Wednesday, 16 September 2020

এঘাৰ ৷৷ বনভোজ খোৱাৰ আনন্দ

এঘাৰ ৷৷ বনভোজ খোৱাৰ আনন্দ
পিক্‌নিক্‌থলীৰ পকী বেঞ্চ এখন ৷ তাৰ ওপৰতে কৌপাত পাৰি শাৰী পাতি ভাগ ভাগকৈ মাংসবোৰ ৰখা হৈছে ৷ কেইবাবিধো ৰান্ধিছে ৷ স্তুপীকৃত মাংসৰ ওপৰত এজনে ঠোঙা এটাৰ পৰা তিল ছটিয়াব ধৰিলে ৷
স্থানীয় লোকৰ সৈতে সংযোগ সাধন হোৱাটো, গাইড হিচাপে পোৱাটো, এনেকুৱা হাবিতলীয়া ভ্ৰমণ-পৰ্যটনৰ এটা সাহসী, জ্ঞানদায়ী আৰু অতি আমোদজনক দিশ ৷ পৰিস্থিতি আৰু প্ৰসংগক্ৰমে বহুত কথা সহজতে জানিব পৰা যায় ৷ এতিয়াও তাৰেই সুযোগ পালোঁ ৷ কৰকাণ্ঠিছৰ পানীয়ে শীতলাই পেলোৱা দেহাটো বাঁহতলৰ জুইৰে তপতাই আছোঁ ৷ দেহে-মনে প্ৰফুল্লতাই আৱৰি ধৰিছে ৷ কথা-বতৰাবোৰ শুনি আছোঁ ৷
চুঙাত ৰন্ধা খাদ্য-সম্ভাৰে আজি আমাৰ আৰণ্যক ভোজনত বিশেষ মৰ্যাদা লভিছে ৷ মাখন মাখন যেন সোৱাদ লগা দাইল, আলু পিটিকা, বন্ধাকবি ভাজি ৷ এয়া মোৰ নিৰামিষ আহাৰ-তালিকা ৷ আমিষসকলৰতো কবই নালাগে ৷ একেবাৰে ইলাহি কাৰবাৰ ৷ গাহৰি, কুকুৰা, হৰিণা ৷ তিনিবিধকৈ মাংস ৷ আৰু আছে অৰূপদাই ছামেলাংছত কিনা সতেজ ৰৌমাছ ৷ কিমান খাব পাৰি তাৰে যেন বাজি ৷
ৱেইটিং শ্বেডৰ মজিয়াত গোলাকাৰভাৱে বহি ভাত খাই থাকোঁতে ৰাছিনজালৈ চাই কলোঁ, তুমিযে সিদিনা সুধিছিলা, ভাত কত খাব, জলপ্ৰপাতৰ কাষত নে তোমাৰ ষ্টুডেণ্টৰ ঘৰত বুলি, এতিয়া তুমিয়েই কোৱা, বন্ধঘৰত ডাইনিং টেবুলত বহি খোৱা ভাতসাজত প্ৰকৃতিয়ে যোগোৱা এই বিমল আনন্দভাগ পালোঁহেঁতেন জানো ? তাই হাঁহিলে ৷
১.৫০ত দিনৰ আহাৰ গ্ৰহণ সমাপ্ত হল ৷ ওচৰতে বগাই থকা জংঘলী পাণ আৰু অথনি বুটলি লোৱা কেঁচা তামোলেৰেই মুহুদি কৰা হৈছে ৷ হাঁহি-আনন্দ কৰি কথা পাতি থকাৰ মাজতে লাহেকৈ আমাৰ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত লোৱা হল ৷ বিয়লিটো দীঘলীয়াকৈ কটাবৰ মন আছিল যদিও, আমি উভতিব লাগিব ডিফুলৈ ৷ লাংহিনৰ পৰা বাছ ধৰিব লাগিব ৷ সময় মিলোৱাৰ প্ৰশ্নটো সাঙোৰ খাই আছে ৷
