আমি এবাৰ সিন্ধি এটা খান্দিছিলোঁ
(গল্প নহয়, সত্য)
শইকীয়া খুড়া আমাৰ দেউতাৰ সহকৰ্মী৷ পি.ডব্লিউ.ডি.ৰ
কোৱাৰ্টাৰত থাকে৷ আমাৰ পৰা তিনি মিনিটমানৰ বাট বুলিব পাৰি৷ আমৰ দিন আহিলেই শইকীয়া খুড়াৰ
কোৱাৰ্টাৰটোলৈ আমাৰ সঘন আহ-যাহ চলে৷ এই আহ-যাহ পিছে সন্মুখৰ দুৱাৰেদি নহয় দেই৷ পিছফালেদিহে,
চোৰাংভাৱে৷ এই আহ-যাহৰ কাৰণ শইকীয়া খুড়াৰ বাৰীত থকা আমজোপাত ওলমি থকা সুগোল আমকেইটা৷
কেঁচাতেই মিঠা সেই আমবোৰ৷ পকিলে চাগৈ কেনেকুৱাযে নহ’ব! পিছে পকিবলৈ থ’লেহে? গতিকে শইকীয়া খুড়াৰ বাৰীৰ
পকা আমৰ সোৱাদনো কেনে আমি সমনীয়া এটায়ো সুধিলে ক’ব নোৱাৰিম৷ সেইটো নিৰ্ঘাত সঁচা৷
আমাৰ স্কুল দহ বজাতহে বহিছিল৷ আজিকালিৰ দৰে ইমান
আগতীয়াকৈ নহয়৷ গৰমৰ বন্ধৰ আগৰ দিনকেইটাৰ কথা অৱশ্যে বেলেগ৷ আমি স্কুললৈ যাওঁ৷ প্ৰায়
একে সময়তে শইকীয়া খুড়াও এখোজ-দুখোজকৈ ওলায় অফিচলৈ৷ মুখত থাকে জ্যোতিষ ভট্টাচাৰ্যৰ গানৰ
কলি৷ মাতটোও মিলে৷
সেই সময়ত আজিকালিৰ দৰে ব্যক্তিগত বাহন প্ৰায় নাছিলেই৷
জাক পাতি খোজ কাঢ়ি ছাতি মূৰত লৈ চাকৰিয়ালসকল অফিচলৈ যায়, আমি যেনেকৈ স্কুললৈ যাওঁ,
তেনেকৈ৷ যোৱাৰ সময়টো প্ৰায় মিলিলেও আমি স্কুলৰ পৰা আহি পাওঁ শইকীয়া খুড়া অফিচৰ পৰা
আহি পোৱাতকৈ আগতে৷ স্কুল ছুটীৰ পিছত ঘৰ সোমাই বেগটো থৈয়ে ভাতকেইটামান খাওঁ৷ তাৰ পিছত
ফুটবলটো লৈ ওলাই আহোঁ স্কুল ফিল্ডলৈ, সৰু-ডাঙৰ লগৰীয়াবোৰৰ সৈতে খেলিবলৈ৷ বেলিৰ অৱস্থান
যিমান ওপৰতেই নহওক, আবেলি মুঠতে ওলামেই, খেলিমেই৷ খুড়া অহালৈ তেতিয়াও আমাৰ হাতত কমেও এঘণ্টা সময় থাকে৷ আৰু সেই এঘণ্টা শইকীয়া খুড়াৰ পিছফালে আমজোপাৰ ওপৰত উঠি কটাবলৈ ভাল লাগে৷
কোনোবা এটা বা দুটাক প্ৰথমে চোৰাংচোৱাৰ ডিউটিত ঘৰৰ আগফালে সতকাই সন্দেহ কৰিব নোৱাৰা পজিছনত থৈ লওঁ৷ তাৰ পিছত জংঘলেৰে বৃহৎ পাক এটা মাৰি পিছফাল পাওঁগৈ৷ খুঁটাৰ কাষেদি
