আঠ ৷৷ কৰকাণ্ঠিছ’ আলাংচুন
সময় ব্যয় নকৰি কৰকাণ্ঠিছ’ পিক্নিক্ স্পটৰ আৰ.চি.চি. ৰিক্ৰিয়েশ্বন শ্বেডখনৰ পৰা আগলৈ আমি আৰোহণ আৰম্ভ কৰি দিলোঁ ৷ প্ৰথমেই সৰু নলা এটা পাৰ হৈছোঁ ৷ মোৰ দৰেই কুংৰি, ৰাছিনজা, জিৰছংহঁতৰো শুদাভৰি ৷ জোতাবিলাক হাতে হাতে ৷ এনেতে তললৈ ঘূৰি চাই প্ৰত্যক্ষ কৰিলোঁ, এজাক মানুহ ৷ বুজিলোঁ, তাৰ মানে পিক্নিকৰ দলটো পালেহি ৷
টেম্প’খনে তেওঁলোকক দুবাৰকৈ নৈ পাৰ কৰাই,
ওখোৰা-মোখোৰা পথেৰে বহুদূৰ আগুৱাই আনিছিল ৷ অৱশেষত এঠাইত ৰৈ যাবলৈ বাধ্য হ’ল ৷ তাৰ পৰা কোনোপধ্যে চলাই আনিব নোৱাৰি
৷ খোজ কাঢ়িবই লাগিব ৷ এনেকৈয়ে সদলবলে সকলোটি আহি এইমাত্ৰ বনভোজথলীত উপস্থিত
হৈছে ৷ দলটো দেখি, মানুহবোৰৰ উৎসাহ-উদ্দীপনা দেখি ভাল লাগিল ৷ ওপৰত ৰৈ নামনিৰ
দৃশ্যাংশ চাই লৈ আকৌ খোজ আগ বঢ়ালোঁ সন্মুখলৈ ৷ পাহাৰৰ বক্ষত বাঁহনি আৰু অন্যান্য গছ-গছনিৰ মাজে মাজে লুংলুঙীয়া, ওখোৰা-মোখোৰা, এঢলীয়া বাট এটা ওলাই আছে ৷ পৰিৱেশ নিজান, নিস্তব্ধ ৷
আগে আগে যাব ধৰা আমাক দেখা পাই চেঙেলীয়া কেইটাই চিধাই এইফালে পোনালে ৷
সিহঁতৰো মন উচ্চতালৈ যোৱাৰ, জলপ্ৰপাতত পানী খেলাৰ ৷ প্ৰকাশ অহাৰ কথা নাছিল ৷ দেখোঁ
যে, সিও আহি ওলাল ! এইহেন মহা-আয়োজনলৈ পিঠি দি মনটোক ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি
ৰখাটো সম্ভৱপৰ জানো ? মোক দেখা পাই সি হাঁহিলে ৷ ৰাস্তাটো সি চিনি পায় ৷
আগতেও আহিছে হেনো ইয়ালৈ ৷ ভালেই পালোঁ ইহঁতমখাক লগ পায় ৷ ডাঙৰসকলক এৰি ইহঁতৰ লগ লৈ ল'লোঁ আৰু আগত যাব ধৰিলোঁ ৷
প্ৰকাশৰ ভনীয়েক ৰূপলীবন ৷ হেপোৰ-তেপোৰকৈ তায়ো ওপৰলৈ উঠি আছে ৷
লোদোৰ-পোদোৰ ছোৱালীজনী ৷ পঞ্চম শ্ৰেণীত পঢ়ে ৷ তাইৰ লগতে কথা পাতি পাতি গৈ
আছোঁ ৷ চাৰমন টকবি আৰু পাৰ্বতী তেৰাংপীও উঠি আহি আছে ৷ অন্য একাংশ লোক তলতে থাকিল ৷ তেওঁলোকে
