কোনোবাই কৈছিল, হাজাৰ কিতাপ পঢ়াৰ সমপৰ্যায়ৰ হ’ব পাৰে এটা মাত্ৰ যাত্ৰা ৷ হ’লেও কিন্তু, আমাৰ সমাজত এতিয়াও ভ্ৰমণ-পৰ্যটনৰ দৰকাৰী-গুণকাৰী দিশটো ভালকৈ পোহৰলৈ বা চৰ্চালৈ অহাই নাই ৷ ভ্ৰমণ শিক্ষাৰ এটা অংগ ৷ উচিত কথা ৷ পিছে সংলাপ আৰু ৰচনা লিখাতে সীমাবদ্ধ হৈ থাকিল বহুতৰে জীৱন-যাত্ৰা ৷ শুনাত বেয়া, দুখ লগা ৷ এটা সত্য হ’ল, অনেক সময়ত যাত্ৰাক ‘বেহুদা কাম’ বুলিয়ে গণ্য কৰি অহা হৈছে ৷ ঘৰৰ পৰা নোলালেই ভাল ৷ এইজাতীয় মনোভাব এতিয়াও ঘৰে ঘৰে চলে ৷ অপ্ৰিয় হ’লেও সঁচা ৷ সেয়া যি নহওক, লংতাং পাহাৰৰ অচিন দুৰ্গমতাত ঘূৰি-ফুৰি এইবাৰ এটা বেলেগ জাতৰ অভিজ্ঞতা লভিলোঁ ৷
কৰকাণ্ঠিছ’ক ইতিমধ্যে পিকনিক স্পটৰূপে ঘোষণা কৰা হৈছে ৷ কিন্তু ইয়ালৈ আহি মই চিন্তাত পৰিছোঁ অন্য এক কথা লৈহে ৷ বনভোজথলীক পৰ্যটনথলীলৈ কেনেকৈ ৰূপান্তৰিত বা উন্নীত কৰা যায় ? কামটো কোনে কৰিব ? যিমান সোনকালে কৰিব পাৰি সিমানেই মংগল ৷ আবেলিৰ মিঠা ৰ’দজাক গাত লৈ তাকে মনে মনে গুণা-গঁথা কৰি জংঘলৰ মাজৰ লিকে লিকে পায়চাৰি কৰি আছোঁ ৷ পিকনিক স্পটৰ সংখ্যা বৃদ্ধিয়ে আমোদ-প্ৰমোদ বঢ়াইছে ঠিকেই, সম্ভাৱনাক উন্নয়নমুখী কৰিব পাৰিছেনে ? বৰঞ্চ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাটোহে সুস্পষ্ট ৷ ফলস্বৰূপে যথেষ্ট হানি-বিঘিনি হ’ব ধৰিছে ৷ পৰিৱেশ প্ৰতিকূল হৈছে ৷ এই অভিযানত তাৰে এটা সত্য অলপ আগতে প্ৰত্যক্ষভাৱে মুখৰ আগলৈ আহিল ৷ মনৰ গোপন কুঠৰীত ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ বা-মাৰলীৰ সৃষ্টি হৈছে ৷ কাকো একো কোৱা নাই ৷ স্থান-কাল-পাত্ৰ নোচোৱাকৈ কিছুমান কথা ঘপহকৈ আনক ক’ব নোৱাৰি ৷
অৰূপদাই ৰ’দত মেলি দিয়া কাপোৰ আৰু জোতা-মোজা পৰীক্ষা কৰিব ধৰিছে ৷ ‘শুকালনে নাই ?’ ৰিং মাৰি দিলোঁ ৷ ‘আধা শুকাইছে, আধা তিতিয়ে আছে ৷ উপায় নাই ৷ পিন্ধিবই লাগিব ৷’ ওচৰ চাপি গ'লোঁ ৷ অলপ পাছতে আমি প্ৰস্থান কৰিম ৷ পেণ্টটো পিন্ধি থাকিয়ে তেওঁ মুখ খুলিলে ৷ প্ৰসংগ হৰিণা ৷ অন্তৰাত্মাৰ কথা মিলি যোৱাত দুয়োৰে মাজত গম্ভীৰ চৰ্চা আৰম্ভ হ’ল, একাষৰীয়াকৈ ৰৈ ৷ তেওঁ সেইবিধ নাখায় ৷ ইয়াতো খোৱা নাই ৷ বিবেকে নকয় খাবলৈ ৷ অৰূপদাই কি কি নাখায় লিষ্ট শুনাই গ’ল ৷ ইফালে মই হ’লোঁ নিৰামিষভোজী ৷ সা-সোৱাদ বুজিবলৈ তেতিয়াই নিশিকিলোঁ, বা নিশিকালে ৷ গতিকে আকৰ্ষণো নাই ৷ আজি পিকনিকত আলহীৰ সন্মানাৰ্থে ক’ৰ পৰা কেনেকৈ গোটালে নাজানো ৷ সোধা-পোছা কৰা নাই যদিও এইটো বুজি নোপোৱাকৈও থকা নাই যে এইফালৰ জংঘলত জন্তুবিধ নিশ্চয়কৈ আছে আৰু চিকাৰো নিৰ্বিবাদে চলি থাকে ৷ এতিয়া আচল প্ৰশ্ন হ’ল, কামটো বন্ধ কৰা যায় কিদৰে ?
