শাস্ত্ৰী ছাৰ
আমি তেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়োঁ৷ আমাৰ স্কুলৰ
নাম ডিফু টাউন প্ৰাইমেৰী স্কুল৷ অংক বজাৰ হিচাপ, মৌখিক, সাহিত্য-ব্যাকৰণ-ৰচনা, ভূগোল-সাধাৰণজ্ঞান,
বানান-শ্ৰুতলিপি, ছবি-হাতৰ কাম, নেওঁতা, পাঠপঢ়া আমাৰ বিষয়৷ শ্ৰীযুত ভুবনেশ্বৰ শৰ্মা
(এতিয়া প্ৰয়াত) ছাৰ আমাৰ প্ৰধান শিক্ষক৷ ছাৰে অংক পঢ়ুৱায়, জমা-খৰচ শিকায়৷ ‘হেডছাৰ’ খুব কাঢ়া৷ সেয়ে মনত ভয় ভয় ভাব
এটা অনৱৰতে লাগিয়ে থাকে আমাৰ৷
ওচৰৰে পুলিচ ৰিজাৰ্ভ এল. পি. স্কুলৰ শিক্ষক শ্ৰীযুত
প্ৰাণেশ্বৰ শৰ্মা৷ ছাৰৰ পৰা ছবি-হস্তলিপি শিকোঁ৷ কল, অমিতা, পাতৰ সৈতে এটা পকা আম,
ৰঙালাও, কচুপাত, ঠাৰিৰে সৈতে জবাফুল, পদুমফুল, কাপ-প্লেট, গিলাচ, কলহ, বাল্টি, সত্যৰ
সদায় জয়, সূৰ্য পূবফালে উদয় হয়, সাধুতাই উত্তম উপায়, ইত্যাদি ইত্যাদি৷ এইগৰাকী গৃহ-শিক্ষকৰ
হাতৰ আখৰ আছিল অতি সুন্দৰ৷ চিত্ৰাংকনো ধুনীয়া৷ প্ৰথমাৱস্থাত আমাৰ স্কুলৰ কোনোবা বাইদেৱে
ছুটী ল’লে তেখেতেই সাময়িকভাৱে যোগদান
কৰিছিল৷ পিছতহে স্থায়ী নিযুক্তি পালে আৰু প্ৰধান শিক্ষক হৈ অৱসৰ ল’লে৷
‘শাস্ত্ৰী ছাৰ’ কিন্তু অন্য এজন৷ তেখেতৰ প্ৰকৃত নামটো আছিল শ্ৰীযুত
সৌমদত্ত শৰ্মা (এতিয়া প্ৰয়াত)৷ এই নাম আজিও বহুতেই হয়তো নাজানে বা পাহৰিছে৷ কাৰণ সকলোৰে
বাবে তেখেত আছিল ‘শাস্ত্ৰী ছাৰ’৷ ষাঠিৰ দশকৰ শেষভাগত ছাৰ ডিফুলৈ
আহিছিল৷ কামৰূপীয়া নামঘৰটোৰ নাগাৰা নামৰ তেখেত পাঠক আছিল৷ শিক্ষক প্ৰশিক্ষণৰ বাবে দীঘলীয়াকৈ
ছুটী লৈ যোৱা শিক্ষক বা শিক্ষয়িত্ৰীৰ স্থানত তেখেতে কেইবা বছৰো ধৰি আজি অ’ত কালি ত’তকৈ অস্থায়ী ভিত্তিত শিক্ষাদান
কৰি আহিছিল৷ আমাৰ স্কুলতো পঢ়ুৱাইছিল আৰু পঢ়া নোৱাৰা ছাতৰক শাস্তি হিচাপে মেজৰ তলত সুমুৱাই
ৰাখিছিল৷ সুদীৰ্ঘ বছৰ তেনেকৈ অতিক্রম কৰাৰ পাছতহে ডিফুৰ পৰা কেইকিল’মিটাৰমান নিলগৰ লাংছ’লিয়েটত অৱস্থিত নীলাপুৰ এল. পি.
