Tuesday, 1 September 2020

চাৰি ৷৷ বিকল্প বিচাৰি

ভ্ৰমণ-অভিজ্ঞতা মানে যাত্ৰা এটাৰ বাবে ওলাই যোৱাৰে পৰা ঘূৰি আহি ঘৰ সোমোৱা পৰ্যন্ত সময়ছোৱাত কি লভিলোঁ, কেৱল সেইখিনিয়েই নিশ্চয় নহয় ৷ প্ৰস্তুতি-পৰ্বটোও ইয়াৰ সৈতে সম্পৃক্ত ৷
তেনেকুৱা পৰ্বতে উজুটি খাই গ'লোঁ এইবাৰ ৷ চুবুৰীয়া ডেকা মংগলে খুৱালে উজুটিটো ৷ ভাল অভিজ্ঞতা এটা হল ৷ সংগী দুই মংগলৰে ইচ্ছাশক্তিৰ পাছলৈ কি হল-নহল নাজানো, অৰূপদা আৰু মই কিন্তু প্ৰায় উন্মাদ হৈ পৰিলোঁ ৷ নিতৌ পুৱাতে লগ পাওঁ আৰু কাষ চাপিলেই মুখেৰে মন্ত্ৰ ওলোৱাদি ওলায় কেৱল কৰকাণ্ঠিছৰে প্ৰসংগ ৷ পৃথিৱীৰ আন কোনো কথাই গুৰুত্ব কমাব নোৱাৰা মানসিকতা ৷ উমৈহতীয়া গোপন সংকল্প এটাই যে যি কোনো উপায়ে, ৰৈ যোৱা ট্ৰিপটো যিমান পাৰি সোনকালে সাকাৰ কৰিবই লাগে ৷ প্ৰাকৃতিক, ভৌগোলিকভাৱে ঘোঁকটত সোমাই থকা আৰু সৰহ মানুহ নোযোৱা, সুচল বাটে ঢুকি নোপোৱা থলী সেয়া ৷ আকৰ্ষণটো মনত যেই এবাৰ থাপি পেলোৱা হল, গৈ চাই নহালৈকে শান্তি কত ?
ইয়াৰে পাৰ্শ্বক্ৰিয়াস্বৰূপে, ৮ ডিচেম্বৰত 'যাত্ৰা-নাস্তি' হোৱাৰ পাছৰে পৰা দমি যাওক ছাৰি বিবেক-বুদ্ধি অধিকভাৱেহে ক্ৰিয়াশীল হৈ উঠিল, অচিন প্ৰকৃতিৰ মাজত প্ৰৱেশৰ অৰ্থে নতুন সংযোগ স্থাপনত ৷ যাত্ৰাটো কেনেকৈ সম্ভৱ কৰিব পৰা যায়, মনৰ অভ্যন্তৰত অহৰহ তাৰেই গোপন আলোচনা, চিন্তা-চৰ্চা ৷ কাৰ্যসূচী হাতত লৈও ফলৱতী নোহোৱা হেতুকে অৰূপদাও সমানেই বেদনাহত ৷ থিয়ৈ থিয়ৈয়ে এদিন কলে, তুমি আৰু ময়ে যাম দিয়া, গাড়ীখন আনি লওঁ গুৱাহাটীৰ পৰা ৷ কাকো একো নকবা ৷
হাতত সময় আৰু মনত উৎসাহ পাই তথ্য খুঁচৰিবলৈ লাগি গলোঁ ৷ পিছে এনেকুৱা থলী এটাৰ বিষয়ে জানিবলৈ পাওঁনো কত ? ইউটিউবাৰ, সাংবাদিকৰ পদধূলা নপৰা জেগা ৷ নামেই হয়তো শুনা নাই বহুতে ৷ অপ্ৰিয় হ'লেও এইটো সত্য যে আমি দেশ-বিদেশ ঘূৰি-ফুৰি ভাল পাওঁ, কথা কওঁ দেশ-বিদেশৰ, প্ৰশংসা কৰোঁ, পিছে নিজৰ ঘৰখনৰে চুকে-কোণে কত কি আছে জানিবৰ-চাবৰ ইচ্ছা বা প্ৰচেষ্টা কম কৰোঁ ৷ সেয়ে বহু কথাই অজ্ঞাত ৷ আমাৰ ঠাইবোৰ যেন লেখৰ বস্তুৱেই নহয়, মনত অনৱৰত এনেকুৱা হীনমন্যতাৰ ভাব ৷ সেয়ে দিবলগীয়া গুৰুত্ব নাই, পৰ্যটন-পিপাসাও নাই ৷ এইবোৰ বিষয়কে কেন্দ্ৰ কৰি অৰূপদাৰ মনত ভীষণ অসন্তুষ্টি আৰু খং ৷ এনেকৈয়ে দিনবোৰ বাগৰি গৈ আছে ৷
বান্‌ৰে তেৰাংপী ৰেছিডেনচিয়েল ইংলিছ স্কুল, ডকমকা ৷ তাৰিখ ১২ ডিচেম্বৰ ২০১৯, বৃহস্পতিবাৰ ৷ সিদিনাই উন্মোচন কৰা হব প্ৰতিষ্ঠাৰ পাছত প্ৰথমবাৰৰ বাবে ছপা কৰা বিদ্যালয়খনৰ বাৰ্ষিক আলোচনীখন ৷ সিদিনাই বছৰেকীয়া পৰীক্ষাৰ ফলাফলো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হব ৷ সিদিনাই হোষ্টেল বিল্ডিঙৰো আধাৰশিলা স্থাপন কৰা হব ৷ বিদ্যালয়খনৰ মেনেজিং ডাইৰেক্টৰ তথা গৰাকী বিদ্যাছিং ৰংপি মোৰ পুৰণা বন্ধু ৷ প্ৰিন্সিপাল ৰাছিনজা ক্ৰপীও ভগ্নীসমা, মৰমিয়াল বান্ধৱী ৷ এওঁলোকৰ হেঁচাতে আলোচনীখনৰ কাম কৰি দিবলগীয়া হ'ল আৰু সময়মতে কৰি অঁটালোঁ ৷

