বন্ধুত্ব, আনন্দ, ট্ৰেকিং আৰু এডভেন্সাৰেৰে পূৰ্ণ
দিনলিপিৰ দুখিলা পাত…
(ৰীতাৰ হাতত অতি মৰমেৰে তুলি দিলোঁ)
৷৷১ ৷৷ ১৬জুলাই ২০১৪, বুধবাৰ
২০৬৭ নং উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখনে সিদিনা নিৰ্ধাৰিত সময়তকৈ
কিছু পলমকৈ ডিফু ষ্টেছন এৰিছিল৷ যাত্ৰাটোৰ প্ৰথম লক্ষ্যস্থান আছিল মৰিয়নি৷ মাজত তিনিটা
স্তপেজ... ডিমাপুৰ, বোকাজান, ফৰকাটিং৷ সংগী হিচাপে লগত ‘পাহাৰৰ চিঠি’ৰ লেখক সঞ্জু বৰা৷ আগদিনাখনেই
এটা সিদ্ধান্ত লৈছিলোঁ, ১৬-১৭ৰ দুদিনীয়া কাৰবি আংলং বন্ধত কেতিয়াও নোযোৱা এঠাইলৈ যাম৷
সময়, সুযোগ আৰু সুবিধা পালেই এনেকুৱা কাৰ্যসূচী হাতত লোৱাটো স্বভাৱতে পৰিণত হৈছে৷ সেয়া
যেন হৈ পৰিছে জীৱনৰ অনুপম আনন্দ-সন্ধান৷ উল্লিখিত তিনিওৰে সংমিশ্ৰণত এয়াও তাৰেই পুনৰাবৃত্তি৷
নাম প্ৰশান্ত কুমাৰ বৰা (পঢ়াৰ সুবিধাৰ বাবে এতিয়াৰ
পৰা প্ৰশান্ত বুলি লিখিম, বৰাই বেয়া পাব নালাগে)৷ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মানুহ৷
হ’লেও আমাৰ বাবে ওচৰৰ যেন লগা পৰিচয়টো,
‘অকব’ৰ সদস্য৷ ১২নৱেম্বৰ ২০১৩ৰ পৰাই
অমুকাই এই মঞ্চত উপস্থাপন কৰি অহা ‘অনন্য এক কাহিনী ফুটবলৰ’ চিৰিজটো পঢ়ি হেনো খুব কৌতূহলী
হৈ উঠিছিল তেওঁ৷ কাহিনীৰ নায়ক ‘জাৰ্মানী-পাগল’ পুতুলদাক লগ পোৱাৰ ইচ্ছা৷ নিজ চকুৰে ‘ব্ৰাজিল ১৪’ চোৱাৰ আকাংক্ষা৷ তাৰেই তাগিদাত
৪জুলাই তাৰিখে গুৱাহাটী-ডিমাপুৰ উজনিমুৱা বিজি এক্সপ্ৰেছৰ ৰিজাৰ্ভেচন ডবাত বহি সন্ধিয়ালৈ
ডিফুত পদাৰ্পণ৷ আমাৰ ঘৰত দুদিন থাকি ব্ৰাজিল বিশ্বকাপৰ পুতুলদাৰ চোতালত প্ৰদৰ্শিত ব্ৰাজিল-কলম্বিয়া,
ফ্ৰান্স-জাৰ্মানী, নেদাৰলেণ্ডছ-কষ্টাৰিকা, আৰ্জেণ্টিনা-বেলজিয়ামৰ মাজত অনুষ্ঠিত চাৰিওখন
কোৱাৰ্টাৰ ফাইনেল খেল উপভোগেৰে হৃদয় ফুলাই গ’লহি৷
চাকৰিসূত্ৰে গুৱাহাটীৰ বাসিন্দা যদিও বিদায় লগ্নত
মহানগৰীৰ পৰিৱৰ্তে প্ৰশান্তই কিন্তু আমাক নিমন্ত্ৰণ জনালে তেওঁৰ নিগাজি ঘৰলৈহে৷ তাৰ
অৱশ্যে স্পষ্ট কাৰণ আছে৷ আনহাতে, কালবিলম্ব নকৰি বিশ্বকাপ ২০১৪ৰ সফল পৰিসমাপ্তি দৰ্শন
কৰাৰ পিছদিনাখনেই, মাহজুৰি গাত লম্ভি থকা ‘ফুটবল জ্বৰ’ শাম কটাওঁ বুলি পোনাই দিলোঁ প্ৰশান্তৰ তালৈ, বেলেগ এটা পৰিৱেশলৈ৷ এসপ্তাহৰ
ছুটী লৈ তেওঁ ইফালে সপৰিবাৰে মহানগৰী এৰি মধুপুৰত আছেগৈ বুলি খবৰ আহিছিল৷ সাতে-সোতৰই
