সাত ৷৷ কৰকাণ্ঠিছ’ পিক্নিক্ স্পট
ছামেলাংছ’-লাংলকছ’ পথটো এৰি জিৰছঙে গাড়ীখন বাঁওহাতে সুমুৱাই দিলে ৷ ৰাস্তাটোৱে পূৰ্বতকৈ সংকীৰ্ণ ৰূপ পৰিগ্ৰহ কৰিলে ৷ শ্ৰমিক কিছুমানক ৰাস্তাটোৰ উন্নয়নৰ কাম কৰি থকা অৱস্থাত দেখা পালোঁ ৷ ক্ৰমান্বয়ে পাহাৰ অভিমুখে অগ্ৰসৰ হৈছোঁ আমি ৷
সংকীৰ্ণ ৰাস্তাটোৱে অফ্ ৰ’ডৰ ৰূপ ল'বলৈও বেছি সময় নালাগিল ৷ ৱাগন-আৰজাতীয় গাড়ীৰে
এনেকুৱা পথেৰে আগ বঢ়াটো কোনোপধ্যে সম্ভৱ নহয় ৷ ক’ৰবাত ক’ৰবাত ইতিমধ্যে অসুবিধাৰ সন্মুখীন হৈ অহা হৈছেই ৷ উপায়হীন হৈ ‘গাড়ী এৰিব লাগিব এতিয়া’ বুলি ঘোষণা কৰি দিলে ড্ৰাইভিং চিটত থকা জিৰছঙে ৷ মুখৰ আগত নৈ এখনে দেখা দিছে ৷ দলং দেখা নাই ৷
ঘোষণাটো পেটে পেটে এক ৰকম ভালেই পালোঁ ৷ এনে এটা জেগাত উপস্থিত হৈছোঁহি আমি, ইয়াৰ পৰা ট্ৰেকিং আৰম্ভ কৰিব
লাগিব ৷ গাড়ীখন নৈপৰীয়া এঠাইত, গছৰ ছাঁত ৰাখি দিয়াত আটায়ে নামিলোঁ ৷ ৰাছিনজা, কুংৰি, মীৰাহঁত জোতা-চেণ্ডেল
হাতে হাতে লৈ ক্ষন্তেকতে সাজু ৷ জিৰছং আৰু অৰূপদাও খোজ দিবলৈ উদ্যত হৈছে ৷ মোৰহে অকণমান পলম হৈ গ'ল ৷ পুৱা ঘৰৰ পৰা
ওলাওঁতে পিন্ধি অহা উলিক’ট ইনাৰযোৰ গাড়ীৰ ভিতৰতে
খুলি বেগত ভৰালোঁ ৷ জেকেটো এৰিলোঁ ৷ এতিয়া ইমানবোৰ নিপিন্ধিলেও চলিব ৷ অভিজ্ঞতাই
শিকাইছে যে খোজ কাঢ়িব ধৰিলে অলপ পাছতে গৰম উঠি যাব ৷ গৰম উঠিলে শৰীৰত অস্বস্তি লাগিব ৷ তেতিয়া কাপোৰসোপা হৈ পৰিব হাৰমাল ৷ এনেকুৱা হ'লে আচল মজা নালাগিব ৷ সেয়ে আগতীয়াকৈ ভাবি-চিন্তি পাতল হৈ ল’লোঁ ৷
কিমান দূৰ যাব লাগিব নাজানো ৷ ছামেলাংছ’ বজাৰৰ পৰা প্ৰায় ৪ কিল’মিটাৰ আঁতৰৰ লংতাং পাহাৰৰ অভ্যন্তৰত, বাবুল ইংতি নামৰ কাৰবি গাঁও এখনৰ সমীপত কৰকাণ্ঠিছ’ জলপ্ৰপাতটোৰ অৱস্থান বুলি শুনিবলৈ পাইছিলোঁ ৷ যি কি নহওক, সত্যটো অলপ পাছতে জনাজনি হৈ যাব ৷
তাকে লৈ শিহৰণ এটা গুপুতে জাগিব ধৰিছেই ৷ চিৰসংগী উৎসুকতাটোৱেতো পুৱা ঘৰ এৰাৰে পৰাই ক্ৰিয়া কৰি আছে ৷
৯ বাজি ১০ মিনিট পাৰ হৈ গৈছে ৷ সদলবলে পদযাত্ৰা আৰম্ভ হ’ল ৷ মই একেবাৰে পাছ পৰি ৰ'লোঁ ৷ কলাফুল পৰ্যন্তও গভীৰ নোহোৱা জলভাগ হেলাৰঙে অতিক্ৰমি কৰকাণ্ঠি
নৈখনৰ বিপৰীত পাৰত উঠিলোঁহি ৷ পানী পৰিষ্কাৰ ৷ চেঁচা ভাবটোৱে কৌতূহলৰ মাত্ৰা বৃদ্ধি কৰিলে ৷ কুলকুলি কৰাৰ লগতে মুখখনো ধুলোঁ ৷ নৈৰ পাৰত গোমধানৰ খেতি, সৰিয়হৰ খেতি
