জনহিতকৰ নহয়,
পক্ষীহিতকৰ কাম ...আজি পুৱাৰ
('অকব'ৰ সদস্য নয়ন জে.
নাথলৈ, মৰমেৰে...)
আনদিনাৰ দৰেই আজিও পুৱাতে
প্রাতঃকৰ্ম সমাপন কৰাৰ পিছতে বাৰীৰ পিছফাল পালোগৈ । ক’পাৰস্মিথ বাৰ্বেটৰ পোৱালিটোৱে কঁঠাল গছৰ খোৰোঙৰ পৰাই ঠোঁটটো বাহিৰলৈ
উলিয়াই মোক আদৰিলে । সি দিনে দিনে ডাঙৰ হৈ আহিছে । উৰিবলৈ আৰু বেছি দিন নাই চাগে !
তেনেতে মাকক দেখিলো । মুখত টোপ । মই নোচোৱাৰ ভাও জুৰি চুপ-চাপ আঁতৰি দিলো, যাতে অসুবিধা নাপায় । নাতিদূৰত ভেণ্ডি পুলিবোৰৰ
গুৰি খুঁচৰি থকা দেউতালৈ চালো ... অলপমান আঁতৰি দিয়া হ’লে !
মদাৰজোপাৰ কাষ চাপি ওপৰৰ খোৰোঙলৈ দৃষ্টি নিক্ষেপ কৰিলো
। মোৰ খোজৰ উমান পাই গছজোপাৰ কাষতে কোঠা এটাত অকলে থকা শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য
বাহিৰলৈ ওলাই আহিল । “মদাৰজোপা পৰিব আৰু দেই
দাদা, ডাঙৰকৈ বতাহ বা বৰষুণ এজাক দিলেই বাগৰিব । পোৱালি উৰিব পৰা হ’বগৈনে নাই সন্দেহ ।’’
মই চালো । মৰি যোৱা মদাৰজোপা আগতকৈ শুকাইছে । গুৰিটো ক্রমাৎ
বেছিকৈ ফাটিব ধৰিছে । জলফাইজোপাৰ লগত মাটিৰ পৰা ভালেখিনি ওপৰত প্লাষ্টিকৰ ৰছীৰে বহুত
দিনৰ আগতেই দেউতাই দি থোৱা বান্ধটোৰ বাবেহে থিয় হৈ আছে । অৱস্হাটো সংকটজনকেই । হঠাৎ
কিবা অঘটন ঘটিব লাগিলে আচাৰ্যৰ পাকঘৰটোৰ কেনে দুৰৱস্হা হ’ব নাজানো, গছজোপাৰ আবাসী নীলকণ্ঠ আৰু কাঠ শালিকাৰ সংসাৰলৈ কিন্তু
বিভীষিকাযে নামি আহিব সেয়া খাটাং । গতিকে কিবা এটা আজিয়েই কৰিব লাগিব । আজিয়েই মানে
এতিয়াই ।
হিচাপ কৰি চালো । সোঁফালে থকা জলফাইজোপালৈ এহাত । বাওঁকাষে
থকা তামোলজোপালৈ পাঁচহাত ।
পিছফালে ওচৰতে ভাইটিৰ ঘৰ সজাৰ কাম চলি আছে । তাৰ পৰাই
আঠ বা সাতহাতমান দীঘল জাতি বাঁহৰ টুকুৰা এটা উঠাই অনা হওক ।
ভবা মতেই কাম । পাই গ’লো, একদম জোখৰ এডাল । ইফালে ৰছী বিচাৰি গৈ দেখিলো, কুকুৰা গঁড়ালৰ
ভিতৰত কুঁৱাৰ পৰা বাল্টি পৰিলে তোলা প্লাষ্টিকৰ ৰছীডাল ধুনীয়াকৈ হুক লগাই বেৰত ওলোমাই
থোৱা আছে । বেৰখন পিছে অলপমান দূৰত । মাজ মজিয়াতে আকৌ কুকুৰাজনীয়ে কণী পাৰিবলৈ বাকচটোত
বহি আছে । ছেঃ !
