পাঁচ ৷৷ অৱশেষত...
ৰাছিনজাৰ সদৰ্থক ফোনকলটো পায়ে তৎক্ষণাৎ সজীৱ হৈ উঠিলোঁ ৷ প্ৰত্যুত্তৰত কোৱা হ'ল যে মোৰ সৈতে ডিফুৰ পৰা সংগী এজন যাব কিন্তু ৷ গাড়ীত দুজনৰ কাৰণে জেগা লাগিব ৷ সুধিলে, ‘কোননো, জানিব পাৰোঁনে ?’ ‘অৰূপদা, তুমি চিনি পোৱাই নিশ্চয় ৷’ তাই সন্মত হ’ল ৷ কথা-বাৰ্তা তেনেকৈ নাই যদিও চকুৰ চিনাকি আছে ৷ কাৰণ অৰূপদা ৰাছিনজাৰ দেউতাকৰ হাইস্কুলীয়া দিনৰ সহপাঠী আছিল ৷ পুৰণা চিনা-জনা ৷ গতিকে অসুবিধা পাবলগীয়াও একো নাই ৷
হাতত এটা
মাত্ৰ দিন আছে ৷ পোনে পোনে অৰূপদাক দিলোঁগৈ খবৰটো ৷ পেৰা পেৰিৰ প্ৰসংগ নাই ৷ না কৰাৰো
প্ৰশ্ন নাই ৷ মৰহি যোৱা মনটো তেওঁৰ জীপাল হৈ পৰিল, আগন্তুক কাৰ্যসূচী সম্বন্ধে
অৱগত হোৱাৰ লগে লগে ৷ নতুন নতুন জল্পনা-কল্পনা আৰম্ভ হৈ গ’ল তৎমুহূৰ্ততে, দুয়োৰে মাজত ৷ অৰণ্যৰ মাজে মাজে ট্ৰেকিং-হাইকিং মানেই কিছুমান অবুজ শিহৰণ ৷ মংগল-পত্নীয়ে সিদিনা আচম্বিতে থমকাই দিয়াৰ পাছত ৰাস্তাটো এয়া নকৈ খুলিছে
৷ তাকে লৈ ধেমালিও দুগুণ চৰিছে ৷
২৯ ডিচেম্বৰ
তাৰিখটো আহি পালে ৷ আগৰাতি ৰাছিনজাক ফোন কৰি আমাৰ শেহতীয়া স্থিতি আৰু পৰিস্থিতি সম্বন্ধে
জনাই দিছিলোঁ ৷ সিফালৰ অগ্ৰগতিৰো বুজ লৈছিলোঁ ৷ ষ্ট্ৰেচিং ৰাইচ, কণী বইল আৰু কিবা-কিবি প্ৰস্তুত
কৰি থকা বুলিছিল তাই, বাটত খাবলৈ ৷ ‘পুৱা ৫
বজাৰ বাছখনতে কাইলৈ অৰূপদা আৰু মই যাত্ৰা কৰিম, লাংহিনত নামিম, তাতে পৰস্পৰ দেখা-দেখি
হ’ম ৷’ ‘অ’.কে., ৱেলকাম’ বুলি ৰাছিনজাই
ফোন সামৰিছিল ৷
কথামতে
কাম ৷ শেষ ডিচেম্বৰৰ শীতকো আওকাণ কৰি আন্ধাৰতে ঘৰৰ পৰা পদব্ৰজে ওলাই দিলোঁ ৷ টাৰ্গেট, থানা ৰ’ডত ৰৈ থকা অৰূপদা ৷ সোনকালেই
লগা-লগি হ’লোঁ আমি ৷ দুয়োৰে পিঠিত বেগ ৷ মোৰ বেগত কেমেৰা, পানীৰ বটল, গামোচা, হাফপেণ্ট ইত্যাদি ইত্যাদি ৷ হাঁহি-মাতি কথা পাতি পাতি গৈ থাকি ১ নং পুলিচ পইণ্ট নাপাওঁতেই
পাই গ’লোঁ ডিফু-তেজপুৰ ষ্টাৰবাছখন ৷ কাউণ্টাৰৰ পৰা
ওলাই আহিছে ৷ বহিবলৈ চিটো দুটা মিলি গ’ল ভাগ্যত ৷ ৰাওনা হ’লোঁ লাংহিনলৈ ৷ ডিফুৰ পৰা তালৈ দূৰত্ব ৭৫ কিল’মিটাৰ ৷
১৬ কিল’মিটাৰ আঁতৰত মাঞ্জা তিনিআলি ৷ মাঞ্জাত ৩৬ নং
