গাড়ীত উঠাৰ আনন্দ
(গল্প নহয়, সত্য)
সেই সময়ত ডিফুত গাড়ীৰ সংখ্যা আছিল তেনেই তাকৰ৷
এতিয়াও চকুত ভাহি থকা নম্বৰ প্লেট এখনক ভিত্তি কৰি এ.এছ.ভি. ৰেজিষ্ট্ৰেচনৰ যান-বাহনৰ
সংখ্যাই তেতিয়া পাঁচশ অতিক্রম কৰিছিলহে বুলি নিৰ্দ্বিধাই কোৱা যায়৷ আনহাতে মানুহ উঠা
গাড়ীওনো আছিল আৰু কি? জীপ, নহ’লে এম্বেচাদৰ৷ বাছ, ট্ৰাক আদিৰ কথা বাৰু সুকীয়া৷ সাধাৰণ দৃষ্টিত যিখিনি
দেখিছিলোঁ সিয়ো আকৌ সৰহভাগেই চৰকাৰী বাহন৷ চাৰিচকীয়াই হওক কিম্বা দুচকীয়া, ব্যক্তিগত
বাহন তেনেকৈ নাছিলেই বুলিব পাৰি৷ গতিকে গাড়ীত উঠাটো বা উঠিবলৈ পোৱাটো আমাৰ ল’ৰালি কালত নিশ্চয়কৈ বৰ ডাঙৰ কথাই
আছিল৷ তেনে দুষ্প্ৰাপ্য দিনত আমি আমাৰ মামাৰ অনুগ্ৰহত সেইফেৰি আনন্দ মাজে-সময়ে উপভোগ
কৰিবলৈ পাই আহিছিলোঁ৷
আমাৰ ডাঙৰ মামাই বন বিভাগৰ অধীনস্থ ভূমি সংৰক্ষণ
বিভাগৰ জিলা বিষয়াৰ গাড়ী চলাইছিল৷ আৰু সেইটোৱেই কিজানি আছিল সৌভাগ্যৰ বাহক৷ বিভাগৰ
কোৱাৰ্টাৰত থকা মামা মাজে-সময়ে আমাৰ ঘৰলৈ আহে৷ দূৰত্ব আঢ়ৈ কিল’মিটাৰমান হয় যদিও কেতিয়াবা খোজ
কাঢ়ি, কেতিয়াবা অফিচাৰৰ কলপতীয়া ৰঙৰ ৱিলিজ জীপখন লৈ, অকলে৷ আৰু যিদিনাই গাড়ীৰে আহে
আমাৰো স্ফূৰ্তিৰ মাত্ৰা চৰে৷ মায়ে মামাক কয়... ‘তই ইহঁতক এপাক ফুৰাই থৈ যাবি অ’৷ মামাই ‘হ’ব’ বুলি শলাগে৷ মামা মান্তি হোৱাযেন
পালেই আমি ওপৰলৈ লৰ মাৰোঁ৷ পাহাৰীয়া ঠাই বাবে ৰাস্তাটো আমাৰ ঘৰৰ পৰা অলপমান ওপৰত৷ তাৰে
দাঁতিত জৰী গছৰ তলত ৰখাই থোৱা জীপখনত আগে-ভাগে আমিকেইটা বহি থাকোঁগৈ৷ ‘মই আগত বহিম, মই পাছত নবহোঁ’ জাতীয় খকাখুন্দা এটা দৌৰি থাকোঁতেই
লাগে৷ জীপত বহি লগৰ কাৰোবাক দেখা পালেই ‘গাড়ীত যাম আহ ঐ’ বুলি ৰিঙিয়াওঁ৷ গাড়ীৰ বডীত জমা হোৱা ধূলিৰ ওপৰত সোঁহাতৰ
তৰ্জনী আঙুলিৰে নিজৰ নামটো মন গ’লে লিখি পেলাওঁ৷ চালকৰ আসনত বহি ষ্টিয়েৰিংডাল ইফালে-সিফালে পকাওঁ,
ভালকৈ ঢুকি নাপালেও ব্ৰেক আৰু এক্সিলাৰেটৰ এনেয়ে হেঁচুকি চাওঁ, গিয়েৰ লিভাৰকে ধৰি
ইটো পকাওঁ, সিটো টিপো৷ ঘপকৈ চলি গুচি যায় বুলি মনে মনে ভয়ো লাগে৷
মায়ে দিয়া চাহপানী বা ভাতপানী কিবা খাই মামাই বিদায়
লয়৷ পকেটৰ পৰা চাবিকোছা উলিয়াই নিৰ্দিষ্ট চাবিটোৰে জীপখন ষ্টাৰ্ট দিয়ে৷ কৌতূহলোদ্দীপক
চাৱনিৰে আমি লক্ষ্য কৰি থাকোঁ৷ বাৰেপতি ভাবোঁ, আমিনো কেতিয়াকৈ এইদৰে চলাব পৰা হ’ম! আৰু মুহূৰ্তৰ সেই অভিজ্ঞতাৰেই
পিছত ঘৰত খেলাৰ সময়ত কল্পনাতে গাড়ী ষ্টাৰ্ট দিওঁ, হেণ্ডেল মাৰোঁ, মুখৰে ভ্ৰোম ভ্ৰোমকৈ
আৱাজ উলিয়াওঁ, ওঁ-ওঁকৈ ষ্টিয়েৰিং পকাওঁ, গিয়েৰ চে’ঞ্জ কৰোঁ, পিঁপ পিঁপ হৰ্ণ দিওঁ, চেৰেককৈ ব্ৰেক
ধৰোঁ, আৰু কি কিযে নকৰোঁ!
