅ'বোৰ চাই অকলে অকলে ভালেমানপৰ ক'ব নোৱাৰা হৈ থাকিলোঁ৷ অৰুণাচল হিমালয়ৰ ৰূপমাধুৰী উপভোগৰ বাবে এই উৎসৱতকৈ চাগৈ সহজলভ্য সুযোগ আৰু নাই৷ হাতত খবৰ আছিল যদিও আমি ইচ্ছা কৰিয়েই ফেষ্টিভেলৰ সময়ত নাহিলোঁ৷ দেশী-বিদেশী আগমনকাৰীৰ হেম-গেম, হৈ-হাল্লা এৰাই চলি নিৰিবিলিকৈ কটাবলৈহে দলৰ সকলোৱে বাঞ্ছা কৰিলে৷ সেয়ে আমাৰ ভ্ৰমণ-সূচী থিৰাং কৰা হ'ল উৎসৱৰ কেইদিনমানৰ পাছত, নৱেম্বৰ মাহৰ ২৫ তাৰিখৰ পৰা৷ ফটোবোৰ চাই যাওঁতে পৰ্যটন উৎসৱটিৰ সময়ত মেন্‌-চু-খাৰ মাটি আৰু মানুহৰ যি ৰূপ দেখিলোঁ তাক ভৱিষ্যতে নিজ চকুৰে দৰ্শন কৰাৰ লগতে প্ৰচাৰ কৰাৰ প্ৰতিও আগ্ৰহ নজন্মাকৈ নাথাকিল৷

বিজ্ঞসকলে কৰা শেহতীয়া বিচাৰ অনুযায়ী বিশ্বত যিমানবিলাক উদ্যোগ আছে সবাৰে ভিতৰত পৰ্যটনৰ যোগেদি সৰ্বাধিক লোকে কৰ্মসংস্থাপন লভিবলৈ সক্ষম হৈছে৷ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই উদ্যোগে অভূতপূৰ্ব নিয়োগ সংস্থান আগ বঢ়াই গৈছে৷ বৃহৎ বিনিয়োগ তথা কেঁচা মালৰ অবিহনেই, প্ৰদূষণশূন্যভাৱেই সাধন কৰি গৈছে জীৱনৰ বিকাশ৷ উন্নত দেশসমূহৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহে সেয়েহে এতিয়া উঠি-পৰি লাগি গৈছে পৰ্যটনক আগ বঢ়াই নিয়াৰ দৌৰটোত৷ আন্তঃগাঁথনিৰ বিকাশ, পৰিৱেশ সুৰক্ষা, জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ, পৌৰাণিক ঐতিহ্যৰ উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণ, তথ্য প্ৰযুক্তিৰ সংযোজন, ভিন্নতা, বিচিত্ৰতা, সামাজিক সুস্থিৰতা ইত্যাদি হৈ পৰিছে অপৰিহাৰ্য মাপকাঠীস্বৰূপ৷

ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত পৰ্যটন এতিয়া প্ৰধান উদ্যোগলৈ পৰ্যবসিত হৈছে৷ কেৰালাত পৰ্যটনে ব্যৱসায় আৰু নিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ১ নং স্থানত অৱতীৰ্ণ হৈছে৷ কেৰালাৰ পাছতে ৰাজস্থান, মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক, চিকিম, উত্তৰ প্ৰদেশ, তামিলনাডু ৰাজ্যৰ নাম ল'ব পাৰি৷ বিশ্ব ভ্ৰমণ আৰু পৰ্যটন সংস্থাৰ হিচাপ অনুসৰি ২০১৭ বৰ্ষত ভাৰতবৰ্ষত পৰ্যটনৰ পৰা ২৮ লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহ হ'ব, প্ৰায় ৭০ লাখ লোকে কৰ্মসংস্থান লাভ কৰিব৷ দেশৰ এইটো প্ৰান্তত ইনাৰ লাইন পাৰ্মিটে ভ্ৰমণকাৰীৰ আগমন বা প্ৰৱেশত কিছু পৰিমাণে নিৰুৎসাহিত কৰিলেও নৈসৰ্গিক সৌন্দৰ্য আৰু অপূৰ্ব প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধ অৰুণাচল প্ৰদেশ দেশী-বিদেশী পৰ্যটকৰ বাবে সদায়েই আকৰ্ষণীয় তথা সন্মোহনী স্থল৷ মধ্য অৰুণাচলৰ পূৰ্ণ সম্ভাৱনাময় এই মেন্‌-চু-খাক এতিয়া আমি পোৱা ধৰণে মুকলিমূৰীয়া, আতিথ্য-পৰিচৰ্যা তথা অপৰাধশূন্য স্থান হিচাপে বৰ্তাই ৰাখি পৰ্যটকে বিচৰা ধৰণে সা-সুবিধাসমূহ গঢ় দি ল'ব পাৰিলে যি দেখিছোঁ গেবু চোনাহঁতৰ ভৱিষ্যতলৈ চিন্তা কৰিবলগীয়া বিশেষ একো নাথাকিবই৷ ইয়াৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই যিকোনোজন লোককে সহজেই আকৰ্ষণ কৰিব পাৰে আৰু তাৰ দ্বাৰা পৰ্যটন ক্ষেত্ৰখনত বহুখিনি উন্নয়ন সাধিবৰ থল আছে৷

