আকৌ আহি গ’ল ফুটবল...
ফুটবল ৱৰ্ল্ডকাপ নে ইংলিছ প্ৰিমিয়াৰ লীগ?
নাই বিশ্বকাপ
নহয়, প্ৰিমিয়াৰ লীগৰহে এখন, মাত্ৰ এখন হ’লেও খেল জনাকীৰ্ণ ষ্টেডিয়ামত উপস্থিত থাকি স্বচক্ষে উপভোগ
কৰিব বিচাৰে৷ এনেকুৱা স্বপ্নাতুৰ ফুটবলবিলাসী মানুহ লগ পোৱাৰ সৌভাগ্য হ’ল বিগত ব্ৰাজিল বিশ্বকাপৰ সময়তে৷
বিশ্বকাপ জ্বৰত তেতিয়া চূড়ান্তভাৱে আক্রান্ত সমগ্ৰ বিশ্ব৷ কিন্তু তেনেকুৱা পৰিৱেশতো
ইংলিছ প্ৰফেছনেল লীগলৈ আশা কৰি ৰৈ থকা ফুটবলপ্ৰেমীও মুখৰ আগতেই, সোঁশৰীৰে পালোঁ৷ আনকি
পূৰ্বৰ কেইবাখনো ভাল ভাল খেলা ৰেকৰ্ডিং কৰি আৰু মন গ’লেই সেইবোৰ কম্পিউটাৰ বা টিভিৰ
পৰ্দাত চাই এনে ক্রীড়ামোদীয়ে তৃষ্ণা নিবাৰণ কৰে বুলিও জানিবলৈ পালোঁ৷ আৰু আশা কৰামতেই
এতিয়া, ১৭আগষ্টৰ পৰাই চিজন আৰম্ভ হৈ ইংলেণ্ডত চলি আছে বাৰ্কলে’জ ইংলিছ প্ৰিমিয়াৰ লীগ৷
ইংলেণ্ড আৰু ৱেলছৰ ২০টা আগশাৰীৰ নিৰ্বাচিত ফুটবল
ক্লাবৰ মাজত খিতাপ জয়ৰ বাবে এই প্ৰতিযোগিতা৷ নাম ইংলিছ প্ৰিমিয়াৰ লীগ৷ ১৬আগষ্টৰ পৰা
২৪মে’ পৰ্যন্ত অনুষ্ঠিতব্য খেলসমূহৰ সূচী ইতিমধ্যেই প্ৰকাশ কৰা
হৈছিল যোৱা ১৮জুনতে৷ ডাবল ৰাউণ্ড ৰবীন পদ্ধতিত প্ৰত্যেক দলৰে ৩৮খনকৈ খেল৷ গোটেই টুৰ্ণামেণ্টখনৰ
মুঠ খেলৰ সংখ্যা ৩৮০৷ প্ৰতিটো দলে প্ৰতিপক্ষ দলটোৰ সৈতে দুবাৰকৈ খেলিব৷ তাৰে এবাৰ নিজৰ
খেলপথাৰত৷ আনবাৰ প্ৰতিপক্ষৰ খেলপথাৰত৷ ক্লাবসমূহৰ নিজস্ব আৰু বাহিৰাকে ধৰি মুঠতে ৫০খন
ষ্টেডিয়াম৷ এই খেলপথাৰবোৰৰ সেউজ ঘাঁহনিলৈ শনিবাৰ আৰু দেওবাৰৰ বিয়লি-বেলা নামি আহে
আনন্দ আৰু উত্তেজনা৷ সেই আনন্দ আৰু উত্তেজনাত সমৰ্থক দৰ্শকসকল হৈ পৰে জীৱন্ত, হৈ পৰে
উত্তালবিভোৰ৷ তাৰ লগতে বিশ্বৰ ভিতৰতে সৰ্বাধিকসংখ্যক ফুটবলপ্ৰেমীয়ে পৃথিৱীৰ ২১২খন
দেশৰ বিভিন্ন কোণত টেলিভিছনৰ পৰ্দাত ই.পি.এল.ৰ খেলবোৰ প্ৰত্যক্ষ কৰে৷ কাৰণ এয়াযে গুৰুত্বপূৰ্ণ ইংলিছ
প্ৰিমিয়াৰ লীগ৷
