ভাল ৰাস্তাৰ সন্ধানত
পি.ডব্লিউ.ডি.ৰ এজন ইঞ্জিনিয়াৰ
পি.ডব্লিউ.ডি.ৰ এজন ইঞ্জিনিয়াৰ
তেওঁ মোৰ আগে আগে৷ মই তেওঁৰ পিছে পিছে৷ তেওঁ নিজৰ
চিকচিকীয়া ছিলভাৰৰঙী মাৰুতি ৱাগন-আৰত৷ মই আঠ বছৰ পুৰণি মোৰ ক’লীয়া হোণ্ডা এক্টিভাখনত৷ তেওঁৰ
গাড়ীখনত নিজৰ ল’ৰা-ছোৱালীহাল৷ মোৰ পিছত আছে মোৰ
হাল৷ আমি স্কুললৈ গৈ আছোঁ৷ পুৱাৰ নিৰ্ধাৰিত কাৰ্য-তালিকাৰ ইও এটা৷
এছোৱা ৰাস্তাৰ অৱস্থাই নাই৷ দুৰৱস্থা এনেকুৱা যে
চাৰিটা চকা পাৰ কৰোঁতে গাড়ীচালকে কষ্ট কৰি চলাব লগা হয়৷ মোৰ দুটা চকা, গতিকে পাৰ হোৱাৰ
সমস্যাটো তুলনামূলকভাৱে কম৷ ৰাস্তাৰ পিটচ কেতিয়াবাই উৰিল৷ ভগা ৰাস্তা আৰু গাঁতত পৰাৰ
পৰা বচাবলৈ অৱশিষ্ট পিটচকণত চকাকেইটা পেলাবলৈ ৰং চাইডলৈ নাহিলেই নহয়৷ কোনো কোনো ঠাইত
আকৌ চালকে গাড়ী ৰখাই লৈ ক্ষন্তেক সময় চিন্তা কৰিব লগা হয় যে কোনফালেৰে যাম৷ সেই ৰাস্তাৰ
ওপৰেৰেই মানুহৰ ঘৰৰ পৰা নিৰ্গত পানীও বৈ গৈ থাকে৷ চাইড ড্ৰেইন, কালভাৰ্টৰ কাৰবাৰ নাই৷
শিলগুটিয়ে দাঁত নিকটাই থকা পথটো ক্রমান্বয়ে ওপৰলৈ
উঠি গৈছে৷ মই চিন্তা কৰিছোঁ তেওঁৰ গাড়ীখনক অ’ভাৰটেক কৰি যোৱাৰ৷ সেয়ে দূৰৰ পৰাই এটেম্প এটা লৈ এক্সেলাৰেটৰ
পকাই আছোঁ৷ ভাল-বেয়া বছাৰ কথা বিশেষ ভবা নাই৷ এনেয়েও পুৰণি বাহন যেনিয়ে-তেনিয়ে যায়৷
সন্মুখত দেখি আছোঁ, তেওঁ বাওঁফালৰ পৰা সোঁফাললৈ কাটিছে, আকৌ বাওঁফাললৈ নিছে৷ মই পাৰ
হ’ব পৰা নাই৷ গতি কমাব লগা হৈছে৷
বাৰে বাৰে চেষ্টা কৰি আছোঁ৷ সফল হ’ব পৰা নাই৷ ইফালে সন্মুখত পোৱা সমস্যাৰ বাবে তেওঁ মোক
বাট এৰিও দিব পৰা নাই৷
তাৰ বাবে মই পিছে চালকক দোষ দিব খোজা নাই৷ বাট-পথৰ
অৱস্থাই ঠাইবিশেষে আজি এনেকুৱা শোচনীয় ৰূপ পৰিগ্ৰহ কৰিছে যে এই ধৰণৰ দৃশ্য বা অভিজ্ঞতা
একেবাৰে সুলভ হৈ পৰিছে৷ ক’ৰবাত ক’ৰবাত পকা ৰাস্তাত মাটি ঢালি গাঁত
পূৰণ কৰা ‘মডাৰ্ণ টেকন’লজী’ এটাও সময়ে সময়ে দেখা পাই আহিছোঁ৷
দলঙৰ ৰেলিঙত গছৰ ডাল বন্ধাও পাইছোঁ৷ ৰ’ড ইঞ্জিনিয়াৰিঙৰ এই ‘নতুন ধাৰণা’বোৰৰ সৈতে পৰিচয় হৈ আছোঁ৷
পি.ডব্লিঊ.ডি.ৰ ইঞ্জিনিয়াৰেই আজি খুপি খুপি ভাল
ৰাস্তাৰ সন্ধান কৰিব লগা হৈছে৷ আমিনো কোন? …এনে ধৰণৰ ভাব এটাইহে পিছ মুহূৰ্তটোতে মোৰ মনত খেলা কৰিলেহি৷
No comments:
Post a Comment