বুজি পাওঁ যে পাহাৰীয়া স্থানীয় সাধাৰণ আৰু অভাৱী অধিবাসীৰ কাৰণে বনাঞ্চলেই জীৱন নিৰ্বাহৰ উৎসথলী ৷ গৃহ নিৰ্মাণৰ বাবে কাঠ-বাঁহ-বেত ইত্যাদি, দৈনন্দিন আহাৰৰ প্ৰয়োজনীয় বনৰীয়া শাক-পাচলি, মাছ-মঙহ, ইন্ধনৰ কাৰণে খৰি ৷ বিশেষভাৱে পাহাৰৰ দাঁতি-কাষৰীয়া আৰু ভিতৰৰ মানুহবোৰ অৰণ্য আৰু নৈ-নিজৰাৰ ওপৰতে নিৰ্ভৰশীল ৷ একাংশ লোকে বিভিন্ন পদ্ধতিৰে বিভিন্ন বস্তু আহৰণ কৰি বিক্ৰীও কৰে, আৰু তেনেকৈয়ে পেট প্ৰৱৰ্তায় ৷ যুগ যুগান্তৰ ধৰি এই একেটাই প্ৰক্ৰিয়া বৰ্তি আহিছে ৷ সংগ্ৰাহক বৃত্তি এৰিব পৰা নাই আৰু সতকাই নোৱাৰেও ৷ এনেস্থলত গভীৰ মনোকষ্টত ভুগিলেও নিজে আঁতৰি থকাৰ বাহিৰে সদ্যহতে আমাৰ কৰণীয় কি ? ভাষণ শুনাই কিবা লাভ আছেজানো ? অনুচ্চস্বৰে আলোচনা চলি থাকিল উভয়ৰে মাজত ৷
এনেকুৱা হয়তো হ’ব পাৰে যে পৰিচয় সলনি কৰিব লাগিব এই ঠাইবোৰৰ ৷ বৰ্তমান প্ৰচলিত ধাৰাৰ বিপৰীতে পৰ্যায়ক্ৰমে নতুন ধাৰা আৰু ধাৰণাৰ সৃষ্টি কৰিব লাগিব ৷ চিকাৰীক সংৰক্ষকলৈ সলনি কৰাৰ পলিচী ৰচনা কৰিব লাগিব ৷ নাগালেণ্ডৰ আংগামীসকলৰ মাজত যিটো দেখিছিলোঁ ৷ ডিব্ৰু-ছৈখোৱাৰ ক্ষেত্ৰত যি সত্যৰ এদিন মুখামুখি হৈছিলোঁ ৷ নহ’লে মানসিকতা সলনি হোৱাৰ আশা ক্ষীণ ৷
জলপ্ৰপাত আৰু বনাঞ্চলত থকা উদ্ভিদ তথা প্ৰাণী জগতক কেন্দ্ৰ কৰি পৰিৱেশ অনুকূল, বহনক্ষম পৰ্যটন উদ্যোগ গঢ়ি তোলাটো বিকল্প বা উত্তৰ হ’ব পাৰে ৷ তেতিয়া হ’লে সংৰক্ষণমূলক কাম নিশ্চয় সাধন হ’ব ৷ অন্যথা ঘন অৰণ্যৰ অভ্যন্তৰত কি ঘটি আছে তাৰ সঠিক বতৰা দূৰত থাকি কোনেও কাহানিও জানিবৰ সাধ্য নাই ৷ আনহাতে, বন্য জীৱকুল, উদ্ভিদকুলৰ সুৰক্ষাৰ স্বাৰ্থতে লংতাং পাহাৰৰ এনে এখন আপুৰুগীয়া অৰণ্য সংৰক্ষণ কৰাটো প্ৰয়োজনীয় পদক্ষেপ হ’ব চাগৈ ৷ বনজ সম্পদ তথা বন্যপ্ৰাণী পৰিচালনা, নিৰাপত্তা তথা চোৰাং চিকাৰ ৰোধ, পানী, শিল, বালিৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে, ঊৰ্ধ্বতন মহলে গুৰুত্ব দিলে অনাকাংক্ষিত কাৰ্য-কলাপসমূহ এদিন থমকি ৰ’ব বুলি ভাবিব পাৰি ৷
