Friday, 8 August 2014

আজি মোৰ আলহী মিষ্টাৰ ডাৰ্থাংলই ফাইহ্‌ৰিয়েম৷ মাৰ জনগোষ্ঠীৰ এই সংস্কৃতিৱান মানুহজনক আমি সৰুৰে পৰাই পাই আহিছোঁ৷ অসম চৰকাৰৰ পশুপালন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী (Assistant Farm Manager) যদিও নিজৰ ভাষাৰে তেখেত Retired but not tired ৷ এই ব্যক্তিগৰাকীৰ Sikpui Ruoi (Winter festival of the Hmars) নামৰ কিতাপ এখন ছপা কৰাৰ সৌভাগ্য হৈছিল বিগত ২০০২চনতে৷ Hmar Upa Tawng Inchukna (How to learn Hmar poetical language) নামৰ বৃহৎ কলেৱৰৰ আন এখন গ্ৰন্থৰ কামো কেতিয়াবাই অৰ্পণ কৰি থৈছে৷

আচৰিত কথা যে আমাৰ দুয়োৰে পাৰস্পৰিক সম্বোধনটো হৈছে খুত্তে৷ বয়সত অনেক জ্যেষ্ঠ যদিও হাইস্কুলীয়া দিনৰে পৰাই এইটো চলি আহিছে৷ খুত্তেক আজি অকবৰ পাঠকৰ আগলৈ উলিয়াই দিয়াৰ পৃষ্ঠপটত আৰু অকণমান কোৱাৰ প্ৰয়োজন আছে৷ পৰৱৰ্তী দুটা শনিবাৰৰ মোৰ আলহীৰ বাবে সাজু হৈ থকা দুটা লেখাৰ ক্ষেত্ৰতো লেখক দুজনৰ নাম আৰু পৰিচয়ৰ বাহিৰে এই একেখিনি কথাই প্ৰযোজ্য হব৷ গতিকে পুনৰুল্লেখ নকৰিম৷

২০১০চনত বৰ্হমথুৰি নামে বিহু আলোচনী এখন সম্পাদনা কৰিব লগা হৈছিল, একান্ত অনিচ্ছা সত্ত্বেও৷ গতানুগতিকতাৰ পৰা ফালৰি কাটি তেতিয়া চিন্তা কৰিছিলোঁ আমাৰ ওচৰৰ এনে কেইটামান জনগোষ্ঠীৰ উৎসৱ সম্পৰ্কে লেখা অন্তৰ্ভুক্ত কৰিম, যিসকল সদায় একেলগে উঠা-বহা কৰিও বিহু আলোচনী, স্মৰণিকা আদিত একেবাৰে উপেক্ষিত৷ তেনে মনোভাবেৰে ওচৰ চাপিছিলোঁ আমাৰ চুবুৰীয়া খুত্তেৰ কাষ৷ তেখেতসকলৰ উৎসৱ বিষয়ক লেখা এটা প্ৰস্তুত কৰি দিবলৈ অনুৰোধ জনাইছিলোঁ৷ মোৰ অনুৰোধ আন্তৰিকতাৰে ৰক্ষা কৰি তেখেতে ইংৰাজী ভাষাত লিখি দিছিল৷ সময়ত নিজেই ভাষান্তৰ কৰি বৰ্হমথুৰিত স্থান দিছিলোঁ৷ অকবৰ ৱালত আজি সেই লেখাটোকে আগ বঢ়াইছোঁ




মাৰ জনগোষ্ঠীৰ আনন্দ উৎসৱ 
চিক্‌পুই ৰ

চিক্‌পুই ৰই (Sikpui Ruoi) মাৰসকলৰ শীতকালীন উৎসৱ৷ চিক্‌পুইৰ অৰ্থ হৈছে শীত, ৰ অৰ্থ আনন্দোৎসৱ৷ অষ্টম শতিকাত থাইলেণ্ডত বসতি কৰাৰ দিন ধৰি মাৰসকলে চিক্‌পুই ৰই উদ্‌যাপন কৰি আহিছে৷ উৎসৱৰ গীত-মাতত ইয়াৰ উল্লেখ পোৱা যায়৷ ইন্‌ৰেম্‌না ৰ (Inremna Ruoi) বুলিও এই উৎসৱ জনাজাত৷ বহল অৰ্থত এয়া হৈছে শান্তিৰ সমাৰোহ৷