বাঁহৰ চকোৱা বগাওঁ৷ ওপৰৰ পৰাই জাঁপ মাৰি কম্পাউণ্ডৰ ভিতৰত প্ৰৱেশ কৰোঁ৷ ভূমি স্পৰ্শ
কৰিয়েই গছজোপাৰ ওচৰলৈ দে দৌৰ৷ তুৰন্তে বগাই গৈ আমৰ সন্ধান৷ তাৰ পিছত সংগ্ৰহ, বিতৰণ,
খাৱন ইত্যাদি৷ ধোৱা-পখলাৰ নিয়ম নাই৷ কটাৰো নিয়ম নাই৷ পাথৰেৰে মৰিয়াই বা পকাত থেকেচি
টুকুৰা-টুকুৰ টুকুৰা-টুকুৰ কৰিয়ে ভাগ-বতোৱাৰা চলে৷
আমাক হতচকিত কৰি কেতিয়াবা হিচাপতকৈ সোনকালে শইকীয়া
খুড়া অফিচৰ পৰা আহি পায়৷ গৃহস্থৰ উপস্থিতিৰ এই উমান হঠাতে পালেও ধৈৰ্য নেহেৰুৱাই চকোৱাৰ
খুঁটাৰ ওপৰ পাওঁগৈ৷ তাৰ পিছতে হুৰুচকৈ সিপাৰলৈ জাঁপ৷ গৰাৰ ওপৰত খোপনিটো লগে লগে ৰাখোঁ৷
নহ’লে বিপদ কমখননে? গৈ একেবাৰে তল
পাবগৈ লাগিব৷ শইকীয়া খুড়াই ‘ধৰ ধৰ, কোন সেইকেইটা, ঐ পাষণ্ডহঁত, দিম ৰহ তহঁতক’ আদি কিবাকিবি চিঞৰি এইপিনে আহিলেও
আমাক আৰু পায় ক’ত? তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ
হ’লে পিছৰছোৱাত প্ৰায়ে ৰাস্তা
সলাওঁ৷ এনেকুৱা এটা বুজাবৰ চেষ্টা কৰোঁ যেন সেইকেইটা পি.ডব্লিউ.ডি.ৰ ল’ৰা নহয়েই, লৰুলাংচ’ৰ ফালৰপৰা অহা কোনোবা অজ্ঞাত আমচোৰহে!
তাৰ পিছত কেইদিনমানলৈ নহাকৈও থাকোঁ৷ অভিযান তেতিয়া বেলেগ ফালে চলেগৈ৷ আমৰ সলনি লক্ষ্যবস্তু হৈ পৰে জামু নতুবা আন কিবাকিবি৷
এবাৰ চিন্তা কৰিলোঁ, এই চকোৱা বগাই জাঁপ দিয়া কাৰবাৰটো
ঠিক হোৱা নাই৷ কেনেবাকৈ পেণ্ট-চেণ্ট ফালিব লাগিলে ঘৰত জান খাব৷ গতিকে বেলেগ ব্যৱস্থা
উলিয়াব লাগিল৷ থিয় গৰাৰ তললৈ পিটনি৷ তাতে এটা নাদ৷ তাৰ সিপাৰে হাবিয়নিত আমি কৰ্ফুল খন্দা
গোটা বাঁহৰ জোং এডাল আছিল৷ সেইডালৰ সহায়তে চকোৱাৰ তলেৰে সুবিধাজনক ঠাইত গৰা খহোৱাত
লাগি গ’লোঁ৷ এটা সিন্ধি খন্দাৰ পণ৷ কেইবাটায়ো
পাল পাতি কামত লগাত সোনকালেই ইপাৰ-সিপাৰ হ’ব পৰা হ’লগৈ৷ শইকীয়া খুড়াই আমাৰ এই গোপন পথৰ ভু-ভটঙেই নাপায়৷ আমি