বনভোজৰ যা-যোগাৰ কৰিব ৷ বাঁহ কাটিব, চুঙা তৈয়াৰ কৰিব, পানী আনিব, ইত্যাদি ইত্যাদি ৷ ৰাছিনজাই সকলো কথা-বতৰা আগতেই মিলাই ৰাখিছে ৷ কাকো
একো দোহাৰিবলগীয়া নহ’ল ৷
আটায়ে নিজ নিজ ভাগে ব্যস্ত হৈ পৰিল ৷
আমি ক্ৰমান্বয়ে উঠি আছোঁ ৷ শেষ যেন নহ’বই এই আৰোহণ ! লুংলুঙীয়া ৰাস্তাটো গৈ গৈ নৈ এখনৰ পাৰত ওলাল ৷ এইডোখৰ অকণমান
সমান যেন লাগিছে ৷ বাঁওহাতে পোৱা এইখনেই কৰকাণ্ঠিছ’ ৷ ইয়াৰ
পৰাই সশব্দে তললৈ নামিছে ৷ আগলি অংশ চোৱাৰ প্ৰৱণতা আছিল যদিও আজিৰ কাৰ্যসূচীত সেয়া ধৰা
হোৱা নাই ৷ বেলেগে আহিব লাগিব ৷
প্ৰকাশকে ধৰি চেঙেলীয়াকেইটাই বাটটো এৰি দি জংঘল মহতিয়াই অতৰ্কিতে নৈলৈ নামিল ৷
ভয়-ভীত নাই ৷ তাকে দেখি পাছে পাছে ময়ো সিহঁতক অনুসৰণ কৰিব ধৰিলোঁ ৷ অৰূপদাহঁত ভালেমান পাছত আছে ৷ শিলাময় অৱস্থান এইটো ৷ পানীয়ে পানীয়ে, শিলে শিলে অগ্ৰসৰ হ’ব ধৰিলোঁ গোটেইকেইটাই ৷ নদীৰ বুকুত থকা শিল এচটাৰ ওপৰত
থিয় দি পোনে পোনে চাওঁতে অদূৰত দেখা পালোঁ যে সৌখিনিৰ পৰা নৈখনৰ অস্তিত্ব নাই ! অৰ্থাৎ, তাৰ পৰাই
সমস্ত জলৰাশি তললৈ সৰি পৰিছে ৷ এতিয়া মোৰ একমাত্ৰ মতলব সেই স্থানত উপস্থিত হোৱাৰ
৷ লাহে লাহে গৈ থাকিলোঁ আগলৈ ৷ চূড়ান্ত সাৱধানতা আৰু মুহূৰ্তেপ্ৰতি সজাগতা অক্ষুণ্ণ ৰাখি
জলপ্ৰপাতৰ জলৰাশিৰ নিম্নগমন চালোঁ, পানী চুলোঁ, মুখ ধুলোঁ ৷ কেইচলুমান পিও
খালোঁ ৷ শিলত বহি উপভোগ কৰিলোঁ বিৰল দৃশ্যৰাজি ৷ সুখ-সংগীত ওলাই আহিল মুখৰ পৰা,
নিজে ক’ব নোৱাৰাকৈয়ে ৷
ফটো তুলি থাকোঁতেই অৰূপদাহঁত আহি পালে ৷ জপং জপংকৈ আহি আছে এইফালে ৷ গাইডতকৈ আগতীয়াকৈহে আহি পালোঁ দেখোন কৰকাণ্ঠিছ’ ! ইয়াকে লৈ ৰগৰ চলিল অলপ পৰ ৷ ৰাছিনজা, কুংৰি, মীৰা সকলো আহিল, বহিল ৷ অকণমান জিৰাই লৈ লগত অনা ধূপ জ্বলাই পানীত নামি মীৰা তেৰাংপীয়ে প্ৰাৰ্থনা এটা কৰিলে ৷ দেখি কিবা এটা ভাল লাগি গ'ল ৷ প্ৰকৃতিৰ সুন্দৰতা আৰু সুগভীৰ আধ্যাত্মিকতাত মনবোৰ যেন হেৰাই গ'ল সকলোৰে !
