‘আজিৰ আলহী’ মিষ্টাৰ
এল. আপাঅ’ থাদ’ আমাৰ
পিছফালৰ পাহাৰখনত অৱস্থিত থাদ’ ভেঙৰ
বাসিন্দা, মোৰ এজন বন্ধুস্থানীয় লোক৷ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ চাকৰিয়াল আপাঅ’ৰ এই লেখাটি ‘অকব’ৰ পাঠকলৈ আগ বঢ়ালোঁ৷
থাদ’ জনজাতিৰ লোক-উৎসৱৰ চিনাকি
বিভিন্ন জনগোষ্ঠীৰ আৱাসভূমি কাৰবি আংলং৷ থাদ’সকলো ইয়াৰ বাসিন্দাসকলৰ ভিতৰত
অন্যতম৷ বছৰৰ বিভিন্ন সময়ত থাদ’সকলে পৰম্পৰা ৰক্ষাৰ্থে নানানটা উৎসৱ-অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷ সেইবোৰৰ
ভিতৰত ‘চাৱাং কুট্’ (Chavang Kut) সৰ্বাধিক জনপ্ৰিয়৷
চাৱাং কুট্ দৰাচলতে শাৰদীয় অনুষ্ঠান৷ অৰ্থৰ দিশেৰে চাবলৈ গ’লে ‘চাৱাং’ শব্দৰ অৰ্থ শৰৎ; ‘কুট্’ শব্দৰ অৰ্থ ভোজ, মহোৎসৱ, বিহুৰ
সমধৰ্মী পৰ্ব৷ খেতি চপোৱাৰ অন্তত হোৱা মনৰ স্বাভাৱিক আনন্দ-উল্লাসৰ প্ৰতিফলন ঘটে এই
উৎসৱত৷ ইয়াক ‘ন-খোৱা ভোজ’ (Harvesting Festival) বুলিও
কোনো কোনোৱে মন্তব্য কৰে৷ ক্ষুধা আৰু অনাহাৰক জয় কৰাটোতেই অন্তৰ্নিহিত হৈ আছে ইয়াৰ
তাৎপৰ্য৷
কুকি-চিন পৰিয়ালৰ অন্তৰ্গত সকলো জনজাতিয়েই ভিন্ন
ভিন্ন নামে নিজাববীয়াকৈ এনে সাংস্কৃতিক উৎসৱ পালন কৰে৷ মিজোসকলৰ ‘চাপ্চাৰ কুট্’ (Chapchar Kut)ৰ সৈতে বা মাৰসকলৰ
‘চিকপুই ৰ’ই’ (Sikpui Ruoi)ৰ সৈতে থাদ’সকলৰ চাৱাং কুটৰ সাদৃশ্য দেখিবলৈ পোৱা যায়৷ ১৬০০-১৬৭০খ্ৰীষ্টাব্দলৈ
ব্ৰহ্মদেশ (বৰ্তমান ম্যানমাৰ)ৰ টিদ্দিম অঞ্চলত বসতি কৰাৰ দিন ধৰি তেওঁলোকৰ মুখে মুখে
প্ৰচলিত হৈ অহা লোক-কাহিনীসমূহত উল্লেখ আছে যে ব্ৰহ্মদেশত থকা দিনতেই এই উৎসৱৰ সূচনা
হৈছিল৷ থাদ’ প্ৰব্ৰজনৰ ইতিহাস অধ্যয়ন কৰিলে
এই কথা স্পষ্ট হৈ পৰে৷
থাদ’সকলৰ চাৱাং কুট্ উৎসৱ প্ৰত্যেক বছৰৰ নবেম্বৰ মাহৰ আগলি
ভাগতে উদ্যাপন কৰা হয়৷ জানুৱাৰী মাহত অন্য এটা উৎসৱ ‘মিম কুট্’ (Mim Kut) পালন কৰে৷ শেহতীয়া
ফচলসমূহ সামৰা শেষ হ’লে ইয়াক পালন কৰা হয়৷ অতীজতে
চাৱাং কুট্ তিনিদিনীয়াকৈ পালন কৰিছিল৷ উৎসৱৰ প্ৰথম দিনটো শিশুসকলৰ বাবে, দ্বিতীয় দিনা
যুৱক-যুৱতীসকলে আৰু তৃতীয় দিনা সকলোৱে মিলি উদ্যাপন কৰে৷ শেহৰ এই দিনটোৰ বাবে গাঁওবাসী
থাদ’সকলে চাউলৰ পৰা তৈয়াৰ কৰা মদ
‘আনথম’ (Anthom) প্ৰস্তুত কৰি সমজুৱা
