অন্য এক গুৱাহাটী ... এটা সপোনৰ সমাধি
এইটো ঠিক যে কৃত্ৰিম বান সম্প্ৰতি গুৱাহাটীৰ আৰ্থ-সামাজিক সমস্যা হিচাপে চিহ্নিত হৈছে৷ মাত্ৰ দহ মিনিটৰ বৰষুণতে মহানগৰীখনৰ অৱস্থা কেনে শোচনীয় হৈ পৰে সেয়া আমি দেখি আহিছোঁ৷ বিজয়া চক্রৱৰ্তী ডাঙৰীয়ানীয়ে এবাৰ এইদৰে কোৱা মোৰ মনত আছে... ‘গুৱাহাটীৰ কৃত্ৰিম বানপানী ডেৰ বছৰত নাইকিয়া কৰি দিব পাৰোঁ৷' কেনেকৈ অৱশ্যে নাজানিলোঁ৷ কেতিয়াৰ পৰা আৰম্ভণি সেয়াও গম নাপাওঁ৷ এতিয়া মাথো গম পাইছোঁ যে ৰাজ্য চৰকাৰে দুবছৰৰ ভিতৰত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাবলৈ লক্ষ্য বান্ধিছে৷ তিনি স্তৰীয় প্ৰকল্প ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি.এম.ডি.এ.)ক৷ এই সংক্রান্তত যথোচিত পদক্ষেপ বহুত আগতেই লোৱা উচিত আছিল৷ অনেক সময়, সম্পদ, শব্দ তথা শক্তি বিনষ্ট হোৱাৰ পিছত এতিয়াহে এই বান প্ৰতিৰোধী কাৰ্যটোক এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা হ’ল৷ সি যি কি নহওক, এনে শুভবুদ্ধি উদয় হোৱাটো উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীখনৰ ভৱিষ্যতৰ স্বাৰ্থত নিঃসন্দেহে এক স্বস্তিদায়ক খবৰ৷
প্ৰকৃতি ধ্বংস, জন বিস্ফোৰণ, অপৰিকল্পিত নিৰ্মাণ কাৰ্য আদিকেই সমস্যাটোৰ কাৰণ হিচাপে ঠাৱৰ কৰি অহা হৈছে৷ পাহাৰৰ ভাৰসাম্য ৰক্ষা কৰা, বোঁৱতী পানী যাবৰ বাবে নলা-নৰ্দমাৰ সুব্যৱস্থা কৰা, জলাশয়সমূহ বেদখলমুক্ত কৰা, বিলসমূহৰ খনন কাৰ্য আদিৰ জৰিয়তে বানপানী নাইকিয়া কৰাৰ চিন্তা কৰা হৈছে৷
গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকোপ বেছিকৈ দেখা যায় অনিল নগৰ, নবীন নগৰ, জু ৰ’ড ইত্যাদি অঞ্চলসমূহত৷ দীৰ্ঘদিন ধৰি এনেদৰে বানৰ কবলত পৰি অতিষ্ঠ হৈ কোনো কোনোৱে অন্য অঞ্চলত ঘৰ লৈছেগৈ বুলিও শুনিছোঁ৷ মাটি-ভেটি বিক্রী কৰি দিছে যদিও নাজানো৷ বিপৰীতে, এক যোগাত্মক দৃষ্টিভংগীৰে চাই, মহানগৰীৰ এই অঞ্চলকেইটাক কেন্দ্ৰ কৰি ‘অন্য এক গুৱাহাটী’ গঢ়িব পৰা যায় বুলি মই ভাবি আহিছিলোঁ৷ এনে ভাবনাৰ ভেটি আছিল মোৰ বেংকক ভ্ৰমণ৷ অৱশ্যে তাৰ বাবে কেৱল বাৰিষাই নহয়, বছৰৰ সৰ্বসময়তে অঞ্চলসমূহ নিশ্চয়কৈ জলমগ্ন হৈ থাকিব লাগিব৷ তাৰ বাবে জলপথ খান্দিব লাগিব আৰু ব্ৰহ্মপুত্ৰৰ পানী ভৰলুৱেদি সুমুৱাইহে দিব লাগিব৷ ঘৰবিলাক থাকিব লাগিব জলস্তৰতকৈ অধিক উচ্চতাত৷ পৰিবহণ হিচাপে নাও, পানীৰিক্সা ইত্যাদি৷ বজাৰ-সমাৰৰ বাবে ফ্ল’টিং মাৰ্কেট, ফ্ল’টিং ৰেষ্টুৰেণ্টকে ধৰি অন্যান্য প্ৰয়োজনীয় সা-সুবিধাসমূহ থাকিব৷ গুৱাহাটীৰ এই অঞ্চলকেইটাক সামৰি পৰ্যটকক আকৰ্ষণ কৰিব পৰা এখন পৰিষ্কাৰ-পৰিচ্ছন্ন, অনন্য ফ্ল’টিং চিটিৰ মাজে মাজে মই সপোন দেখোঁ, বিশেষকৈ যিদিনাই বৰষুণ পৰে৷
এতিয়া জি.এম.ডি.এ.ই বান সমস্যা সমাধানৰ দায়িত্ব মূৰ পাতি লোৱাৰ লগে লগে মোৰো এই সপোন ভাগি চূৰমাৰ হ’ল৷

No comments:
Post a Comment