ল’ৰালিৰ পোন্ধৰ আগষ্ট
(গল্প নহয়, সত্য)
(গল্প নহয়, সত্য)
কেলেণ্ডাৰে চমু চপাই অনা এই বিশেষ দিনটোক লৈ ল’ৰালিত কিমানযে উত্তেজনা আমাৰ!
ঘৰৰ সন্মুখত উপযুক্ত ঠাই নিৰ্বাচন আৰু পৰিষ্কাৰ কৰা, শৰ্মানী বৰমাক খুজি চিপ্ৰাংডাল অনা, নিৰ্দিষ্ট জোখৰ গাঁত এটা খন্দা, হিচাপ অনুযায়ী প্ৰয়োজনীয় ইটাকেইচটা ইফালে-সিফালে বিচাৰি যোৱা, গাঁতটোক কেন্দ্ৰ কৰি এটাৰ গাত আন এটা হেলনীয়াভাৱে ৰাখি গোলাকাৰ আকৃতিত ইটাবোৰ সজোৱা, ওলোৱা-সোমোৱাৰ বাবে এফালে বাট ৰখা, ইটাবোৰৰ ওপৰত চূণেৰে বগা প্ৰলেপ সনা, ঘৰত সংৰক্ষণ কৰি অহা ফ্লেগ উৰুৱা বাঁহডাল ভালে আছেনে ফাটিল তাক চোৱা আৰু নহ'লে পোন গোটা বাঁহ এডাল যোগাৰ কৰা, নতুনডালৰ গাঁঠিকেইটা দাৰে চাঁচি মিহি কৰা আৰু ঊধৰ পৰা মূধলৈ বগা ৰং বুলোৱা, চিলা উৰুওৱা কাগজ মিহি মিহিকৈ কটা, চকৰি আৰু ৰছীৰে সৈতে তিনিবৰণীয়া জাতীয় পতাকাখন আলমাৰীৰ পৰা হেঁপাহেৰে উলিয়াই আনি সকলো ঠিকেঠাকে আছেনে নাই পৰীক্ষা কৰা৷ ...এইবোৰ আছিল আগদিনা আন্ধাৰ হোৱাৰ আগেয়ে অঁতাব লগা আমাৰ অৱশ্যকৰণীয় কাম৷
১৫আগষ্টৰ পুৱা৷ সোনকালে শোৱাৰ পৰা উঠি ফুল ছিঙিবলৈ যোৱা, পতাকাখন মেলি লৈ ফুল আৰু কাটি ৰখা বহুৰঙী কাগজবোৰ ওপৰত ছটিওৱা, ভাঁজ লগাই গাঁথি মাৰি উত্তোলনৰ বাবে বাঁহডালত ওলোমাই ৰখা, তলৰ ঠাইখিনি আকৌ এবাৰ পৰিষ্কাৰ কৰি পেলোৱা, গা-পা ধুই নীলা পেণ্ট বগা চাৰ্ট পিন্ধি সাজিকাচি ওলাই অহা৷
তাৰ পিছত আচল কাম৷ ঘৰে ঘৰে পতাকা উত্তোলন৷ লগতে জন-গণ-মন গান৷ চেলুট, জয়হিন্দ, ভাৰত মাতা কী জয়৷ চাহ-মিঠাই৷ প্ৰথমে এঘৰত, তাৰ পিছত আন এঘৰত৷ প্ৰতিৱেশীৰ চোতালত পতাকা উৰুওৱাৰ পিছত দৌৰি-ঢাপৰি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ অভিমুখে৷ স্কুলত হেডছাৰে পতাকা উত্তোলন কৰা হ’লে ছাৰ-বাইদেউৰ সহযোগত শাৰী পাতি শ্ল’গান দি দি আলিবাটৰ বাওঁদাঁতিৰে সদলবলে ষ্টেডিয়াম ফিল্ডলৈ, স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী চাবলৈ৷
পেৰেড চোৱাৰ পিছত ফিল্ডত আয়োজিত বিভিন্ন খেল-ধেমালিত ভাগ লোৱা, বিনামূলীয়া চিনেমা চাবলৈ লতিকা হলত ঠেলা-হেঁচা কৰি সোমোৱা, আবেলি ষ্টেডিয়ামত জিলা উপায়ুক্ত একাদশ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যপালিকা একাদশৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল খেল উপভোগ কৰা, নিৰ্দিষ্ট সময়ত সসন্মানে পতাকাখন নমাই ছাব্বিছ জানুৱাৰীৰ বাবে ভালকৈ সামৰি-সুতৰি থোৱা...
আমাৰ ল’ৰালিত পোন্ধৰ আগষ্ট এনেকৈয়ে আহিছিল, গৈছিল৷ খুব ভাল লগা ধৰণে৷ মনত দাগ কাটিব পৰাকৈ৷

No comments:
Post a Comment