Friday, 22 August 2014

আজি মোৰ আলহী মিষ্টাৰ ইছেন্‌থাং জিছিং ৰেংমা৷ আমাৰ নিচেই চুবুৰীয়া আৰু ঘৰুৱা ভাবৰ লোক৷ অতীজৰে পৰা কাৰবি আংলঙত বসতি কৰি অহা ৰেংমা নগা জনগোষ্ঠীটোৰ উৎসৱ সম্পৰ্কীয় তেখেতৰ এই লেখা অকবৰ পাঠকলৈ সাদৰেৰে আগ বঢ়ালোঁ৷
………....................................................................................

ৰেংমা নগাসকলৰ হৃদয়ৰ মহোৎসৱ ঙাঁদা


উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য জনজাতিৰ অন্যতম ৰেংমা নগাসকলে অতি প্ৰাচীন কালৰে পৰাই ঙাঁদা (Ngada) উদ্‌যাপন কৰি আহিছে৷ এই কথা সন্দেহাতীত যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে নানা উৎসৱ, ধৰ্মীয় অনুষ্ঠানাদি পালন কৰিছিল৷ সেয়ে হলেও ১৯শ শতিকাত খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱাৰ পৰৱৰ্তী সময়ত বছৰি এবাৰ সমূহীয়াভাৱে উদ্‌যাপিত হোৱা ঙাঁদাই ৰেংমা নগাসকলৰ স্বকীয় সামাজিক, সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ ধাৰক আৰু বাহক স্বৰূপে ৰল৷ পাৰস্পৰিক শুভেচ্ছা বিনিময় আৰু কৃতজ্ঞতা জ্ঞাপনৰ অৰ্থে পালিত ঙাঁদা উৎসৱৰ জৰিয়তে ৰেংমা নগাসকলে আজিও নিজস্ব বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিছে৷

ৰেংমা নগাসকলে পালন কৰা উৎসৱসমূহৰ ভিতৰত ঙাঁদাৰ পৰিসৰ সকলোতকৈ বহল৷ ঙাঁদা শব্দৰ অৰ্থই হৈছে বৃহৎভাৱে আয়োজিত আনন্দ সমাৰোহ৷ প্ৰেম, ভাতৃত্ব, ঐক্য, মিলন, জয়লাভ, কৃতজ্ঞতা, শুভেচ্ছা, সংকল্প আদি সকলোবিলাক কথাই সাঙোৰ খাই থাকে এই উৎসৱত৷ এই উৎসৱ সাধাৰণতে উৎসাহ-উদ্দীপনাৰ মাজেৰে সমূহীয়াভাৱে পালন কৰা হয়৷ নভেম্বৰ মাহৰ শেষত কৃষি-কৰ্মৰ পৰিসমাপ্তিত ঙাঁদাৰ আয়োজন চলে৷ পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰণি জনোৱাৰ উদ্দেশ্যও ইয়াত অন্তৰ্নিহিত হৈ থাকে৷

মংগোলীয় বংশোদ্ভৱ ৰেংমা নগাসকলে পাঁচ দিনৰ পৰা আঠ দিন জুৰি ঙাঁদা উদ্‌যাপন কৰে৷ খেতি চপোৱাৰ অন্তত নভেম্বৰ মাহৰ শেষলৈ ৰেপুগে (Repvugu) অৰ্থাৎ গাঁৱৰ মুখিয়ালগৰাকীয়ে উৎসৱ উদ্‌যাপনৰ নিৰ্দিষ্ট দিন ঘোষণা কৰে৷ ইয়াৰ পাছৰ পৰাই গাঁওবাসীয়ে আন্তৰিকতাৰে মনোনিৱেশ কৰে ঙাঁদাৰ প্ৰস্তুতিত৷ ঙাঁদাৰ আগমনে সকলোকে উৎফুল্লিত কৰি তোলে৷