কুকুৰাজনীক ডিষ্টাৰ্ব কৰিবলৈ মন নগ’ল । চিঞৰিব লাগিলে গগন ফালিব । তথাপি বাঁহ এডাল আনি ওপৰেৰে চেষ্টা
এটা এনেয়ে এবাৰ চলাই চালো । নাই, কোনোপধ্যেই এৰ খাই নাহে । এইজনীয়েও দেখোন চকু দুটা
টেলেকা-টেলেক কৰিছে । সৰ্বনাশ !
সেইডালৰ আশা সিমানতে ত্যাগ কৰিলো । আকৌ ভাবিলো, ৰছীডাল
ব্যৱহাৰ কৰিলে দেউতাওতো নিৰ্ঘাত নাৰাজ হ’ব । গতিকে বাদ দিয়া সেইডাল ।
সিদ্ধান্ত সলনি কৰি চিধাই চাদৰ ওপৰৰ ফালে গ’লোগৈ । নাৰিকলৰ ৰছীখিনিয়ে যেন মোৰ কাৰণেই ৰৈ আছিল ! উঠালো তাৰে কেইডালমান
। তাৰ পিছত জেগা পালোহি ।
মদাৰৰ পিছফালেদি সৰকাই তামোল আৰু জলফাইজোপাত বাঁহডাল দীঘলে
দীঘলে ফঁচাই দিলো । আচৰিত ! একেবাৰে খাপ খাই পৰিল । তাৰ পিছত নাৰিকলৰ ৰছী দুডলীয়াকৈ
লৈ একাদিক্রমে তিনিওজোপাতে আঁটি আঁটি তিনিটা বান্ধ দিলো ।
“ছাৰ চাওকহিচোন, ঠিক হৈছেনে নাই ?’’ শ্রেষ্ঠ আচাৰ্যক ৰিং মাৰিলো ।
সমান্তৰিকৰ অংক বুজাই থকা অৱস্হাৰ পৰা শ্রেষ্ঠ আচাৰ্য
উঠি আহিল । “বাঃ, বন্ধা হৈ গ’ল আপোনাৰ ।’’ তেওঁ লৰাই-মেলি চালে
। টেষ্ট ৰিপ’ৰ্ট অ’কে কৰিলে “অঁ, ঠিক আছে’’, বুলি । তাৰ পিছত পুনৰ ছাত্র-ছাত্রীসকলৰ ওচৰলৈ গ’লগৈ ।
মই ওপৰলৈ চালো । হাৰে ! কাঠ শালিকাই পোৱালি দিলে ! জনাই
নাছিলো । সৌৱা, অলপ অলপ দেখা গৈছে । চেঁ চেঁ শব্দও শুনা পাইছো । পাকঘৰৰ চালি আৰু নাৰিকল
পাতৰ আঁৰ লৈ একান্তমনে সিহঁতক নিৰীক্ষণ কৰি গ’লো । মাকজনীক দেখিলো, ঠোঁটত টোপ লৈ হাজিৰ । ইপিনে আপদীয়া ম’হ কেইটামানে মোৰ শুদা গাটো দেখা পাই সুবিধা বুজি চাপি আহিল ।
তেনেকুৱাতে নীলকণ্ঠ ক’ৰবাৰ পৰা উৰি আহি পৰিলহি, জলফাইৰ ডালত । লুকাই গ’লো মই । সেইহালৰবা কি নতুন খবৰ আছে ! গম পাম বাৰু, দুই-এদিনতে ।
ম'হকেইটা এখন হাতেৰে হুৰাই দি ভাবিলো... নীলকণ্ঠ, কাঠ
শালিকাইতো নাজানে, সিহঁতৰ সুৰক্ষাৰ বাবেযে আজি মই কি কৰি দিছো । জানিবও নালাগে । মাথো
ইয়াতে থাকিলেই হ’ল ।
(13 June 2013)
('অকব'ৰ সদস্য নয়ন জে. নাথলৈ, মৰমেৰে...)
