ন ৷৷ জলপ্ৰপাত অভিযান
লংতাং পাহাৰৰ দুৰ্গমতাত অৱস্থিত কৰকাণ্ঠিছ’ৰ পৃষ্ঠভাগ কিমান বিস্তাৰিত, কিমান শিলাময়, এই বিষয়ে ইয়ালৈ অহাৰ
আগতে ন্যূনতম ধাৰণাও নাছিল ৷ ওপৰত কিছু সময়ৰ আগেয়ে পাই অহা, প্ৰথমটো জলপ্ৰপাতৰ ৰূপত পানী বাগৰি থকা অঞ্চলৰ পৰা আৰম্ভ কৰি নামনিৰ দিশে এই মুহূৰ্তত
খালী চকুৰে দেখা পাই থকা পৰ্যন্ত কেৱল শিল আৰু শিল ৷ বৰ বৰ পাথৰেৰে আবৃত গহ্বৰতে দুটাকৈ কুণ্ডৰো সৃষ্টি
হৈছে ৷ গভীৰতা কিমান হ’ব ? একো গম নাপাওঁ ৷ সেয়ে হ'লেও প্ৰথমবাৰ দেখিয়ে আন্দাজ কৰিছোঁ যে জলাশয়বোৰৰ
পানী কিন্তু সাংঘাতিকভাৱে শীতল হ’ব ৷ উপৰিভাগৰ বৰণ চায়ে এই অনুমান কৰি
পেলাইছোঁ ৷
বৰগছৰ বাঁওহাতে, গছজোপাৰ শিপাৰ খটখটিত বহি আটাইৰে সৈতে অলপমান জিৰালোঁ ৷ এই সুযোগতে চৌপাশ অধ্যয়ন কৰিও ল’লোঁ ৷ এতিয়া খুব সাৱধানে জলপ্ৰপাতটোলৈ নামিব লাগিব ৷
ছিটিকনিয়ে তিয়াই ৰখা শিলবোৰ বিৰাট পিছল ৷ হাত দি চালোঁ ৷ চেঁচা ৷ কুংৰি আৰু ৰাছিনজাই আগে-ভাগে নামি নিৰাপদ অৱস্থানত ৰৈ জলপ্ৰপাতক বেকগ্ৰাউণ্ড হিচাপে লৈ ফটো চেছন
আৰম্ভ কৰি দিছে ৷ ঝৰ ঝৰ প্ৰচণ্ড শব্দৰ বাহিৰে অন্য আৱাজ বুলিবলৈ নাই ৷ ইজনীয়ে সিজনীলৈ চাই ৰে'ডী কিম্বা থেংক ইউ বুলি কওঁতেও জোৰকৈ চিঞৰিবলগীয়া হৈছে
৷ অতি আনন্দদায়ক পৰিৱেশ, জংঘলৰ মাজত, জনসমাগমৰ পৰা আঁতৰত ৷
বৰগছজোপাৰ সিপাৰে থকা প্ৰকাণ্ড শিলটোত উঠি প্ৰকাশ আৰু তাৰ
লগৰীয়া এটাই স্ফূৰ্তি কৰি আছে ৷ ময়ো একেলগ হোৱাৰ মন মেলিলোঁ ৷
শিলটোত খোপনি ৰখাৰ সুচলতা একেবাৰে কম ৷ পিছল খাই পৰাৰ সম্ভাৱনাহে বেছি ৷ পৰিব লাগিলে কিযে দুৰৱস্থা হ'ব ! ভাবি আছোঁ ৷ মোক আচৰিত
কৰি ৰাছিনজা বগাই ওপৰ পালেগৈ ৷ শকত যদিও তাই বগাব পাৰে ৷ খোজ কাঢ়িবও পাৰে ৷ সন্তুলন দেখি তবধ মানিলোঁ ৷ সাহস, বুদ্ধি আৰু শক্তিৰে ভৰা ছোৱালী ৷ অমায়িক, মৃদুভাষী
৷ মুখত অনৱৰতে হাঁহি এটা লাগিয়ে থাকে ৷ তাইৰ সদিচ্ছাতে আজি কৰকাণ্ঠিছ’ চোৱাৰ সপোন পূৰণ হৈছে ৷ কুংৰিও শকত ৷ উৎসাহত তায়ো কম নহয় ৷ কিন্তু কি হ'ল জানো, কিবা এটা ভাবি তাই নুঠিল