মিলি যোৱাত অনতিপলমে ৰিটাৰ্ণ ভিজিট দি দিলোঁ৷ পাতনি ইমানেই৷ পিছৰখিনি সত্য কাহিনী৷
ৰে’লখনে সঠিক সময়তে মৰিয়নিত নমালে আমাক৷ ষ্টেছনত কফি একাপ
লৈ প্ৰথমটো শোহা মাৰোঁতেই পেণ্টৰ পকেটৰ ভিতৰত ‘চাফাৰী ৱৰ্ল্ড’ৰ ৰিংট’নটো সশব্দে বাজি উঠিল৷ উলিয়াই চালোঁ৷ প্ৰশান্তই কৰিছে৷
তেওঁ আমাক নিবলৈ আহিছে৷ ক্ষন্তেক পাছতে ষ্টেছনৰ পিছফালে দেখাদেখি হ’লোঁ৷ কৰমৰ্দন আৰু প্ৰাৰম্ভিক
বাক্য বিনিময়ৰ পিছতে ৰে’ল আলিৰ দাঁতিয়ে দাঁতিয়ে আমি খোজ
ল’লোঁ যোৰহাট-মৰিয়নি ৰ'ডলৈ৷ ক’লা মহিন্দ্ৰ ৰ’ডিঅ’খন চলাই তেওঁ আগে আগে গৈ থাকিল৷
মেইন লাইনৰ লেভেল ক্রচিংটো পাৰ হৈ সুবিধাজনক এঠাইত আমালৈ ৰ’ল৷ আমি সেইখিনি গৈ পালোঁ৷ তেওঁ
পুনৰ আগ বাঢ়িল৷ আমি পিছ ল'লোঁ৷
মৰিয়নিৰ ‘চৌধুৰী হোটেল’ চ’লে-ভাতুৰেৰ বাবে সুবিখ্যাত৷ প্ৰশান্তৰ সাদৰ-নিৰ্দেশ মানি পোনপ্ৰথমে
উক্ত আপ্যায়ন গ্ৰহণ কৰিব লগা হ’ল৷ বাহিৰত ইতিমধ্যে কিনকিনীয়া বৰষুণ আৰম্ভ হৈছিলেই৷ তাৰ মাজেৰেই খৰ
খোজেৰে গৈ দেবেৰাপাৰ চাৰিআলি অভিমুখী টাটা মেজিকত বহিলোঁগৈ সঞ্জু আৰু মই৷ অলপ পিছতে
ইতিহাসপ্ৰসিদ্ধ ধোদৰ আলিয়েদি মেজিক চলিল৷ আগে আগে তিতি-বুৰি গৈ আছে প্ৰশান্ত৷ আগফালে
ব্ৰেকেটত ওলোমাই লোৱা বজাৰ কৰা মোনাটোৰ পৰা বাহিৰ ওলাই থকা লেচেৰা মাহৰ সেউজীয়া আগকেইটা
জোকাৰণিত হালিজালি গৈ আছে৷ আমাৰ আগমনৰ ফলত অন্তৰত জন্ম হোৱা উৎসাহৰ প্ৰবলতাই বৰষুণজাকক
যেন হেলাৰঙে পৰাভূত কৰিছে! গতি-গোত্ৰ পৰ্যবেক্ষণ কৰি তেনে যেনেই লাগিল৷
দিচৈ তিনিআলিত আমি নামিলোঁ৷ চকুৰ আগত মৰিয়নি ৰেঞ্জৰ
ধোদৰ আলি ফৰেষ্ট কেম্পটো৷ ডাঠ হাবিখনৰ আনটো প্ৰান্ত এয়া৷ মৰিয়নিৰ পৰা দূৰত্ব প্ৰায়
৫কিল’মিটাৰ৷ কেম্পৰ সন্মুখত লগাই থোৱা
অসম চৰকাৰৰ বন বিভাগৰ চাইনব’ৰ্ড এখনে জৈৱ বৈচিত্ৰতাৰে ভৰা হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ স্বাগতম জনালে৷
মনৰ ভিতৰত আগৰে পৰা অব্যাহত থকা কৌতূহলৰ মাত্ৰাটোও কিছু বাঢ়ি গ’ল৷ জংঘলৰ দাঁতিয়েদি বাওঁহাতে
এটা কেঁচা আলি৷ গম পালোঁ, পোন ৰাস্তাটোৰে এতিয়া আমি আগুৱাব লাগিব আৰু প্ৰায় ৫কিল’মিটাৰ৷ প্ৰশান্তই প্ৰস্তাৱ দিলে,
আমাক তেওঁৰ ৰ’ডিঅ’ আৰ.জেড.ৰ পিছফালে বহুৱাই কঢ়িয়াব৷
একে আষাৰতে সেই আৱেদন নাকচ কৰি দিলোঁ৷ কাৰণ আমি পাহাৰৰ এডভেন্সাৰপ্ৰিয় মানুহ৷ হাবিতলীয়া