আৰম্ভণি অৰ্থাৎ বিগত ২০১০ চনৰে পৰা বিদ্যালয়খনৰ সৈতে থকা যোগসূত্ৰৰ সুবাদতে মাজে-সময়ে তালৈ গৈ থকা হয় ৷ এতিয়াও আমন্ত্ৰণ পালোঁ ৷ নিৰ্দিষ্ট দিনা পুৱাতে ৰংপি ছাৰৰ গাড়ী আহিল, উঠিলোঁ, গুচি গলোঁ ডকমকালৈ ৷ কৰকাণ্ঠিছলৈ যাব নোৱাৰাৰ শূন্যতাখিনিৰ পৰা উপশম পাবলৈ হ'লে অন্য এটা যাত্ৰা হলেও সোনকালে কেনিবা কৰিবই লাগে ৷ সুযোগটো পাই এক মানসিক নিষ্কৃতিৰ উপৰি আশা এটাও পুহি ৰাখিলোঁ যে এই যাত্ৰাই কোনে জানে, হয়তো বিকল্প পথ-প্ৰদৰ্শকৰ সন্ধান দিবও পাৰে ৷ দহো বন কাটি কৰি সেয়ে ওলালোঁ ৷
ইফালে সময়টো এনেকুৱা যে আগদিনা অৰ্থাৎ ১১ ডিচেম্বৰত ভাৰতৰ সংসদত গৃহীত হৈছে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৯ ৷ বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে অসমজুৰি সৰ্বত্ৰ চলিছে বিৰোধমূলক প্ৰতিক্ৰিয়া ৷ বন্ধ দিছে ৷ বিক্ষোভ হৈছে ৷ ৰাস্তা ভেটিছে ৷ টায়াৰ জ্বলিছে ৷ অগ্নিৰ লেলিহান শিখাই আকাশ আৱৰিছে ৷ পথেৰে চলাচল কৰা যান-বাহন ভাঙিছে ৷ তাৰ মাজতে পুৱাতে আৰম্ভ হৈছে আমাৰ ডকমকা যাত্ৰা ৷ ডিফুৰ পৰা ৮৫ কিলমিটাৰ দূৰৈত ডকমকা ৷
শংকা মনত লৈয়ে বকলীয়াঘাট পালোঁহি ৷ ৰাস্তাত ছাই আৰু আধাপোৰা সামগ্ৰীৰ দম ৷ ৰাজপথ জনশূন্য যদিও স্তুপীকৃত কাঠ-বাঁহবোৰত ধৰা জুই এতিয়াও নুমুৱা নাই ৷ কালি ইয়াত কিছু বিক্ষিপ্ত ঘটনা ঘটি গৈছে ৷ বজাৰ পাৰ হৈ কিছুদূৰ আগ বাঢ়ি আহিলোঁ ৷ এনেকুৱাতে মাজবাটতে ৰৈ এদল মানুহে আগচি ধৰিলে ৷ হাতে হাতে লাঠী, গছৰ ডালৰ টুকুৰা ৷ পথৰ ওপৰত ইপাৰৰ পৰা সিপাৰলৈ লানিকৈ জুই ৷ ৰবলৈ সংকেত দিলে চালকক ৷ হঠাতে আহি পৰা পৰিস্থিতিটোক লৈ সন্দিহান হৈ পৰিলোঁ আমি ৷ কি কৰা যায় ? সৌভাগ্য যে জুমটোত ৰংপি ছাৰৰ চিনাকি এজন-দুজন ওলাল ৷ আগ চিটত বহি থকা তেখেতক দেখা পাই সিফালৰ পৰা মাত লগালে ৷ স্কুলৰ কামত ডকমকালৈ যাওঁ বোলাত যাবলৈ দিলে ৷ ৰক্ষা পৰিলোঁ ৷ জ্বলন্ত জুইৰ কাষেদি খুব লাহে লাহে আগ বাঢ়ি গাড়ীখন ওলাই গল ৷ ভালে ভালে পালোঁহি ডকমকা ৷ উভতি যাওঁতে দশা কি হ'ব নাজানো ৷ আশংকা এটা মনত ৰৈ গ'ল ৷
এইফালে বিদ্যালয় প্ৰাংগণত ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱক গোট খাব ধৰিছে ৷ ক্ষন্তেক পাছতে সভাখন বহিব ৷ তাৰ আগতেই থলী ত্যাগ কৰি নিজৰ মতলবত ওলাই আহিলোঁ ৷ প্ৰয়াত লংকাম টেৰণ ছাৰৰ মৰমৰ বাসগৃহ তৃপ্তি কুটিৰ পালোঁহি ৷ ছাৰৰ সৰু লৰা মুকুট ৷ অৰুণদাৰ ভায়েক ৷ চোতালত বহি মুকুটৰ লগত কৰকাণ্ঠিছকে আদি কৰি সেই অঞ্চলৰ থলীসমূহৰ বিষয়ে আলোচনা কৰিছোঁ ৷ লগত নিয়া প্ৰিণ্ট আউটবোৰ তাক দেখুৱাইছোঁ ৷ সত্যাসত্য বিচাৰৰ কাৰণে কিছুমান পঢ়িও শুনাইছোঁ ৷ নেদেখাখিনি চোৱাৰ পৰিকল্পনা ৰচিছোঁ ৷ মুকুট উৎসাহী হৈ উঠিছে ৷ পাহাৰ বগোৱা, কেম্পিং, জংঘল-যাত্ৰাৰ মন এটা তাৰো আছে ৷ শৈশৱৰে পৰা প্ৰকৃতিৰ প্ৰতি অফুৰন্ত প্ৰেম আছে, জীৱ-জন্তুৰ প্ৰতিও সীমাহীন মৰম আছে ৷ খুব আন্তৰিকতাৰে ক'লে সি, দাদা দিন-বাৰ চাই আপুনি এদিন ডকমকালৈ আহক ৷ আমি দুয়ো বাইক লৈ পূৰা ঘূৰিম ৷’ একেটা কথাকে বকলীয়াৰ ভাতৃপ্ৰতিম বন্ধু বিশ্বজ্যোতি হাজৰিকায়ো কৈছিল এদিন ৷
বিদ্যালয় প্ৰাংগণত সভাখন শেষ হ'ল ৷ 'ক'ত আছে ?' ৰংপি ছাৰে ফোন কৰিলে ৷ 'আহক, আহক ৷' আলোচনা সামৰি তুৰন্তে স্কুল চৌহদ পালোঁহি ৷ মিটিঙৰ পৰা পলোৱা বুলি গম পাই হাঁহিলে খুবমতে ৷ জনালোঁ, 'এইখিনি সময়তে ভাইটি মুকুট টেৰণৰ লগত মোৰ অলিখিত চুক্তি হৈ গল ৷'

