হেঁচাৰ পৰা হেঁপাহলৈ... আৰু তাৰ পিছত?
(গল্প নহয়, সত্য)
Why should boys have all the fun? ...প্ৰিয়াংকাৰ মুখনিসৃত এই বাক্যটিৰ গূঢ়াৰ্থ প্ৰকৃতপক্ষে এতিয়াহে মই পুংখানুপুংখভাৱে অনুভৱ কৰিব পাৰিছোঁ৷ এনেয়েও মামৰে ধৰা মগজু৷ কথাবোৰ আনতকৈ পলমকৈ বুজোঁ৷ ঘঁহি থাকিব লাগে, ঘঁহি থাকিব লাগে৷ কোন কেতিয়াবাৰে পৰাই তাই বেচেৰীয়ে পে'পাৰে-টিভিয়ে, প’ষ্টাৰে-হৰ্ডিঙে কৈয়ে আছে, কৈয়ে আছে... ‘ল’ৰাবোৰেহেনো কিয় সকলো আনন্দ ল’ব লাগে?’ পিছে মোৰহে মগজুৰ দুৱাৰ খোল খালে খুব দেৰিকৈ৷ আন কাৰো এনেকুৱা নহওক, এতিয়া তাকেই কামনা কৰিছোঁ৷
পাতনি এৰি মূল কথালৈ আহোঁ৷
প্ৰিয়াংকাৰ নামটো প্ৰথমেই লৈছোঁ যদিও কাহিনীৰ মূল নায়িকা পিছে আমাৰ এওঁহে দেই৷ আমাৰ এওঁৰ সদায়েই কমপ্লেইন৷ কমপ্লেইন বক্স নামেই পাই থৈছে কেতিয়াবাতে৷ সি যি কি নহওক, এওঁৰ দীৰ্ঘদিনীয়া কমপ্লেইন এটা আছিল যে এওঁক হেনো হেঁচা মাৰি ৰখা হৈছে৷ সেইটো মিছা কথা, তুমি মনতে সজাই লোৱা মিছকনচেপ্ট বুলি যিমান চিঞৰি ক’লেও মুঠেও মানি নলয়৷ তেওঁৰ হেনো জীৱনত ঢেৰ কিবাকিবি কৰাৰ ইচ্ছা, মানে হেঁপাহ আছিল৷ পিছে একোৱেই নহ’ল৷ বিয়া হৈয়ে হেনো চব শেষ৷ কাৰণটো হ’ল, তেওঁক হেনো মই হেঁচা মাৰি ৰাখিছোঁ৷ ...এনে ধৰণৰ ভিত্তিহীন বাক্যবোৰ অনৰ্গল কৈ যাব পাৰে৷ বকি-জঁকি তেওঁৰ আমনি নালাগে যদিও শুনি শুনি কিন্তু কিবাখন লাগে৷ উপায় নাই৷
শেহতীয়াভাৱে আমাৰ এওঁৰ হেঁপাহ জাগিল স্কুটী এখন চলোৱাৰ৷ ঠিক আছে বাৰু, কোনো কথা নাই৷ হ’ব৷ পুৰণি হ’লেও ভাগ্য যে ঘৰত আছেই এখন৷ গতিকে চলালেই হ’ল৷ পিছে গুৰুত্বপূৰ্ণ কথা অন্য এটাহে৷ সেইটো হ’ল, ছোৱালী অৱস্থাত কাহানিও কিন্তু চাইকেলখনো চলাই পোৱা নাই আমাৰ এওঁ৷ চলোৱাটো বাদেই দিয়ক, ঠেলিও পোৱা নাই আনকি৷ গতিকে পোনেই স্কুটীৰ হেণ্ডেল ধৰিবলৈ দিলে বিপদখন কাৰ হ’ব, কওকচোন? ঈশ্বৰে নকৰক, নিজৰ মানুহজনীক জানি-শুনি তেনেকুৱা হ’বলৈ দিওঁনো কেনেকৈ? কথাষাৰ ক’বলৈহে পালোঁ, হৰি হৰি! বকবকাই উঠিলেই৷ আৰু সেই আগৰ বাক্যটোৰেই আৰম্ভ কৰি দিলে... তেওঁক হেনো হেঁচা মাৰি ৰখা হৈছে ...