ৰাস্তাত খোজ কঢ়াৰ অভ্যাস আছে৷ গতিকে সন্মুখত অপেক্ষমান অৰণ্যৰ মাদকতাখিনি কোনো কাৰণতে
হেৰুৱাব নুখুজিলোঁ৷ তাতে এয়া হৈছে সমতল, আমাৰ তাৰ দৰে ওখ-চাপৰ, অকোৱা-পকোৱা নহয়৷ কাজেই
তেওঁক অলপ টানকৈয়ে কৈ দিলোঁ, আগ বাঢ়ি গুচি যাবলৈ৷ পিঠিত বেগ লৈ একে লেথাৰিয়ে খোজ দি
গৈ থাকিলোঁ৷ ইফালে, মুখত সৈমান হ’লেও মানুহটোৱে কিন্তু অলপ দূৰ চলাই ষ্টাৰ্ট বন্ধ কৰি আমালৈ ৰৈ থাকিল৷
আমি গৈ সেইখিনি পালত পুনৰ আগ বাঢ়িল৷ নতুন মানুহ বুলি ওৰে বাট আমাক তেনে ধৰণেই সংগ আৰু
নিৰাপত্তা দি গ’ল, ঘৰ নোসোমোৱালৈকে৷
এইখনেই হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য৷ জীৱনত
আজিহে প্ৰথম খোজ পেলাইছোঁ৷ এই অভয়াৰণ্যখন যোৰহাট জিলাৰ যোৰহাট ফৰেষ্ট ডিভিজনৰ মৰিয়নি
ৰেঞ্জৰ অন্তৰ্গত৷ মাটিকালি ২০.৯৮ বৰ্গ কিল’মিটাৰ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৩৩০-৩৯০ফুট৷ ইয়াৰ অতীত
সম্বন্ধে প্ৰাপ্ত কিছু তথ্য পকেট নোটবুকত লিপিবদ্ধ কৰিছিলোঁ৷ বিগত ১৮৮১চনৰ ২৭আগষ্টতে
চিহ্নিত হৈছিল ‘হোলোঙাপাৰ ৰিজাৰ্ভ ফৰেষ্ট’৷ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল,
দিচৈ সংৰক্ষিত বনাঞ্চল আৰু তিৰু হিলচ সংৰক্ষিত বনাঞ্চলক এই ৰিজাৰ্ভ ফৰেষ্টত সামৰি লোৱা
হৈছিল৷ অসম চৰকাৰে এক অধিসূচনা (এফ.আৰ.এছ.৩৭৯৭৩১) মৰ্মে ৩০জুলাই ১৯৯৭ তাৰিখে এই ৰিজাৰ্ভ
ফৰেষ্টক বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে স্বীকৃতি দিছিল৷ তেতিয়া ইয়াৰ নাম আছিল ‘গিবন বন্যপ্ৰাণী অভয়াৰণ্য’৷ ২৫মে’ ২০০৪ত অসম চৰকাৰে আন এক অধিসূচনা
(এফ.আৰ.পি.৩৭৯৭২০) জাৰি কৰি ইয়াৰ নাম ‘হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য’ কৰে৷ অভয়্যৰণ্যখনৰ গড় হিচাপত
বাৰ্ষিক বৰষুণৰ হাৰ ২৪৯ছেণ্টিমিটাৰ৷ নেশ্যনেল ৱাটাৰ ছে’ড এটলাচ অৱ ইণ্ডিয়াতো অঞ্চলটো
‘বৰ্ষাৰণ্য’ হিচাপে অন্তৰ্ভুক্ত হৈছে৷ আনহাতে
এটা জন্তুৰ নামেৰে জনাজাত হোৱা এইখনেই ভাৰতবৰ্ষৰ একমাত্ৰ অভয়াৰণ্য৷ বছৰৰ বিভিন্ন সময়ত
দেশী-বিদেশী পৰ্যটক ইয়ালৈ ঘাইকৈ আহে সেই বিশেষ জন্তুটো স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈকে৷
ধোদৰ আলি এৰি নিৰ্জন পথটোৰে সোমাই যোৱাৰ লগে লগে