এতিয়া বহি বহি ভাবি আছোঁ, প্ৰিন্সিপাল মেডামৰ আগতো উলিয়াব লাগিব কথাটো ৷ বিশেষকৈ ছামেলাংছ, কৰকাণ্ঠিছৰ প্ৰসংগ ৷ সোনকালে কোনোবা ফালৰ পৰা কিবা প্ৰকাৰে পথ প্ৰশস্ত হয়েইবা ! ডকমকাৰ পৰা তালৈ ওচৰ ৷ ২০-২৫ কিলমিটাৰ মাত্ৰ ৷
ৰাছিনজাৰ দেউতাক মেম্বৰ ক্ৰ ডিফুস্থিত পৰ্যটন বিভাগৰ চাকৰিয়াল ৷ সেয়ে নেকি, তায়ো প্ৰকৃতিপ্ৰেমী, ভ্ৰমণ-অনুৰাগী মন এটা পাইছে ৷ গছ-গছনি কাটি, পাহাৰ খহাই সুন্দৰ সুন্দৰ থলীবোৰ বিনষ্ট কৰাক লৈ অতিপাত বিষোদ্গাৰো থূপ খাই আছে মনৰ ভিতৰত ৷ মাজে মাজে এইবোৰ বিষয়ক লৈ আমাৰ মাজত আলোচনা-সমালোচনা চলে, মবাইল ফোনত ৷
আমিযে ৮ তাৰিখে দল বান্ধি কৰকাণ্ঠিছলৈ যাবলৈ ওলাইছিলোঁ, আমাৰ সংগী মংগলছিং ৰংহাঙে পৰিবাৰৰ অনুমতি নোপোৱাৰ ফলতেহেযে যোৱাটো নহলগৈ, সকলো খোলাখুলিকৈ কৈ দিলোঁ ৰাছিনজাৰ আগত ৷ তাই দুখো কৰিলে, ৰসিকতাও কৰিলে, বোলে, 'দলত মংগল নামধাৰী দুজনক লৈছিল, হ'লেও হ'লগৈ অমংগল !'