উৎসৱৰ অন্তৰ্গত পালন কৰা প্ৰথম দিনটোত ৰেংমা নগাসকলে নিজা নিজা বাসগৃহ পৰিষ্কাৰকৰণ, ঘৰুৱা সা-সামগ্ৰী ঠিক-ঠাক কৰা, উৎসৱকালৰ বাবে যাৱতীয় বস্তু-বাহানি যা-যোগাৰ কৰা ইত্যাদি কাম কৰে৷ গাঁৱৰ চৌপাশ পৰিষ্কাৰ কৰি তোলা হয়৷ তদুপৰি খেতিপথাৰলৈ যোৱা বাট-পথো চাফা কৰা হয়৷ দ্বিতীয় দিনা হাবিলৈ গৈ থোক নপৰা কলগছৰ পাত সংগ্ৰহ কৰে৷ এই উৎসৱত সকলোবিলাক বাচন-বৰ্তন নতুন হোৱাটো বাঞ্ছনীয়৷ সেয়েহে পানী খাবলৈ বাঁহৰ চুঙা, ভাত খাবলৈ কলপাত ব্যৱহাৰ কৰা হয়৷ ইয়াৰ দ্বাৰা মনবোৰো নতুন হৈ পৰে বুলি তেওঁলোকে বিশ্বাস কৰে৷ আনকি দুখীয়াজনেও ন বস্ত্ৰ পৰিধান কৰে৷ ফলত মনলৈ নতুনত্বৰ ভাব আহে৷ পৰৱৰ্তী বৰ্ষৰ কৃষিৰ উন্নয়নৰ অৰ্থে ঈশ্বৰৰ কৰুণা লাভ কৰিবলৈ গাঁৱৰ বয়োজ্যেষ্ঠগৰাকীয়ে পৰম্পৰাগত নিয়ম পালন কৰে৷ তৃতীয় দিনা ঘৰৰ গৃহিণীহঁতে নতুন শস্যৰ গুণাগুণৰ উমান লয়৷ ঘৰৰ একেবাৰে ভিতৰুৱা কোঠাত কাৰো সৈতে কথা নাপাতি তেওঁলোকে প্ৰথমে শস্যৰ জুতি লয়৷ ইয়াৰ পাছতহে অন্যান্য সদস্যসকলে আহাৰ গ্ৰহণ কৰাটো নিয়ম৷ সেইদিনা মহিলাসকল আত্মীয়ৰ সমাধিস্থললৈকো যায় আৰু কবৰ পৰিষ্কাৰ কৰে৷ চতুৰ্থ দিনা পুৱাবেলা পুৰুষসকলে ৰেন্‌চে (Renshe) অৰ্থাৎ ডেকাচাঙত একত্ৰিত হৈ লগ-ভাত খায়৷ ডেকাচাঙত আয়োজিত এই ভোজন মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত টেবু (নিষেধ) আছে৷ দুপৰীয়া পৰত পৰম্পৰাগত সাজ-পাৰ, ৰণুৱা ধুন-পেচ কৰি পুৰুষসকলে গাঁওখন পৰিভ্ৰমণ কৰে৷ তাৰ লগে লগে মহিলাসকলে পানী আৰু চাউলৰ পৰা তৈয়াৰী মদৰ পাত্ৰ লৈ অগ্ৰসৰ হয়৷ বাঁহৰ চুঙা আৰু তিতা-লাওৰ পাত্ৰত তেওঁলোকে পুৰুষসকলক পানীয়ৰ যোগান ধৰে৷ তাৰ পাচৰ দিনা শোভাযাত্ৰাৰ আয়োজন কৰা হয়৷ ৰংচঙীয়া সাজ পৰিধান কৰি মৌখিকভাৱে চলি অহা পৰম্পৰাগত গীত গাই গাই পুৰুষসকলে ডেকাচাঙৰ পৰা সমদল-যাত্ৰা আৰম্ভ কৰে৷ এই শোভাযাত্ৰাকাৰীসকল প্ৰত্যেকৰে ঘৰলৈ যায় আৰু সকলোৱে কিবা নহয় কিবা আগ বঢ়াই তেওঁলোকলৈ সন্মান যাচে৷ উৎসৱৰ ষষ্ঠ দিনটোক কোৱা হয় কেহ্‌য়ুং জাং Kenyhun dzan)৷ সেইদিনা খেল, গোত্ৰ পৰিহাৰ কৰি পৰম্পৰাগত সাজ-পোচাক পিন্ধি ঘৰে ঘৰে ফুৰিবলৈ যায়৷ কোনো ইতস্ততঃ নকৰাকৈ এজনে আনজনৰ ঘৰত খোৱা-বোৱা কৰে৷ সপ্তম দিনটোত পৰম্পৰাগত সাজ পৰিধানেৰে অঙহী-বঙহীৰ ঘৰত গৈ নাচ-গান কৰে৷ তেওঁলোকলৈ মাংস আৰু লাওপানী আগ বঢ়োৱা হয়৷ হাবিলৈ গৈ পিছদিনাৰ ভোজলৈ বুলি খৰি, কলপাত, শাক-পাচলি বিচাৰি আনেগৈ৷ অষ্টম দিনটো হৈছে ঙাঁদা উৎসৱৰ অন্তিম দিন৷ সেইদিনা ৰাজহুৱাভাৱে প্ৰীতি-ভোজৰ ব্যৱস্থা কৰা হয়৷ বুঢ়া-মেথা, ডেকা-ডেকেৰী, লৰা-ছোৱালী সমন্বিতে সকলোৱে ইয়াত উপস্থিত হয়৷ পঞ্চম দিনৰ শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি সংগৃহীত বয়-বস্তুৰে এই ভোজ-ভাতৰ আয়োজন কৰে৷ ৰেংমা নগাসকলৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে ঙাঁদাৰ অন্তিম দিনটোত সেই বছৰটোত মৃত্যু ঘটা ব্যক্তিসকলৰ আত্মাই গাঁও এৰি মৃত্যুপুৰী (Ranjen phenyu)লৈ গতি কৰে৷ অন্তিম দিনটোক কোৱা হয় নিইখিং জাং (Nyikhing dzan) যাৰ অৰ্থ সামৰণি সমাৰোহ৷ এই দিনটোত ঘাইকৈ তিনিটা ৰীতি পালন কৰা হয়৷ সেয়া হ'ল : গাঁৱত অগ্নিকাণ্ড নঘটিবলৈ অগ্নিৰ সৈতে শান্তিচুক্তি, শস্য আৰু গৃহৰ ক্ষতি নকৰিবলৈ এন্দুৰৰ সৈতে চুক্তি আৰু বাসগৃহ তথা গাঁৱৰ পৰা অমংগলীয় আত্মা বা চয়তানক আঁতৰ কৰিবলৈ কৰা ৰীতি৷