এগালমান বান্দৰে আমাক আদৰিলে৷ পঢ়িবলৈ পাইছিলোঁ যে ভাৰতবৰ্ষত পোৱা ৯টা প্ৰজাতিৰ বান্দৰৰ
ভিতৰত ৭বিধেই ইয়াত বিদ্যমান৷ সেই ৭বিধ হ’ল… হলৌ বান্দৰ, লাজুকী বান্দৰ, সেন্দূৰীয়া বান্দৰ, মলুৱা বান্দৰ, গাহৰিনেজীয়া
বান্দৰ, টুপীমূৰীয়া বান্দৰ আৰু অসমীয়া মলুৱা বান্দৰ৷ এই অভয়্যৰণ্যখনৰ সেয়া অন্যতম বিশেষত্ব৷
আনহাতে চকুৰ সন্মুখত বানৰ সেনাৰ প্ৰহৰীসকলক দেখি মোৰ মনলৈ আহিছিল, সৰুতে গোলাঘাটত আমাৰ
মাৰ ঘৰত ইহঁতৰ বংশজসকলে কৰা উপদ্ৰৱবোৰৰ কথা৷ বাওঁ হাতখন দাঙি তৰ্জনীৰ গুৰিত আজিও ৰৈ
যোৱা বান্দৰে কামোৰাৰ চিনটো সঞ্জুক দেখুৱালোঁ৷ তাৰ লগতে বৰ্ণনা কৰিবলগীয়া হ’ল সিহঁতৰ পূৰ্বপুৰুষ এপালমানে
মাহঁতৰ পিছ-চোতালত চাৰি বছৰীয়া শিশু এটাক লৈ হেতালি খেলাৰ লোমহৰ্ষক সঁচা কাহিনী৷ সেই
আক্রমণত ভাগ্যক্রমে যেনিবা বাচি গৈছিলোঁ৷ এতিয়া আকৌ সিহঁতৰ ৰাজ্যতে প্ৰৱেশ কৰিছোঁহি!
তাকো এটা-দুটা নহয়, ৭টা জাতৰ বিচৰণভূমিত৷
কেইবাদিনো ধৰি একেলেথাৰিয়ে হৈ থকা বৰষুণে পথছোৱা
মাজে মাজে বোকাময় কৰি তুলিছিল৷ বোকা-পানীৰ মাজেৰেই আগ বাঢ়ি ব্ৰডগজ ৰে’লপথত ওলালোঁগৈ৷ এই ৰে’লপথটো অভয়াৰণ্যখনৰ মাজেদি গৈছে৷
উজনিৰ দিশে পূবলৈ নকছাৰী, নামনিৰ দিশে পশ্চিমলৈ মৰিয়নি৷ দক্ষিণে ধোদৰ আলি৷ ধোদৰ আলিটোৰ
সমান্তৰালভাৱে থকা এই ৰে’লপথছোৱাৰে জীৱনত সংখ্যাতীতবাৰ
অহা-যোৱা কৰিছোঁ৷ অথচ হাবি ফালি যোৱা ৰাস্তাটোৰ সিমূৰে উত্তৰ দিশলৈ থকা প্ৰশান্ত কুমাৰ
বৰা নামৰ ডেকা এজনৰ আবিৰ্ভাৱ আজি অলপ দিনৰ আগতেহে হ’ল! কথাটো ভাবি চাই কিবা আচৰিত যেনেই লাগিল৷ সি
যি কি নহওক, এইখিনিতে অকপটে স্বীকাৰ কৰোঁ যে ‘অকব’ৰ জৰিয়তেই উক্ত অৱস্থিতি আৱিষ্কাৰ কৰাটো সম্ভৱ হৈছে৷ সেই স্থান পাবলৈ
আৰু অলপমান সময় মাত্ৰ বাকী৷
ৰে’লৰ আলিটো পাৰ হৈ পালোঁ মেলেং বিট ফৰেষ্ট অফিচ৷ তাৰ দাঁতিতে
ঘাঁহনিত বাহনখন পাৰ্ক কৰি প্ৰশান্ত আমাৰ ফাললৈ আগুৱাই আহিল৷ চিনাকি-অচিনাকি গছ-গছনি
কিছুমানক কেন্দ্ৰ কৰি অলপ পৰ আলোচনা চলিল৷ মনত আছে, অতীতত ইয়াতে আছিল মেলেং ৰে’লৱে ষ্টেছন৷ উজনিমুৱা আৰু নামনিমুৱা
পেচেঞ্জাৰ ট্ৰেইন ৰৈছিল৷ এতিয়া নৰয়৷ কাৰণ ষ্টেছনটো উঠাই নিলে৷ আগতে এই ট্ৰেকেৰে ৰে’লত অহা-যোৱা কৰোঁতে বন বিভাগৰ
এটা চাংঘৰে প্ৰতিবাৰতে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ মৰসাহসী মানসিকতাৰে তেতিয়াই ভাবিছিলোঁ,