অলপ পাছতে কিন্তু বেলেগ ধৰণে উৎসাহী হৈ উঠিল তাই ৷ মোক লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে ৷ ৰাছিনজাই জানে মোৰ অভিযান-অভীপ্সাৰ কথা ৷ ইফালে নিজেও বিদেশ পৰ্যটনকাৰী, দেশৰ বিভিন্ন অঞ্চল দৰ্শনকাৰী, মাতৃভূমিৰ সেউজী প্ৰকৃতিৰ প্ৰতিও চিৰাচৰিত টান আছে ৷ এক মুহূৰ্ত কিবা এটা চিন্তা কৰিলে তাই ৷ তাৰ পাছত কৈ উঠিল, আমাৰ স্কুলত ছামেলাংছৰ ষ্টুডেণ্ট আছে ৷ পেৰেন্‌টছৰ লগত মই কথা পাতি লওঁ ৷ সুবিধা উলিয়াই এদিন নিশ্চয় একেলগে যাত্ৰা কৰিম ৷ ময়ো আগতে তালৈ গৈ পোৱা নাই ৷ ভাগ্য যে আপুনি ওলাইছে ৷ ভাল লাগিব গৈ ৷
মুকুট আৰু ৰাছিনজা, দিনটোৰ দুটা সফল সংযোগ ৷ তাৰে ভিত্তিত কিছুমান প্ৰত্যাশা মনৰ মাজত সাবটি বিয়লি ডকমকাৰ পৰা উভতিলোঁ, ঘৰলৈ বুলি ৷ ডকমকা আৰু লাংহিনৰ মাজতে পাৰ হ'লোঁ কৰকাণ্ঠি নৈখন ৷ এইখনৰে আগলি অংশ কৰকাণ্ঠিছ' ৷ বাঁওহাতে অদূৰত দেখি থকা সেউজীয়া পাহাৰলানিৰ মাজত ধেণ্টাঘাট, ছামেলাংছ, কৰকাণ্ঠিছৰ আনুমানিক, কাল্পনিক অৱস্থানলৈ চাই চাই সন্মুখত ৰৈ থকা বিভীষিকাৰ কথা পাহৰিয়েই পেলাইছিলোঁ ৷