৷ শান্ত-সমাহিত পুৱাৰ পৰিৱেশ চাই মনটো ভাল লাগি গ’ল ৷ মহিলা ব্ৰিগেডেও এঠাইত ৰৈ দৃশ্য উপভোগ কৰিব ধৰিছে ৷ ম’বাইলৰ কেমেৰাৰে ফটো তুলিছে, ইচ্ছামতে ৷ ইফালে সিফালে আঙুলি টোঁৱাই কিবা বুজাইছে মীৰা তেৰাংপীয়ে ৷ চনছিং টকবি পাছত থাকি গ'ল ৷ তায়ে এতিয়া আমাৰ গাইডৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৷
ইপাৰলৈ আহিয়ে গাঁও এখন পালোঁ ৷ নামটো জনা নগ’ল ৷ পাছ পৰি ৰোৱাত সোধাও নহ'ল ৷ ঠেক ৰাস্তাটোৰ দুপাৰে অ’ত-ত’ত সিঁচৰতি অৱস্থাত ঘৰ কিছুমান পাই আছোঁ ৷ বসতি সিমান ঘন নহয় ৷ কুকুৰকেইটামান ওলাই আহিল ৷ খৰখেদাকৈ অৰূপদাহঁতৰ কাষ চাপি গ'লোঁ ৷ চৌহদবোৰত
ভিন ভিন গছ-লতিকা আছে, ফল-মূল ইত্যাদি আছে ৷ চাইকেলেই মূল পৰিৱহণ যেন লাগিল ৷ কাৰণ অলপ আগতে
নদীপৃষ্ঠত থাকোঁতেই চাইকেলত বস্তু লাদি ঠেলি ঠেলি নৈ পাৰ কৰাই নিয়া মানুহ দেখা পাইছিলোঁ ৷
ঠেক বাটেৰে আগুৱাই আহি থাকি আকৌ নৈ এখন পাইছোঁ ৷ পথ-প্ৰদৰ্শকৰ পৰা জানিব পাৰিলোঁ যে একেখন নৈয়ে এইখন ৷ মানে কৰকাণ্ঠিৰ আগলি ৷ এইডোখৰত
সোঁত আগতকৈ বেছি ৷ নদীগৰ্ভ শিলেৰে ভৰ্তি ৷ ঠায়ে ঠায়ে দ ৷ সুকলমে পাৰ হোৱাৰ পাছত আগলৈ বাটটোৰ বহল আৰু কিছু কম হৈ পৰিল ৷
কৰকাণ্ঠিছ’ পিক্নিক্ স্পট পালোঁহি ৷ আৰ.চি.চি. ৰিক্ৰিয়েশ্বন শ্বে’ড এখন সজা আছে, বাটটোৰ বাঁওহাতে ৷ তাৰ সিফালেৰেই বৈছে কৰকাণ্ঠিছ' জুৰি ৷ শিলত ঠেকা খাই খৰস্ৰোতা পানীয়ে তোলা খলখলনি শব্দ কাণত পৰাত মনটো অধিক চঞ্চল হৈ উঠিল ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ
অন্তৰ্গত টুৰিষ্ট ইনফৰ্মেচন ডিপাৰ্টমেণ্টৰ দ্বাৰা ৫.৫.২০১৭ তাৰিখে শ্বে'ডখনৰ আধাৰশিলা স্থাপন
কৰা হৈছিল ৷ পৰিষদৰ তদানীন্তন অধ্যক্ষ আৰু পৰ্যটনৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যৰ নাম দুটা মাৰ্বলৰ ফলকত খোদিত কৰা আছে ৷
১০ বাজিবলৈ ১০ মিনিট বাকী থকা অৱস্থাত আমি এইডোখৰ পাইছোঁ ৷ এয়া পিকনিক
থলী ৷ আমাৰ লক্ষ্য হৈছে জলপ্ৰপাত ৷ জলপ্ৰপাতটো চাবলৈ হ’লে উচ্চতালৈ আৰোহণ কৰিব লাগিব ৷ লুংলুঙীয়াত পৰিণত হোৱা ৰাস্তাটো ওপৰলৈ উঠি গৈছে আৰু অৰণ্যত লুকাইছে ৷ মীৰা তেৰাংপীক অনুসৰণ
কৰি আমি আগুৱাব ধৰিলোঁ ৷ (ক্ৰমশঃ)
No comments:
Post a Comment