প্ৰধানতঃ শীত ঋতুৰ মধ্যভাগত উদ্‌যাপন কৰা হয় যদিও বাৰ্ষিক কৃষি-কৰ্মৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে সমাৰোহৰ দিন-বাৰ থিৰাং কৰা হয়৷ অতীজত চিক্‌পুই ৰই বছৰি বছৰি পালন কৰা নহৈছিল৷ ফাপাং-ৰেলিন্‌চান্‌ (Fapang-ralinsan) অৰ্থাৎ একাদিক্রমে দুবছৰ ধৰি ভাল খেতি-বাতি হলেহে ইয়াৰ আয়োজন কৰা হৈছিল৷ আজিকালি অৱশ্যে প্ৰত্যেক বছৰে ডিচেম্বৰ মাহৰ ৫তাৰিখে ইয়াক পালন কৰা হয়৷ শীতৰ এই সময়ছোৱাত মাৰসকলৰ মনবোৰ শান্তি-সম্প্ৰীতি, আনন্দ-উল্লাসৰ ভাবে আৱৰি ৰাখে৷ সকলোৱে শৃংখলাবদ্ধতা আৰু ভাতৃত্বপূৰ্ণ ব্যৱহাৰ প্ৰদৰ্শন কৰে৷ ধনী-দুখীয়াৰ প্ৰভেদ নোহোৱা হৈ পৰে৷ আনকি যিসকলৰ উৎসৱত পৰিধান কৰিবলৈ পৰম্পৰাগত সাজ-পোচাকৰ অভাৱ তেওঁলোকৰ বাবে কাপোৰৰ যোগান ধৰে নিজৰ হাতত প্ৰয়োজনতকৈ অধিক পোচাক থকাসকলে৷ যিহেতু এয়া হৈছে শান্তিৰ উৎসৱ সেয়েহে এই উৎসৱৰ কালছোৱাত অস্ত্ৰ-শস্ত্ৰ ধাৰণ কৰাৰ পৰাও মাৰসকল বিৰত থাকে৷

পূৰ্বপুৰুষৰ দিন ধৰি মাৰসকলে শস্যৰ দেৱী ফাপিতেনু (Fapitenu)ক বিশ্বাস কৰি আহিছে৷ শস্যৰ অধিষ্ঠাত্ৰী এই দেৱীক বছৰটোত ভাল কৃষি-কৰ্ম হোৱাৰ অৰ্থে আশীৰ্বাদ ভিক্ষা কৰা হয়৷ দেৱীৰ দান হিচাপে নতুন বছৰত শস্যৰ উৎপাদন যথেষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত বছৰত উৎপাদিত শস্য সমজুৱাভাৱে খাই শেষ কৰিবলৈকে চিক্‌পুই ৰইৰ আয়োজন কৰা হয়৷ মাৰসকলে বিশ্বাস কৰে যে শস্যৰ দেৱী ফাপিতেনুৰ আশীৰ্বাদ অবিহনে কৃষিত সফলতা নাহে৷ তেওঁলোকে আৰু বিশ্বাস কৰে যে শস্যদেৱীৰ কৃপাত উভৈনদী হৈ পৰা খাদ্য-দ্ৰব্য যদিহে কৃষিক্ষেত্ৰতে থকা ভঁৰালত পঁচিবলৈ হয় তেনেহলে তেওঁলোকক পাপে চুব আৰু দেৱীৰ ৰোষত পৰিব লাগিব৷ গতিকে দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যৰে ভোজৰ আয়োজন কৰি সকলো মিলি সেই শস্য খাই শেষ কৰে৷ মাংস এই উৎসৱৰ অন্যতম প্ৰধান উপকৰণ৷ তদুপৰি যথেষ্ট হৈ পৰা শস্যৰ কিছু অংশৰে জু (Zu) অৰ্থাৎ চাউলৰ মদ তৈয়াৰ কৰা হয়৷ পুৰণি শস্য-সম্ভাৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱ পালনৰ সময় ১৫-৩০দিন পৰ্যন্ত হয়৷

