Saturday, 16 August 2014

সাহিত্য ডট অৰ্গৰ এইবাৰৰ সাক্ষাৎকাৰটি পঢ়ি উঠি...

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰী ডাঙৰীয়াৰ সৈতে সাহিত্য ডট অৰ্গ (আগষ্ট ২০১৪ সংখ্যা, শিক্ষা আৰু নেতৃত্ব)ৰ সম্পাদক পংকজ জ্যোতি মহন্ত ডাঙৰীয়াৰ কথোপকথনখিনি পঢ়ি সঁচাই মোৰ খুব ভাল লাগিল৷ ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয়খনলৈও শ্ৰদ্ধাৰ ভাব এটা মোৰ মনত জাগিছে, যদিওবা আজিলৈকে সেই স্থান দেখাগৈ নাই৷ অনুশাসনপূৰ্ণ অৱস্থা আৰু জ্ঞানী শিক্ষাগুৰুৰ জৰিয়তে উপাচাৰ্য মহোদয়ে নিজৰ জীৱন গঢ়াৰ কথা সাক্ষাৎকাৰটি পঢ়ি বোধগম্য হৈছে৷ নিয়মানুৱৰ্তিতা, দায়িত্ববোধ, কৰ্মস্পৃহাই তেখেতক উচ্চ পৰ্যায়ৰ বিদ্যায়তনিক ক্ষেত্ৰ এখনৰ শীৰ্ষ আসনত উপৱিষ্ট কৰোৱাইছে৷ সময় ব্যৱস্থাপনা, প্ৰশাসন পৰিচালনা, সাধাৰণ জ্ঞান, সাধুতা, স্বদেশপ্ৰেম, কম্পিউটাৰ মানসিকতা, গৱেষক মন তথা দৃষ্টিভংগী, পৰিশ্ৰম, সততা, গভীৰ চিন্তা, ভাল মানুহৰ বক্তৃতা, আত্মজীৱনী অধ্যয়ন, বিশ্ববিদ্যালয়ৰ পৰিকাঠামো, কৰ্মপন্থা তৈয়াৰ, পৰীক্ষা পদ্ধতি, উদ্ভাৱন কেন্দ্ৰ, ছাত্ৰৰ কৰ্তব্য, অধ্যয়ন আৰু কৰ্মৰ চাপ, কাৰিকৰী মানৱ সম্পদ আদি সম্পৰ্কে অনেক নজনা কথা জানিবলৈ পালোঁ৷ ব্যক্তিগৰাকীৰ জীৱন-চৰ্যাৰ বিষয়েও এটি ধাৰণা হল৷ সৰ্বোপৰি, সাক্ষাৎকাৰটি পঢ়ি উমান পালোঁ তেজপুৰ বিশ্ববিদ্যালয়খনক এখন আদৰ্শ বিশ্ববিদ্যালয়ৰ ৰূপদান কৰাৰ অন্তৰালত থকা তেখেতৰ ভিছন 

এনেকুৱা পজিটিভ আৰু দৰকাৰী কথা কিছুমানে মগজুক আৱৰি ৰখাৰ সময়তে কিয় জানো, মনটো উৰা মাৰিলে মোৰ একালৰ শিক্ষানুষ্ঠান ডিফু চৰকাৰী মহাবিদ্যালয়ৰ দিশে৷ মনত ভাহিল বৌদ্ধিক সাৰশূন্যতাৰ ছবি এখন৷ পৃষ্ঠপটত ইয়াত সংঘটিত হৈ অহা কেতবোৰ অনাকাংক্ষিত ঘটনা৷ মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষজনক ১৪আগষ্টৰ আবেলি নিজৰ অফিচ কক্ষতে একাংশ ছাত্ৰই আক্রমণ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ মই নিজেও ভাবোঁ, আৰু বিভিন্নজন চিন্তাশীল নাগৰিকে কথা প্ৰসংগত উল্লেখ কৰে, অধ্যক্ষগৰাকীৰো এটা ভিছন আছিল ডিফু চৰকাৰী মহাবিদ্যালয়খনক এখন আদৰ্শ মহাবিদ্যালয়ৰ ৰূপ দিয়াৰ৷ প্ৰিন্সিপালৰ ক্ষমতাৰে বহুত কিবাকিবি কৰাৰ ইচ্ছা আছিল৷ বিপৰীতে, নিজৰেই একাংশ সহকৰ্মী শিক্ষক আৰু নিজৰেই একাংশ ছাত্ৰই কিন্তু প্ৰাণনাশী কাৰ্যকলাপেৰে জিলাৰ উচ্চ শিক্ষানুষ্ঠানখনৰ মুৰব্বীজনক গুৱাহাটীস্থ জি.এন.আৰ.চি.ৰ আই.চি.ইউ.হে পোৱালেগৈ৷ ভূ ৰাখোঁতাই সেইখিনি পঢ়ি-শুনি-দেখি নিশ্চয় বুজি পাইছেই৷ আনহাতে মই বুজি পাইছোঁ, দিনে দিনে আমি কলৈ গৈ আছোঁ৷ বিদ্যায়তনিক উৎকৃষ্টতাৰ যোগাত্মক বাতৰি প্ৰকাশ পোৱাৰ বিপৰীতে শিক্ষানুষ্ঠানখনে সংবাদ মাধ্যমৰ শিৰোনাম অধিকাৰ কৰিলে ভিতৰ চৰাৰ নিকৃষ্ট কথাকাণ্ড কিছুমানক কেন্দ্ৰ কৰি, যিবোৰে আমাৰ দৰে প্ৰাক্তন ছাত্ৰক আজি ভীষণ মনোকষ্ট দিছে, হতাশ কৰাৰ লগতে সকলোৰে আগত লজ্জানত কৰিছে৷


যোগাত্মক আৰু শিকিবলগীয়া কথাৰে ভৰপূৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াৰ সাক্ষাৎকাৰটিৰ প্ৰসংগ উত্থাপন কৰাৰ পিছত দ্বিতীয় পেৰেগ্ৰাফটোৰ নঞৰ্থক কথাখিনি একেলগে লিখিবলৈ অকণো ভাল লগা নাই যদিও সত্যক ঢাকি ৰাখিব নোৱাৰি লিখি পেলালোঁ৷ পাঠকে ইয়াতে আমাৰ শিক্ষা জগতৰ দুখন পৃথক ছবি বিচাৰি পাব৷

No comments:

Post a Comment