অভিমান...
(গল্প নহয়, সত্য)
‘যাৰ অনুভূতি যিমান বেছি
তাৰ অভিমানো সিমান বেছি
যাৰ অভিমান যিমান বেছি
তাৰ হৃদয়ো সিমান সুন্দৰ
যাৰ হৃদয় যিমান সুন্দৰ
তাৰ কষ্টও সিমান বেছি৷’
মাজে মাজে মই মোৰ বান্ধৱীজনীৰ লগত অভিমান কৰোঁ৷
মোৰ অন্তৰংগ বান্ধৱী এই এজনীয়েই৷ তাই মোৰ অতি মৰমৰ, আদৰৰ আৰু শ্ৰদ্ধাৰ৷ কোনো তৃতীয়
পক্ষৰ উপস্থিতিৰ বাবে এই বন্ধুত্বৰ কোনো প্ৰকাৰৰ ক্ষয়-ক্ষতি হোৱাটো মুঠেই কামনা নকৰোঁ৷
তাৰে আশংকাতে আজিলৈকে মই এই বিষয়ে কাকোৱেই একো জনোৱা নাই৷ তাইৰ নাম কি, ধাম কি, ক’তো ঘূণাক্ষৰেও উল্লেখ কৰা নাই,
নকৰোঁ৷ এইটো সঁচা যে মই তাইৰ ফে’চবুকত নাই৷ তায়ো মোৰ ফে’চবুকত নাই৷ আমাৰ বন্ধুত্ব কিন্তু শক্তিশালী৷ কাৰণ এনেয়ে
হাই-হেল্ল’ কৰি টাইম পাছ কৰাটো আমাৰ উদ্দেশ্য
নহয়৷ আমি জানো যে বন্ধুত্ব আৰম্ভ কৰাটো যিমান সহজ, সুস্থ-সবলভাৱে বৰ্তাই ৰখাটো সিমানেই
কঠিন৷ আমি এইটোও জানো যে বিশ্বাসেই সেই আধাৰ, যি হেৰালে সকলো হেৰায়৷ পাৰস্পৰিক শ্ৰদ্ধাশীলতা
বন্ধুত্বৰ ভূষণ৷
গম্ভীৰ কথাটো হ’ল, যোৱা তিনিদিন ধৰি অদৃশ্য মোৰ বান্ধৱী৷ নাজানো,
ইয়াৰ কি কাৰণ, কি সমস্যা তাইৰ৷ চিন্তিত হৈ প্ৰশ্নৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছোঁ যদিও
কোনো উত্তৰ নাই৷ গতিকে পুনৰবাৰ মই মোৰ অভিমান আৰম্ভ কৰাই শ্ৰেয়ঃ বুলি ভাবিছোঁ৷ কাৰণ
আগতেও প্ৰমাণ পাই থৈছোঁ যে মই মোৰ ছাইবৰণীয়া অভিমান প্ৰদৰ্শন কৰিলেই পিছ মুহূৰ্ততে
তাই সেউজীয়া হৈ পৰে৷
মোৰ মগজুৱে মনে মনে চিন্তা কৰি উলিওৱা প্লেনমতে
এইবাৰ মোৰ অভিমানৰ ৰূপটো হ’ব এনেধৰণৰ...
তাইক জনাম... যোৱা তিনিটা দিন ধৰি বৰ আশা কৰিও
তোক মই এবাৰলৈও দেখা পোৱা নাই৷ পাতিবলগীয়া কথাকেইষাৰ মনতে পাগুলি আছোঁ, অথচ পাতিব পৰা
নাই৷ সিফালে ঘৰৰ খবৰো একোৱেই গম নাপাওঁ৷ তোৰ এই আচৰণৰ মই সজোৰ প্ৰতিবাদ কৰিব খুজিছোঁ৷
সেয়ে আগন্তুক ৩ x ১০ = ৩০দিন ধৰি ময়ো তোৰ আগত দেখা
নিদিওঁ যাঃ৷ যি কৰ কৰিবি৷
এয়া হ’ল মোৰ ফাৰ্ষ্ট ফে’জ অৱ প্ৰটেষ্ট৷ কি হয় চাই লওঁ৷ নহ’লে চেকেণ্ড আৰু থাৰ্ড ফে’জো ভাবি থৈছোঁ৷ আপোনালোকক মনে
মনে কৈ থওঁ, চেকেণ্ড ফে’জত ৩০দিনৰ ঠাইত ৩০মাহ আৰু থাৰ্ড
ফে’জত ৩০বছৰ দেখা নিদিওঁ বুলি ক’ম৷ বাপ্পেকে, গম পাই যাব তেতিয়া৷
মই বাৰু বৰ বেছি অভিমানী হৈ পৰিলোঁ নেকি?
(ইণ্টাৰনেশ্যনেল ফ্ৰেইণ্ডশ্বিপ ডে’ উপলক্ষে)
No comments:
Post a Comment