ছয় ৷৷ ছামেলাংছ’ত ৰৈ
লাংহিনৰ
পৰা মাণিকপুৰ, সোণাপুৰ হৈ ধেণ্টাঘাট পালোঁ ৷ ১৭ কিল’মিটাৰ আহোঁতে আধা ঘণ্টামানেই লাগি গ’ল ৷ ঠেক ৰাস্তা ৷ গাড়ীখনো জিৰছঙে ধীৰে ধীৰে, নিয়ন্ত্ৰিত গতিৰে
চলাইছে ৷ ধেণ্টাঘাটতে ডকমকাৰ পৰা টেকেলাংজুন হৈ অহা পথটো একেলগ হ’ল ৷ ধেণ্টাঘাটৰ
পৰা ডকমকাৰ দূৰত্ব ৭-৮ কিল’মিটাৰমান হ’ব ৷ ফুটবলকে
আদি কৰি ক্ৰীড়াংগনত এসময়ত লাংহিন, ধেণ্টাঘাট আদিৰ বেছ সুনাম আছিল ৷ আজি সেয়া অদৃশ্য
৷ খেলপথাৰবোৰ নিমাওমাও ৷ পূৰ্বৰ দৰে প্ৰাণচঞ্চলতাৰ অতিকৈ অভাৱ ৷ দেখিলে মনত বৰ বেজাৰ
লাগে ৷
ধেণ্টাঘাটৰ
পৰা ৫ কিল’মিটাৰ আগত ছামেলাংছ’ ৷ কাৰবি আংলং জিলাৰ ১১টা উন্নয়ন খণ্ডৰ ভিতৰত ছামেলাংছ’ অন্যতম ৷ মুখ্যালয় ডকমকাত আছে ৷ বিগত ২০১১ চনৰ পিয়লৰ
তথ্য অনুসৰি ফুলনি ৰাজহ-চক্ৰৰ ভিতৰুৱা ছামেলাংছ’ ব্লক এলেকাত থকা গাঁৱৰ সংখ্যা ৩০৪, জনসংখ্যা ৬৩,৮৬৯, সাক্ষৰতাৰ শতকৰা হাৰ ৬৪.৫৩,
লিংগ অনুপাত ৯৮৪ : ১০০০ ৷ অঞ্চলটো কাৰবি আংলং স্বায়ত্তশাসিত
পৰিষদৰ ১৪ নং কৰকাণ্ঠি সমষ্টিৰ অন্তৰ্গত ৷ বিধান সভা সমষ্টি ১৮ নং হাওৰাঘাট (অ.জ.) ৷ লোক সভা সমষ্টি ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.) ৷
ধান কটাৰ পাছত ৰৈ যোৱা নৰাবোৰে এতিয়া মুগা বৰণ ধৰিছে ৷ পথাৰখনৰ সিটো পাৰে
পাহাৰ ৷ পাদদেশত বিশাল তামোলবাৰী ৷ ঘৰ কিছুমানো দেখা পাইছোঁ ৷ আগ বাঢ়ি থাকি ছামেলাংছ’ নামৰ সৰু নৈ এখন পাৰ হ’লোঁ ৷ এই জানটোৰ সৈতে বিজড়িত অতীত-কাহিনী এটা
শুনিবলৈ পাইছিলোঁ ৷
কোনোৰ মতে কলগছৰ পৰা কল ছিঙি খোৱাক লৈ, কোনোৰ মতে জুমতলীত সোমোৱাক লৈ
অতীজত এবাৰ কাৰবি আৰু ৰেংমাসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷ উভয় পক্ষৰ সহনশীল আৰু
শুভবুদ্ধিসম্পন্ন লোকসকলৰ তৎপৰতাত তেতিয়া আলোচনাৰ মাধ্যমেৰে ঘটনাটোৰ নিষ্পত্তি কৰা
হৈছিল ৷ লগতে ভৱিষ্যতে যাতে কোনো কথাতে দুয়ো পক্ষৰ মাজত একো কাজিয়া-পেছাল নহয় আৰু
শান্তি-সম্প্ৰীতি যাতে বৰ্তি থাকে, তাৰ বাবে শপত খোৱা হৈছিল ৷ সেই শপত গ্ৰহণ হৈছিল