পুৱা পাৰ হৈ যোৱা বিপজ্জনক জেগাডোখৰ পালোঁহি ৷ এজুম মানুহ এতিয়াও ৰৈ আছে ৷ গাড়ীখন দেখিয়ে আটাইবোৰ চাপি আহিল ৷ চিনাকি মুখহে এখনো নাই ৷ সিফালৰ পৰা আৰম্ভ হল অগ্নিবৰ্ষী সংলাপ আৰু ভাবুকি ৷ আমাক পাৰ কৰাই নিবলৈ বকলীয়াৰ পৰা আগ বাঢ়ি আহিছিল শুভাকাংক্ষী বন্ধু বিশ্বজ্যোতি ৷ কিন্তু কি হব, বেচেৰাৰ অনুৰোধেও একো কাম দিয়া নাই ৷ হাতে হাতে লৈ থকা লাঠী, গছৰ ডালবোৰ ওপৰলৈ উঠিছে ৷ আইনাত মাৰ শোধাইহে লাগে ৷ ভয়ংকৰ পৰিস্থিতি ৷ গতি বিষম দেখি চালক কৃষ্ণ ইংলেঙক কাঢ়া নিৰ্দেশ দিলোঁ, গাড়ী ঘূৰোৱা তুৰন্তে ৷
কৃষ্ণই ইনভাখন ঘূৰাই ললে ৷ আধা কিলমিটাৰমান পিছুৱাই আহিলোঁ ৷ তাৰ পাছত সোঁহাতে হিদিলাংৱেৰে গাড়ীখন ধীৰে ধীৰে সোমাই গল ৷ ভিতৰুৱা ৰাস্তা ৷ সন্মুখৰ অংশত নিৰ্মাণ কাৰ্য চলিছে ৷ পিছে যিমানেই আগ বাঢ়িছোঁ উপৰিভাগৰ অৱস্থা বেয়া হৈ আহিল ৷ ইনভাৰ দৰে গাড়ী যোৱা ৰাস্তা নহয়েই ৷ বেয়াও লাগিল ৰংপি ছাৰৰ মৰমৰ বাহনখনলৈ ৷

কংজুক আথই, মেকৱে' আথই, বালিগাঁও, এৰাগাঁও আদি হৈ ঘূৰি-পকি চিকাৰী গে'টত পুনৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোঁহি ৷ বকলীয়াৰ পাছফালেৰে, দূৰে দূৰে, গাঁৱৰ মাজে মাজে, পথাৰ আৰু জলসিঞ্চন বিভাগৰ নলাৰ কাষে কাষে ঢলং-পলংকৈ অকাই-পকাই কৰা আকস্মিক চফৰটোত আগতে কেতিয়াও নেদেখা ঘোঁকট অঞ্চল এটা ছেগতে দেখাৰ সৌভাগ্য হল ৷ হাইৱেত উঠাৰ পাছত বিয়লি নিৰ্বিঘ্নে পালোঁহি ডিফু ৷
ঘৰ সোমায়ে ৰাছিনজালৈ ফোন ৷ আমাৰ ডকমকা-ডিফু ওভতনী যাত্ৰা-কাহিনী শুনালোঁ ৷ তাই বিচূৰ্তি খালে ৷ 'কেব বিৰোধী অনশনকাৰী আন্দোলনকাৰী ৰংপি ছাৰ সোঁশৰীৰে মজুত থকা সত্ত্বেও আমি পথ সলাবলগীয়া হল আজি ৷ ফলত নভবাকৈয়ে এটা শিহৰণকাৰী ভ্ৰমণৰ সোৱাদ পালোঁ কিন্তু ৷ যাত্ৰাৰ পৰিৱৰ্তে যাত্ৰা এটা যেন পালোঁ !' ৰাছিনজা প্ৰথমে কিছু চিন্তিত হল ৷ হাঁহিলে অৱশ্যে পাছত ৷ 'প্ৰস্তাৱিত কৰকাণ্ঠিছ’ জাংগল-ট্ৰিপটো সফল কৰাত জোৰ দিব লাগিব দেই' বুলি পুনৰবাৰ কৈ লাইনটো কাটিলোঁ ৷
দিন বাগৰি গৈ থাকিল ৷ মাজে মাজে মুকুট আৰু ৰাছিনজাৰ লগত ফোনত কথা হওঁ ৷ এদিন ৰাছিনজাই সুধিলে, আচ্ছা ছাৰ, আপুনি ছামেলাংছত থকা মোৰ ষ্টুডেণ্টৰ ঘৰত ভাত খাই ভাল পাব নে জংঘলত, জলপ্ৰপাতৰ পাৰত ?
অল্‌বত জংঘলত মেডাম ৷
’.কে. ৷ তেনেহলে সাজু হওক, ২৯ ডিচেম্বৰলৈ ৷ সিদিনাই আমি কৰকাণ্ঠিছলৈ যাম ৷ আপুনি ডিফুৰ পৰা আহিব ৷ মই ডকমকাৰ পৰা ওলাম ৷ লাংহিন হৈ যাম আমি ৷ বছৰৰ অন্তিমটো দেওবাৰ ৷ গতিকে জলপ্ৰপাতৰ দাঁতিতে পিক্‌নিকো খাম ৷ ঠিক আছে ? (ক্ৰমশঃ)

No comments:

Post a Comment