৷ মই অৱশ্যে প্ৰচেষ্টা চলাবলৈ নেৰিলোঁ ৷ এসময়ত উঠি গ’লোঁ শিলটোত
৷ ওপৰত থিয় দিহে সুখ লাগিল ৷ ধৰিব পাৰিলোঁ জলপ্ৰপাতৰ প্ৰথম খেপৰ নামি অহা পানীভাগ ক’ত পৰি আছে ৷ অন্যথা শিলে ঢাকি থয় ৷ এই স্থানৰ পৰা আৰু কাষ চাপিব নোৱাৰি
৷ হৃদয়ত সুখানুভূতিবোৰ ভৰাই লোৱাৰ পাছত এইবাৰ নামিব লাগিল ৷ প্ৰতিটো খোজতে সাৱধানতা প্ৰথম চৰ্ত ৷
প্ৰকাশহঁত আমাতকৈ খৰ ৷ চেঙেলীয়া দুটাই ইতিমধ্যে দ্বিতীয় খেপটোলৈ
নমাৰ যো-জা চলাইছে ৷ এইবাৰ অ'ত দেখোঁ, এবাৰ ত'ত ৷ পংপঙাই ফুৰিছে ৷ পাছে পাছে ৰূপলীবনজনী ৷ তিনিখলপীয়া জলপ্ৰপাত এইটো ৷ ৰামধেনুৰ ৰঙে ৰঙাই তোলা দৃশ্যসমূহ
হেঁপাহ পলুৱাই উপভোগ কৰি দেহ-মন শাঁত পেলোৱাৰ পাছত নামনিত থকা প্ৰথমটো কুণ্ডৰ পাৰত ৰ’লোঁহি ৷ চিন্তা কৰিছোঁ, গভীৰতা কিমান হ’ব পাৰে
? একো বুজা নাযায় ৷ ওপৰৰ পৰা নামি অহা নৈখনে এইখিনিত কেঁকুৰিৰ ৰূপ লোৱাৰ লগতে কুণ্ডৰ সৃষ্টি কৰিছে ৷ আগলৈ ঠেক হৈ
পৰা অংশ এটাৰে দ্বিতীয়টো কুণ্ডৰ পৰা ওলাই যোৱা পানীবোৰ তলৰ খলপটোলৈ নামিছে ৷ সেয়া দ্বিতীয়টো জলপ্ৰপাত ৷ একেবাৰে
মূৰত থকা শিলচটালৈ আগ বাঢ়িলোঁ ৷ সাৱধানে বহি থাকি খল খল শব্দ কাণত লৈ আপোন-পাহৰা হৈ পৰিলোঁ ৷ অলপ পাছতে ৰাছিনজা আৰু কুংৰিও আহিল কাষলৈ ৷ ওপৰৰ পৰা চাই তলৰ দৃশ্য উপভোগ কৰিলে ৷ অৰূপদা কিন্তু দূৰতে ৰ’ল ৷ ওচৰ
চাপিবলৈ ভয় ৷ বুজিলোঁ, বয়স হৈছে তেওঁৰ ৷ সি যি কি নহওক, এনেকৈয়ে আমি বিভিন্ন কথা-বতৰা পাতি অলপ সময় কটালোঁ ৷
প্ৰথমাৱস্থাত ওপৰৰ পৰা চালে দেখা গৈ নথকা নামনিৰ খণ্ডটোৰো উপৰিভাগ তেনেই শিলাময়
৷ এতিয়া গম পালোঁ ৷ কুণ্ডবোৰত বাৰিষা পানী চপচপীয়া হৈ পৰে নিশ্চয় ৷ ভয়ংকৰ গৰ্জনৰো উৎপত্তি হয় নিশ্চয়, এই অঞ্চলটোত ৷ সাৱধানে এফালেদি নামি তলত দেখা পাথৰৰ বুকুত থিয় দিলোঁহি
৷ বিশাল বিশাল পাথৰ এইবোৰ ৷ স্বচক্ষে চাবলৈ তললৈ মাতিলোঁ যদিও কোনোৱেই নামি নাহিল ৷ উঠোঁতে কষ্ট হ’ব বুলি ভাবিলে চাগৈ ৷ বিপৰীতে, মই তলৰ পৰা উঠি আহোঁমানে সংগীসকল কাষৰ অৰণ্যত সোমালগৈয়ে ৷ উদ্দেশ্য আৰু তললৈ নামি যোৱা ৷