এই জুৰিটোৰ পাৰতে ৷ ঘটনাক্ৰমত ইয়াৰ নামকৰণ কৰা হৈছিল চেমেলাংছ’ ৷ কাৰবি ভাষাত চেমে মানে শপত, লাংছ’ মানে জুৰি বা জান ৷ কোৱা হয়, চেমেলাংছ’ শব্দটোৱেই মানুহৰ মুখ বাগৰি ছামেলাংছ’ হ’ল ৷
৮ বাজি ১০ মিনিট গৈছে ৷ ছামেংলাংছ’ বজাৰ নাপাওঁতেই পোৱা কাংথিম ৰংপি গাঁৱত প্ৰকাশ টকবিৰ ঘৰ ৷ পোন ৰাস্তাটোত আগলৈ
থকা বজাৰখন ৰিণিকি ৰিণিকি দেখা পোৱা গৈছে ৷ আমাৰ ট্ৰিপ এৰেঞ্জাৰ ৰাছিনজা ক্ৰ’পীৰ নিৰ্দেশমতে গাড়ীৰ পৰা নামি সদলবলে
প্ৰকাশৰ ঘৰত পদাৰ্পণ কৰিলোঁগৈ ৷ ঘৰটো ৰাস্তাৰ দাঁতিতে, সোঁফালে ৷ চৌহদৰ ভিতৰতে
বগৰী গছ এজোপা পাই প্ৰথমে পকা বগৰী বুটলিবলৈ ধৰিলোঁ ৷
চনছিং টকবি আৰু মীৰা তেৰাংপী ৷ প্ৰকাশৰ ক্ৰমে দেউতাক আৰু মাক ৷ আমাৰ বাবেই অপেক্ষা
কৰি আছিল ৷ ৰাছিনজাই চিনাকি কৰাই দিলে ৷ চ’ৰাঘৰত আথে-বেথে বহুৱালে ৷ লালচাহো খুৱালে ৷ আমাৰ সৈতে উভয়েই যাব জলপ্ৰপাতলৈ ৷
প্ৰকাশ ঘৰতে ৰৈ যাব ৷ সি নাহে ৷ তাৰ ঠাইত মাক উঠিল আমাৰ গাড়ীত ৷ তেওঁ ৰাস্তা চিনি পায় ৷ প্ৰকাশৰ দেউতাক অন্য লোক কেইজনমানৰ সৈতে টেম্প’ এখন লৈ আহি থাকিব ৷ বনভোজৰ বাবে যা-যোগাৰ
কৰি ৰখা খাদ্যবস্তুবোৰ তেওঁলোকেই আনিব ৷ ইতিমধ্যে সকলোখিনি ৰাস্তালৈ উলিয়াই অনা
হৈছে ৷ শেষ মুহূৰ্তত মনত পৰা কিবা সামগ্ৰী লৈ দৌৰা-ঢপৰা চলিছে ৷ উখল-মাখল পৰিৱেশ ৷ টকবিয়ে আমাক আগ বাঢ়িবলৈ ইংগিত দিলে ৷
কাংথিম ৰংপি গাঁৱৰ পৰা ৮.৩০ত যাত্ৰা আৰম্ভ হ’ল ৷ ১ মিনিট গৈছোঁ কি নাই, ছামেলাংছ’ বজাৰ পালোঁহি ৷ গাড়ীখন ৰৈ গ’ল ৷ ৰাছিনজা, কুংৰিহঁতে দৰকাৰী কিবাকিবি কিনিব ৷ সুযোগটো পাই নামি লৈ চৌদিশ নিৰীক্ষণ কৰিব ধৰিছোঁ ৷ গ্ৰাম্য পৰিৱেশ ৷ দোকান কেইখনমান আছে ৷ পথৰ কাষতে,
অকণমান আগলৈ প্ৰত্যক্ষ কৰিছোঁ মানুহৰ জুম এটা ৷ কিনো হৈছে বুলি গৈ চাওঁ যে মাছ
বিক্ৰী কৰি আছে ৷ অলপ আগতে ধৰি অনা জীয়া ৰৌ মাছ ৷ পিকনিকত খাবলৈ কেইবাবিধো মাংস
অনা হৈছেই ৷ তৎসত্ত্বেও অৰূপদা ৰ’ব