ভোজৰ থলীলৈ লৈ আহে৷ পৰম্পৰাগত নাচ-গান, খেলধেমালি, মুষ্টিযোদ্ধ ইত্যাদিৰ প্ৰতিযোগিতা
পতাৰ লগতে সংস্কৃতি প্ৰদৰ্শন কৰা হয়৷ উৎসৱৰ সময়ত সাধাৰণতে গাঁৱৰ মানুহ বাহিৰলৈ নাযায়,
বাহিৰা মানুহো গাঁৱত প্ৰৱেশ কৰাত বাধা থাকে৷ এই সময়ত শাৰীৰিক কাম-কাজ প্ৰায় বন্ধ থাকে৷
চাৱাং কুটৰ উপৰি থাদ’ জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন অনেক
লোক-নৃত্যৰে সমৃদ্ধ৷ তাৰ ভিতৰত উল্লেখনীয় নৃত্যসমূহ হ’ল ‘খুলক’ন্ লাম্’ (Khulcon Lam), ‘ৱাক’ল লাম্ক্স (Vakol Lam), ‘চুহ-টা-লাম্’ (Suh-Ta-Lam), ‘ছাগল্ কেং খাই’ (Sagal Keng Khai), ‘জাংছা লাম্’ (Jangsa Lam) ইত্যাদি৷ থাদ’-কুকিসকলে বিশ্বাস কৰে যে ৰজা
‘নইমাংপা’ (Noimangpa)ৰ শাসন কালত তেওঁলোকে
‘খুল’ (Khul) উপত্যকাত বসতি কৰিছিল৷
তাৰ পৰা প্ৰব্ৰজিত হৈ অহাৰ পথত অসংখ্য বন্যজন্তু আৰু মানুহৰ সৈতে যুদ্ধ-বিগ্ৰহত লিপ্ত
হ’ব লগা হৈছিল৷ খুলক’ন্ লাম্ নৃত্য হৈছে তেওঁলোকৰ
প্ৰব্ৰজনৰ অগ্ৰগতিৰ এক প্ৰতীকী নৃত্য৷ আনহাতে থাদ’সকলৰ ভাষাত ৱাক’ল (Vakol) হৈছে বৃহৎ ঠোঁটযুক্ত এবিধ পক্ষী৷ এই
চৰাইটোৰ নৃত্য ভংগীমাক ভিত্তি কৰিয়ে ৱাক’ল্ লাম্ প্ৰদৰ্শন কৰা হয়৷ তদুপৰি বৰ্তমান বাঁহ নৃত্য
(Bamboo Dance) বুলি বহুলভাৱে পৰিচিত আৰু জনপ্ৰিয় চুহ-টা-লাম্ দুজন বা চাৰিজন অথবা
ছয়জন মিলি বাদ্যযন্ত্ৰৰ শব্দৰ সৈতে তাল মিলাই কৰা নৃত্য৷ ছাগল্ কেংখাই নৃত্য বনৰীয়া
ভালুকৰ পদচালনাক অনুকৰণ কৰি কৰা হয়৷ যিকোনো আনন্দ উৎসৱত ইয়াক প্ৰদৰ্শন কৰিব পাৰি৷ তদুপৰি
যিকোনো ডাঙৰ বন্যজন্তু নিধন কৰাৰ পাছত আনন্দ প্ৰকাশৰ উদ্দেশ্যে এই নৃত্য কৰা হয়৷ এই
নাচত অংশ গ্ৰহণ কৰোঁতাৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই৷ জাংছা লাম্ নৃত্যও যিকোনো উৎসৱাদিত
পৰিৱেশন কৰা হয়৷ ইয়াতো নাচোঁতাৰ ধৰাবন্ধা কোনো হিচাপ নাথাকে৷ ইয়াক ৰোমান্টিক নাচ বুলিও
জনা যায়৷
অষ্ট্ৰো-মংগোলীয় সংস্কৃতিৰ ভেটিত গঢ় লৈ উঠা থাদ’সকলৰ জীৱন যাপন পদ্ধতি কৃষিনিৰ্ভৰ
হোৱা হেতুকে তেওঁলোকৰ উৎসৱ-পাৰ্বণবোৰো কৃষিমুখী৷ আৰু সেয়েই বিহুৰ দৰে সমধৰ্মী উৎসৱৰ
পয়োভৰ দেখা যায়৷
(লেখক : এল. আপাঅ’ থাদ’৷ মূল ইংৰাজীৰ পৰা ভাষান্তৰকৃত৷ উৎস : বৰ্হমথুৰি,
২০০৪, পৃষ্ঠা ৪০)
No comments:
Post a Comment