অসম-নাগালেণ্ড সীমা সমস্যা আৰু
সমাধানমুখী পদক্ষেপ
আমাৰ জন্মৰো আগতে, ১৯৫৬চনৰ ২৯ডিচেম্বৰত উৰিয়ামঘাটত নগাৰ আক্রমণৰ সূচনা হৈছিল বুলি আমি পঢ়িবলৈ পাইছিলোঁ৷ জনপদৰ পৰা আঁতৰত, সংৰক্ষিত বনাঞ্চলৰ দাঁতি-কাষৰীয়া বন বিভাগৰ অফিচ লুট, অগ্নিসংযোগ, কাঠ আৰু কাঠৰ দলঙকে ধৰি চৰকাৰী-বেচৰকাৰী সম্পত্তিৰ ধ্বংসযজ্ঞ, দোকান-বজাৰত লুটপাট, মানুহক ধৰি লৈ যোৱা …এইবোৰ আছিল নগাৰ দ্বাৰা সেই সময়ত সংঘটিত ভয় লগা কাণ্ড৷ তাৰ পাছত আমি যেতিয়া ডাঙৰ হৈ আহিলোঁ, মাজে-সময়ে কাণত পৰে অস্ত্ৰসজ্জিত নগাৰ দ্বাৰা অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত উপদ্ৰৱ, মাৰপিট, সশস্ত্ৰ আক্রমণ, পশুধন আৰু ভঁৰাল লুট, নিৰীহ গঞাক জীৱন্তে বন্দী কৰি নিয়া, হত্যাকাণ্ড, বাৰীৰ গছ-গছনি আৰু ঘৰ-দুৱাৰ জ্বলাই দিয়া, পথাৰৰ ধান নষ্ট কৰা, দলং ধ্বংস কৰা ইত্যাদি ইত্যাদি খবৰবোৰ, যিবোৰে চিন্তিত কৰি আহিছিল মানুহৰ মন৷ হ'লেও সাতামপুৰুষীয়া সমন্বয়ৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়ে দিনবোৰ আগ বঢ়াই নিয়া হৈছিল এৰাধৰাৰ মাজেৰে৷
১৯৬৩চনৰ ১ডিচেম্বৰত অসমৰ পৰা পৃথক হৈ নগাৰাজ্যই পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল৷ সেয়া ইতিহাস৷ তাৰ পিছৰে পৰাই অসম-নাগালেণ্ডৰ সীমা
বিবাদ আজিৰ তাৰিখ পৰ্যন্ত চলিয়েই আছে৷ এয়া নিষ্ঠুৰ বাস্তৱ৷ অনাকাংক্ষিত এই প্ৰক্রিয়াটোৱে মাজে
মাজে উক দিয়ে, ঠাণ্ডা হয়, আকৌ উকায়৷ সমাধানহীন এটা যেন জ্বলন্ত সমস্যা! বিশেষকৈ নগা
লোকে বিধিনিষিদ্ধভাৱে অসমৰ ভূমি দখল কৰাক লৈ সীমান্তৱৰ্তী এলেকাত উত্তেজনা সময়ে সময়ে
বৃদ্ধি পাই অহাটো আমি বহু আগৰে পৰাই লক্ষ্য কৰি আহিছোঁ৷ এনে কাৰ্যই পৰিস্থিতি দিনক
দিনে জটিলৰ পৰা জটিলতৰলৈ লৈ গৈ আছে৷ পৰিৱেশলৈ নমাই আনিছে অস্থিৰতা৷ হিংসাত্মক কাৰ্যকলাপত
ধন-জনৰ অনেক হানি-বিঘিনি হৈ আহিছে৷ মানসিক দূৰত্ব বৃদ্ধি পাইছে গাতে গা লগা ৰাজ্যবাসীৰ মাজত৷
তাক নক’লেও চলে৷ তথাপিও যেন শেষ নহ’বই তদনুৰূপ কাৰ্যকলাপ!