উৎসৱৰ কেইদিন আনুষংগিক কাম-কাজৰ বাদে আন সকলো ধৰণৰ কৰ্ম নিলগাই থৈ ৰেংমা নগাসকলে ঙাঁদাৰ প্ৰীতি-ভোজ, নৃত্য-গীত, খেল-ধেমালি, বন্ধুমিলন, মাছ ধৰা, পুৰণিক বিদায় জনোৱা, নতুনক সম্ভাষণ জনোৱা, প্ৰিয় মিত্ৰক স্মৰণ, কৃষিৰ উন্নয়নৰ বাবে প্ৰাৰ্থনা, সাজ-পাৰ আৰু অলংকাৰ প্ৰদৰ্শন, পৰম্পৰা পালনত আন্তৰিকতাৰে আত্মনিয়োগ কৰে৷ ঙাঁদাৰ সময়তে গাঁও এখনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷ পৰৱৰ্তী বৰ্ষত কোনটো অঞ্চলত খেতি কৰা হব, নতুন ঘৰ কিমানটা সজা হব, সমূহীয়া মাছ ধৰা পৰ্ব কোন দিনা হব, অন্য গাঁৱৰ সৈতে শান্তিচুক্তি কৰিব লগা আছে নেকি, গাঁৱৰ কাৰোবাৰ মাজত ভুল বুজাবুজি হৈছে নেকি আৰু যদি হৈছে তাৰ মিট-মাট কৰা, সমূহীয়া ভোজত কিমান ঘৰে অংশ লব ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ এই সময়টোতে কৰা হয়৷ এই মহোৎসৱেই একত্ৰিত কৰে ৰেংমা নগা সমাজখনক৷ ইয়েই জগাই তোলে তেওঁলোকৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাব৷ ৰেংমা নগাসকলৰ বাৰেবৰণীয়া সংস্কৃতিৰ ফল্গুধাৰাটো এইদৰেই আজিও অজৰ-অমৰ হৈ বৈ আছে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷


(মূল ইংৰাজীৰ পৰা ভাষান্তৰকৃত৷ মূল লেখক - মিষ্টাৰ ইছেন্‌থাং জিছিং ৰেংমা, ডিফু)

No comments:

Post a Comment