চিক্‌পুই ৰই উপলক্ষে গাঁওবাসীয়ে সমভিব্যাহাৰে কৰা এই ভোজন অনুষ্ঠানৰ প্ৰাৰম্ভিক কাম-কাজৰ আৰম্ভণিৰ বাবে পোনতে গাঁৱৰ মুখিয়াল লাল্‌ (Lal)ৰ অনুমতিৰ প্ৰয়োজন৷ অনুমতি পোৱাৰ পাচত মুখ্য পূজাৰীক আইচান্‌ (Aisan) অৰ্থাৎ শুভাশুভ নিৰ্ণয় কৰিবলৈ দিয়া হয়৷ ইয়াৰ বাবে গাঁওবুঢ়াৰ ঘৰৰ সন্মুখৰ দেৱালত এটা ঢোল আঁৰি দিয়া হয়৷ নিশাৰ সময়ছোৱাত যদিহে ঢোলটোৰ পৰা কোনো ধৰণৰ শব্দ নোলায় বা নহয় তেতিয়া ধৰি লোৱা হয় যে চিক্‌পুই ৰই আয়োজনৰ বাবে সেয়া শুদ্ধ সময়৷ তাৰ পাচত গাঁওবুঢ়াকে ধৰি বুঢ়া-মেথাসকলে উৎসৱৰ যা-যোগাৰ কৰাত লাগে৷ উৎসৱ আয়োজনৰ কথা ঘৰে ঘৰে জনাবৰ কাৰণে দুহাল পুৰুষ-মহিলাক নিয়োগ কৰা হয়৷ তেওঁলোকক লাওম্‌লাইচা (Lawmlaisa) বোলা হয়৷

চিক্‌পুই ৰইৰ প্ৰস্তুতি চলি থকা অৱস্থাত যদি গাঁৱৰ কাৰোবাৰ কিবা কাৰণত মৃত্যু ঘটে বা প্ৰাকৃতিক দুৰ্যোগ হয় নাইবা যুদ্ধ-বিগ্ৰহত অংশ গ্ৰহণ কৰিব লগা হয় তেতিয়া ইয়াৰ কাম সাময়িকভাৱে স্থগিত ৰাখি পাচত সুবিধা অনুযায়ী আয়োজন কৰা হয়৷

গাঁৱৰ মাজত থকা সমতলীয় মুক্তাংগনকে সমাৰোহৰ স্থান হিচাপে নিৰ্বাচন কৰা হয়৷ যদি কিবা কাৰণত উপযুক্ত ঠাইৰ অভাৱ হয় তেতিয়া হলে সুবিধাজনক ঠাই বিচাৰি তাক সমান কৰি লোৱা হয়৷ শিলৰ শ্লেটেৰে ঠাইখিনি আৱৰি পেলোৱা হয়৷ ঠাইখিনিৰ মাজত প্ৰায় সাত ফুট দৈৰ্ঘ্য-প্ৰস্থৰ এটা ডাঙৰ শিল ৰখা হয়৷ ইয়াক জাওল্‌লুংডাৱ্‌হ (Zawllungdawh) বোলে৷ শিলৰ ওচৰত বাঁহেৰে এটা মঞ্চও সজা হয়৷ ইয়াক মিংথ্‌লিৰ (Hmingthlir) বোলে৷ গাঁৱৰ বয়োজ্যেষ্ঠসকলে এই মঞ্চত উপৱিষ্ট হৈ চিক্‌পুই ৰইৰ গীত পৰিৱেশন কৰে৷ ঢোল আৰু কাঁহ বজায়৷ মঞ্চৰ খুঁটা এটাতে বাঁহৰ খাং এটা ওলোমাই থয়৷ মঞ্চত গীত-নৃত্য-বাদ্য পৰিৱেশন কৰা শিল্পীসকলৰ কাৰণে ইয়াত জু ৰখা হয়৷ মঞ্চৰ খুঁটাৰ সৈতে সমান্তৰালভাৱে বাঁহ এডালো জোঁটি থোৱা থাকে৷ এডাল জৰী ইয়াত মেৰিয়াই ৰাখে৷ উৎসৱলৈ আহি অধিক জু পান কৰি ব্যাঘাত জন্মোৱা লোকক ইয়াত বান্ধি ৰখা হয়৷

