গৰুগাড়ীত উঠাৰ আনন্দ আৰু কিছু আনুষংগিক...
(গল্প নহয়, সত্য)
‘হৈ... কৌন? ভাগো...’
ফুল ল’ড লৈ অহা গৰুগাড়ীখনৰ ফ্ৰেমটোৰ পিছফালে ওলাই থকা গোটা বাঁহৰ
টুকুৰা দুটাত বহিবলৈ চেষ্টা কৰোঁ আমি৷ লগে লগে গাৰোৱানজনে এছাৰিডাল দাঙি এনেকৈ চিঞৰি
উঠে৷ খৰিবোৰৰ ফাঁকেৰে পিছফালে লক্ষ্য কৰে৷ আমি তেতিয়া চুপ হৈ দিওঁ৷ একো কথা নকওঁ৷ কেৱল
দেহা লুকুৱাই মেকুৰী খোজেৰে পিছে পিছে গতি কৰি থাকোঁ৷ খৰিজাপৰ মাজেদি আমিও তেওঁলৈ জুমি
চাওঁ৷ চান্স পালেই আকৌ বহোঁগৈ৷
‘হৈ... নেহী চুনাহে ক্যা? গাড়ী ওলাৰ হ’ যায়েগা... ভাগো, ভাগো৷…’
কথাৰ লগে লগে বিহাৰী চালকজনে আকৌ আমাৰ ফালে পোন্দোৱাকৈ
চায়৷ কেতিয়াবা থিয় হৈও লয়৷ আমিও ঘপকৈ আঁতৰি যোৱা ভকত নহওঁ৷ ৰৈ দিয়াযেন দেখুৱাওঁ৷ কিন্তু
পুনৰ সেই একেই প্ৰচেষ্টা৷ উপদ্ৰৱত অতিষ্ঠ হৈ কেতিয়াবা গাৰোৱানজন নামি আহে৷ এছাৰি টোঁৱাই
আমাৰ ফালে চোঁচা লয়৷ আমি পলাই পত্ৰং দিওঁ৷ আমাক আঁতৰাই পঠিয়াই তেওঁ গাড়ীখন লাহে লাহে
আগুৱাই নি থাকে৷ পিছফালে থাকি গতিত গতি মিলাই খোজ কাঢ়ি যায়৷ আমালৈ তেওঁৰ খুব খং উঠে৷
আমিও সেইখনলৈ আশা এৰি দি আন এখনত ধৰোঁ৷ নিৰাপদ দূৰত্বলৈ গৈ তেওঁ আকৌ নিজৰ চিটত বহি
লয়৷ ভাবে কিজানি, এই শনিপাতকেইটাৰ পৰা উপায় নাই৷ পি.ডব্লিউ.ডি. কল’নী পালেই চাগৈ সদায় মনে মনে একেটা
দুশ্চিন্তাই হয়৷ বোধ হয় ভগৱানকো খাটে, পাৰ কৰা প্ৰভু...
চলন্ত গৰুগাড়ীত তেনেকৈ দুলি দুলি গৈ থকাৰ মজাই
বেলেগ৷ যাৰ অভিজ্ঞতা আছে তেওঁ ভালকৈ বুজিব৷ টোপনিয়ে আহি যায়, নহয়নে? বেছি দূৰলৈকে গ’লে অৱশ্যে টিকা বিষায়৷ গোটা বাঁহডালৰ
ওপৰত বহি বহি যাব লাগেযে৷ তেনেকৈ অলপ দূৰ যাত্ৰা কৰাৰ পিছত খোজ কাঢ়ি আগৰ ঠাইলৈ ঘূৰি
আহোঁ৷ কোনে কিমান দূৰত্বলৈ যাব পাৰিলে সেই লৈ প্ৰতিযোগিতাসুৰীয়া কথোপকথন চলে অলপ সময়,
লগৰবোৰৰ মাজত৷ বেছি দূৰ যোৱাকেইটা হয় মতা, বাকীবোৰ মাইকী!