অমুক, তমুক, বাৰটা কথা৷ ইফালে প্ৰতিবাদ কৰিও একো লাভ নাই৷ একত দুইকৈ বাঢ়িবহে৷ গতিকে মৌন অৱলম্বনেই শ্ৰেয়ঃ বুলি নিজেই মুখ বন্ধ কৰি থ’লোঁ৷ সময়ে যি কৰে কৰি থাকিব বুলি অদৃষ্টৰ ওপৰতে সকলো এৰি দিয়া হ’ল৷
চাইকেলৰ প্ৰসংগত এওঁ সিদিনা পোনেই জঁকি উঠিছিল ঠিকেই৷ পিছে এদিন দেখিলোঁ, পুত্ৰৰ এভন চাইকেলখনত ধৰিছেগৈ৷ মানুহ চাই সেইখন চাপৰ হৈছে৷ হওক তেও, চলাইছেযে! শিককচোন বাৰু৷ ক’লোঁ... ‘ভাল কথা, শিকি লোৱা৷ বেলেন্সটো প্ৰথমে আনি লোৱা৷’ দুচকীয়া বাহন চালনাৰ বাবে বেলেন্সটোযে প্ৰাথমিকভাৱে অপৰিহাৰ্য বস্তু সেয়া নৎসাৎ কৰিব পৰা মানুহ পৃথিৱীত নাই৷ দেৰিকৈ হ’লেও সত্যটো সাৰোগত কৰাত কথা নবঢ়াই ধৰি ধৰি সহায় কৰি গ'লোঁ৷ ৰাস্তাত শিকিবলৈ লাজ৷ সেয়ে বাৰীৰ পিছফালখনতে গোপনে অনুশীলন চলিল৷ কেনেবাকৈ পৰি-ধৰি কিবা হয় বুলি তেওঁৰ কাষে কাষে অহৰহ গাৰ্ড দি থাকিলোঁ ল’ৰা, ছোৱালী, মই ...চাইকেল চলাব জনা এই তিনিটাই৷ একেৰাহে কেইদিনমান চলাই থাকিলত এদিন ঘপকৈ বেলেন্স আহি গ’ল৷ তেতিয়ালৈ মুখৰ কোণত হাঁহি বিৰিঙিছে৷ পিছলৈ বন্ধবাৰ আৰু গাড়ী-মটৰ নথকাৰ সুযোগত পকা ৰাস্তাতো লাহে লাহে পাক মাৰিব ধৰিলে৷ কনফিডেন্স লেভেল বাঢ়ি আহিল ক্রমান্বয়ে৷
চাইকেলখন ভালকৈ শিকিলে কি নিশিকিলে, ভনীয়েকক ফৰমাইচ দি যোৰহাটৰ পৰা অনোৱা ৰঙা চেভেন ষ্টাৰ লেডিজ হেলমেট এটা সোনকালেই ঘৰ সোমালহি৷ কিন্তু তাৰ পিছতে কি হ’লজানো, কেইদিনমান একদম চুপ৷ ভাবিলোঁ, কঁকালত ধৰিলে চাগৈ৷ নহ’লে তপিনা বিষাল৷ পিছে নহয়, সোনকালেই এদিন উৎসাহৰ আগজাননী দিলে... হ’ণ্ডা এক্টিভাখন চলাব৷ শিকাই দিব লাগে৷ আমিহে বোলে তেওঁৰ হেঁপাহবোৰ হেঁচা মাৰি থৈছোঁ, শিকাই দিয়া নাই ইমানদিনে৷ নহ'লে কেতিয়াবাতে চলালেহেঁতেন৷ পুৰণি ডায়লগৰ ফুলজাৰি আকৌ এইফালে মাৰি পঠিয়ালে৷