ইংলেণ্ডত অনুষ্ঠিত এই পেছাদাৰী ফুটবলৰ বুৰঞ্জী অত্যন্ত দীঘলীয়া আৰু স্বাভাৱিকতেই গৌৰৱময়৷ বিশ্ব ফুটবলৰ স্বৰ্ণময় ইতিহাসত সবাতোকৈ পুৰণি এই প্ৰতিযোগিতা৷ ১৮৮৮চনত প্ৰথম ডিভিজনৰ এই ফুটবল লীগৰ সূচনা হৈছিল৷ তেতিয়া জনা গৈছিল ফুটবল লীগ নামেৰে৷ ১৯৯২চনৰ পৰা ইংলিছ এছোচিয়েচন ফুটবল লীগ নাম পালে৷ ২০০৭চনৰ পৰা প্ৰিমিয়াৰ লীগ হিচাপে নামকৰণ কৰা হ’ল৷ ১৯৯২চনত অংশ গ্ৰহণ কৰা টীমৰ সংখ্যা ২২টা আছিল৷ কিন্তু ১৯৯৫চনৰ পৰা এই সংখ্যা ২০ত সীমাবদ্ধ ৰখা হয়৷ ২০০৪চনৰ পৰা টুৰ্ণামেণ্টখনৰ পৃষ্ঠপোষকতা কৰি আহিছে পাব্লিক লিমিটেড কোম্পানী বাৰ্কলে'জ বেংকে৷ ১৬৯০চনত প্ৰতিষ্ঠিত এই ব্ৰিটিছ মাল্টিনেশ্যনেল বেংকৰ মুখ্য কাৰ্যালয় লণ্ডনত৷ বিশ্বৰ ৫০খনতকৈও অধিক দেশত ইয়াৰ ব্যৱসায়৷ গতিকে বাৰ্কলে’জ প্ৰিমিয়াৰ লীগ হিচাপে প্ৰতিযোগিতাখনো নামাংকিত হৈ আহিছে ২০০৭চনৰ পৰা বৰ্তমানলৈ৷ নাইকীয়ে ২০০০চনৰ পৰাই ই.পি.এল.ত ব্যৱহৃত বিভিন্ন নামৰ বলসমূহৰ যোগান ধৰি আহিছে৷ বহুসংখ্যক সহযোগী সংস্থা আৰু যোগানদাতাৰো এই টুৰ্ণামেণ্টলৈ সহায়-সমৰ্থন আছে যিবোৰে সামগ্ৰিকভাৱে ফুটবলৰ উন্নয়নত যুগান্তকাৰী ভূমিকা লৈছে৷
ইংলিছ প্ৰিমিয়াৰ লীগৰ এইবাৰ ২৩সংখ্যক সংস্কৰণ৷
২০১৪-১৫ৰ প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবলৈ যোগ্যতা আহৰণ কৰা ক্লাবসমূহ হৈছে… আৰ্চেনেল, এষ্টন ভিলা, বাৰ্ণলে,
চেলছী, ক্রিষ্টেল পেলেছ, এভাৰটন, হাল চিটী, লিচেষ্টাৰ চিটী, লিভাৰপুল, মানচেষ্টাৰ ইউনাইটেড,
মানচেষ্টাৰ চিটী, নিউকেছল ইউনাইটেড, কুইনছ পাৰ্ক ৰেঞ্জাৰ্ছ, ছাউথাম্পটন, ষ্ট’ক চিটী, ছান্দাৰলেণ্ড, চোৱানছা
চিটী, টটেনহাম হটস্পাৰ, ৱেষ্ট ব্ৰোমউইছ আলবিয়ন আৰু ৱেষ্ট হাম ইউনাইটেড৷ মানচেষ্টাৰ চিটী, লিভাৰপুল, চেলছী, আৰ্চেনাল, মানচেষ্টাৰ
ইউনাইটেড আদি ই.পি.এল.ৰ একোটা দমনীয় ফুটবল ক্লাব৷ দেশী-বিদেশী তাৰকাখচিত ফুটবলাৰৰ
সমাৱেশে এই দলবোৰক অধিক শক্তিশালী কৰাৰ লগতে ফুটবলকো আকৰ্ষণীয় আৰু ছন্দময় কৰি তুলিছে৷
বাৰ্কলে’জ ইংলিছ প্ৰিমিয়াৰ লীগৰ যোৱাটো চিজনৰ চেম্পিয়ন আছিল মানচেষ্টাৰ
চিটী এফ.চি.৷ ‘দ্যা চিটিজেন’, ‘দ্যা স্কাই ব্লুজ’ আদি উপনামেৰে পৰিচিত এই ক্লাবটো
এইবাৰ ভিনচেণ্ট কোম্পেনী, পাবলো জাবালাটা, ফাৰ্নেণ্ডো, ছামিৰ নাছৰি, ফ্ৰেংক লেমপাৰ্ড,
য়ায়া টৌৰি, ফাৰ্নানদিনহো, চাৰ্গেই অগুৱেৰো আদি খেলুৱৈৰে পুষ্ট৷ আনহাতে যোৱাবাৰৰ ৰাণাৰ্ছ-আপ, ‘দ্যা ৰে’ডছ’ বুলি জনাজাত লিভাৰপুল এফ.চি.