পোনপটীয়া সুবিধা নাই ৷ সেয়ে পুনৰবাৰ হাবিয়ে হাবিয়ে আগ বাঢ়িব লাগিব
৷ খৰধৰকৈ অনুসৰণ কৰিব ধৰিলোঁ দলটোক ৷ কাঁইট কিছুমানে অসুবিধাৰ সৃষ্টি কৰিছে ৷ অৰণ্যৰ মাজত মস্ত
মস্ত লতা কিছুমানো পালোঁ ৷ ওখ গছৰ পৰা ওলমি আছে ৷ হাতে ঢুকি পোৱাত বগোৱাৰ প্ৰবল ইচ্ছা জাগিল ৷ বেগ, জোতা ইত্যাদি পিঠিত লৈয়ে উঠি গ'লোঁ ৷ ক্ৰমে ওপৰলৈ উজাব ধৰাত ৰাছিনজাই তাইৰ ম’বাইলেৰে
ঘপাঘপ স্নেপ লোৱা আৰম্ভ কৰি দিলে ৷ গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত অৱস্থিত ফটাশিল
জলপ্ৰপাত বিচাৰি কৰা জাংগল চাফাৰীতো এনেকুৱা ধৰণৰ লতা কিছুমান পাইছিলোঁ আৰু বগাইছিলোঁ
৷ সেইকেইডাল অৱশ্যে ইয়াতকৈও অধিক শকত-ডাঙৰ আছিল ৷ এতিয়াও সুযোগটো পাই লতাত
ওলমি খেল কৰিলোঁ, নিৰ্ভেজাল আনন্দ কিছুমান ল'লোঁ ৷
হাবি-জংঘল মহতিয়াই সদলবলে ধীৰে ধীৰে নামি থাকি পালোঁহি তৃতীয়টো খলপ ৷ ইয়াৰ পাছত আৰু জলপ্ৰপাত নাই ৷ শিলাময় বুকুৰে কুলু কুলু ধ্বনি তুলি একা-বেঁকাকৈ জলস্ৰোতটোৱে চঞ্চলা-চপলা ৰূপ লৈ নামনি অভিমুখে ধাৱমান হৈছে ৷ পিক্নিক্ স্পটটো
সেইফালেই আছে, অনেক আগলৈ ৷ জলপ্ৰপাতটো চাই উঠি আমি ওপৰৰ পৰা নামি যাব ধৰিলোঁ ৷ আকৌ পালোঁহি নদীপৃষ্ঠ ৷
শিলে শিলে সোঁফালৰ পৰা বাঁওফাললৈ পাৰ হৈ ল'লোঁ, গাইড মীৰা, প্ৰকাশহঁতৰ নিৰ্দেশত ৷
এক আত্মিক সুবাসে যেন চাৰিওফালৰ পৰা আমাক ঘেৰি ধৰিছে ! নৈসৰ্গিক দৃশ্যৰে
পৰিপূৰ্ণ নাতিউচ্চ পাহাৰেৰে আৱৰা কাৰবি আংলং জিলাৰ এই ভিতৰুৱা থলী ৷ পপুলাৰ ডেষ্টিনেচন নহয় ৷ অথচ মনক দিব পৰা
পৰিপুষ্টিৰে ভৰপূৰ, য'ত কৃত্ৰিমতা অনুপস্থিত ৷ বনভোজথলীতে সীমাবদ্ধ নাৰাখি জিলাখনৰ বহনক্ষম পৰ্যটনৰ অন্যতম কেন্দ্ৰৰূপে
উন্নয়নৰ দিশে কৰকাণ্ঠিছ'ক আগুৱাই নিয়াৰ কথা অনাগত দিনত নিশ্চয় ভাবিব পাৰি ৷ মনটোৱে মনে মনে তাৰেই সন্ধান কৰাত লাগিল ৷ (ক্ৰমশঃ)
No comments:
Post a Comment