শেহতীয়াভাৱে এড্‌ভেন্‌চাৰ্‌ টুৰিজিমে ইয়াত নতুন এক পৰ্যায় পাইছেহি৷ তাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে সম্ভাৱনাময় যুৱচামক দুঃসাহসিক পৰ্যটনৰ বহল ক্ষেত্ৰখনলৈ আগ বঢ়াই অনাটো জৰুৰী৷ মাউণ্টেনিয়াৰিং, ৰক্‌ ক্লাইম্বিং, জাংগল চাফাৰী, ট্ৰেকিং, জাংগল কেম্পিং, ৱাটাৰ স্পৰ্টচ, পৰম্পৰাগত নৃত্য-গীত, আধুনিক জনপ্ৰিয় সংগীত আদিৰ লগতে পৰ্যটনক ব্যৱসায়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবৰ বাবে উদ্যোগী উন্নয়ন, ব্যৱসায়িক দক্ষতা বৃদ্ধি, দায়বদ্ধতাৰ শিক্ষা, আইনী কাৰ্যকলাপ, অতিথি সৎকাৰ আদিৰো প্ৰশিক্ষণ দিব লাগে৷ শেহতীয়াকৈ প্ৰাপ্ত এক আনন্দদায়ক খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ পৰ্যটন ক্ষেত্ৰলৈ আগ বঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰা ৩১ জানুৱাৰী ২০১৭ তাৰিখে মেন্‌-চু-খাৰ জি.টি.এল. হ'মষ্টে'লৈ অৰুণাচল টুৰিজিম্‌ এৱাৰ্ড ২০১৬ আৰু প্ৰশংসন-পত্ৰ আগ বঢ়োৱা হ'ব৷ মেন্‌-চু-খাৰ বাবে এইটো সঁচাকৈয়ে সন্তুষ্টি আৰু উৎসাহজনক বাৰ্তা৷

নিশাৰ সাজ খাবৰ বেলি হ'ল৷ পাকঘৰলৈ উঠি গৈ দেখোঁ যে টিভিত ইণ্ডিয়ান ছুপাৰ লীগৰ খেল চাই চাই শিৱদেবে ভাত খাই আছে৷ আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথ্‌লেটিক ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ.চি.ৰ খেল আছিল৷ পাহৰিয়েই গৈছিলোঁ৷ এতিয়া স্ক্ৰীণলৈ দৃষ্টি দি স্ক'ৰ দেখি চকু কপালত উঠিল৷ এন.ই.ইউ.এফ.চি. ২, দিল্লী ডাইনামোজ ০৷ খেলৰ ৬০ আৰু ৭১ মিনিটত ক্রমে চেইত্যাসেন আৰু ৰ'মাৰিকে গ'ল দিলে৷ ভাল লাগিল নৰ্থ ইষ্টৰ উদ্‌গতি দেখি৷ মূঢ়া এটা লৈ ময়ো খেল দৰ্শনত বহি গ'লোঁ৷ চাংগে' আৰু নানায়ো আগৰে পৰাই চাই আছিল৷ নানাক সুধিলোঁ, 'ফুটবল খেলা ভাল পায়নে?' তাই উত্তৰ দিলে, 'খেলা দেখোঁ৷ আমাৰ মুখৰ আগৰ ফিল্ডখনতো ল'ৰাবোৰে খেলে৷ বুজি হ'লে নাপাওঁ৷ সেয়ে সিমান ভাল নাপাওঁ৷' অথনিৰ বিলিয়াৰ্ডছ্‌ খেলটোলৈ মনত পৰিল মোৰ৷ মেন্‌-চু-খাৰ যুৱচামৰ মাজত এই খেলবিধেও এতিয়া জনপ্ৰিয়তা লভিছে৷ পুনৰ টিভিৰ স্ক্ৰীণত মনোনিৱেশ কৰিলোঁ৷ শেষ মুহূৰ্তত মাৰ্কি প্লেয়াৰ মাৰ্চেলিনহোৱে দিল্লীৰ হৈ এগ'ল পৰিশোধ কৰিলে৷ দীঘলীয়া হুইচেলেৰে ৰেফাৰীয়ে খেলখনৰ সমাপ্তি ঘোষণা কৰিলে৷ ২-১ গ'লত এন.ই.ইউ.এফ.চি. জিকিল৷ এই জয়লাভে আই.এছ.এল.ৰ চলিত চিজনত ছেমি ফাইনেললৈ দলটো উন্নীত হোৱাৰ আশা জীয়াই ৰাখিলে৷ ঘৰুৱা দলৰ বিজয়ত আমাৰ মুখতো হাঁহি বিৰিঙিল৷