নোৱাৰিলে ৷ ৩ কেজি কিনি পেলালে ৷ দাম দিলে ৬০০ টকা ৷ মই চক্লেটৰ পেকেট কেইটামান আৰু বিস্কুট লৈ থ’লোঁ ৷ খোজ কাঢ়োঁতে লাগিব ৷
ছামেলাংছ’ত আৰক্ষী থানা আছে ৷ অঞ্চলটো লাংলকছ’ মৌজাৰ অন্তৰ্গত ৷ এই এলেকাবোৰলৈ
আগতে মুকলিমনে অহাটোৱেই মস্কিল আছিল ৷ এতিয়া সময় সলনি হৈছে ৷ নিৰ্বিবাদে আহিব পাৰিছোঁ ৷ লাংলকছ’ৰ পৰা ডিফুলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাছ চলে ৷ ডিফু
অভিমুখী বাছখন ধেণ্টাঘাট পাৰ হৈ আহোঁতে বাটতে পাইছিলোঁ ৷ ভিতৰুৱা ঠাইৰ সৈতে জিলা সদৰৰ সংযোগ এনেকৈয়ে ৰক্ষা কৰা হৈছে, পৰিষদৰ দ্বাৰা ৷
লাংলক্ছ’লৈ যোৱা ৰাস্তাটো আগৰ কেঁকুৰিত অদৃশ্য হৈ পৰিছে ৷ কেঁচা ৰাস্তা ৷ বৰষুণৰ দিনত কি দশা হ'ব পাৰে নোকোৱাই ভাল ৷ ছামেলাংছ’ৰ পৰা ৮-৯ কিল’মিটাৰ আগলৈ অৱস্থিত লাংলক্ছ’ ৷ লাংলক্ছ’ৰ পৰা তাৰাপুং, বৰপুং পাৰ হৈ গৈ থাকি জংফা নামৰ ঠাইটুকুৰা ওলাবগৈ পাৰি ৷ এঠাইত পঢ়িবলৈ
পোৱা মতে লাংলক্ছ’ৰ ৰংপি গাঁৱত কেতবোৰ
প্ৰত্নতাত্ত্বিক সম্পদ পোৱা গৈছিল ৷
কেইহাং ৰেংমা ফুকনৰ সমাধি চাবলৈ যাওঁতে ৰেংমা পাহাৰৰ জংফাৰ সমীপৰ শিলাময় জুৰি ল’তেনশ্বংৰিৰ কাষৰ পৰা
যেতিয়া ঠাংচি আৰু মই উভতি গৈছিলোঁ, অৰণ্যৰ মাজত হেৰাই থকা, আগলৈ যোৱা বাটটোলৈ অসহায়ভাৱে
চাই থাকি গোপনে মনতে আশা কৰিছিলোঁ যে জংফাৰ মাজেদিয়েই যাম কেতিয়াবা ল’লাশ্বংন্যু, বৰপুং, তাৰাপুং ৷ গৈ গৈ ওলামগৈ লাংলকছ’, ছামেলাংছ’ ৷ ডিফু অৰ্থাৎ লুম্বাজং ব্লকৰ পৰা আৰম্ভ কৰি বোকাজান, নিলিপ, ৰংমংৱে, ছামেলাংছ’, হাওৰাঘাট উন্নয়ন খণ্ডক সামৰি চাৰ্কুলাৰ ট্ৰিপ
এটা মনতে কল্পনা কৰি চাইছিলোঁ ৷ এইবোৰ কোনো আড়ম্বৰপূৰ্ণ ভ্ৰমণ
নহয় অৱশ্যে ৷ কষ্টকৰ যাত্ৰা ৷ ইচ্ছা মজবুত হ’লে অসম্ভৱ একো নহয় ৷ চিন্তাটো এই মুহূৰ্তত মনত পৰিল ৷
এইমূৰে ছামেলাংছ’, সিমূৰে জংফা ৷ বিপৰীত
ফালেৰে আহি এইখিনি পালোঁহি আজি ৷ মাজৰছোৱা মোৰ বাবে অজানা হৈ ৰ’ল ৷ এই অজানা ভেদ কৰিব লাগিব কাহানিবা ৷ অৰূপদাই কি ভাবিছে নাজানো ৷ (ক্ৰমশঃ)
No comments:
Post a Comment