আনদিনাৰ দৰেই আজিও পুৱাতে প্রাতঃকৰ্ম সমাপন কৰাৰ পিছতে বাৰীৰ পিছফাল পালোগৈ । ক’পাৰস্মিথ বাৰ্বেটৰ পোৱালিটোৱে কঁঠাল গছৰ খোৰোঙৰ পৰাই ঠোঁটটো বাহিৰলৈ উলিয়াই মোক আদৰিলে । সি দিনে দিনে ডাঙৰ হৈ আহিছে । উৰিবলৈ আৰু বেছি দিন নাই চাগে ! তেনেতে মাকক দেখিলো । মুখত টোপ । মই নোচোৱাৰ ভাও জুৰি চুপ-চাপ আঁতৰি দিলো, যাতে অসুবিধা নাপায় । নাতিদূৰত ভেণ্ডি পুলিবোৰৰ গুৰি খুঁচৰি থকা দেউতালৈ চালো ... অলপমান আঁতৰি দিয়া হ’লে !
মদাৰজোপাৰ কাষ চাপি ওপৰৰ খোৰোঙলৈ দৃষ্টি নিক্ষেপ কৰিলো । মোৰ খোজৰ উমান পাই গছজোপাৰ কাষতে কোঠা এটাত অকলে থকা শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য বাহিৰলৈ ওলাই আহিল । “মদাৰজোপা পৰিব আৰু দেই দাদা, ডাঙৰকৈ বতাহ বা বৰষুণ এজাক দিলেই বাগৰিব । পোৱালি উৰিব পৰা হ’বগৈনে নাই সন্দেহ ।’’
মই চালো । মৰি যোৱা মদাৰজোপা আগতকৈ শুকাইছে । গুৰিটো ক্রমাৎ বেছিকৈ ফাটিব ধৰিছে । জলফাইজোপাৰ লগত মাটিৰ পৰা ভালেখিনি ওপৰত প্লাষ্টিকৰ ৰছীৰে বহুত দিনৰ আগতেই দেউতাই দি থোৱা বান্ধটোৰ বাবেহে থিয় হৈ আছে । অৱস্হাটো সংকটজনকেই । হঠাৎ কিবা অঘটন ঘটিব লাগিলে আচাৰ্যৰ পাকঘৰটোৰ কেনে দুৰৱস্হা হ’ব নাজানো, গছজোপাৰ আবাসী নীলকণ্ঠ আৰু কাঠ শালিকাৰ সংসাৰলৈ কিন্তু বিভীষিকাযে নামি আহিব সেয়া খাটাং । গতিকে কিবা এটা আজিয়েই কৰিব লাগিব । আজিয়েই মানে এতিয়াই ।
হিচাপ কৰি চালো । সোঁফালে থকা জলফাইজোপালৈ এহাত । বাওঁকাষে থকা তামোলজোপালৈ পাঁচহাত ।
পিছফালে ওচৰতে ভাইটিৰ ঘৰ সজাৰ কাম চলি আছে । তাৰ পৰাই আঠ বা সাতহাতমান দীঘল জাতি বাঁহৰ টুকুৰা এটা উঠাই অনা হওক ।
ভবা মতেই কাম । পাই গ’লো, একদম জোখৰ এডাল । ইফালে ৰছী বিচাৰি গৈ দেখিলো, কুকুৰা গঁড়ালৰ ভিতৰত কুঁৱাৰ পৰা বাল্টি পৰিলে তোলা প্লাষ্টিকৰ ৰছীডাল ধুনীয়াকৈ হুক লগাই বেৰত ওলোমাই থোৱা আছে । বেৰখন পিছে অলপমান দূৰত । মাজ মজিয়াতে আকৌ কুকুৰাজনীয়ে কণী পাৰিবলৈ বাকচটোত বহি আছে । ছেঃ !
