‘শংকৰদেৱ’ স্মৰণ
‘শংকৰদেৱ’ বুলিলেই মহাপুৰুষ গুৰুজনাৰ বিষয়ে আমি কিতাপত পঢ়িবলৈ পোৱা
কথাবোৰ থাওকতে মনলৈ আহে৷ ১৪৪৯-১৫৬৮, আলিপুখুৰী-বৰদোৱা, কুসুম্বৰ-সত্যসন্ধ্যা, খেৰসুতি-মহেন্দ্ৰ
কন্দলী, কৰতল কমল কমলদল নয়ন, সূৰ্যৱতী-মনু, বৰগীত-ব্ৰজাৱলী, সত্ৰীয়া-ভটিমা, কালিন্দী,
নামঘৰ-গুণমালা, ভাগৱত-কীৰ্তন ঘোষা, অংকীয়া নাট-ভাওনা, বৃন্দাবনী বস্ত্ৰ, মাধৱদেৱ-দামোদৰদেৱ-হৰিদেৱ,
এক শৰণ হৰিনাম ধৰ্ম, ভেলাদংগা-কোচবিহাৰ ইত্যাদি ইত্যাদি৷
‘শংকৰদেৱ’ শব্দটো শুনিলেই, কিয় নাজানো, মোৰ অতীতৰ দুজন সহপাঠীলৈও
বিশেষভাৱে মনত পৰে৷ সিহঁত হৈছে চন্দ্ৰ আৰু সত্যেন্দ্ৰ৷ হাইস্কুলীয়া ছাত্ৰাৱস্থাত বিদ্যালয়
কৰ্তৃপক্ষই আমাৰ হাতত নিয়মীয়াভাৱে বছৰি তুলি দিয়া বিদ্যালয় আলোচনীখনৰ পৃষ্ঠাত আজিও
জিলিকি ৰৈছে এই দুই বন্ধুৰ নাম৷ ‘সমীৰণ’ৰ পাত মেলিলেই এতিয়াও তেওঁলোকৰ
ৰচনাই দৃষ্টি টানি নিয়ে৷
আমি আছিলোঁ পাঠ্যপুথিৰ বাদে বাহিৰা কথাৰ ক এটাও
নিলিখা ছাতৰ৷ বিদ্যালয়লৈ নিতৌ যাওঁ, পঢ়োঁ-লিখোঁ, খেলোঁ-মেলোঁ, ঘৰলৈ ঘূৰি আহোঁ৷ বচ,
সিমানেই৷ না সাহিত্য চৰ্চা কৰোঁ, না আন কিবা প্ৰতিভা৷ বিপৰীতে, চন্দ্ৰ-সত্যেন্দ্ৰৰ
কথা সুকীয়া৷ বিদ্যালয় আলোচনীৰ নিয়মীয়া লেখক৷ ‘শংকৰদেৱ’ বিষয়ক ৰচনা প্ৰতিযোগিতাতো সৰ্বদা এই দুই ছাত্ৰৰে আগ্ৰাসন৷
কোনোবাটো যদি প্ৰথম, আনটো দ্বিতীয়৷ হ’বই হ’ব৷ সেয়া খাটাং৷ ‘অসমীয়া জনজীৱনলৈ শংকৰদেৱৰ অৱদান’ প্ৰবন্ধ, গুৰুজনাৰ জীৱনীকে ধৰি
আন কিবাকিবিৰ ক্ষেত্ৰত তেওঁলোকৰ কাপেৰেই আমি তেতিয়া পঢ়িবলৈ সমল পাইছিলোঁ৷ কবিতা লিখাতো
হাত আছিল তেওঁলোকৰ৷
পিছে, কালস্য কুটিলা গতি৷ কালৰ সোঁতে কাক কেতিয়া
ক’ত কেনেকৈ থয়গৈ কোনেও নাজানে৷
ময়ো নাজানো৷ অগ্ৰণী এই দুই সহপাঠীৰ স্থিতি সম্পৰ্কে নাজানো গতিকে মাজে মাজে চিন্তা
কৰোঁ৷ পিছে ক’তো কাৰো নামটোকো দেখা নাপাওঁ৷
এই কথাটোৱে বুকুত খুন্দিয়ায়৷ আঘাত দি যায়৷
‘শংকৰদেৱ’ বুলিলেই এই দুই সহজ-সৰল সহপাঠীৰ মুখ দুখন আজিও মোৰ মানস-পটত
পৰিস্কাৰ ৰূপত উজলি উঠে৷ তাৰ লগে লগে এক ধৰণৰ বেজাৰ অনুভূত হয়৷ জীৱনৰ গতিপথত প্ৰত্যেকৰে
বাবে অৱধাৰিত ৰুঢ় বাস্তৱতাক স্বীকাৰ কৰি লৈও মনটোৱে ক’ব খোজে, সম্ভাৱনাপূৰ্ণ দুটা কলমৰ স্তব্ধতাতে
এই বেজাৰ বা বেদনাৰ কাৰণটোও অন্তৰ্নিহিত হৈ থকা বুলি৷ এনে ধৰণৰ বেদনা কেৱল মোৰেই হয়
নে আন কাৰোবাৰো হয়জানো! নাজানো৷
চন্দ্ৰ তেৰাং আৰু সত্যেন্দ্ৰনাথ ভট্টাচাৰ্যলৈ কালি
হঠাতে মনত পৰিল আৰু আকৌ এবাৰ বেদনাহত হ’লোঁ৷
No comments:
Post a Comment