দুজন মানুহ, এটা সিদ্ধান্ত আৰু আমাৰ বাবে শিক্ষা
শ্ৰী যতীন গোস্বামী... লেখক, গৱেষক, ভাষাবিদ, লিপি
বিশেষজ্ঞ৷ অসমীয়া লিপিৰ উৎস আৰু বিকাশৰ ক্ষেত্ৰত আজীৱন কৰ্মৰত৷ কেইবাখনো গল্প-উপন্যাসৰ
উপৰি গৱেষণামূলক তত্ত্বগধুৰ গ্ৰন্থৰ প্ৰণেতা৷ প্ৰচাৰবিমুখ, নীৰৱ সাহিত্য-কৰ্মী৷
শ্ৰী অৰুণ শৰ্মা... নাট্যকাৰ, ঔপন্যাসিক৷ অসমৰ
সাহিত্য আৰু নাট্য জগতৰ মুধাফুটা ব্যক্তি৷
ব্যতিক্রমী সিদ্ধান্তৰে অসমীয়া সাহিত্যৰ এই দুগৰাকী
কাণ্ডাৰীয়ে নজিৰ স্থাপন কৰিলে৷ সহমতাদৰ্শী সিদ্ধান্তটো হ’ল, দুয়োগৰাকী সাহিত্যিকেই ‘সাহিত্যাচাৰ্য’ উপাধি সবিনয়ে প্ৰত্যাখ্যান কৰিলে৷
অসমৰ জাতীয় জীৱনৰ বৃহত্তম অনুষ্ঠান অসম সাহিত্য সভাৰ সৰ্বোচ্চ সাহিত্য সন্মানটিৰ বাবে
সভাই আগ বঢ়োৱা প্ৰস্তাৱত এগৰাকীয়েও সন্মতি প্ৰদান নকৰিলে, বিবেকৰ আহ্বানত৷
শ্ৰী যতীন গোস্বামীয়ে ক’লে... ‘যুগজয়ী সাহিত্য সৃষ্টি কৰাজনহে
এনে মহৎ সন্মান পোৱাৰ যোগ্য বুলি মই বিবেচনা কৰোঁ৷ মই কোনো যুগজয়ী সাহিত্য সৃষ্টি কৰিব
পৰা নাই৷ কেৱল প্ৰকাশনৰ সংখ্যা সৰহ হ’লেই এজন লোকক ভাল সাহিত্যিক বুলি বিবেচনা কৰিব নোৱাৰি৷’ আনহাতে, ‘সাহিত্যাচাৰ্য’ সন্মানটি বিশাল সাহিত্য-ব্যক্তিত্ব
বুলি উল্লেখ কৰি শ্ৰী অৰুণ শৰ্মাই ক’লে... ‘যাৰ জীৱনজোৰা সাহিত্য-কৰ্মই অসমৰ ভাষা-সাহিত্য-ইতিহাসলৈ
প্ৰচুৰ অতুলনীয় সমৃদ্ধি আগ বঢ়াইছে তেনে লোককহে এই সন্মান প্ৰদান কৰা হয়৷ এই অভাজন সেই
বিশাল সাহিত্য-ব্যক্তিত্বৰ অধিকাৰী নহয়৷’
আমাৰ দৈনন্দিনত নিশ্চয়কৈ এয়া বিৰল ঘটনা৷ কিয়নো,
আমি সচৰাচৰ কি দেখা পাওঁ? ৰাজহুৱা সন্মান, স্বীকৃতি, বঁটা-বাহনৰ মোহত গভীৰভাৱে আচ্ছন্ন
মানুহবোৰ৷ বঁটা, স্বীকৃতি, বাঃ বাঃ, হাত-চাপৰি লাগেই লাগে৷ ৰাজহুৱা অনুষ্ঠানৰ বিষয়-বাবৰ
বাবেও হেতা-ওপৰা৷ সেই পৰিচয়ৰ ছত্ৰছাঁয়াত প্ৰাপ্ত সামাজিক স্থিতিৰ প্ৰতিহে অনেকজন লালায়িত৷
নিজৰ কাম, ধ্যান, জ্ঞান জুখি চোৱাৰ প্ৰৱণতা নাই৷ বাব এৰ খালে বা আঁতৰাই দিলে অস্তিত্বই
শূন্য হৈ পৰা মানুহৰহে কেওফালে দপদপনি৷ সম্বৰ্ধনা, পুৰস্কাৰ, আসন আদিয়ে যেন জীৱনৰ লক্ষ্য৷
এখন কবিতা বা গল্প বা প্ৰবন্ধ সংকলনেৰে সহজেই ‘বিশিষ্ট’ কবি বা গল্পকাৰ বা প্ৰাবন্ধিক নামধাৰী হৈ পৰে মানুহবোৰ৷
শাকে-জাৱৰে উলিওৱা কিতাপ নামৰ একোজাপ ছপা কাগজেৰেই তেওঁলোকক লাগে জ্ঞানপীঠ! আক-তাক
খাতিৰ কৰি তেওঁলোকক লাগে সাহিত্যিক পেন্সন৷ পৰৱৰ্তী সময়ত পিছে সৃষ্টিশীলতাও স্থবিৰ,
উত্তৰণৰ দিশতো বিশাল শূন্যতা৷
‘অকব’তো মাজে মাজে দেখোঁ... শব্দ-বিভ্ৰাট বা বাক্য-বানানত থকা
ভুল কেৱে উনুকিয়ালে কোনো কোনোজন মাননীয় সদস্যই গুৰুত্ব সহকাৰে নলয়৷ শিক্ষণ-শিকনৰ মানসিকতাৰে
কথাখিনি সহজভাৱে নলৈ গোট এৰি যোৱাৰ কথা কয়৷ নিজৰ প’ষ্টত লাইক, কমেণ্ট নপৰিলেও হতাশ৷ পাঠক পালেহে লিখিব,
নহ’লে নিলিখে৷ দৰাচলতে তেনেকুৱা
হ’ব নালাগে৷ আচল কথাটোৱে হৈছে সাধনা৷
সেইটো কোনো হ্ৰস্বম্যাদী প্ৰক্রিয়া নহয়৷ সেয়া ‘অকব’তে হওক, য’তেই নহওক৷ জীৱনজোৰা সাধনা আমি
চলাই যাবই লাগিব৷
সোঁতৰ বিপৰীতে গৈ দুগৰাকী প্ৰবীণ সাহিত্য-কৰ্মীয়ে
দেখুওৱা শিক্ষাৰ আলোকত আমিও নিজকে চাব পাৰোঁ নিশ্চয়৷ জাতীয় জীৱনলৈ ইমানখিনি অৱদান যোগায়ো
শ্ৰী যতীন গোস্বামী, শ্ৰী অৰুণ শৰ্মাৰ দৰে ব্যক্তিয়ে নিজকে যোগ্য বুলি বিবেচনা কৰা
নাই৷ আমি কোন কূটা?
No comments:
Post a Comment