অসমৰ ভূমিত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ নিবাসী নগা লোকৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ প্ৰসংগ সবিস্তাৰে উল্লেখ কৰাৰ প্ৰয়োজন নিশ্চয় নাই৷ ভূমিক কেন্দ্ৰ কৰি হোৱা এনে আগ্ৰাসনৰ কাৰণ কি সেয়াও কেতিয়াবাতে নিৰ্ণয় হৈয়ে গৈছে৷ সীমান্ত অঞ্চলত অসম চৰকাৰে উন্নয়নমূলক কাম-কাজ যথোচিতভাৱে নকৰা, অসমৰ অন্তৰ্গত উক্ত অঞ্চলসমূহত বসবাস কৰা জনসাধাৰণৰ ন্যূনতম প্ৰয়োজনখিনি পূৰণ কৰাৰ বাবেও চৰকাৰ আগ্ৰহী নোহোৱা আদি এশ-এবুৰি অভিযোগ সীমান্তবাসীৰ পৰা আৰম্ভ কৰি বুদ্ধিজীৱীৰ মুখতো সততে শুনা পায়েই থাকোঁ৷ ইয়াৰোপৰি, তিতাবৰৰ বৰহোলাৰে গৈ অসম-নাগালেণ্ড সীমান্ত অঞ্চল ভ্ৰমণ আৰু পৰিদৰ্শন কৰাৰ অভিজ্ঞতা নিজৰেই হৈছে৷ বহু কথাৰ সত্যতা তেতিয়াই উপলব্ধি কৰিছোঁ৷ মানুহৰ দুখ-দুৰ্দশাৰ কাহিনী শুনিছোঁ৷ তত্ৰাচ চৰকাৰৰ ভূমিকা আওকণীয়া আৰু সদায়ে নিৰাশাজনক৷ এই ভূমিকা সদৰ্থক আৰু ক্ষিপ্ৰ নোহোৱাৰ অন্তৰালত কি ৰহস্য লুকাই আছে সেইটোহে আমাৰ মগজুৱে ঢুকি নাপায়৷ ইফালে সীমাৰ সিপাৰৰ ৰাজ্যখনে নিজৰ সীমান্তৱৰ্তী এলেকাসমূহত উন্নয়নমূলক আঁচনিবোৰ খৰতকীয়াভাৱে ৰূপায়ণ কৰি যোৱাৰ চাক্ষুস বিৱৰণ শেহতীয়াভাৱে সীমান্ত পৰিভ্ৰমণ কৰি অহা বন্ধু সাংবাদিকৰ মুখেৰে থাওকতে জানিবলৈ পাওঁ৷ আৰু জানিবলৈ পাওঁ যে তেনে অঞ্চলসমূহৰ বাসিন্দাসকলে এখোজ দুখোজকৈ ক্রমাৎ আগুৱাই অসমৰ ভূভাগ ক্রমাৎ সিফলীয়া কৰি পেলাইছে৷ আৰু পিছলৈ সেই মাটি বা অঞ্চলসমূহকে নিজৰ বুলি আঁকোৰগোজ হৈ বহি ৰৈছে৷ অসম ৰাজ্যৰ প্ৰতিবাদকাৰীয়ে সেইসকলক ছত্ৰভংগ দিয়াবলৈ চৰকাৰ বাহাদুৰক দাবী উত্থাপন কৰিলেই যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ৰেক হৈছে৷ পৰিস্থিতি এনেকুৱাই বিপদজনক যে তেনে মুহূৰ্তত তেওঁলোকলৈ সিখন ৰাজ্যৰ দুৰ্বৃত্তয়ো গুলী এৰে, এইখন ৰাজ্যৰ শান্তিৰক্ষকেও গুলী এৰে! এইটো কেনেকুৱা কথা?
সীমান্তৰ সংঘাত বা সংঘৰ্ষৰ প্ৰতি দৃষ্টি ৰাখিবলৈ
আৰক্ষী প্ৰশাসন নথকা নহয়, আছে৷ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াটো তেওঁলোকৰ কৰ্তব্যৰ
ভিতৰত নপৰা নহয়, পৰে৷ পিছে ইয়াৰ বাবে দায়বদ্ধ সীমান্তৰক্ষী কেন্দ্ৰীয় বাহিনী বা ৰাজ্যিক বেটেলিয়ান
কেম্প ভুক্তভোগী ৰাইজে ভবামতে য’ত থাকিব লাগে তাত আছেনে? ব’ৰ্ডাৰ আউট প’ষ্টসমূহৰ অৱস্থান আৰু অৱস্থা-ব্যৱস্থা কেনে? সীমান্তৰ
ৰাস্তা-ঘাট, বিজুলী, পানী, যোগাযোগ ব্যৱস্থা উন্নতনে? বাসোপযোগী হয়নে? অনেক প্ৰশ্ন৷
সীমান্তৰ দায়িত্ববাহী উচ্চপদস্থ বিষয়াৰ পৰা বিষয়টোৰ সম্পৰ্কে অৱগত হোৱাৰ লগতে বি.অ’.পি. পৰ্যবেক্ষণকাৰী বন্ধু ব্যক্তিৰ
পৰা অলপতে এই সম্পৰ্কত জানিবৰ বাবে সুধি পোৱা প্ৰশ্নোত্তৰবোৰ কিন্তু উৎসাহজনক মুঠেই