ইফালে পৰ্যটকৰ আগমনৰ পৰা নঞৰ্থক প্ৰভাৱ যাতে কাৰো ওপৰত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ঠাইলৈ পৰিৱহণ এনে ধৰণৰ হ’ব লাগে, যাৰ পৰা প্ৰদূষণৰ মাত্ৰা কম হয় বা নহয় ৷ যি দেখিলোঁ, মিনাৰেল ৱাটাৰৰ বটলৰ ইয়াত প্ৰয়োজন নাই ৷ পানী ফট্ফটীয়া ৷ প্লাষ্টিকৰ ব্যৱহাৰ যাতে নহয় তাৰ প্ৰতি সচেষ্ট হোৱা উচিত ৷ মুঠতে ঠাইটুকুৰাক আকৰ্ষণীয় পৰ্যটনথলীৰূপে গঢ় দিয়াত যথাযথ গুৰুত্ব দিব লাগিব ৷ কি ধৰণৰ এডভেন্সাৰ এক্টিভিটি আৰু অৱসৰ বিনোদন উপলব্ধ কৰিব পৰা যায় তাৰ চিন্তা-চৰ্চা হ’ব লাগে ৷
স্থানীয় ৰাইজে স্বেচ্ছাসেৱী সংগঠন খুলি আগমনকাৰীৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাত চকু দিব পাৰে ৷ আগমনকাৰীৰ প্ৰস্থানৰ সময়লৈ নজৰ দিব পাৰে ৷ প্ৰয়োজনপক্ষে মাচুল নিৰ্ধাৰণ কৰিবও লাগিব পাৰে ৷ পৰিপাটিকৈ তাৰ হিচাপ-পত্ৰও ৰাখিব লাগিব ৷ বিজ্ঞানসন্মত অনাময় ব্যৱস্থা, পানীৰ সুব্যৱস্থা লাগিব ৷ যানবাহন থোৱা ঠাই, খাদ্য ৰন্ধন, কেম্পিং চাইট, পৰম্পৰাগত চাংঘৰৰ নিৰ্ধাৰিত স্থান লাগিব ৷ গাইড, পৰম্পৰাগত আহাৰ ইত্যাদিৰে হাতে-কামে লাগিলে সংস্থাপনৰ বাট মুকলি হ’ব ৷ ওচৰৰ গাঁৱৰ পৰিয়ালসমূহক জড়িত কৰালে সকলোৱেই আৰ্থিকভাৱে লাভৱান হ’ব আৰু ক্ষয়-ক্ষতি প্ৰতিৰোধত নিজেই হাত উজান দিব ৷
ইয়াত ইণ্টাৰনেট সেৱা উপলব্ধ নহয় ৷ কাৰো সৈতে ফোন সংযোগ নাই ৷ গতিকে মুখামুখিকৈ কথা পতাৰ বাদে বেলেগ ব্যস্ততাও শূন্য ৷ কথা পাতি পাতিয়ে ২.