ভগ্নাৱশেষৰ কাৰিকৰ
ইঞ্জিনিয়াৰসকল নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ব্যক্তি৷
এই লোকসকলৰ কৰ্মকুশলতাৰ উদাহৰণ ইতিহাসৰ পাতে পাতে৷ তাৰ উল্লেখ নকৰিলেও হয়৷ অভিযন্তা
কুলশিৰোমণি লিওনাৰ্ড’ ডা-ভিন্সিৰ পৰা আৰম্ভ কৰি কতজন
প্ৰযুক্তিকুশলীৰ যাদুকৰী স্পৰ্শত মানুহৰ সভ্যতা আহি আহি আজিৰ সময়খিনিত উপনীত হৈছেহি৷
ওপৰলৈকে চাওঁ বা তললৈকে চাওঁ, পূব-পশ্চিম-উত্তৰ-দক্ষিণ, সোঁ-বাওঁ যিফালেই নাচাওঁ কিয়,
যুগজয়ী এই সৰ্বজনশ্ৰদ্ধেয় কাৰিকৰসকলৰ মংগলকামী অৱদানেৰেই মানুহৰ জীৱন পৰিপূৰ্ণ নহয়জানো?
বিপৰীতে আমাৰ আজিৰ এচাম ইঞ্জিনিয়াৰৰ দিশে যদি দৃষ্টিপাত
কৰোঁ, দুখবোধে মনটোক আৱৰি ধৰে৷
বাকীবোৰ বাদ দি নিজৰ অঞ্চলটোলৈকে চাওঁ৷
‘বৰষুণ এজাক দিলেই সেই পথছোৱাৰ ওপৰত কিয় পানী জমে?
সেই পথটোৰ কামখিনি মাজতে অকণমান কিয় ৰৈ যায়? সেই খুঁটাটোৰ বা বেৰখনৰ প্লাষ্টাৰ হাতেৰে
মোহাৰি দিলেই কিয় সৰি পৰে? সেই স্পীড ব্ৰেকাৰকেইটা কিয় ইমান ওখকৈ দিয়া হ’ল? বছৰ পাৰ নৌহওঁতেই ৰাস্তাটো
বখলা-বখল হ’ল কিয়? দলংখনত উঠোঁতে আৰু নামোঁতে
কিয় ইমান ঠেকেচা খাব লগা হয়?’ ...দৈনন্দিন জীৱনত সাধাৰণ মানুহৰ মুখত শুনা প্ৰশ্ন এইবোৰ৷ প্ৰশ্ন
আৰু অনেক আছে৷ উত্তৰ কাৰ পৰা আশা কৰা হয়? নিশ্চয়কৈ ইঞ্জিনিয়াৰৰ পৰা, নহয় জানো?
আকৌ এবাৰ নিজৰ চৌপাশলৈকে চাওঁ৷ খবৰ পাওঁ, ৰাস্তা
এটাৰ কোনখিনিত কালভাৰ্ট হ’ব, ক’ৰ পৰা ক’লৈ ড্ৰেইন লাগিব সেইবোৰ এতিয়া
ইঞ্জিনিয়াৰৰ মতে চূড়ান্ত কৰা নহয়৷ সিদ্ধান্তটো দিয়ে ক্ষমতাত অধিষ্ঠিত ৰাজনীতিকে, যাৰ
ইঞ্জিনিয়াৰিঙৰ ইটোও নাই৷ কামটো কাৰ নামত দিব সেয়া নিৰ্দিষ্ট কৰাজনো সেই একেজনেই৷ তেওঁৰ
ছত্ৰছাঁয়াত, ঘৰত আনকি টুকুৰি এটাও নথকা অনভিজ্ঞ অঙহী-বঙহীবোৰ হয়গৈ ক্লাছ ৱান-এ’ কনট্ৰেক্টৰ আৰু কামটোও পায়৷