নহয়৷
সমস্যা যেনেকুৱাই নহওক, আলোচনাৰ মাজেৰে সু-সমাধান ওলায় বুলি সৰ্বসাধাৰণ ৰাইজৰ মনত ধাৰণা এটা বদ্ধমূল হৈ থাকেই৷ সীমান্তবাসী সহজ-সৰল অসমীয়া ৰাইজেও দস্তুৰমত সেই ধৰণেই আশা কৰে৷ শংকা মনত কঢ়িয়াই লৈ ফুৰিলেও এই মানুহবোৰে অনবৰতে যুদ্ধৰ মনোভাব লৈ নাথাকে বুলিয়ে আমি ভাবোঁ৷ আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত বহা আলোচনা আৰু তাৰ জৰিয়তে প্ৰাপ্ত সুসমাধান এটাৰ মুখাপেক্ষীয়ে হৈ ৰয় তেওঁলোক৷ পিছে, কি হয়গৈ? চৰকাৰী পৰ্যায়ৰ আলোচনাত এটা পক্ষয়ো নিজৰ কথা দেখোন নেৰে৷ আৰু এনে আঁকোৰগোজালিৰ ফলশ্ৰুতিত অবৰ্ণনীয় শাস্তি বা পৰিণাম ভোগ কৰিবলগীয়া হয় সীমান্তৰ খাটিখোৱা বাসিন্দাসকলে৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ কোনো নিৰাপত্তা নাইকিয়া হয়৷ আস্থাহীন হৈ পৰে আলোচনাৰ নামত হোৱা সেই আলোচনাবোৰ, যিবোৰ বহুসময়ত ৰাজনৈতিক পাশাখেলৰ বিৰতিত অনুষ্ঠিত একো একোখন ভোজমেলৰ নামান্তৰহে হৈ পৰে৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, নাগালেণ্ড চৰকাৰৰ মাজৰ এই আলোচনাসমূহত কিয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা নোলায়, কিয় সমুচিত পদক্ষেপ লোৱা নহয়, সাধাৰণ মানুহে আজিও ভাবি নাপায়৷
ৰাইজে প্ৰশ্ন তোলে, সীমান্তৰ অনগ্ৰসৰ অঞ্চলসমূহৰ ক্ষিপ্ৰ উন্নয়নৰ দিশত অসম চৰকাৰে গুৰুত্ব কিমান দিয়ে? অসম চৰকাৰৰ সীমান্ত উন্নয়ন বুলি এটা বিভাগো আছে৷ এই বিভাগটোৱে যুগান্তকাৰী ভূমিকা ইতিমধ্যে ল’ব লাগিছিল৷ শক্তিশালী কৰি তুলিব লাগিছিল অঞ্চলবোৰৰ পৰিকাঠামো৷ সীমাঞ্চলৰ উন্নতি যুদ্ধকালীন তৎপৰতাৰে নাসাধিলে আগ্ৰাসন বৃদ্ধি পায়ে থাকিব৷ চুবুৰীয়া ৰাজ্য কেৱল নাগালেণ্ডেই নহয়, অৰুণাচল প্ৰদেশ, মেঘালয় আদিৰ মানুহৰ সৈতেও অসমৰ মানুহৰ সংঘাত আৰু মনোমালিন্য আগলৈকো, কিজানি বেছিকৈহে, চলিয়ে থাকিব৷ তাত অকণো সন্দেহ নাই৷
জুই জ্বলা বৰ্তমানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ইতিহাস আৰু আইনৰ পক্ষত থাকি বিবদমান বিষয়টো শীঘ্ৰে মীমাংসা কৰা উচিত৷ ক্ষমতান্ধ ৰাজনীতিকৰ হাতৰ পুতলা বৰ্বৰ পুলিচ-মিলিটেৰীক ৰাংকুকুৰৰ দৰে অসমৰ প্ৰজাসাধাৰণৰ ওপৰত নিৰ্বিচাৰে মেলি দি প্ৰতিবাদকাৰীক আওমৰণে মৰোৱাটো অসমৰ ভৱিষ্যতৰ স্বাৰ্থতে অকণো কাম্য বা দূৰদৰ্শিতাৰ পৰিচায়ক নহয়৷ আমাক সঁচা অৰ্থত শান্তি লাগে, উন্নয়ন লাগে৷ আমাক সমস্যাৰ পোনপটীয়া সমাধান লাগে৷ আমাক জীৱন আৰু নিৰাপত্তা লাগে৷ কথাৰ ফুলজাৰি মৰা দেশধ্বংসী-জাতিধ্বংসী কুটিল ৰাজনীতি নালাগে, দেশক গঢ়া আৰু আগুৱাই নিয়া ৰাজনৈতিক পৰিপক্কতা তথা বিচক্ষণতাহে আমাক লাগে৷
No comments:
Post a Comment