ফটো তুলি থাকোঁতেই অৰূপদাহঁত আহি পালে ৷ জপং জপংকৈ আহি আছে এইফালে ৷ গাইডতকৈ আগতীয়াকৈহে আহি পালোঁ দেখোন কৰকাণ্ঠিছ’ ! ইয়াকে লৈ ৰগৰ চলিল অলপ পৰ ৷ ৰাছিনজা, কুংৰি, মীৰা সকলো আহিল, বহিল ৷ অকণমান জিৰাই লৈ লগত অনা ধূপ জ্বলাই পানীত নামি মীৰা তেৰাংপীয়ে প্ৰাৰ্থনা এটা কৰিলে ৷ দেখি কিবা এটা ভাল লাগি গ'ল ৷ প্ৰকৃতিৰ সুন্দৰতা আৰু সুগভীৰ আধ্যাত্মিকতাত মনবোৰ যেন হেৰাই গ'ল সকলোৰে !
১০.০৫ মিনিটত এই শীৰ্ষস্থানডোখৰ পাইছিলোঁহি ৷ বাবুল ইংতি গাঁৱৰ কাষৰীয়া জেগা
এয়া ৷ তামোল গছ কিছুমান অ’ত-ত’ত দেখা পাই আহিছিলোঁ ৷ জংঘলত বগাই থকা পাণ
লতাও দেখিছিলোঁ ৷ সেইবোৰলৈ চাই আগতে ওচৰতে জনবসতি নতুবা কাৰোবাৰ বাৰী আছিল যেন অনুমান
হৈছে ৷ ইয়াৰ পৰা আগলৈ গ’লে
লেমতেম ছিংনাৰ গাঁও পোৱা যায় ৷ লংতাং পাহাৰ এয়া ৷
নদীপৃষ্ঠৰ পৰা শিলগুটি এটা বুটলি বেগত সুমুৱাই ল’লোঁ, মুহূৰ্তবোৰক অনাগত দিনত স্মৰণীয় কৰি ৰখাৰ স্মাৰক হিচাপে ৷ সামান্য যদিও
এই শিলটোৱেই কৈ থাকিব মোক যে ২৯ ডিচেম্বৰ ২০১৯ৰ দিনা কৰকাণ্ঠিছ’ জলপ্ৰপাতটো চাইছিলোঁ ৷
জলপ্ৰপাত ওপৰৰ পৰা চোৱাৰ এক অদ্ভুত মজা আছে, শিহৰণ আছে ৷ মোৰ বাবে এই কাৰ্য এয়াই
প্ৰথম বা এইটোৱে মোৰ জীৱনৰ প্ৰথম
অভিজ্ঞতা নহয় ৷ ইয়াৰ পূৰ্বেও থাই আপ্চিৰ, ডিলাই নৈৰ কেইবাটাও জলপ্ৰপাত,
কয়লালাংছ’, লাংৱ’কু আদি কৰি কেইবাস্থানতো চাক্ষুষ অভিজ্ঞতা লভিছোঁ ৷ প্ৰকৃতিৰ বৰ্ণনাতীত কাৰুকাৰ্য দেখি
অভিভূত হৈছোঁ ৷ এতিয়াও, আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল সৃষ্টিকৰ্তাৰ বন্দনা ৷ কাৰবি
আংলঙৰ সবাতোকৈ ডাঙৰ ভেলৌঘাটৰ জলপ্ৰপাত ডিক্ৰুটপীৰ ওপৰত উঠি চোৱাৰ প্ৰবল হাবিয়াহ আছে যদিও উপযুক্ত
সংগীৰ অভাবত সেয়া তল পৰি আছে ৷ সাকাৰ হ'ব নিশ্চয় কেতিয়াবা ৷
জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঘোঁকটৰ ঠাই এইবোৰ ৷ পাহাৰৰ