ঘাইপথত উঠি লোৱাৰ পাছতে গাড়ীৰ গতি বাঢ়ি গ’ল ৷ টোপনিয়াবলৈ যত্ন কৰিলোঁ যদিও অনামী উত্তেজনা কিছুমানে
সেইটো কৰাত বাধা দি থাকিল ৷ লগত আনিব নোৱাৰা দুই মংগলৰ মুখ দুখনো মনৰ পৰ্দাত
ভাহি থাকিল ৷ উপায় নাই ৷
৬.৫০ত লাংহিন তিনিআলি পোৱাই দিলে ৷ দুয়ো নামিলোঁ ৷ তিনিআলিৰ পৰা সোঁহাতে
সোমাই যোৱা পথটোৰেই চলিব আমাৰ পৰৱৰ্তী খেপৰ যাত্ৰা ৷ সেইপথে গৈ পোৱা নাই
কেতিয়াও ৷ সেইফালেই অকণমান আগলৈ অৱস্থিত হোটেল এখনত বহিছিলোঁগৈ ৷ পিছে পুৱাই
পুৱাই যিহে পুৰি-ভাজি পৰিৱেশন কৰিলে, অৰূপদা লগে লগে নাৰাজ হৈ গ’ল ৷ উঠি আহি তিনিআলি পালোঁহি ৷ এচুকত বড়ো মহিলা
দুগৰাকীয়ে কেটলিৰ সাঁফৰতে ভাপত দিয়া পিঠা বনাই আছে ৷ ওচৰৰে হোটেলৰ পৰা অনা লালচাহৰ
সৈতে পিঠা দুখনকৈ পেটত পেলাই লৈ পথৰ দাঁতিৰ ৱেইটিং শ্বেডত বহি থাকিলোঁ ৰাছিনজা অহালৈ বাট
চাই চাই ৷ বতৰ ভাল আজি ৷
ডিফু মহকুমাৰ অন্তৰ্গত ছামেলাংছ' উন্নয়ন খণ্ডৰ মুখ্যালয় ডকমকা ৷ কাৰবি আংলং জিলাখনত ৬খন সংবিধিবদ্ধ চহৰ আছে ৷ তাৰ মাজতো ডকমকা অন্যতম ৷ লাংহিনৰ পৰা ১০ কিল’মিটাৰ
আগলৈ ডকমকাৰ অৱস্থান ৷ ফোন কৰাত ৰাছিনজাই ‘ডকমকাৰ পৰা এয়া ওলাই আছোঁ ছাৰ’ বুলি ক’লে ৷ কিন্তু কি হ’ল জানো, নাহেহে নাহে ৷ চাই চাই চকু বিষাই গৈছে ৷ অস্থিৰ হৈ পৰিছোঁ ৷
সোনকালে যাবগৈ লাগে ৷ তেহে জংঘলত ঘূৰিবলৈ সময় অধিক পাম ৷
অৱশেষত মাৰুতি ৱাগন-আৰ এখন ওলালহি ৷ ৰাছিনজাই চকুত চকু পৰা মাত্ৰকে
ড্ৰাইভাৰক ৰ’বলৈ ইংগিত দিলে ৷ এক প্ৰকাৰ দৌৰিয়েই কাষ পালোঁহি ৷ সম্ভাষণ
বিনিময়ৰ লগে লগে পোনেই তাই ক্ষমা প্ৰাৰ্থনাহে কৰাত লাগিল ৷ 'গাড়ীখনে দেৰি কৰালে ৷
আচলতে যিখন লৈ অহাৰ কথা আছিল সেইখন অইনফালে যাবলগীয়া হোৱাত এইখন মেনেজ কৰিবলগীয়া হ’ল আৰু সেয়া কৰোঁতেই অলপ পলম হৈ গ’ল ৷' 'কোনো কথা নাই' বুলি কৈ ৰাছিনজাক ধন্যবাদ জনালোঁ, এইখিনি
চম্ভালি লোৱাৰ কাৰণে ৷
ছামেলাংছ’ এতিয়া আমাৰ গন্তব্য ৷ পুৱা ৭.৩০ বজাত
লাংহিনৰ পৰা গতি আৰম্ভ কৰা হৈছিল ৷ এ.এছ.০৯-এফ.৩৬৭৫ নম্বৰৰ ধোঁৱা বৰণীয়া ৱাগন-আৰখনৰ চালকৰ আসনত জিৰছং ৰংফাৰ ৷ যুৱকজনে কৰকাণ্ঠিছ’ৰ ৰাস্তা চিনি পায় ৷ ডকমকাস্থিত বান্ৰে তেৰাংপী