আবণ্টিত কাম উঠোৱাৰ দায়িত্বটো বেলেগক অৰ্পণ কৰা হয় যাক কোৱা হয় ঠিকাদাৰ৷ ঠিকাদাৰৰ মহৰীয়েই
মেইন মানুহ৷ কাম-কাজৰ তদাৰক কৰা তেৱেঁইহে এক কথাত ক’বলৈ গ’লে ‘ইঞ্জিনিয়াৰ’৷ অভিজ্ঞতাত ভেজা দি তেওঁ নানা কথা ডাঠি কৈ দিব পাৰে৷ তেওঁ ইঞ্জিনিয়াৰিং
ড্ৰয়িং আদিও পঢ়িব জানে৷ আনহাতে শিক্ষানুষ্ঠানত কেইবা বছৰো থিয়ৰি পঢ়ি, প্ৰেকটিকেল কৰি
ডিপ্ল’মা-ডিগ্ৰীৰে গধুৰ হৈ আহিলেও বহু
ইঞ্জিনিয়াৰে এনে মহৰীক সমীহ কৰি চলে বুলিও কথা এটা শুনা যায়৷ এনে মহৰী আৰু ঠিকাদাৰৰ
জোঁটবন্ধনে ইঞ্জিনিয়াৰৰ ড্ৰয়িং, ডিজাইন, স্পেচিফিকেচন, কোৱালিটি কন্ট্ৰলক বৃদ্ধাংগুষ্ঠ
দেখুৱাই নিৰ্মাণ স্থলীত ফাউণ্ডেচনৰ গভীৰতা কমাব পাৰে, কোনোবাটো খুঁটাক অদৰকাৰী বুলি
একে আষাৰে কৈ দিব পাৰে, ৰডৰ সংখ্যা আৰু ব্যাস মন গ’লেই কমাব পাৰে, বালি-শিল-চিমেণ্ট মিশ্ৰণৰ হিচাপৰ
লৰচৰ কৰিব পাৰে, এষ্টিমেট বৃদ্ধি কৰোৱাব পাৰে, আৰু ঢেৰ কিবাকিবি৷ আনকি ইঞ্জিনিয়াৰক
পৰিদৰ্শনৰ নামত কৰ্মস্থলীলৈ নাহি ঘৰতে আৰামত থাকি দৰমহা ল’ব পৰাও কৰি দিব পাৰে৷ তদনুৰূপ
মধুৰ সম্পৰ্কই ইঞ্জিনিয়াৰক আন আন প্ৰকাৰেও লাভান্বিত কৰি তোলে৷ হাততে পোৱা আল্লাউদ্দিনৰ
চাকিগচিৰে তেতিয়া ইঞ্জিনিয়াৰে পৰিবাৰৰ, ল’ৰা-ছোৱালীৰ এনে কিছুমান আকাংক্ষা ঘপকৈ পূৰাব পাৰে যিবোৰ
দৰমহাৰ টকাকেইটাৰে জীৱন কালত সম্ভৱেই নহ’লহেঁতেন!
তেতিয়া হ’লে ইঞ্জিনিয়াৰৰ থাকিল কি কাম? কাগজ ঠিকঠাক ৰাখি ফাইলত
চহী মৰাটো৷ এনেকুৱা চহী মৰা মানুহ কিছুমানৰ কাৰণেই চৌপাশৰ অৱস্থা দেখিলেই
আজি শোক উথলি উঠে৷ বাট-পথৰ ৰূপ শোচনীয়, দলঙৰ অৱস্থা নাই, চৰকাৰী ঘৰ নিম্নমানৰ৷
এনে চহীয়ে ইঞ্জিনিয়াৰক বহুতো কিবাকিবি দি যায় ঠিকেই৷
বিপৰীতে, সমাজৰ চকুৰ আগত সোনকালেই থিয় কৰায় কিছুমান ভগ্নাৱশেষ, যিবোৰৰ কাৰিকৰ তেওঁলোক
নিজেই৷
No comments:
Post a Comment