গুৱাহাটীৰ গোন্ধ
(গল্প নহয়, সত্য)
‘উঃ উঃ উঃ ক’ত ৰখালা ঐ ... ছিঃ ছিঃ ... ওৱাক ... ইম্মান বেয়া
গোন্ধাইছে!'
চিটিবাছখনত অহা মহিলা যাত্ৰী এগৰাকীয়ে হঠাতে উচ্চ
স্বৰত এনেকৈ চিঞৰি উঠিল৷ তেখেত মোৰ পিছৰ আসনত বহি আহিছিল৷ মোৰ সৈতে একেলগে বহা তেখেতৰ
চিনাকি ডেকাজনৰ সৈতে মহিলাগৰাকীয়ে কিছু সময়ৰ আগলৈকে কবিতা, কিতাপ, অফিচৰ কাম, মাটিৰ
কাগজ-পত্ৰ, পাচপ’ৰ্ট ইত্যাদিৰ সম্বন্ধে কৰা আলাপ
মোৰ কাণত সহজেই পৰিছিলহি৷
যানজঁটৰ বাবে বাছখন আগুৱাব পৰা নাছিল৷ বহু সময়
ধৰি গাড়ীখন একে ঠাইতে ৰৈ থকাত নাকত ৰুমাল লৈ বহি থকা মহিলাগৰাকীয়ে ডেকাক উদ্দেশ্য কৰি প্ৰশ্ন সুধিছিল... ‘গুৱাহাটীৰ এই ট্ৰেফিক জাম কেতিয়াবা
নাইকিয়া হ’বগৈনে?’ তাৰ অলপ পিছতে স্বগতোক্তি...
‘মই নাভাবো, এয়া শেষ হ’ব’ বুলি৷ তেখেত গুৱাহাটীৰ নিবাসী
আৰু পেছাত এগৰাকী শিক্ষয়িত্ৰী বুলি মই কথা-বতৰাৰ পৰা ঠাৱৰ কৰিছিলোঁ৷
মোৰ গন্তব্যস্থল পাবলৈ তেতিয়াও ভালেখিনি দূৰত্ব
আছিল৷ সেয়ে হ’লেও যানজঁট আৰু গেলা গোন্ধৰ পৰা
পৰিত্ৰাণ পাবলৈকে মই বাছখনৰ পৰা নামি দিলোঁ৷ ভিৰ ফালি ফালি খোজেৰেই পোনাই দিলোঁ, সন্মুখলৈ৷
ইফালে বতৰটোৰো ঠিকনা নাই৷ বৰষুণ পৰিলে হ’ল আৰু! তাৰ আগেয়ে নিৰাপদ স্থানত উপস্থিত হোৱাটো বুদ্ধিমানৰ
কাম৷
গুৱাহাটীৰ এই ৰূপটোৱে দিনে দিনে ঠাইখনৰ প্ৰতি মানুহৰ
আকৰ্ষণ কমাই আনিছে৷ দৰকাৰী কাম থকা সত্ত্বেও গুৱাহাটীলৈ যাত্ৰা বুলিলে কথাটো বহুতৰ
কাৰণে এলাৰ্জী স্বৰূপ হৈছেগৈ৷ ট্ৰেফিক জামৰ লগতে মই মন কৰিছোঁ, এতিয়া গুৱাহাটীখন ওকালি
আনিব পৰা দুৰ্গন্ধ এটাৰো গৰাকী হৈছেগৈ৷ এনেহে লাগিছে, যেন এইটো গুৱাহাটীৰ স্বকীয় বৈশিষ্ট্য,
আপোন গোন্ধ!
No comments:
Post a Comment