চিক্‌পুই ৰই উৎসৱত মাৰসকলে দাৰ্‌টে লাম্‌ (Durte Lam), লাম্‌তলং লাম্‌ (Lemtluong Lam), কেটেত্‌ লাম্‌ (Ketet Lam), আন্‌ৰান্‌লাই লাম্‌ (Anranlai Lam), থুলাউৰান্‌ লাম্‌ (Thlawran Lam), চিম্‌কাক্‌ লাম্‌ (Simsak Lam), টিনা লাম্‌ (Tina Lam) ইত্যাদি নৃত্য আৰু চিক্‌পুই গীত পৰিৱেশন কৰে৷ প্ৰত্যেকে পৰম্পৰাগত সাজ-পাৰ পিন্ধে৷ নৰ্তকসকলে কাপোৰ পৰিধান কৰাৰ উপৰি মূৰত টওন্‌লাইৰেং (Tawnlairang), চওন্‌চেন্‌ (Sawnsen), ভাকুল্‌চাং (Vakulchang), ভাপুঅল্‌চাং (Vapuolchang) (ধনেশ আৰু ভীমৰাজৰ চৰাইৰ পাখি, ছাগলীৰ নোম আদিৰে সুশোভিত পাগুৰি) আদিৰে সজ্জিত হয়৷ নৰ্তকীসকলে ৰংচঙীয়া পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰে৷ তেওঁলোকে পিন্ধা সাজ-পাৰক চেন্‌ফেন্‌ (Senfen) বোলে৷ কাণত ৰূপৰ ডাঙৰ কাণফুলি পিন্ধে যাক হাওল্‌ৰাওল্‌ (Hawlrawl) বুলি কোৱা হয়৷ ফুল আৰু সূতাৰে সুশোভিত কৰ্ণালংকাৰৰ উপৰি হাতত তামৰ খাৰু হাৰবান (Harban) আৰু ৰূপৰ বালা চাওফেং (Chaupheng) পিন্ধে৷ কোনো কোনোৱে হাতী দাঁতেৰে তৈয়াৰী খাৰু বুন্‌চাই (Bunsai) পৰিধান কৰে৷ ডিঙিত নেক্‌লেচ্‌ পিন্ধে, যাক কোৱা হয় পুম্‌হ্ৰীল (Pumhril), থ্‌লুকফাম্‌ (Thlukfam), থেইবংহ্ৰই (Theibuonghrui), ৰউংথেই (Ruongthei)৷ প্ৰতি দিনে পুৱা পোহৰে ভুমুকি মৰাৰ পৰা আৰম্ভ কৰি দিনান্তত অন্ধকাৰে আৱৰি ধৰালৈকে চিক্‌পুই ৰইৰ নাচ-গান চলি থাকে৷ আনহাতে যেতিয়া তেওঁলোকে অনুভৱ কৰে যে উৎসৱৰ ইতিমধ্যে আধা দিন শেষ হৈছে তেতিয়া আগতকৈ উদ্দাম গতিত একেৰাহে দিন-ৰাতিয়ে নাচ-গান কৰে৷ এই নাচক লাম্‌ লাইটান্‌ (Lam Laitan) বোলা হয়৷ উৎসৱৰ অন্তিম দুদিন একেৰাহে নাচিব ধৰে৷ এই দুদিনৰ নাচক কোৱা হয় চিক্‌পুই জাওল্‌চক লাম্‌ (Sikpui Zawlsuok Lam)৷ অন্তিম দিনৰ বিয়লি বেলা বিদায়ী নৃত্য কৰে৷ ইয়াক বোলা হয় টিনা লাম্‌ (Tina Lam)৷ ইয়াৰ পাচত মহিলা আৰু যুৱক-যুৱতীসকলে নৃত্যস্থলী এৰি যায়গৈ৷ বৃদ্ধ বা বয়সস্থসকলে বিদায়ৰ গীত গায়৷ এই গীতবোৰক চিক্‌পুই জাওল্‌ ইন্‌টিনা লাচাৰ (Sikpui Zawl Intina Hlasar) বুলি কোৱা হয়৷

এনেকৈয়ে মাৰসকলৰ আনন্দোৎসৱৰ যৱনিকা পৰে৷


(মূল ইংৰাজীৰ পৰা ভাষান্তৰকৃত৷ 
মূল লেখক মিষ্টাৰ ডাৰ্থাংলই ফাইহ্‌ৰিয়েম, দূৰভাষ নং ৯৪৩৫৪০০৯৩৫)

No comments:

Post a Comment