সকলো বাদ দি সাংবাদিকেই হৈ যাওঁ নেকি?
(বন্ধুৰ উপলব্ধিক লৈ একলম)
‘সকলো বাদ দি তই সাংবাদিকেই হৈ যা বুইছ...’ দেওবৰীয়া সন্ধিয়া কথাৰ মাজতে এই পৰামৰ্শটো আগ বঢ়ালে
বাল্যবন্ধু এজনে৷ তেওঁ আৰু অন্য এক শুভচিন্তকেই দূৰ-অতীতত মোক সাংবাদিক হোৱাৰ পথলৈ
টানি নিছিল৷ সেয়া ১৯৯৪ৰ ৯মে’ৰ কথা৷ হিচাপ কৰিলে এতিয়াৰ পৰা ২০বছৰ আগৰ৷ নিত্য-সহচৰ সাহিত্যপ্ৰেমী
দুজনৰ উৎসাহভৰা বাক্যই সৃষ্টিশীল ক্ষেত্ৰখনলৈ খোজ বঢ়োৱাত সাহস যোগাইছিল৷ যান্ত্ৰিক
প্ৰযুক্তিবিদ্যাৰ স্নাতক ডিগ্ৰীধাৰী নিবনুৱা এজনক বাতৰি কাকতৰ জৰিয়তে চিৰচেনেহী ভাষা
জননীৰ সেৱকত ৰূপান্তৰিত কৰিবলৈ তেওঁলোকৰ মনে কি ধৰণৰ যুক্তি বিচাৰি পাইছিল নাজানো৷
চিন্তাগভীৰ সেই সিদ্ধান্তৰ কাৰণেই দুয়ো কিন্তু আজীৱন স্মৰণযোগ্য হৈ ৰ’ল৷ দুঃখজনক যে তাৰে এজনৰ এপ্ৰিল
মাহত পৰলোকপ্ৰাপ্তি ঘটিছে৷
নিশ্চিতভাৱেই অনন্য এক যাত্ৰাৰ শুভাৰম্ভ আছিল সেয়া৷ জীৱনৰ
টাৰ্নিং পইণ্ট৷ বাতৰি আৰু অন্যান্য লেখাসমূহ ভালকৈ পঢ়ি চাই-চিতি দীঘল বাক্য
চুটি কৰা, আসোঁৱাহযুক্ত ভাষা আৰু ৰচনাশৈলীক নীতিৰ বিচাৰেৰে ৰুচিসন্মতভাৱে শুধৰাই প্ৰকাশযোগ্য
কৰা, বানান বিভ্ৰাট শূন্য কৰা, দৰকাৰ হ’লে পুনৰায় লিখা; প্ৰেছ বিজ্ঞপ্তিবিলাক ইংৰাজীৰ পৰা অসমীয়ালৈ
ভাষান্তৰ কৰা; লিড নিউজ, বক্স নিউজ, লিড আৰ্টিকল নিৰ্বাচনৰ পিছত আকৰ্ষণীয় কেপ্চনেৰে
উপস্থাপন কৰা; লে’-আউট কৰা, এজেণ্টলৈ লেবেল লিখা,
পেকিং কৰা ...এইবোৰেই আছিল কাম, যদিওবা মুখ্য দায়িত্ব আছিল আৰ্হি কাকত নিৰীক্ষণহে৷
শিৰোনাম দিওঁতে কোনটো টাইপৰ কিমান পইণ্টৰ দিব লাগিব, এশাৰীৰ হ’বনে দুশাৰীৰ, কেই কলমত যাব, কোন
পৃষ্ঠাত ছপা হ’ব... লাহেকৈ সেইবোৰো আহি গ’ল স্বপ্ৰণোদিতভাৱে৷ দিনান্তত
ঘৰলৈ ওভতোতে বুক ষ্টল আৰু বাছ ষ্টেণ্ডত নিজহাতে পেকেট ডেলিভাৰী, আনকি আন্তৰিক তাগিদাৰ
বাবে মাজে মাজে সংবাদ সংগ্ৰহ অভিযানো চলিল৷ ফিছাৰ ৰচনাৰ প্ৰতি স্পৃহা জন্মিল৷ কালক্রমত সম্পাদকীয়
কলমতো লিখিব লগা হ’ল৷ যেন এক বুজাব নোৱাৰা স্বাধীনতা
প্ৰাপ্তি! প্ৰুফ ৰিডাৰৰ পদোন্নতি হ’ল সহযোগী সম্পাদকলৈ৷ অভিধান ব্যৱহাৰৰ স্বভাৱ এটা স্বয়ংক্রিয়
হৈ পৰাৰ লগতে আনৰ ভুল শুধৰাওঁতে শুধৰাওঁতে নিজৰ বাৰ পাচি অশুদ্ধবোৰ আপোনা-আপুনি শুদ্ধতাৰ
ফালে আহিবলৈ ল’লে৷ লেখক-সাংবাদিকসকলৰ সৈতে পৰিচয়
হ’ল, বন্ধুত্ব গঢ় লৈ উঠিল৷ দৈনিক
অনুশীলন আৰু কিতাপৰ সৈতে সম্বন্ধ স্থাপনৰ লগতে তথ্যৰ অন্বেষণ আৰু সংৰক্ষণৰ অভ্যাসে
গঢ় ল’লে৷ সাংবাদিকতা কৰ্মশালাত অভিজ্ঞতাপুষ্ট
প্ৰশিক্ষকসকলৰ শ্ৰেণীত উপস্থিত থাকি ন-শিকাৰু হিচাপে লাগতিয়াল কথা কিছুমান আয়ত্তলৈ