সেইটোত এনিশামান কেতিয়াবা কেনেবাকৈ কটাব পৰা হ’লে! মজা লাগিলহেঁতেন৷ এতিয়া পিছে ঘৰটো নাই৷ ভাঙি পেলোৱা
হ’ল৷ গতিকে মনৰ সেই আশা অসম্পূৰ্ণ
হৈয়ে ৰ’ল৷
উক্ত স্থানতে কিছু সময় ৰৈ ইফালে-সিফালে চালোঁ৷
কাষতে দেখা চাইনব’ৰ্ডকেইখন পঢ়িবলৈ ধৰিলোঁ৷ বুজিলোঁ,
বাওঁফালে সোমাই গ’লে দুমহলীয়া বিভাগীয় পৰিদৰ্শন
বঙলা, যাৰ নিৰ্মাণ কাৰ্য চলি আছে৷ পুৰণি ষ্টাফ কোৱাৰ্টাৰ কেইটামানো চকুত পৰিল৷ হাবিত
সোমোৱাৰ কথা সুধিলত বিভাগীয় কৰ্মচাৰী এজনে পিছদিনা পুৱা সাতমান বজাত পোৱাকৈ আহিলে ভাল
হ’ব বুলি পৰামৰ্শ দিলে৷ তাকে সাৰোগত
কৰি গে’টৰ তলেৰে সৰকি পদযাত্ৰা পুনৰ
আৰম্ভ কৰিলোঁ প্ৰশান্তহঁতৰ গাঁও অভিমুখে৷
ওখ-ডাঙৰ হোলোং, চঁপা, গমাৰি, চাম-কঁঠাল, ভেলৌ,
আমাৰি, উদাল, শিঙৰি, নাহৰ, বান্দৰডিমা, ধুনা, ভোমোৰা, সাচি ইত্যাদি গছেৰে আৱৰা এইছোৱা
গহীন হাবিৰ মাজেৰে গৈ থাকোঁতেও প্ৰশান্তৰ কাৰবাৰটো পূৰ্বৰ অনুৰূপ হ’ল৷ অৰ্থাৎ আগ বাঢ়ি গৈ আমালৈ ৰৈ
থকা৷ আমি গৈ পোৱাৰ পিছত আকৌ আগ বঢ়া৷ বান্দৰৰ ৭টা প্ৰজাতিকে ধৰি হাতী, নাহৰফুটুকী বাঘ,
নেউল, শিয়াল, হৰিণা পহু, বাঘমেকুৰী, মালায়ান কেৰ্কেটুৱা, অজগৰ, কাছ, ধনেশকে ধৰি ২৯১টা
প্ৰজাতিৰ চৰাই এই অভয়াৰণ্যত পোৱা যায়৷ স্বাভাৱিকতেই জয়াল জয়াল লগা বাটছোৱাত অন্য মানুহ-দুনুহ
কিন্তু তেনেকৈ নাপালোঁ৷ স্থানীয় ডেকা প্ৰশান্তৰ সাহসটো হ’লে মানিলোঁ৷
ধোদৰ আলিৰ পৰা আৰম্ভ কৰি ডেৰঘণ্টা খোজ কঢ়াৰ অন্তত
হাবিখন শেষ হ’ল৷ হাবি পাৰ হৈ প্ৰথমেই পালোঁ
মধুপুৰ ফৰেষ্ট কেম্প৷ তাৰ পিছত ইণ্ডিয়ান কাউন্সিল অৱ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেচনৰ
অন্তৱৰ্তী ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ সম্প্ৰসাৰণ কেন্দ্ৰ৷ মেলেং গ্ৰাণ্ট মিলিজুলি
যুৱক সংঘ, ভোগপুৰ বুঢ়া নামঘৰৰ তোৰণ; অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট
সংমণ্ডল ১ৰ অধীনস্থ গোবিন্দপুৰ পানী যোগান আঁচনি, মেলেং গ্ৰাণ্ট ডেম’ ভিলেজৰ পাচাউলি নাৰ্ছাৰী, বেম্ব’ নাৰ্ছাৰী আদি পালোঁ৷ আৰু অকণমান
আগুৱাই বাওঁহাতে পালোঁগৈ আমাৰ গন্তব্যস্থল প্ৰশান্তহঁতৰ বাসগৃহ৷
মধুপুৰ, ভোগপুৰ আৰু গোবিন্দপুৰ৷ এই তিনিখন গাঁও