খেল শেষ হোৱাত ভাত দিলে৷ সংগী কেইবাজনেও খেলৰ মাজতেই খালে৷ ইংকিয়ঙৰ পৰা অহা দলটো কালিয়ে গ'ল৷ বেজাৰ লাগিল যে ক্ৰৱেচিয়ানজনকো শেষ মুহূৰ্তত লগ নাপালোঁ৷ পুৱাই যাবগৈ নামৰূপৰ বাইকাৰ দুজন৷ আমিও ওলাম৷ কাইলৈ ঘৰ ঠাণ্ডা হৈ পৰিব৷ তাকে লৈ নানাই দুখ প্ৰকাশ কৰিলে৷ আৰু কেইদিনমান থাকি যাবলৈ খাটিলে৷ কিন্তু আমাৰযে বন্ধা সময়! নামনিমুৱা ৰে'লৰ ৰিটাৰ্ণ টিকট কটা আছে জয়ন্তদাহঁতৰ৷ ডিফুৰ পাৰ্টীৰ বাৰু তেনেকুৱা ভেজাল নাই৷ আল'ৰ পৰা অৰূপদা, প্ৰদীপদা আৰু মোৰ কাৰ্যসূচী অকণমান পৃথক হ'ব৷ জয়ন্তদা, ৰাজীৱ, কাটাউচ আৰু দীপকদাক এৰি অন্য এক এড্‌ভেন্‌চাৰ চলিব৷ তাকে লৈ তলে তলে ছট্‌ফটাই আছোঁ৷ ইফালে আমাৰ দৰে নিৰ্ভেজাল মানুহকেইটা পাই গৃহস্থই বৰ ভাল পাইছে যেনেই লাগিছে৷ কথা-বতৰা, ভাব-ভংগীত এইটো প্ৰকাশ্যভাৱে ধৰা পৰিছে৷ আমিও গেবু চোনাৰ পৰিয়ালটোক খুবেই ভাল পাইছোঁ৷ আন্তৰিকতা বাৰুকৈয়ে শিপাইছে পৰস্পৰৰ মাজত৷

মেম্বাসকলে চাহক চাং বুলি কয়৷ ভাত খাই উঠি জুই পুৱাই কথা পাতি থাকোঁতে নানাই ঘপহকৈ মোক সুধিলে, 'দাদা, চাহ খাব আপুনি?' মই 'নালাগে' বুলি মূৰ জোকাৰিলোঁ, কাৰণ বস্তু-বাহানিবোৰ থান-থিত লগাবলৈ আছে৷ চাহ কৰাৰ নামত তাইক এই ঠাণ্ডাখনত কষ্ট দিবলৈও সত নগ'ল৷ অকলে বহি থাকি কথাকে পাতিলোঁ৷

৯.৩০ বজাত মেল সামৰি ৰূম পালোঁহি৷ বিছনাখনৰ সিটো মূৰে দীপকদা শুই পৰিছে৷ শেতেলিত বাগৰাৰ আগেয়ে বস্তুবোৰ অলপমান ঠিক-ঠাক কৰি থওঁ বুলি ভাবিলোঁ৷ অলপ পাছতে জেনেৰেটৰ অফ্‌ কৰিব৷ গোটেইখন অন্ধকাৰত ডুবিব৷ ইয়াত কাৰেণ্টৰ যথেষ্ট সমস্যা আছে৷ সেইটো এইকেইদিন প্ৰেক্‌টিকেলি দেখিলোঁ, বুজিলোঁ৷ জেন্‌ চেট্‌ বন্ধ কৰাৰ আগতেই নিজৰ বয়-বস্তুবোৰ সামৰিবলৈ লাগি গ'লোঁ৷ আৰু এসময়ত বিছনাত উঠিলোঁ৷


No comments:

Post a Comment