মামাই গাড়ীখন প্ৰথমে দাঁতিৰ পৰা নি পকা ৰাস্তাত
তোলে৷ তাৰ পিছত ডাউনটোত এৰি দিয়ে৷ একা-বেঁকা পথেৰে লাহে লাহে জীপখন আগ বাঢ়ি গৈ থাকে৷
‘তহঁতি কোনেও একদম মুখলৈ নাযাবি
দেই’ বুলি সকীয়ায়৷ পিছৰফালে বহাকেইটাকো
ঘূৰি চাই কয়, ‘ভালকৈ ধৰি ল, ওচৰলৈ আহ’৷ মামাৰ চাগে চিন্তা হয়, টাৰ্নিঙত
ভাগিন-ভাগিনীসৱৰ কোনোবাটো ওলাই পৰি যায়বা! নিৰ্দিষ্ট দূৰত্বত গাড়ীখন ঘূৰাই তেওঁ আমাক
যেনেকৈ নিছিল তেনেকৈ ঘৰৰ আগত নমাই দিয়েহি৷ তাৰ পিছতে দ্ৰুতগতিত উভতে৷ জীপখন যোৱাৰ দিশলৈ
আমি একদৃষ্টিৰে চাই থাকোঁ৷ কেঁকুৰীত নেদেখা হোৱাৰ পিছতহে ঘৰৰ ফালে ঘূৰোঁ৷ তেনেকৈয়ে
লাভ কৰোঁ এবুকু নিৰ্ভেজাল আনন্দ৷ পিছলৈ আমি যেতিয়া অকণমান ডাঙৰ হ’লোঁ, তেতিয়া ঘূৰাই অনাৰ পৰিৱৰ্তে
আমাক বাটতে কোনোবা এঠাইত নমাই দিয়া কৰিলে৷ তেনেকুৱা দিনবোৰত দূৰত্ব বৃদ্ধি কৰিবৰ বাবে আমিও
ব্ৰেক ধৰাযেন পালেই ‘আৰু অলপ আগলৈ নিয়কচোন', 'আৰু নিয়কনা’ বুলি চালক মামাক খাটনি ধৰিবলৈ
ল’লোঁ৷ সেইদৰেই ক্রমান্বয়ে বাঢ়ি
গৈ থাকিল হেঁপাহৰ দূৰত্ব৷
আমি খোজ কাঢ়িয়েই লগৰীয়াৰ লগত স্কুললৈ অহা-যোৱা
কৰোঁ৷ কোনোবাই থৈ অহা বা লৈ অহাৰ কথাই নাই৷ চিধা ৰাস্তা এৰি নামঘৰৰ কাষৰ খটখটিৰে চৰ্ট
কাট মাৰোঁ সোনকালে পাবলৈ৷ মন গ’লে আৰক্ষী থানা পাৰ হৈ পাহাৰ বগায়ো আহোঁ৷ ছুটীৰ পিছত তেনেকৈ ঘৰলৈ আহি
থাকোঁতে কেতিয়াবা আমাৰ ঘৰৰ সন্মুখত জীপ এখন ৰৈ থকা দূৰৰ পৰাই চকুত পৰে৷ তৎক্ষণাৎ বুজি
পাই যাওঁ যে ড্ৰাইভাৰ মামা আহিছে৷ লগে লগে আমাৰো উত্তেজনা বাঢ়ে আৰু খোজৰ গতি খৰ হৈ পৰে৷
কেতিয়াবা মামা আকৌ গাড়ী লৈ নাহে৷ ‘আজি জীপখন অনা নাই’ বুলি কয়৷ কাৰণ সুধিলে অফিচৰ
কিবাকিবি কথা কয়৷ আমি সেইবোৰ সমূলি বুজি নাপাওঁ৷ ইফালে গাড়ীখন ননাৰ কথাটোও ঘপকৈ বিশ্বাস কৰিবলৈ
টান পাওঁ৷ সেয়ে ৰাস্তালৈ উঠি সত্যাসত্য চাই আহোঁগৈ৷ তেনেকুৱা হ’লে মনটোও কিবা বেয়া লাগে৷ আকৌ,
কেতিয়াবা জৰুৰীভাৱে উভতিব লগা থাকিলে আমাৰ পৰা হাত সাৰিবলৈকে গাড়ীখন দূৰত থৈ আহে৷ তেতিয়া অৱশ্যে আমাৰ সন্ধানী মনে বিচাৰি গৈ যথাস্থানত তাক আৱিষ্কাৰ
কৰে৷ তাৰ পিছত আৰু পায় কোনে? নুঠাকৈ এৰিব পাৰি জানো? মামা যিফালেই যায় আমিও সেইফালেই
জীপত উঠি যাওঁগৈ৷ বাটত নমাই দিয়াৰ পিছত খোজেৰে উভতি আহোঁ, ক’ৰবাত কিবা জয় কৰি অহাৰ দৰে, মনত
অপাৰ আনন্দ লৈ৷
No comments:
Post a Comment