আছিল, যাক এইবাৰ প্ৰতিনিধিত্ব কৰিছে ষ্টিভান জেৰাৰ্ড, মাৰিঅ’ বালেট’লি, ডেনিয়েল ষ্টাৰিজ আদিয়ে৷ ‘দ্যা গানাৰ্ছ’ বুলি অভিহিত আৰ্চেনেল এফ.চি.ত
আছে মেচুট অঝিল, লুকাচ পডলস্কি, এলেস্কিচ চানচে’জ, ডেমিয়েন মাৰ্টিনেজ আদি৷ ‘দ্যা ব্লুজ’, ‘দ্যা পেনচনাৰ্চ’ আদি বিশেষণেৰে পৰিচয়প্ৰাপ্ত
চেলছী ক্লাবত আছে ফিলিপ লুইজ, ফেব্ৰিগাচ, ৰামিৰেজ, অস্কাৰ, ফাণ্ডাণ্ডো টৰেচ, ডিডিয়াৰ
ড্ৰগবা, ডিয়াগো কষ্টা, ৱিলিয়ান আদি নামী-দামী খেলুৱৈ৷ ‘দ্যা ৰে’ড ডেভিলচ’ মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবক
সমৃদ্ধ কৰিছে ৱেইন ৰুনী, জুৱান মাতা, জেভিয়াৰ
হাৰ্নাণ্ডেজ, ৰবীন ভান পাৰ্চি, এঞ্জেল ডি মাৰিয়া ইত্যাদি তাৰকা খেলুৱৈয়ে৷
ইংলিছ প্ৰিমিয়াৰ লীগৰ সৈতে জড়িত অৰ্থৰ পৰিমাণ পৃথিৱীৰ
অন্য যি কোনো লীগ প্ৰতিযোগিতাতকৈ বৃহৎ৷ এনে অংকৰ ধনৰাশিয়ে ইংলেণ্ডৰ এই ফুটবল প্ৰতিযোগিতাক
স্বাভাৱিকতে এক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে৷ বহুতে ইয়াক ‘ফুটবল মানী লীগ’ বুলিও কৈ থৈছে৷ ১০কিল’গ্ৰাম ওজনৰ ৰূপৰ মূল ট্ৰফীৰ সৈতে
আছে বিভিন্ন শিতানত বিভিন্ন পুৰস্কাৰ৷ সেয়েহে বিশ্বব্যাপী বৃদ্ধি পাইছে প্ৰতিযোগিতাখনৰ
জনপ্ৰিয়তা আৰু আকৰ্ষণ৷ এনে জনপ্ৰিয়তাৰ অন্তৰালত টেলিভিছনৰো প্ৰভূত অৱদান আছে বুলি প্ৰতিপন্ন
হৈছে৷
এই টেলিভিছনৰ জৰিয়তেই সময় বুজি ইখনৰ পিছত সিখনকৈ
আমি ফুটবল-পাগলবোৰেও উপভোগ কৰি যাম বাৰ্কলে’জ ইংলিছ প্ৰিমিয়াৰ লীগৰ মেচসমূহ৷ বিশ্বকাপৰ পিছত ফুটবলৰ
মহানতাত পুনৰবাৰ অৱগাহন কৰাৰ সুযোগ আহি গৈছে একেবাৰে অহা বছৰৰ ২৪মে’লৈকে৷ ফুটবলক ভালপোৱা মানুহৰ
বাবে ইয়াতকৈ মজাৰ কথা এই মুহূৰ্তত আৰু কি হ’ব পাৰে?
No comments:
Post a Comment