বিশ্ব পৰ্যটন দিৱস, পৰ্যটনৰ স্বাদ আৰু অনুভৱ
বিশ্ব পৰ্যটন দিৱস, World Tourism Dayৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ৷ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য ৷ ১৯৭০ চনৰ এই দিনটোতে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল ৷ ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে ৷ ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে একোটা নতুন Theme লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে ৷ বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো যুগুত কৰা হয় ৷ বিশ্ব পৰ্যটন দিৱসৰ এইবাৰৰ Theme হৈছে পৰ্যটন আৰু গ্ৰাম্য উন্নয়ন, Tourism and Rural Development ৷
…এইবোৰ কিতাপ-কাগজত পঢ়ি পোৱা কথা ৷
ব্যক্তিগতভাৱে, এইটো আজি ভাবি ভাল লাগে যে ২০১০
চনৰ বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে জীৱনৰ প্ৰথম বিদেশ যাত্ৰা কৰিছিলোঁ ৷ সেই
সুখ-স্মৃতি সুঁৱৰিবৰ আজি দুনাই সুযোগ পাইছোঁ ৷ পুস্তক অধ্যয়ন কৰি বা ফটোগ্ৰাফ,
ভিডিঅ’ আদি চাই আমি যি
পৰোক্ষ জ্ঞান লাভ কৰোঁ ভ্ৰমণে তালৈ পূৰ্ণতা আনে ৷ সেই প্ৰত্যক্ষ জ্ঞানকণৰ বাবেই
সুযোগ পালেই ভ্ৰমণ কৰাৰ দুৰ্বাৰ আগ্ৰহ জন্মে ৷ সেই অনন্ত জিজ্ঞাসাক লৈয়ে বাট চাই
ৰওঁ, পৰৱৰ্তী ভ্ৰমণলৈ ৷ সঁচাকৈ, পুথিলব্ধ জ্ঞানৰ পৰিপূৰ্ণতা অনাত আৰু বাস্তৱ
অভিজ্ঞতাৰ জৰিয়তে বিশালাকাৰ এই জগতখনৰ সৈতে পৰিচয় হোৱাত ভ্ৰমণৰ
গুৰুত্ব আৰু ভূমিকা অনন্য-সাধাৰণ ৷
...ভ্ৰমণ কৰি ভাল পোৱাসকলক দিৱস উপলক্ষে আন্তৰিক
প্ৰীতি-সম্ভাষণ জনালোঁ ৷
পৰ্যটন মোৰ প্ৰিয় বিষয় ৷ ভ্ৰমণ মোৰ অন্যতম
প্ৰিয় হ’বী ৷ সুযোগ পালেই
প্ৰাত্যহিক জীৱনৰ পৰা সময় চুৰ কৰি ইয়াৰ পিছত লাগি যাওঁ ৷ প্ৰতিটো যাত্ৰাতে নিজকে
নিজে ভাবি লওঁ (!) মাৰ্ক’ পল’ বুলি ৷ প্ৰতিটো যাত্ৰাতে বুটলিবলৈ পাওঁ
এনে কিছুমান সুখানুভূতি যি আত্মাক প্ৰভাৱিত কৰে আনক কৈ বুজাব নোৱাৰা ধৰণে ৷
ৰাল্ফ ৱাল্ডো এমাৰচনৰ এষাৰ কথা মোৰ অতিকৈ
ভাল লাগে ৷ ‘পথটোৱে কোনফালে লৈ
যায় সেই দিশে নাযাবা ৷ ইয়াৰ পৰিৱৰ্তে যিফালে পথ নাই সেইফালে আগ বাঢ়া আৰু চানেকি
ৰাখি থৈ যোৱা ৷’
No comments:
Post a Comment