ময়ো ট্ৰেইনিং আৰম্ভ কৰিয়ে দিওঁ বুলি সিদিনাই আবেলি পৰত ওচৰৰে পুলিচ ৰিজাৰ্ভ ফিল্ডলৈ লৈ গ’লোঁ৷ তাত ল’ৰাবোৰে ফুটবল খেলি আছিল৷ দুপাকমান মাৰি সুবিধাজনক যেন নলগাত হাইস্কুল ফিল্ডলৈ পোনালোঁ৷ মুঠতে আজি শিকামেই৷ পিছফালে বহুৱাই কিটিপ-কাটাপবোৰ বুজাই-বঢ়াই দিলোঁ৷ তাৰ পিছত লাহেকৈ ছিট সলালোঁ৷ ৰাতিপুৱা ৰাতিপুৱা ল'ৰাক ইনড'ৰ ষ্টেডিয়ামত বেডমিণ্টনত সুমুৱাই দিয়াৰ পিছত সন্মুখৰ মুক্তাংগনতো প্ৰশিক্ষণ চলিল৷ বেলেন্সটো ঠিক থকাযেন দেখি ঘাঁহনিত অকলেই এৰি দি চালোঁ৷ প্ৰথমতে কঁপনি৷ লাহে লাহে নিজে নিয়ন্ত্ৰণ কৰিব পৰা হ’লগৈ যেনিবা৷ পৰৱৰ্তী পৰ্যায়ত ৰাজপথত ট্ৰেইনিং চলিল৷ ৰাস্তাৰ নিয়ম-কাৰণ, চিগনেলকে ধৰি ইটো-সিটো আৱশ্যকীয় জ্ঞানৰ যোগান ধৰা হ’ল৷ মটৰ ড্ৰাইভিঙৰ হাতপুথি এখনো হাতত তুলি দিলোঁ৷ ভালেকেইমাহ ধৰি নিজে পিছত বহি থাকি দেখুৱাই যাব লগা হ’ল৷ এনেয়ে ঠিকেই আছে, কিন্তু ভিৰৰ মাজত চলোৱাত সাহসৰ অভাৱ থাকিলেই৷ হ'লেও ড্ৰাইভিং লাইচেন্সখন কিন্তু ৰেডী হৈ গ’ল৷ পৰিচিত মানুহৰ জৰিয়তে নিজেই উদ্যোগ লৈ সেইকণ কাম আগতেই সমাধা কৰি পেলালে!
তাৰ পিছত আকৌ দীৰ্ঘবিৰতি৷ ভাবিলোঁ, হেঁপাহ পলাল নিশ্চয়৷ আকৌ ভাবিলোঁ যে নহয়, পে'ট্ৰলৰ ঊৰ্ধ্বমুখী মূল্য শুনি হয়তো চকু কপালত উঠিল৷ ইমান দাম, নোৱাৰি দেই৷ পিছে সেয়াও নহয়চোন৷ আকৌ উক দিলে৷ এইবাৰ একোব চ’ৰাহে৷ নিজৰ স্কুটী কিনি নিজে চলাব বোলে৷ মোৰ এক্টিভাখন পুৰণি হৈছে৷ মই চিন্তা কৰিলোঁ, এখন থাকোঁতে আৰু এখন! নালাগে কিনিব বুলিও ক’ব নোৱাৰিলোঁ, জানোচা হেঁচা মাৰি থৈছোঁ বুলি কমপ্লেইনৰ কেছেটটো বজাবলৈ আৰম্ভ কৰি দিয়ে পুনৰবাৰ! ইফালে সিদিনা নিজৰ পাছবুকখনত চকু ফুৰাই থকাটোও দেখা পাইছিলোঁ!