৩০ত ওভতনী যাত্ৰাৰ বাবে সাজু হৈ উঠিলোঁ ৷ অৰণ্যৰ মাজে মাজে পিঠিত বেগ লৈ আকৌ এবাৰ মাদকতাপূৰ্ণ খোজ চলিব ৷ পাহাৰীয়া পথত শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত লাখুটি এডালে পথিকক বৰ সহায় কৰে যদিও ঘৰমুখী পদচালনাত সেইডালৰ প্ৰয়োজন কোনেও অনুভৱ কৰা নাই ৷ কাৰণ আগছোৱাত উঠা-নমা সিমান সাংঘাতিক একো নাই ৷ এলেকাটোৰ ভৌগোলিক গঠন পাহাৰীয়া যদিও পাহাৰৰ মাজে মাজে ৰাস্তা কাটি ৰখা ভূপৃষ্ঠৰ উপৰিভাগ ঠায়ে ঠায়ে ওখোৰা-মোখোৰা হ'লেও প্ৰায়খিনিয়েই সমান আৰু সমতল ৷
টেম্প’ত যাবলগীয়া স্থানীয় লোকৰ দলটোৱে হাত জোকাৰি বিদায় জনাই আগ বাঢ়ি গুচি গ’ল ৷ আমাৰ দলটো পাছ পৰিলোঁ ৷ সামান্য আগত, জলপ্ৰপাতৰ পৰা নামি আহি শান্ত ৰূপত বব ধৰা কৰকাণ্ঠিছ’খন ৷ অতিক্ৰম কৰি আগুৱাই থাকি নাতিদূৰত নাৰিকল, তামোল গছেৰে পৰিৱেষ্টিত কাৰবি গাঁৱত সোমাই পৰিলোঁ ৷ জলধাৰাটো পুনৰবাৰ নোপোৱা পৰ্যন্ত পদগমন একে ধৰণেই অব্যাহত থাকিল ৷ তাৰ পাছতে নৈখন দ্বিতীয়বাৰ পাৰ হৈ ৩.১০ত গাড়ীখনৰ কাষ পালোঁহি ৷
জিৰছঙৰ ৱাগন-আৰত বহি ধীৰ গতিৰে গৈ আছোঁ ৷ ধূলিয়ৰি পথ ৷ সন্মুখত তিনিআলি ৷ অথনি আহোঁতেই গম পাইছিলোঁ যে এটা ৰাস্তা লাংলকছ’লৈ গৈছে ৷ আনফালে ছামেলাংছ’লৈ, যিবাটে আমি যাম ৷ সময়-সুবিধা মিলিলে সিটোবাটে এদিন বৰলাংছ’ জলপ্ৰপাত চাবলৈ যাব লাগিব ৷ এইখিনিলৈকে আহি এইবাৰ অঞ্চলটো চিনি থ’লোঁ ৷ অৰূপদা আৰু বাকীসৱৰ ভিতৰচ’ৰাত কি হৈছে নাজানো, ইচ্ছা এটা সংগোপনে মোৰ বুকুৰ মাজত উজ্জীৱিত হৈ ৰ’ল কিন্তু ৷ এটা যাত্ৰাই অইন এটা যাত্ৰাৰ বাট কাটে ৷ এতিয়াৰ পৰা অহৰহ সুযোগৰ অপেক্ষাত থাকিম ৷ অভিজ্ঞতাৰ পৰা ক'ব পাৰি, সুযোগ নিজেই সৃষ্টি কৰিব লাগিব, বৰলাংছ’লৈ যাবৰ বাবে ৷ কাৰবি আংলঙৰ অভ্যন্তৰৰ সেইটো অন্যতম মনোমোহা জলপ্ৰপাত ৷ কম মানুহেহে দেখিছে ৷ লাংলক্চ'ৰ পৰা জংফা ওলাবগৈ পাৰি ৷ ইচ্ছাৰ তালিকাত সিও আছে ৷