অভ্যন্তৰত লোকচক্ষুৰ আঁৰত আত্মগোপন কৰি থকা এনে প্ৰাকৃতিক নৈসৰ্গিকতাৰ কথা সৰহ মানুহেই
গম নাপায় ৷ গম পালেও অহাটো, দেখা পোৱাটো সহজ নহয় ৷ অথচ ইয়াৰ প্ৰদূষণমুক্ত সেউজ সৌন্দৰ্যই অহৰহ হাত-বাউলি মাতি থাকে পৰ্বত-পাহাৰ
আৰু নৈ-নিজৰা ভাল পোৱা, অফ্ ৰ’ড ট্ৰেভেলিং আৰু ট্ৰেকিং-কেম্পিং-এড্ভেন্সাৰ পছন্দ কৰা মানুহবোৰক ৷ ইয়াৰ চৌপাশ সেউজীয়া, পানী পৰিষ্কাৰ, বতাহ প্ৰদূষণমুক্ত ৷
তিনি খলপীয়া কৰকাণ্ঠিছ’ আলাংচুন ৷ কাৰবি ভাষাৰে লাংচুন মানে জলপ্ৰপাতক বুজোৱা হয় ৷ ছ’ শব্দৰ অৰ্থ হৈছে সৰু
৷ কৰকাণ্ঠিছ’ মানে সৰু কৰকাণ্ঠি
৷ তাৰে প্ৰথমটো খলপ এতিয়া মোৰ মুখৰ আগত ৷ য'লৈ অহাৰ প্ৰথম প্ৰচেষ্টা ৮ ডিচেম্বৰত অসফল হৈছিল ৷ আজি সফল ৷ তাৰ বাবে ৰাছিনজাক ধন্যবাদ জনাব লাগিব ৷
নামনিত, নৈখনৰ পাৰত পৰ্যটন বিভাগে বনভোজৰ থলী সাজি থৈছে ৷ সেয়া আমি ইতিমধ্যে দেখা পাই আহিছোঁ ৷ সুন্দৰ ইক’-টুৰিজম্ স্পট এইটো ৷ আমাৰ জিলাত থকা আৰু আমি সৰুৰে পৰা শুনা পাই অহা জলপ্ৰপাতবিলাকৰ ভিতৰত এই নামটো সৌসিদিনালৈকে জনাজাত নাছিল ৷ শেহতীয়াভাৱে পোহৰলৈ অহা স্থান ৷ গতিকে আহি ভাল লাগিছে ৷ মানুহৰ হেম-গেম নাই ৷ শান্তি আছে, সৌন্দৰ্য আছে, মনৰ আহাৰ আছে ৷
নামনিত, নৈখনৰ পাৰত পৰ্যটন বিভাগে বনভোজৰ থলী সাজি থৈছে ৷ সেয়া আমি ইতিমধ্যে দেখা পাই আহিছোঁ ৷ সুন্দৰ ইক’-টুৰিজম্ স্পট এইটো ৷ আমাৰ জিলাত থকা আৰু আমি সৰুৰে পৰা শুনা পাই অহা জলপ্ৰপাতবিলাকৰ ভিতৰত এই নামটো সৌসিদিনালৈকে জনাজাত নাছিল ৷ শেহতীয়াভাৱে পোহৰলৈ অহা স্থান ৷ গতিকে আহি ভাল লাগিছে ৷ মানুহৰ হেম-গেম নাই ৷ শান্তি আছে, সৌন্দৰ্য আছে, মনৰ আহাৰ আছে ৷
চৌদিশে হেঁপাহ পলুৱাই চাই চাই ভাবনাবিভোৰ হৈ
কিমান সময় ক’ব নোৱাৰা হৈ পৰিলো
ক’ব নোৱাৰোঁ ৷ হঠাতে
অনুভৱ কৰিলোঁ যে ঠাইটুকুৰাত মই অকলশৰীয়া হৈ পৰিলোঁ ৷ প্ৰকাশহঁত প্ৰথম খলপৰ তলি প্ৰায়
পালেগৈয়ে ৷ কিৰীলিৰ শব্দ কিছুমান সেইদিশৰ পৰা ভাহি আহিছে ৷ মাত-কথাবোৰ প্ৰতিধ্বনিত