লগ হৈ হৈছে মেলেং গ্ৰাণ্ট৷ ধোদৰ আলিৰ দিচৈ তিনিআলি, যোৰহাট-মৰিয়নি পথৰ ডকলঙীয়া আৰু
ৰাষ্ট্ৰীয় ঘাইপথৰ মেলেং চাহ বাগিচাৰে সোমাই আহিব পাৰি এই অঞ্চলটোলৈ৷ আমি অহা পথটি আটাইতকৈ
চমু বুলি গম পালোঁ৷ ইয়াতেই মধুপুৰত তেওঁলোকৰ নিজা ঘৰ৷ অঞ্চলটো গাতে গা লাগি আছে হোলোঙাপাৰ
গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ৷ গতিকে বন্য জীৱজন্তুৰ দ্বাৰা ক্ষয়-ক্ষতিৰ আশংকা আছেই আছে৷
বাঁহৰ জপনা খুলি প্ৰৱেশ কৰাৰ লগে লগে প্ৰশান্তৰ
দেউতাক শ্ৰীযুত বুবুল বৰা, নৱবিবাহিতা পত্নী ৰীতা, ভায়েক বিশ্বজিত আৰু কণমানি ভাগিনীয়েক
বাবলিয়ে আমাক আদৰিলে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰাৰম্ভিক চা-চিনাকিৰ পিছতে গাটো ধুই
সতেজ হৈ ল’লোঁ৷ দীৰ্ঘদূৰত্ব একেৰাহে অতিক্ৰম কৰি দেহা ঘামি তিতি গৈছিল৷ মনৰ ভিতৰত
খেলি থকা অপাৰ কৌতূহলৰ বাবেই ভাগৰ অৱশ্যে লগা নাছিল৷ অলপ পিছতে ৰীতাই আথে-বেথে আগ বঢ়োৱা
জলপানেৰে পেট পূজা চলিল৷ তাৰ পিছত পিছফালৰ কেঁচা মাটিৰ বাৰাণ্ডাত কঠত বহি কথাৰ মহলা
মাৰিলোঁ ইতিমধ্যে আলহী আহিছে বুলি সমৱেত হোৱা ওচৰৰে বৰমা, নবৌ, বাইদেউহঁতৰ লগত৷ এঘৰলৈ
দূৰৈৰ কোনোবা অতিথি আহিলে কাম-কাজত সহায় কৰি দিবৰ বাবে সম্বন্ধীয় বা প্ৰতিৱেশী ততালিকে
উপস্থিত হোৱাটো অসমীয়া গ্ৰাম্য সমাজৰ এটা দস্তুৰেই৷ পোনতেই তেখেতসকলক খোলাখুলিকৈ জনাই
দিলোঁ... ‘আমি পাহাৰৰ মানুহ৷ কথা-বতৰাবোৰ
ডাঙৰ ডাঙৰকৈ কওঁ, গতিকে দায়-দোষ নধৰিব আকৌ’ বুলি৷ আবেলিৰ সেই সময়খিনি খুব ভাল লাগিল৷ কণমানি বাবলি,
তৃষ্ণা, প্ৰীতিস্মিতাহঁতৰ লগতো ধেমালি-ধুমুলা কৰি, চাহ-তামোল খাই ভৰপূৰ আনন্দ বুটলিলোঁ৷
পিছফালে চাহ খেতি, নাৰ্ছাৰী, গোহালি, তামোল গছ আদি দেখিও মনটো ভাল লাগিল৷
এসময়ত সভা ভংগ হ’ল৷ অঞ্চলটো ঘূৰি-পকি চাওঁ বুলি
আলিলৈ ওলাই আহিলোঁ৷ মন কৰিলোঁ, চাইকেল আৰু মটৰ চাইকেল বা স্কুটীজাতীয় দুচকীয়াই ইয়াৰ
পথ পৰিবহণৰ মূল সাৰথি৷ তেনেকুৱাতে প্ৰশান্তই প্ৰস্তাৱ দিলে গাঁৱৰ একেবাৰে সিমূৰে বাস
কৰা ভনীয়েকৰ ঘৰলৈ নিয়াৰ৷ নোযোৱাৰ কথাই নাই৷ আহিছোঁৱে ফুৰিবলৈ৷ সঞ্জু আৰু মই তেওঁৰ সৈতে
তৎমুহূৰ্ততে পদব্ৰজে ৰাওনা হ’লোঁ৷ এইবাৰ গাঁৱৰ মাজে মাজে৷
কেঁচা ৰাস্তাৰে৷ চাহপাত কঢ়িওৱা গাড়ীকেইখনমানৰ বাহিৰে অন্য গাড়ী সেই সময়ছোৱাত চকুত নপৰিল৷