কুকুৰাজনীক ডিষ্টাৰ্ব কৰিবলৈ মন নগ’ল । চিঞৰিব লাগিলে গগন ফালিব । তথাপি বাঁহ এডাল আনি ওপৰেৰে চেষ্টা এটা এনেয়ে এবাৰ চলাই চালো । নাই, কোনোপধ্যেই এৰ খাই নাহে । এইজনীয়েও দেখোন চকু দুটা টেলেকা-টেলেক কৰিছে । সৰ্বনাশ !
সেইডালৰ আশা সিমানতে ত্যাগ কৰিলো । আকৌ ভাবিলো, ৰছীডাল ব্যৱহাৰ কৰিলে দেউতাওতো নিৰ্ঘাত নাৰাজ হ’ব । গতিকে বাদ দিয়া সেইডাল ।
সিদ্ধান্ত সলনি কৰি চিধাই চাদৰ ওপৰৰ ফালে গ’লোগৈ । নাৰিকলৰ ৰছীখিনিয়ে যেন মোৰ কাৰণেই ৰৈ আছিল ! উঠালো তাৰে কেইডালমান । তাৰ পিছত জেগা পালোহি ।
মদাৰৰ পিছফালেদি সৰকাই তামোল আৰু জলফাইজোপাত বাঁহডাল দীঘলে দীঘলে ফঁচাই দিলো । আচৰিত ! একেবাৰে খাপ খাই পৰিল । তাৰ পিছত নাৰিকলৰ ৰছী দুডলীয়াকৈ লৈ একাদিক্রমে তিনিওজোপাতে আঁটি আঁটি তিনিটা বান্ধ দিলো ।
“ছাৰ চাওকহিচোন, ঠিক হৈছেনে নাই ?’’ শ্রেষ্ঠ আচাৰ্যক ৰিং মাৰিলো ।
সমান্তৰিকৰ অংক বুজাই থকা অৱস্হাৰ পৰা শ্রেষ্ঠ আচাৰ্য উঠি আহিল । “বাঃ, বন্ধা হৈ গ’ল আপোনাৰ ।’’ তেওঁ লৰাই-মেলি চালে । টেষ্ট ৰিপ’ৰ্ট অ’কে কৰিলে “অঁ, ঠিক আছে’’, বুলি । তাৰ পিছত পুনৰ ছাত্র-ছাত্রীসকলৰ ওচৰলৈ গ’লগৈ ।
মই ওপৰলৈ চালো । হাৰে ! কাঠ শালিকাই পোৱালি দিলে ! জনাই নাছিলো । সৌৱা, অলপ অলপ দেখা গৈছে । চেঁ চেঁ শব্দও শুনা পাইছো । পাকঘৰৰ চালি আৰু নাৰিকল পাতৰ আঁৰ লৈ একান্তমনে সিহঁতক নিৰীক্ষণ কৰি গ’লো । মাকজনীক দেখিলো, ঠোঁটত টোপ লৈ হাজিৰ । ইপিনে আপদীয়া ম’হ কেইটামানে মোৰ শুদা গাটো দেখা পাই সুবিধা বুজি চাপি আহিল ।
তেনেকুৱাতে নীলকণ্ঠ ক’ৰবাৰ পৰা উৰি আহি পৰিলহি, জলফাইৰ ডালত । লুকাই গ’লো মই । সেইহালৰবা কি নতুন খবৰ আছে ! গম পাম বাৰু, দুই-এদিনতে ।
ম'হকেইটা এখন হাতেৰে হুৰাই দি ভাবিলো... নীলকণ্ঠ, কাঠ শালিকাইতো নাজানে, সিহঁতৰ সুৰক্ষাৰ বাবেযে আজি মই কি কৰি দিছো । জানিবও নালাগে । মাথো ইয়াতে থাকিলেই হ’ল ।
No comments:
Post a Comment