গৰমৰ বন্ধ খোলাৰ দিনা...
গৰমৰ বন্ধ খোলাৰ দিনটোত কেনে লাগে, ছাত্ৰ জীৱনৰ
সেই অনুভূতিয়ে বিদ্যালয় গৰকি অহা প্ৰত্যেকৰে হৃদয়ত, মই ভাবোঁ, নিশ্চয়কৈ দাগ কাটি থৈছে৷
প্ৰাথমিক বিদ্যালয়ৰ কথাকে ধৰক৷ এমহীয়া গৰমৰ বন্ধটো আৰামত কটোৱাৰ পিছত স্কুললৈ
যোৱা কামটো আৰম্ভ কৰিবলৈ লওঁতে প্ৰথমতে থেৰো-গেঁৰোজাতীয় ভাব এটাই ক্রিয়া নকৰিছিলনে বাৰু?
মিছা নকওঁ, মোৰ হ’লে কৰিছিল দেই৷ সহপাঠীবিলাকক
লগ পোৱাৰ ছবিখন কল্পনা কৰিহে সেই ভাবটোক দমন কৰা হৈছিল৷ মনলৈ তেনেকৈয়ে উৎসাহ পুনৰায়
আহিছিল৷
আমি পঢ়া ডিফু টাউন প্ৰাইমেৰী বিদ্যালয়খন আমাৰ ঘৰৰ
ওচৰতে৷ এক দৌৰ মাৰিলেই পাওঁ৷ স্কুলৰ আগেৰে সদায় আহ-যাহ চলি থাকে, গতিকে দেখিয়েই থাকোঁ৷
স্কুলৰ সন্মুখৰ ফিল্ড বোলা নাতিবৃহৎ ঠাইখিনিতে প্ৰতিনিয়ত আমি সমনীয়া, ডাঙৰ-সৰু সকলোৱে
মিলি ফুটবলৰ পিছত দৌৰিয়েই থাকোঁ৷ গতিকে বহুদিনৰ মূৰত অহা দূৰৰ ছাত্ৰবোৰৰ দৰে বাহ্যিক
পৰিৱেশটো একো আচহুৱা আচহুৱা যেন নালাগিছিল৷ তথাপি গৰমৰ বন্ধ খোলা বুলি ক’লে কথাটো অলপ বেলেগ হয়েই৷ ইয়াৰ
কাৰণ ইমানদিনে এৰ খাই থকা শিক্ষা গ্ৰহণৰ পৰিৱেশটো, বিশেষকৈ দিনটোৰ কাৰ্যসূচীৰ পৰিৱৰ্তন
বুলিব পাৰি৷ আনহাতে সেই কালত সময়ানুৱৰ্তিতাৰ কথা ওলালেই বন্ধৰ আগৰছোৱাৰ দৰেই ৰেডিঅ’ৰ ভূমিকা আকৌ আহি পৰে৷ ডিব্ৰুগড়
চেণ্টাৰৰ পুৱা চাৰে আঠ বজাৰ গীতাঞ্জলি অনুষ্ঠানটো আৰু তাৰ সমাপ্তিত প্ৰচাৰিত আঞ্চলিক
বাতৰিয়ে আছিল আমাৰ সময় নিৰূপক৷ সেই সকীয়নিকে সাৰোগত কৰি আমি পুৱাৰ ঘৰুৱা পঢ়া সামৰোঁ,
ৰুটিনখন চাই কিতাপ-বহী বাছোঁ, কলমত চিয়াঁহী ভৰাওঁ, পেন্সিল জোঙালোঁ, গা-পা ধুওঁ, নীলা
পেণ্ট বগা চাৰ্ট পিন্ধো, ভাত খাওঁ, লগৰীয়াক চিঞৰোঁ, মাক মাত এষাৰ দি স্কুললৈ ওলাই যাওঁ৷
পানী খোৱা ছুটীত আকৌ দৌৰ মাৰি এপাক ঘৰলৈ আহোঁ, এনেয়ে৷ স্কুলৰ সন্মুখত বা পিছফালে পানী-পচাত
মাটিত ঘৰ আঁকি মাৰ্বলৰ সলনি কৰবী গুটিৰেই খেলোঁ, কৰবী ফুলৰ ঠাৰিত মুখখন লগাই কিবা এটা
চুহি খাওঁ, আঁহতজোপাৰ ফাঁকত দেখা দিয়া কেকোসাপ চাওঁ, ডনবস্ক’ স্কুলৰ বাছখন অহা দেখিলে ল’ৰা-ছোৱালীবোৰক বাই বাই দিওঁ,
গছৰ তলত গোলাকাৰ হৈ নেওঁতা পঢ়োঁ, জমা-খৰছৰ অংক কৰোঁ৷
এনেকৈয়ে আকৌ আৰম্ভ হৈ যায় আমাৰ শৈক্ষিক দৈনন্দিন, গৰমৰ
বন্ধ খোলাৰ দিনাৰে পৰাই৷
No comments:
Post a Comment