গম পালোঁ যে ইয়াত প্ৰত্যেকঘৰ মানুহৰে পিছফালে নিজা উদ্যোগত কৰা চাহ খেতি অলপমান হ’লেও আছে৷ চাহপাতে এই অঞ্চলটোৰ
ৰাইজৰ অৰ্থনীতি টনকিয়াল হোৱাত বৰঙণি যোগাইছে৷ চাহৰ লগতে সাঁচি গছৰ আধিক্যও লক্ষ্য কৰিলোঁ৷
বাটত মধুপুৰ বৰ-নামঘৰ, মেলেং গ্ৰাণ্ট শ্ৰীমন্ত শংকৰদেৱ নামঘৰ দেখা পালোঁ৷ প্ৰাথমিক
আৰু মাধ্যমিক বিদ্যালয় দেখিলোঁ৷ হাইস্কুল, কলেজ হ”লে নাই৷
সন্ধিয়াৰ আগে আগে গন্তব্যস্থল পালোঁগৈ৷ ভণ্টী ৰুণুমী,
জোঁৱাই দুলু আৰু জোঁৱাইৰ মাক আদিয়ে আমালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল৷ চোতালতে বহি ভালেমান
পৰলৈ বিভিন্ন কথা-বতৰা চলিল৷ তাৰ মাজতে ৰুণুমীৰ বৰজনায়েকৰ ল’ৰা ভ’ক’ৱে অঁকা ছবি চালোঁ, কবিতা আবৃত্তি
শুনিলোঁ৷
চাহ পৰ্ব সামৰি ঘৰমুখী হওঁতে আন্ধাৰেই হ’ল৷ তেতিয়াহে দুখন ব্যক্তিগত গাড়ী চকুত পৰিল৷ ইফালে
অন্ধকাৰ বাটছোৱাত প্ৰশান্তই শুনাবলৈ ল’লে বাঘৰ কাহিনী৷ গাঁৱৰ কোনটো ঘৰত কি ধৰণে বাঘ সোমাই আছিল,
কেনেকৈ কাক আক্রমণ কৰিছিল, অন্তত কি হ’ল-নহ’ল ইত্যাদি ইত্যাদি৷ বন্যপ্ৰাণীৰ সৈতে সাহসেৰে সহাৱস্থান
কৰাটো অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া আবাসীৰ বাবে চিৰাচৰিত কথা৷ এই অঞ্চলৰ ৰাইজ তাৰ ব্যতিক্রম
নহয়৷ বান্দৰ আৰু হাতীৰ উপদ্ৰৱৰ বাবেই ইয়াতো চৌহদবোৰত কলগছ নাই, ধানখেতি কৰিব নোৱাৰি৷
ফলত বাঁহনি আঁতৰাই চাহ খেতিক প্ৰাধান্য দিছে স্থানীয় ৰাইজে৷আমি ঘৰ গৈ সোমাওঁতে নিশা
নামি আহিল৷ বোকা-পানীৰ বাবে ৰাস্তাত সাৱধানে খোজ কাঢ়িব লগা হৈছিল৷ এই বাট-পথবোৰৰ উন্নয়ন
কেতিয়াকৈ হ’ব একো ক’ব নোৱাৰি৷ আনহাতে বিদ্যুতৰ লুকাভাকু,
ভল্টেজৰ শোক লগা অৱস্থা ইয়াতো চূড়ান্ত ৰূপত বিদ্যমান৷ তাৰ মাজেৰেই জীৱন সংগ্ৰামত ৰত
হৈছে প্ৰশান্তহঁতৰ দৰে অঞ্চলটোত বাস কৰা মানুহবোৰ৷ সুবিধা চাই কোনোবা হয়তো ওলাই গৈছে
মৰিয়নিলৈ, কোনোবাই যোৰহাট বা পাৰিলে আৰু আগলৈ৷ বহুতে আকৌ গাঁৱৰ মোহ এৰিব নোৱাৰি ইয়াতেই
কালাতিপাত কৰিছে৷
এটা সময়ত প্ৰশান্ত আৰু ৰীতা দুয়ো নিশাৰ সাজৰ যা-যোগাৰত
নিঃশব্দে ব্যস্ত হৈ পৰিল৷ ৰীতাৰ শাৰীৰিক অসুস্থতাৰ বাবে পাকঘৰত মূল ৰান্ধনিৰ ভূমিকাত
অৱতীৰ্ণ হৈছে প্ৰশান্ত৷ কথাটো গম পাই সিটো কোঠাৰ পৰা সঞ্জুৱে চিঞৰিলে... ‘ৰন্ধা-বঢ়া আমি কৰিম, একো চিন্তা