হৈছে শিলাময় গহ্বৰত ৷ অন্য সংগীসকলো তাৰ পৰা উভতি জংঘলত সোমাল ৷ উদ্দেশ্য তললৈ নমা ৷ উভতি যাওঁতে অহাবাটে নগৈ নৈয়ে-জংঘলে নামি গৈ থকা হ'ব ৷
হুঁচ ফিৰি অহাৰ লগে লগে থিয় হ’লোঁ ৷ শিলৰ ওপৰত থৈ দিয়া বেগটো পিঠিত ল’লোঁ আৰু পানীয়ে পানীয়ে অলপমান পিছুৱাই আহিলোঁ ৷ গেজেপনি
মৰা হাবি, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, লতা-গুল্মৰে আবৃত এলেকা ৷ কোনফালে যাম ? ইহঁত গ’ল কোন বাটেদি ? হেৰাই থাকিলোঁ যেন লাগিছে নিজৰে ৷ কাকো নেদেখি, বাট ধৰিব নোৱাৰি উৰাই-ঘূৰাই
চিঞৰাত লাগি গ’লোঁ ৷ মীৰা তেৰাংপীয়ে
শুনা পালে ৷ তাই পিছুৱাই আহিল ৷ নৈখন পাৰ কৰাই মোক বাট দেখুৱাই লৈ গ’ল দলটো যোৱাৰ ফালে ৷
অটব্য জংঘলৰ মাজে মাজে লুংলুঙীয়া লিক্ এটা ৷ মাজে
মাজে হাউলি যাব লাগে ৷ গছৰ ডাল-পাত, লতাই বাধা জন্মায় ৷ কেনিবা কিবা লুকাই থাকিলেও
গম পোৱা নাযায় ৷ হাতত অস্ত্ৰ-শস্ত্ৰ বুলিবলৈও একো এটা নাই ৷ মৰণত শৰণ দি আগ বাঢ়ি গৈ
থাকিলোঁ ৷ অৰূপদা, জিৰছংহঁত মোতকৈ কিছু আগত আছে ৷ কথা-বতৰাবোৰ ভাহি আহিছে ৷ খোজকেইটা খৰকৈ দিব ধৰিলোঁ ৷
অৰণ্য মহতিয়াই ক্ৰমে তললৈ
নমাৰ কাম আৰম্ভ হ’ল ৷ প্ৰথম ষ্টেপটো পাই গ’লোঁ ৷ এটা গহ্বৰ ৷ শিলাময় অৱস্থান ৷ তাতে বৰগছ এজোপা আছে ৷ উচ্চতাৰ পৰা ত্ৰিধাৰাৰ ৰূপত নামি আহিছে অলপ আগতে গচকি অহা নৈখন, অৰ্থাৎ নৈখনৰ বহ্নিমান জলধাৰা ৷ গছৰ ফাঁকেৰে আহি পৰা সূৰ্যৰ পোহৰ আৰু শিলৰ পৰা উফৰি অহা পানীৰ
ছিটিকনিয়ে ৰামধেনুৰ সৃষ্টি কৰিছে ৷ অলপ আগতে ওপৰত, সৌ তাত বহি আছিলোঁ ৷ এতিয়া
এইখিনি পালোঁহি ৷ পৰিৱেশটোত ভোল গৈছোঁ যদিও ডিফুত এৰি থৈ অহা দুই মংগললৈ মনত নপৰা নহয় ৷ পৰিছে ৷ হ'লেও উপায় নাই ৷ লংতাং পাহাৰৰ এই দুৰ্গমতাত একেলগে অৱগাহন কৰাৰ সৌভাগ্য সিহঁত দুটাৰ নহ'ল ৷ অৰূপদা আৰু মোৰ হ'ল, ৰাছিনজাৰ যহত ৷ (ক্ৰমশঃ)
No comments:
Post a Comment