যাত্ৰা-ভাবনাত বিভোৰ হৈ ছামেলাংছ’ পালোঁহি ৷ হিচাপ কৰি চালোঁ, ইয়াত উপস্থিত হ’বলৈ গাড়ীখনত উঠাৰে পৰা মাত্ৰ ১০ মিনিটহে লাগিল ৷ হাতত সময় কিছু আছে ৷ কৰকাণ্ঠিছ’ অভিযানৰ সাফল্য উদযাপন কৰা হওক ৷ নহ'লে আৰু সুযোগ নাই ৷ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত হ’ল ৷ গাড়ী ৰৈ গ'ল ৷ পথৰ দাঁতিৰ হোটেল এখনত সোমালোঁ আটায়ে ৷ চাহ আৰু জেলেপি আহিল ৷ খাই উঠি টকবি দম্পতীক কৃতজ্ঞতা জনাই বিদায় মাগিলোঁ ৷ ভৱিষ্যতে পুনৰবাৰ অহাৰ আহ্বান আৰু প্ৰতিশ্ৰুতিৰে ৩.৪৫ত ছামেলাংছ’ এৰি দিলোঁ আমি পাঁচজনে ৷
দুই মংগললৈ মনত পৰিল ৷ ঘূৰি গৈ ক'ব লাগিব, কৰকাণ্ঠিছ' চালোঁগৈ বুলি ৷ বৰ্মনলৈও মনত পৰিল ৷ ডিষ্ট্ৰিক্ট ৱেবচাইটত সংযোজন কৰিবৰ বাবে দৰকাৰী ফটো তুলি আনিছোঁ ৷ টোকা এটাও লিখিব পৰা হৈ গ'লোঁ এতিয়া ৷ নহা হ'লে নোৱাৰিলোঁহেঁতেন ৷
ঠিক ৪.০০ বজাত ধেণ্টাঘাট পালোঁহি ৷ ডকমকাৰ ফালে নগৈ গাড়ী লাংহিন অভিমুখে, অহাবাটেই ঘূৰিল ৷ আগত সোণাপুৰ, মাণিকপুৰ ৷ তাৰ পাছত লাংহিন তিনিআলি ৷ ৪.২০ত লাংহিন পালোঁহি ৷ আঁতৰৰ পৰাই দেখিছোঁ, ডিফু অভিমুখী মাৰ্ক' পল' ষ্টাৰবাছ এখন ৰৈ আছে ৷ কাষতে ৰখালে জিৰছঙে ৷ গাড়ীৰ পৰাই চিঞৰ মাৰিলে অৰূপদাই, ‘চিট আছে ?’ আঃ কি ভাগ্য ! পাই গ'লোঁ ৷ উঠাৰ আগতে ৰাছিনজাক সুধিলোঁ, ‘আজিৰ এই ব্যৱস্থাপনাৰ বাবদ আমি কি দিব লাগিব ?’ ‘একো দিব নালাগে’ বুলি ক’লে তাই ৷ যেন উত্তৰটো জিভাৰ আগতে লাগি আছিল ! হ’লেও জিৰছঙৰ গাড়ীখনৰ তেলৰ খৰছ বুলিয়েই টকা পাঁচশ হাতত ধৰাই বাছত উঠিলোঁ আৰু খালী চিটত দেহা এৰি দিলোঁ ৷ সিহঁত ডকমকালৈ উভতিল ৷
মুহূৰ্ততে আমাৰো ষ্টাৰবাছ চলিবলৈ ল'লে ৷ বাটত অৰূপদাৰ উচ্পিচনি ৷ কাপোৰ, জোতা, মোজা ভালকৈ শুকুৱা নাই ৷ অস্বস্তি অনুভৱ হৈছে ৷ বকলীয়াত ৰওঁতে যাত্ৰীসৱ চাহ খাবলৈ নমাৰ সুযোগতে লংপেণ্টটো খুলি হাফপেণ্ট পিন্ধি ল’লে ৷ এতিয়াহে শান্তিৰে কথা পাতিব পাৰিছে ৷
কৰকাণ্ঠিছ’ৰ দিনজোৰা স্মৃতি সঞ্চয় কৰি নিশা ৭ বজাত ঘৰ সোমালোঁ ৷ (সমাপ্ত)
No comments:
Post a Comment