কৰিব নালাগে’ বুলি৷ ‘আমাৰ ফুল ফ’ৰ্চ এপ্লাই কৰি দিম’ বুলি ময়ো উজান দিলোঁ৷ পিছে গৃহস্থ
হ’লে সৈমান নহ’ল৷ বোলে ‘প্ৰথমবাৰত অন্ততঃ নহ’ব, পিছত কেতিয়াবা আকৌ আহিলে দেখা
যাব৷’৷ স্বামী-স্ত্ৰী হালৰ অদমনীয়
ইচ্ছাত নীতিবিৰুদ্ধভাৱে হস্তক্ষেপ নকৰি পাকঘৰত পীৰাতে বহি পৰিলোঁ৷ তাৰ পিছত বাৰেবিংকৰা
লেকচাৰ মাৰিবলৈ আৰম্ভ কৰিলোঁ আৰু কথাৰেই দুয়োকে অনুপ্ৰাণিত(!) কৰি গ’লোঁ৷ আলেঙে আলেঙে এটা কথা অৱশ্যে
লক্ষ্য কৰিও থাকিলোঁ... আঞ্জাত জলকীয়া কেইটাবা দিয়ে, বৰা-বৰানীয়ে... তালৈ৷ কাৰণ আগতেই
ৰোধ নকৰিলে সময়ত সেইবিধে আনক নহ’লেও অমুকাক নাকনি-কাননিযে খুৱাব, সেইটো খাটাং৷ পিছত কৈ লাভো নাই৷
ডিচেম্বৰৰ ৭ত যোৰ বন্ধা বৰা দম্পতীৰ সৈতে আনন্দময়
সময় কটাওঁতেই ঘপকৈ মনত খেলালে এটা প্ৰশ্ন৷ নগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বেবেজীয়াৰ
গোসাঁইবৰি আৰু যোৰহাট জিলাৰ এই পাণ্ডৱবৰ্জিত মেলেং গ্ৰাণ্টৰ মধুপুৰ৷ সংযোগ সাধন হ’ল কেনেকৈ? মোৰ দেখোন কিবা হিচাপ
নিমিলে? সাঁথৰটোৰ ভেদ ভাঙিবলৈ চাব মাৰি ধৰাত লাজ লাজ ভাবেৰে প্ৰশান্তৰ মুখৰ পৰা উত্তৰত
ওলাল দুটা মাত্ৰ শব্দ... ‘অকণিৰ অগ্ৰদূত’৷ মুখ ফুটাই একো নক’লে৷ ময়ো অনুমান এটা কৰি প্ৰসংগ
সামৰিলোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী ৰূপায়ণৰ অৰ্থে আগ বাঢ়িলোঁ৷
লেচেৰা মাহ, বেঙেনা ফ্ৰাই, দাইল, পনীৰ আদি বিবিধ
ব্যঞ্জনেৰে নিৰামিষ ভাতসাজ বৰ তৃপ্তিৰে খোৱা হ’ল৷ ৰান্ধনিৰ হাতখনক প্ৰশংসা নকৰি নোৱাৰিলোঁ৷ শোৱাৰ আগতে
অলপ সময় মেল মৰাৰ চেষ্টা কৰিলোঁ যদিও পুৱা সোনকালে উঠাৰ দাবীত বেছি পৰ নৰৈ বিছনাত পৰিবগৈ
লগা হ’ল৷ তেনেকুৱাতে ভাইটি বিশ্বই সাৱধানবাণী
শুনালে.. ‘দাদা, নিশা ঘৰৰ ওপৰত ঢং ঢং শব্দ
শুনা পালে বা বাহিৰত খট-খট কৰা শুনিলে ভয় নাখাব আকৌ৷’ ‘নাই নাই, কিয় ভয় খামহে?’ বুলি সাহস দেখুৱালোঁ যদিও তেওঁলোকৰ
তিনিবেটেৰীয়া টৰ্চটো কিন্তু মই আগে-ভাগে অধিগ্ৰহণ কৰিলোঁ আৰু হাত দিলেই পোৱাকৈ গাৰুৰ
কাষত ৰাখি ল’লোঁ৷ কাইলৈ আচল হাবিত সোমাম৷
ঈশ্বৰক চিন্তি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লোঁ৷
(বি.দ্ৰ. : দিনলিপিৰ দ্বিতীয় পাতখিলা তুলি ধৰিম
কাইলৈ৷ অপেক্ষা কৰিবলৈ অনুৰোধ জনালোঁ৷)
No comments:
Post a Comment