কোনখন কিনো? হিৰ’, হ’ণ্ডা, মহিন্দ্ৰা, য়ামাহা, টি.ভি.এছ., ভেচপা, চুজুকি... কি লওঁ, কি কিনাটো ঠিক হ’ব বাৰু? এইখনৰ অমুকহে, সেইখনৰ তমুকহে... ইখন-সিখন কৰি কেইবাখনো মন কৰা হ’ল৷ বিভিন্নজনক বিভিন্ন প্ৰশ্ন কৰা হ'ল৷ কেইবাদিনলৈ ৰাতি ভাত খোৱাৰ পিছত শোৱাৰ আগলৈকে ইণ্টাৰনেটত স্কুটীৰ অনুসন্ধান আৰু অধ্যয়ন কৰাটো তেওঁৰ এটা নিয়মেই হৈ পৰিল৷ স্পেচিফিকেচনৰ পৰা আদি কৰি দাম-দৰৰো খবৰবোৰ সংগৃহীত হ’ল৷ আৰু শেষত? প্ৰিয়াংকাৰে জয় হ’ল!
মোক লগত লৈ গৈ ৰঙা, নতুন প্লিজাৰ এখন কিনি পেলালে৷ এলয় হুইল, টিউবলেচ টায়াৰ, এলিগেণ্ট লুক৷ কাগজ-পত্ৰও সকলো নিজৰ নামতে৷ চাবিটো হাতত পৰাত মুহূৰ্তও ৰৈ নাথাকিল মানুহজনী৷ পিছে ন-তে ন-অঁৰা বুলি কথা এষাৰ আছে নহয়৷ গতিকে গতি ধীৰেই চলিল৷ মোৰ স্থানো পিলিয়ন ছিটতে সীমাবদ্ধ হৈ ৰ'ল৷ যাহওক, এদিন এটা কথা ধৰা পেলালোঁ যে মই পিছত থাকিলেহে সাহসটো ঠিকেই থাকে, চকা আগুৱাই গৈ থাকে৷ নহ’লে কিন্তু ভয় ভয় ভাব এটাই তেওঁৰ ভিতৰত ক্রিয়া কৰে৷ এনেকৈ হ’লেতো নহ’ব৷ তেনেকুৱাতে এদিন জনৈক বন্ধুৰ মুখত শুনিলোঁ যে তেওঁৰ পৰিবাৰৰ ক্ষেত্ৰতো একেটাই সমস্যা হৈছিল হেনো৷ অৰ্থাৎ সাহসৰ অভাৱ৷ সেই অভাৱ পূৰণ নোহোৱাত অলপ দিন ৰাখি স্কুটীখন বিক্রী কৰিয়ে দিব লগা হ’ল৷ আমাৰ এওঁৰ ক্ষেত্ৰত তেনে নঘটক৷ নহ'লে আকৌ ক'ৰ কথা ক'লৈ যাব ঠিকনা নাই! বন্ধুৰ অভিজ্ঞতাক নিজৰ উদ্দেশ্য সিদ্ধিত লগাবলৈ মনস্থ কৰি বুদ্ধি এটা মনতে পাঙি সুযোগ অহাৰ অপেক্ষাত ৰৈ থাকিলোঁ৷
অন্য দিনৰ দৰেই এদিন ৰাতিপুৱা৷ স্কুললৈ যাবলৈ ওলাই মোক পিছত বহিবলৈ খাটনি ধৰি আছে৷ আৰু তেতিয়াই অলপ উচ্চ স্বৰতে আৰম্ভ কৰি দিলোঁ... ‘মই কি সদায় সদায় তোমাৰ পিছফালে বহি গৈ থাকিম নেকিহে? যোৱা ভাই, নিজৰ স্কুটী, নিজে নিজে গৈ থাকা৷ কিনিছা যেতিয়া চলোৱা আকৌ৷ তোমাৰ নিচিনা কত মহিলাই ৰাস্তাত ধুমধাম চলাই আছে, দেখা নাই? সৌজনীলৈ চোৱা৷ ভুৰুংকৈ গ’ল৷ আৰু সৌৱা সৌজনী চুলি উৰুৱাই আহি আছে, চোৱা চোৱা৷ সৰু সৰু ছোৱালী এইবোৰ৷ নেদেখিছা, সিহঁতৰ কি দৌৰ! যোৱা, তুমিও পাৰিবা৷’ এইবুলি এনেকুৱা এটা সঁচাসঁচি ‘হেঁচা’ দি দিলোঁ যে তেওঁ প্ৰায়ে মই দি থকা বুলি কৈ অহা সেই ‘হেঁচা’টো ক’ৰবাত উৰি গ’ল৷ ফলত নিজেই ষ্টাৰ্ট দি এক্সেলাৰেটৰ পকাই আগ বাঢ়ি গৈ থাকিব লগা হ'ল৷ আৰু এসময়ত অদূৰৰ কেঁকুৰীত অদৃশ্য হৈ পৰিল৷ কেইমিনিটমানৰ পিছত ফোনটো বাজি উঠিল... ‘মই ঠিকে-ঠাকে আহি স্কুল পালোঁহি দেই, চিন্তা কৰিব নালাগে, পাৰিলোঁ৷’ ‘অ’.কে., গুড’ বুলি ফোন থৈ দিলোঁ৷ পিছবেলা ঘূৰি আহি ঘৰ সোমালত চিধাচিধি প্ৰশ্ন... ‘আহিলা? কেনে মজা?’ এওঁ হাঁহিলে৷ সন্তুষ্টিৰ সেই হাঁহিটোতে সকলো বুজি পাই গ’লোঁ৷ আন কথাৰ অৱতাৰণা নকৰি ময়ো ডায়লগ এটা এৰি দিলোঁ... Why should husbands have all the fun? এওঁৰ হাঁহিটো দীঘলীয়া হৈ পৰিল!
এতিয়া চাগৈ আমাৰ এওঁৰ ভাবনাত, তেওঁৰ ওপৰত মোৰ পৰা কোনো ধৰণৰ হেঁচা মানে প্ৰেছাৰ আৰু নাই৷ হেঁপাহ পূৰ্ণ হৈ তাৰ ঠাই লৈছে সন্তুষ্টি বা আনন্দই৷ আজিকালি নিজেই চলাই যায়, আহে, জীৱনৰ মজা লয়৷ এওঁৰ হেঁপাহটো পূৰণ হোৱাত লাভ অৱশ্যে মোৰো হৈছে৷ আওপকীয়াভাৱে মোলৈকো আহিছে বিগ প্লিজাৰ৷ আগৰদৰে এতিয়া আৰু ক’লৈকো তেনেকৈ যাব লগা নহয়েই৷ নতুন স্কুটীখন পাই তেৱেঁই উৎসাহেৰে ইফাল-সিফাল কৰি দৌৰি-ঢাপৰি থাকে, সকলোবোৰ যেন একো একোটা প্লিজাৰ-ট্ৰিপ, তেনে ভাব-ভংগীমাৰে৷ কোনো কমপ্লেইন নাই৷ গতিকে ঈশ্বৰৰ কৃপাত মই ঘৰতে আৰামছে কটাব পৰা হ'লোঁ৷ ৰ'দত ওলাই যাবও নালাগে, বৰষুণত তিতিবও নালাগে৷ মুঠতে ভীষণ প্লিজাৰ মোৰ৷ জীৱনত ইয়াতকৈ আৰু কি সুখ লাগিছে? এই মহা-প্লিজাৰৰ বাবে প্ৰিয়াংকাক কেতিয়াবা মুখৰ আগত পালেযে কি বুলি ধন্যবাদ, কি বুলি কৃতজ্ঞতা জনাম ভাবিকে নাপাওঁ৷ তাইতো আগৰে পৰাই কৈয়ে আছিল৷ মইহে কথাষাৰৰ গভীৰতা উপলব্ধি কৰাত পলম কৰিলোঁ৷
No comments:
Post a Comment