আমাৰ ঘৰৰ আগেৰে নিতৌ পঁচিশখনমান গৰুগাড়ী অহা-যোৱা
কৰে৷ এয়া তেতিয়া নিজে গন্তি কৰি পোৱা সংখ্যা৷ এতিয়াও ফটফটীয়াকৈ মনত আছে৷ গৰুগাড়ীবোৰৰ
গন্তব্যস্থল দহ-বাৰ কিল’মিটাৰমান আগলৈ৷ বছৰ আগ বঢ়াৰ লগে
লগে সিহঁত আৰু আগলৈ, আৰু ভিতৰলৈ যোৱা হ’ল৷ উদ্দেশ্য জংঘলৰ পৰা
খৰি কঢ়িয়াই অনা৷ পূৰ্বতে বন্দোবস্ত কৰি থোৱা চহৰৰ হোটেলত যোগান দিয়া৷ বাটত কোনোবাই
কিনিব খুজিলেও নিৰ্দিষ্ট দামত বিক্রী কৰা৷
সেই দিনত ঘৰে ঘৰে চৌকা আছিল আৰু ৰন্ধন কাৰ্যত মূলতঃ
খৰিয়েই ব্যৱহৃত হৈছিল৷ আমাৰ ঘৰতো গৰুগাড়ীৰ পৰা খৰি কিনা হৈছিল৷ দিনবোৰ ছবিৰ দৰে মনত ভাহে৷ এগাড়ী
খৰিৰ দাম তেতিয়া বিশ টকা৷ এগাড়ী শেষ হ’লে আকৌ এগাড়ী৷ ঘৰত জুই ধৰিবলৈ সেই খৰিবোৰ আমি কুঠাৰেৰে
প্ৰায়ে ফালিবলগীয়া হৈছিল৷ দুচটাৰ ওপৰত আকৌ দুচটা যোগ চিনটোৰ দৰে ক্রমায়ে ওখকৈ জাপি
ৰ’দাওঁ৷ বৰষুণ দিয়াযেন কৰিলে খৰি
থোৱা চালিৰ তলত সুমুৱাওঁ৷ জাপি থোৱা খৰিৰ ফাঁকত প্ৰায়ে সৰু-বৰ সাপ ওলায়৷ জুই ধৰিবৰ বাবে
খৰিকেইডাল আনিবলৈ যোৱা মাহঁতে সেয়ে সাৱধান হ’ব লাগে৷
বজাৰৰ একাষে ডিফু ৰে’ল ষ্টেচনৰ সমীপত গাৰোৱানবিলাকৰ
বস্তি বা থকা ঠাই আছিল৷ গাৰোৱান পট্টি বুলি জনাজাত সেই এলেকাটো আজিও আছে৷ এতিয়া পিছে
গাৰোৱানো নাই, গৰুগাড়ীও এখনোৱেই দেখিবলৈ নাই৷ অৱশ্যে কোনো কোনো অঞ্চলক বাদ দি আগৰ দৰে এতিয়া খৰিৰ ব্যৱহাৰো নাই৷ বনাঞ্চল সংকুচিত হ’লত ব্যৱস্থাবোৰ সলনি হৈ পৰিল৷
চকুৰ সন্মুখত কেতিয়াবা দেখোঁ, গৰুহাল দৌৰিছে৷ পাহাৰীয়া
এঢলীয়াত খৰকৈ নামি গৈ থকা গাড়ীখন নিয়ন্ত্ৰণ কৰাৰ বাবে গাৰোৱানে গৰুহালক উদ্দেশ্য কৰি
নিজৰ ভাষাতে খুব আটাহ পাৰিছে৷ এনে অঘটন নহওক বুলি সেয়ে কোনো কোনোজনে ডাউনত যাবলগীয়া
হ’লে আগতীয়াকৈ পিছফালৰ চকাত ব্ৰেক
লগই দিয়ে৷ গৰুগাড়ীৰ ব্ৰেক চিষ্টেম! ব্যৱস্থাটো আমি গভীৰভাৱে চাওঁ৷ বিপৰীতে আকৌ, আপ
উঠি আহোঁতে গৰুৰ মুখৰ পৰা ফেন বাহিৰ হোৱাও দেখোঁ৷ গৰুহালৰ কোনোবাটোৱে ঘপকৈ ৰৈ দিয়ে৷
বেচেৰাই আৰু টানিব নোৱাৰেগৈ৷ গাৰোৱানো কম নহয়৷ পাষাণ হৃদয়ৰ গাৰোৱানে খঙতে প্ৰচণ্ড কোব
শোধায় সেইটোক৷ মাৰৰ চোটত কেতিয়াবা কোনোবাটো গৰুৱে লেবেজান হৈ বহি দিয়ে৷ ঠাইতে মল-মূত্ৰও ত্যাগ
কৰে৷ বিলৈখন চাবলগীয়া হয়৷ আমিও দৌৰি-ঢাপৰি জুম বান্ধোগৈ তেতিয়া৷
মাঘ বিহুৰ সময়ত জংঘলৰ পৰা দুডালকৈ শুকান খৰি আনি দিবলৈ আমি
ল’ৰাবোৰে প্ৰত্যেকখন গৰুগাড়ীৰে
পাইলটক (?) অনুৰোধ জনাওঁ৷ তেওঁলোকেও ঘূৰি আহোঁতে সেইমতে গাড়ীখনৰ তলত থকা খাপত ভৰাই
সেয়া আনে৷ নিৰ্দিষ্ট স্থানত পেলায়হি৷ বাঘৰ আগতেল খোৱা কেইটামানে পিছে সৰু, কেঁচা, পঁচা
আদি কাৰণৰ ওপৰত কাৰণ দৰ্শাই সেই দুডাল নাকচ কৰে৷ গাড়ীখনৰ পৰা টানি টানি মস্ত মস্ত কেইডালমান
জোৰ-জবস্তি বাহিৰ কৰিব ধৰে৷ বান্ধ সুলকি যোৱাৰ আশংকাত গাৰোৱানে অনেক কাকূতি-মিনতি কৰে
যদিও সিহঁতে সমূলি নুশুনে৷ উপায় নাই, লুঙিখন নকৈ কোঁচাই লৈ পুনৰবাৰ খৰিখিনি জপা-বন্ধাত
লাগি যায় গাৰোৱানজন৷ খৰি গুচি যায় ভোজৰ থলীলৈ৷ বীৰকেইজন ব্যস্ত হৈ পৰে পিছৰখন গৰুগাড়ীত
হামলা দিয়াত৷
গাৰোৱানবোৰে সাধাৰণতে পুৱা বেলিকা শাৰী পাতি গন্তব্যস্থল
অভিমুখে গাড়ী এৰে৷ কোনো কোনোক আগদিনা বিয়লিতে যোৱাও দেখোঁ৷ সন্ধিয়া লাগিলে লালটেন একোটাহঁত
ওলোমাই লয়৷ খালী গাড়ী লৈ সিহঁতবোৰ আহি থাকে৷ সময়-সুযোগ মিলিলেই আমি গৰুগাড়ীত উঠাৰ মন
মেলোঁ৷ কোনোজন গাৰোৱানে একো নকৈ উঠিবলৈ দিয়ে৷ তেনেকুৱা পালে কেইবাটায়ো মিলি বগাই গৈ
গাৰোৱানৰ পিছতে বস্তাত লেপেটি কাঢ়ি বহোঁ৷ বাৰেবিংকৰা কথাৰ মহলা মাৰি, গান-চান গাই হালি-জালি
গৈ থাকোঁ৷ স্পীড কমাযেন পালে চালকে গৰুৰ নেগুৰডালত ধৰি পকায়৷ এছাৰিৰ আগটোৰে সিহঁতহালক
খোঁচ মাৰে৷ মাজে মাজে দুই-একোব লগায়ো৷ আমি অনেক দূৰ পাওঁগৈ৷ ঘৰত গালি খোৱাৰ দুশ্চিন্তাত
ঘূৰি আহি পোৱাৰ সময়লৈ লক্ষ্য ৰাখি হিচাপতকৈ বেছি দূৰত্বলৈ নাযাওঁগৈ৷ কাল্পনিক লক্ষ্ণণৰেখাডাল
পালেই জাঁপ মাৰি নামি দিওঁ৷ হাঁহি-ধেমালিৰে সবান্ধৱে খোজেৰে আকৌ উভতি আহোঁ, ডিঙিত ধৰাধৰিকৈ৷
গৰুগাড়ী টনা গৰুবিলাকৰ ডিঙিত সেই সময়ত গাৰোৱানে পিন্ধোৱা টিলিঙাৰ টিলিং-টালাং আৱাজটোহঁত এতিয়াও মোৰ কাণত বাজে!
গৰুগাড়ী টনা গৰুবিলাকৰ ডিঙিত সেই সময়ত গাৰোৱানে পিন্ধোৱা টিলিঙাৰ টিলিং-টালাং আৱাজটোহঁত এতিয়াও মোৰ কাণত বাজে!
No comments:
Post a Comment