সেইবাটেই সোমাই এইপাৰ৷ আম লৈ আকৌ সেইবাটেৰেই সিপাৰ৷ বঢ়িয়া৷ টেনচন নাই৷ গৃহস্থৰ আগমন
শুনিলে অনুপ্ৰৱেশকাৰীয়ে আগতীয়াকৈ পলাবলৈও সুগম হ’ল৷ যেন বাৰীত কোনো সোমোৱা নাই, একোৱেই ঘটা নাই যেন৷
পিছে কি দৈৱ-দুৰ্বিপাক! এদিন গছৰ ওপৰত থাকোঁতেই
শইকীয়া খুড়াৰ হঠাৎ আবিৰ্ভাৱ ঘটিল৷ দৰজা খোলাৰ ঘটং-মটং শব্দ শুনিয়েই দিলোঁ তললৈ জাঁপ৷
ইফালে হাতত চেকনি এডাল লৈ পাকঘৰৰ আঁৰেৰে খুড়া মনে মনে ক্ৰমাৎ আগ বাঢ়ি এইফালে অহাযেন দেখা
পালোঁ৷ নিগমে মৰিলোঁ আজি! হাতে-লোটে পাবহি এতিয়া৷ বাগি দি দৌৰাদৌৰিকৈ সিন্ধিৰ মুখ পালোঁগৈ৷
কোনোমতে সৰকি যেনিবা প্ৰাণটো বচালোঁ৷ চেহেৰা ধৰিব পাৰিলে নেকি বাৰু? গম নাপালোঁ৷ পৰিত্ৰাণ
পায়ে চিধা ৰাস্তা এৰি অঁকাই-পকাই লামডিং ৰ’ডত ওলালোঁগৈ৷ তাৰ পিছত একেলেথাৰিয়ে দুদিনমানলৈ অন্তৰ্ধান৷
শংকিত ভাবে মনত ক্রিয়া কৰা সত্ত্বেও ঘৰত ভাল ল’ৰাৰ বেশ ধৰি আমতললৈ নহাকৈ থাকিলোঁ৷ দেউতাৰ সহকৰ্মীৰ ওচৰত
ভাবমূৰ্তি বেয়া কৰিব নোৱাৰি৷ ঘৰত এই বিষয়ে অৱশ্যে একো কথা নোলাল৷ চোৰ-পুত্ৰৰ সম্পৰ্কত
শইকীয়া খুড়াই দেউতাক কোনো ৰিপ’ৰ্ট দিয়া নাই তাৰ মানে৷ বাচিলোঁ দেউ!
চোৰৰ চুৰ স্বভাৱ৷ কল্পনাৰ আমকেইটাই সিফালে মোক
খা মোক খা কৰিয়েই আছে৷ মনক দমাব নোৱাৰি কেইটামান দিনৰ বিৰতিৰ মূৰত সাংগোপাংগসহ জংঘল
মহতিয়াই কোৱাৰ্টাৰৰ পিছফাল ওলালোঁগৈ৷ দেখোঁ যে সিন্ধিটো নাই! জাবৰ-জোঁথৰ, মাটি-শিল
আদি পেলাই বন্ধ কৰি পেলালে৷
ল’ৰামতীয়া মনটোত তেতিয়া চাগৈ বেয়া লাগিছিল, খঙো উঠিছিল৷
এতিয়া এইবোৰ কথা ওলালে খুব হাঁহি উঠে আৰু বুজাব নোৱৰা ধৰণৰ এক সুখানুভূতিয়ে মনটোক আপোনা-আপুনি
আৱৰি ধৰেহি৷ নিজৰ জীৱনৰ এনেকুৱা সত্য কথা-কাণ্ড কিছুমানে জীয়াই থকাত সবাতোকৈ বেছি আনন্দ
দিয়ে৷
No comments:
Post a Comment