স্কুলত শিক্ষক হিচাপে তেখেতে নিযুক্তি লাভ কৰে৷ আমি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ হৈ থকা
অৱস্থাত শাস্ত্ৰী ছাৰেও আমাক ঘৰলৈ আহি পঢ়ুৱাইছিল৷
শিৰোনামত ‘শাস্ত্ৰী ছাৰ’ বুলি উল্লেখ কৰি এগৰাকীৰ ঠাইত তিনিগৰাকীকৈ শিক্ষাগুৰুৰ
বিষয়ে উনুকিওৱাৰ উদ্দেশ্যটো হ’ল তেখেতসকল তিনিও সম্বন্ধীয় আছিল, তিনিও সদায় ধুতি-পাঞ্জাৱী পৰিধান
কৰিছিল, তিনিওৰে পৈত্ৰিক ঘৰ নলবাৰীৰ বৰনদ্দীত আছিল, তিনিও নিপুণ শিক্ষক আছিল৷ জীৱনৰ
বাটত এইসকলক পাই আমি গৌৰৱ অনুভৱ কৰি আহিছোঁ আৰু কৰি থাকিমো৷
শাস্ত্ৰী ছাৰৰ বিশেষ কথা এটাই কেৱল মোকেই নহয়,
সমসাময়িক ছাত্ৰ-ছাত্ৰীবিলাককো বৰকৈ আকৰ্ষণ কৰিছিল৷ সেয়া হৈছে তেখেতৰ মুখনিসৃত সাধুকথা৷
এক কথাত, শাস্ত্ৰী ছাৰ আছিল সাধুকথাৰ ভঁৰাল৷ ৰামায়ণ, মহাভাৰতৰ কাহিনী, জাতকৰ সাধুকে
ধৰি দেধাৰ সাধু তেখেতৰ জিভাৰ আগত আছিল৷ কথন-ভংগীও আছিল অতি আকৰ্ষণীয়, অতি জীৱন্ত, অপূৰ্ব৷
তেখেতে গধূলি গধূলি আমাৰ ঘৰলৈ আহি তিনিও ভাই-ভনীক পঢ়ুৱাইছিল৷ ছাৰৰ সৈতে আমাৰ এটা চুক্তি
আছিল যে সপ্তাহটোৰ আনকেইটা দিনত বিভিন্ন বিষয় যিমান পঢ়ুৱালেও শনিবাৰে কিন্তু পঢ়াৰ শেষত
আমাক সাধু কৈ শুনাবই লাগিব৷ গতিকে শনিবাৰে লেখা-পঢ়া তেনেকৈ নহৈছিলেই৷ এই বিশেষ দিনটোৰ
বিশেষ ক্ষণটোৰ বাবে আমি উদগ্ৰীৱ হৈ আছিলোঁ৷ সিদিনা টেবুল সোনকালেই সামৰিছিলোঁ৷ ছাৰে
সাধু কোৱা আৰম্ভ কৰাৰ আগে আগে প্ৰতিৱেশী ল’ৰা-ছোৱালীবোৰকো ‘আহ ঐ বেগেতে, শাস্ত্ৰী ছাৰে এতিয়া সাধু আৰম্ভ কৰিব’ বুলি ৰিঙিয়াইছিলোঁ৷ সৰুবোৰতো
বাদেই, ছাৰৰ মুখৰ পৰা ওলোৱা ভিন্নস্বাদৰ বিচিত্ৰ কাহিনী শুনিবৰ বাবে আমাৰ খুৰাহঁতকে
ধৰি ডাঙৰেও ভিৰ কৰিছিলহি৷ আনহাতে, প্ৰতিৱেশী কাৰোবাৰ ঘৰত ছাৰে সাধু কৈ থকা বুলি যদিহে কেনেবাকৈ গম পালোঁ, তেন্তে চিধাই লৰ মাৰিছিলোঁ যথাস্থানলৈ৷ সেই সাধুবোৰৰ প্ৰত্যেকটোৰে আঁৰত নীতি-শিক্ষা
আছিল৷ আমাৰ বাবে সেইবোৰ আছিল চৰিত্ৰ-পাঠ সদৃশ৷ মনত পৰে, শাস্ত্ৰী ছাৰে সাধু এটা ঘপকৈ
আৰম্ভ নকৰিছিল৷ কেতিয়াবা বৰকৈ কুটুৰিবও লগা হৈছিল৷ তাৰ পিছত এবাৰ যেই চুইচ অন হ'ল,
অনৰ্গল ওলাই থাকে সাধুকথা৷ লগে লগে একচনো দেখুৱায়৷ এতিয়া ভাবি পাওঁ, আগৰখিনি সময়ত ছাৰে চাগৈ নিজকে
প্ৰস্তুত কৰিছিল৷ মগজুৰ অপৰিপক্কতাৰ বাবে কথাটো আমিহে তেতিয়া বুজা নাছিলোঁ৷ অধৈৰ্য
হৈ পৰিছিলোঁ৷ আনহাতে সাধু অন্ত পৰাৰ পিছতে ছাৰে আমাক সুধিছিল, ‘কি বুজলি, কওচোন ইত্তে?’ বুলি৷
শাস্ত্ৰী ছাৰৰ দৰে ইমান ৰস লগাই সাধু ক’ব জনা দ্বিতীয় এজন ব্যক্তি, সঁচা
কথা ক’বলৈ গ’লে মই মোৰ জীৱন-বাটত আজিও লগ
পোৱা নাই৷ আমাৰ সমসাময়িক ল’ৰা-ছোৱালীবোৰৰ স্মৃতিপটত আন নহ’লেও সাধুকথাৰ বাবেই শাস্ত্ৰী
ছাৰ অমৰ হৈ থাকিব৷
No comments:
Post a Comment