ৰেছিডেনচিয়েল ইংলিছ স্কুলৰ প্ৰিন্সিপাল ৰাছিনজা ক্ৰ’পীৰ উপৰি গাড়ীখনত আহিছে একেখন বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী কুংৰি
ইংতিপী ৷ লগত প্ৰকাশ টকবি ৷ প্ৰকাশ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ গম পালোঁ, তাৰ দেউতাকেই হ’ব আজি আমাৰ গাইড ৷ অচিনাকিকেইজনৰ সৈতে
চা-চিনাকি হৈ ল’লোঁ ৷
দলটোৰ সদস্যসকলৰ ভিতৰত বয়োজ্যেষ্ঠ অৰূপদাক আগচিটত বহিবলৈ দিয়া হৈছে ৷ লাংহিনৰ পৰা মাণিকপুৰ অভিমুখে গাড়ী চলিছে
৷ ঠেক যদিও ৰাস্তাটো মোটামুটি ভালেই ৷ শুনিবলৈ পোৱামতে লাংহিনৰ পৰা ১০ কিল’মিটাৰ উত্তৰত আছে টিলা পাহাৰ ৷ টিলা পাহাৰৰ ১.৫০ কিল’মিটাৰ পূবৰ বগা দ’ল এক প্ৰত্নতাত্ত্বিক সমলথলী ৷ ডকমকাৰ আশে-পাশে এনেকুৱা ভালেমান ঠাই
আছে ৷ কাৰবি আংলঙৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে নিঃসন্দেহে এইবোৰ গুৰুত্বপূৰ্ণ ৷
ডকমকাৰ পৰা টেকেলাংজুন হৈ ধেণ্টাঘাট, ছামেলাংছ’ ওলাব পাৰি যদিও ৰাছিনজাই এইটো পথ বাছি ল'লে ৷ এইফালেদি অলপমান চমু হয় ৷ ৰাস্তাটো তুলনামূলকভাৱে ভাল ৷ সিফালেদি গ’লে ছামেলাংছ’লৈ দূৰত্ব ডিফুৰ পৰা ১০৫ কিল’মিটাৰ হয়গৈ ৷ ধেণ্টাঘাটলৈকে ৯২ ৷ এতিয়া আমি ভ্ৰমি
থকা বৃহত্তৰ লাংহিন অঞ্চলটো বড়ো জনগোষ্ঠী অধ্যুষিত ৷ লাংহিনৰ পৰা ৭ কিল’মিটাৰ আগুৱাই মাণিকপুৰ পালোঁ ৷
সুন্দৰ ৰ’দালী পুৱা ৷ যাত্ৰাৰম্ভৰ আধা ঘণ্টাও হোৱা নাই, বাটতে আমি
কৰকাণ্ঠি নৈখন পালোঁহি ৷ দলঙৰ অৱস্থাহে ভাল বুলিব নোৱাৰি ৷ সাৱধানতাৰ কথা চিন্তা কৰিয়ে চালকজনে
পৰামৰ্শ দিলে যে গাড়ীৰ পৰা যাত্ৰীসকল নামি দিয়া হওক ৷ আমাক নমাই জিৰছঙে খুব লাহে লাহে
দলংখন অতিক্ৰম কৰালে ৷ নৈখনে এইছোৱাত কেঁকুৰিৰ ৰূপ এটা লৈছে ৷ দলঙৰ সিপাৰ হৈ প্ৰত্যেকে
আকৌ নিজ নিজ আসনত উপৱিষ্ট হ’লোঁ ৷ সদ্যহতে সমতলত চফৰ চলিছে যদিও এইখন নৈৰে অগ্ৰভাগত থকা কৰকাণ্ঠিছ’ পাবলৈ হ’লে নিশ্চয়কৈ পাহাৰত সোমাব লাগিব ৷ সেয়া কেতিয়া পামগৈ ? উৎকণ্ঠা, অনুসন্ধিৎসাই মনটোক উগুল-থুগুল
কৰি পেলাইছে ৷ (ক্ৰমশঃ)
No comments:
Post a Comment