সেয়ে বস্তু-বাহানি যাৰ যত যি আছিল, সামৰি লোৱা হল ৷ জেগা চাফা কৰা হল ৷ জুই নুমুৱা হল ৷ বাটলৈ ওলাওঁতেই বাবুল ইংতি গাঁৱৰ বাসিন্দা এজনক লগ পালোঁ ৷ মানুহজনে চাইকেল এখনত আগে-পাছে নাতি-নাতিনী এহাল বহুৱাই, হেণ্ডেলত দুফালে দুটা বেগ ওলোমাই লোৱাৰ উপৰি লাগতিয়াল বস্তু কঢ়িয়াই আনিছে ৷ লগত সৰু জীয়েক ৷ সুযোগ পাই ভাব বিনিময় কৰিলোঁ ৷ ছামেলাংছত আটাইকে থৈ তেওঁ গাঁৱলৈ ঘূৰি আহিব ৷ আহোঁতে আন্ধাৰ হৈ যাব ৷ ছোৱালীজনীয়ে ডিফু চৰকাৰী মহাবিদ্যালয়ত পঢ়ে ৷ কল্পনা কৰি চালোঁ, এইহেন ভিতৰুৱা অঞ্চলৰ পৰা পদব্ৰজে ওলাই গৈ জিলা সদৰত হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰাটো কম কষ্টকৰ আৰু চিন্তনীয় কথানে, বিশেষকৈ যাতায়াতৰ দৃষ্টিকোণৰ পৰা ! অনেক প্ৰত্যাহ্বানৰ মাজেৰে এনেদৰেই জীৱন-যাত্ৰা আগুৱায় আমাৰ গ্ৰাম্য জনসাধাৰণৰ ৷ সুচল পথ-পদূলি কেতিয়া হব কোনেও কব নোৱাৰে ৷ বাৰিষা দুৰ্দশাৰ মাত্ৰা কাকো কৈ বুজাব নোৱাৰা ধৰণৰ হয় ৷ নেতাৰ আগমন ঘটে নিৰ্বাচনৰ সময়ত ৷ এই লৈ অভিযোগ আগৰে পৰাই আছে ৷ কথা প্ৰসংগত এতিয়াও শুনা পালোঁ ৷
স্থানীয় আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে এই থলীখনৰ আলম লব নোৱাৰিনে ? চিন্তা কৰি পাওঁ যে ছামেলাংছক কেন্দ্ৰ কৰি এইটো দিশত ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰৰ জৰিয়তে বহনক্ষম পৰ্যটন সেৱা আৰম্ভ কৰিব পৰা যায় ৷ লাংহিন, ডকমকাত কাৰ্যালয় খুলি তাৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰি, গাইড কৰিব পাৰি ৷ ইয়াৰ জৰিয়তে থলুৱা লোকৰ কৰ্মসংস্থাপনৰ সুযোগ-সুবিধা সৃষ্টি হব ৷
কৰকাণ্ঠিছলৈ ডকমকাৰ পৰাও আহিব পাৰি, লাংহিনৰ পৰাও আহিব পাৰি ৷ দুয়োটা পথ ধেণ্টাঘাটত মিলিছে ৷ ধেণ্টাঘাটৰ পৰা আগলৈ ছামেলাংছ ৷ ছামেলাংছত বাহৰ পাতিও স্থানীয় পথ-প্ৰদৰ্শকৰ সহযোগত দিনটোজোৰা কাৰ্যসূচী অনায়াসে লব পৰা যায় ৷ এই ঠাইলৈ আহিবৰ কাৰণে কাৰো আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন নাই ৷ প্ৰৱেশৰ ক্ষেত্ৰতো কোনো বাধা-নিষেধ নাই ৷ ইয়ালৈ অহাৰ উপযুক্ত সময়টো শীতকাল যদিও অৰণ্যপথৰ শিহৰণকাৰী মাদকতা আৰু ৰোমাঞ্চ উপভোগৰ বাবে বাৰিষাও আহিব পৰা যায় ৷ (ক্ৰমশঃ)

No comments:

Post a Comment