আহিল, সাংবাদিকৰ দায়বদ্ধতা সম্পৰ্কে শিক্ষা হ'ল৷ ছপাশাল, বাতৰি কাকত, সাংবাদিকতা সম্বন্ধে
ব্যৱহাৰিক জ্ঞান আহৰণ কৰিবলৈ এইদৰেই কেতিয়াও নভবা-নিচিন্তা এটা সুযোগ পালোঁ৷ এই দুই
বন্ধুৰ সুন্দৰ আৰু সঠিক ভাবনাৰ কল্পেহে এইকণ উৎকৰ্ষ বুলি অকপটে কোৱাত দ্বিধাবোধ নাই৷
ইয়াৰ পাছতে জীৱনে সুঁতি সলালে৷ সাংবাদিকতাৰ পৰা
আঁতৰি আহি মুদ্ৰণ কাৰ্যৰ অ-আ-ক-খৰে আৰম্ভ হ’ল স্বাৱলম্বী হোৱাৰ একক আন্দোলন৷ একেজন বন্ধুৰ সৈতে সম্পন্ন
কৰা এখন স্মৰণিকাৰ কাম আৰু তাৰ প্ৰেক্ষাপটত তেওঁ উচ্চাৰণ কৰা এটা চিন্তাপ্ৰসূত তথা
আশাপ্ৰদ বাক্যয়ে ইয়াৰ অন্তৰালতো ক্রিয়া কৰিলে৷ ১৯৯৭ৰ ৯মে’ৰ কথা সেয়া৷ ৰাজহুৱা কৰ্মৰ মাজেদিয়ে
জীৱনে কৰি পেলালে তাৰ দিক্ নিৰ্ণয়৷ তাৰে ধাৰাবাহিকতাত জীয়াই থকাৰ সংগ্ৰামত ব্ৰতী হৈ
বিগত ১৭টা বছৰত পুঞ্জীভূত হৈছে অনেক তিতা-মিঠা অভিজ্ঞতা৷ আয়ত্তলৈ আহিছে জাবৰক শাকলৈ
ৰূপান্তৰিত কৰাৰ কলা, যিটো সেইখন কৰ্মক্ষেত্ৰৰ গুৰিকথা৷
এতিয়া দিন সলনি হৈছে৷ ২৫নবেম্বৰ ১৯৯৭তে এৰা ‘ভিকহু সাংবাদিকতা’ বন্ধুৰ ভাষাৰে, আজিৰ তাৰিখত
হেনো ‘ৰমৰমীয়া বেপাৰ’ হৈছেহি৷ তাৰেই ফলশ্ৰুতিত তাহানিতে
আঙুলিৰ মূৰত লেখিব পৰা সাংবাদিকৰ সংখ্যাটোও এতিয়া এনেকুৱা পৰ্যায় পাইছেগৈ যে ওপৰলৈ
শিলগুটি এটা দলিয়ালেও বোলে সাংবাদিকৰ মূৰতে পৰে! সাংবাদিক নামধাৰী একাংশ লোকৰ গিজগিজনিত মঞ্চত
চলি থকা কাৰ্যসূচী বা দৃশ্য এটা দৰ্শকে বহুসময়ত ভালকৈ চাবলৈকে নাপায় হেনো৷ কলম চলক
বা নচলক, আনকি লিখাৰ অৰ্হতা নাথাকিলেও বোলে সাংবাদিক হ’ব পাৰি আজিকালি৷ হাতত কেমেৰা
এটা লৈ ফটোৰ পিছত ফটো ক্লিক কৰি গ’লেই হ’ল, ক’তো এখনো নোলালেও হেনো কোনো কথা নাই৷ ৰাজনৈতিক তথা প্ৰশাসনিক
হৰ্তা-কৰ্তা-বিধাতাসকলৰ লগত সমানে উঠা-বহা, য’তে-ত’তে অবাধ প্ৰৱেশ, মুক্ত বিচৰণ, সন্মুখত আসন, ঠিকা-ঠুকলি,
চাপ্লাই অৰ্ডাৰ, মাটি-বাৰী-গাড়ী, ভ্ৰমণ-খানা... মুঠতে এক স্বাচ্ছন্দ্যকৰ লাইফ ষ্টাইল৷
বোধ হয় তাকে দেখি-শুনি-বুজি হোৱা উপলব্ধিৰ ভিত্তিত নিজৰ বাল্যবন্ধুক ট্ৰেক চেঞ্জ কৰোৱাৰ ইচ্ছা জাগ্ৰত হ’ল আৰু গধূলিৰ আড্ডাত পৰম শুভানুধ্যায়ী হিচাপেই সি মোক সকীয়ালে এইবুলি... ‘সকলো বাদ দি তই সাংবাদিকেই হৈ যা বুইছ...’
কথাষাৰ গমি চাইছোঁ৷ নিজকে নিজে সুধি আছোঁ... সকলো বাদ দি সাংবাদিকেই হৈ যাওঁ নেকি? কেমেৰা আছেই, কম্পিউটাৰো আছেই৷ হওক-নহওক অকণমান অভিজ্ঞতাও আছেই৷ পিছে এতিয়াৰ কিছুমান বস্তু হজম কৰিব পাৰিমনে নোৱাৰিম তাৰহে গেৰাণ্টি দিব নোৱাৰিছোঁ৷
No comments:
Post a Comment