সিন্ধি, সিন্ধি-সৰকা চোৰ আৰু
চুৰিবিদ্যাৰ ইটো-সিটো
(অলপ সত্য, অলপ সংযোগ)
‘যোৱাৰাতি হে’ডছাৰৰ ঘৰত চোৰ হ’ল৷ সিন্ধি খান্দি সোমাই চব নিলে৷’
এই লৈ পুৱাই পুৱাই ক’লনীত হুৱা-দুৱা৷ অৱধাৰিতভাৱেই
খবৰটো আমাৰ ঘৰো সোমালহি৷ কাণত পৰা মাত্ৰকে আৰু ৰৈ থকাৰ অৱকাশ আছে নেকি? স্বভাৱজাত কৌতূহলেৰে
কুকুৰ-লৰ মাৰিলোঁ হে’ডছাৰৰ তালৈ৷ হে’ডছাৰৰ ঘৰটো আমাৰ সমীপতে৷ পি.ডব্লিউ.ডি.
মেকানিকেললৈ সোমাই যোৱা সৰু এঢলীয়া ৰাস্তাটোৰ সিপাৰে৷ আমাতকৈ অকণমান ওখ ঠাইত অৱস্থিত৷
গৈ দেখিছোঁ, পিৰালিত এটা দীঘলীয়া গাঁত৷ গাঁত বোলোঁ
নে সুৰংগ? মুঠতে বাঁহৰ ডবল বেৰখনৰ একেবাৰে ইপাৰ-সিপাৰকৈ তলে তলে খন্দা এটা বাট৷ পাৰত
তাৰে মাটিয়ে দ’ম বান্ধি আছে৷
‘কোনে খান্দিলে? কেনেকৈ খান্দিলে? একো তলকিবই নোৱাৰিলেনে ছাৰ-বৰমাহঁতে?
ইমানেই মৰ-টোপনি!’
...নেদেখাক দেখাৰ পিছত নজনাক জনাৰ কৌতূহল জাগ্ৰত
হোৱাটো তেনেই স্বাভাৱিক৷ তাকে সামৰিব নোৱাৰি চিধাচিধি প্ৰশ্নকে সুধি পেলালোঁ৷
‘বেৰৰ তলেৰে খন্দা এই সুৰুঙাটোকে সিন্ধি বুলি কয়৷
নিশা সেইফালেৰেই পাৰ হৈ মানুহৰ ঘৰৰ ভিতৰত চোৰ সোমায়৷’ ...জ্যেষ্ঠসকলৰ ভিতৰৰে এজনে
গম্ভীৰ স্বৰত বুজোৱাত লাগিল৷
‘এইখিনিতে কোনেনো শৌচ কৰি থৈছে বাৰু! ছিঃ৷ থু থু৷
... সেইফালেও আছে৷ চাবি চাবি৷ তাৰ পৰা এইফালে গুচি আহ ঐ৷ নহ’লে ফেনেকিবি এতিয়া৷’ ...মানুহৰ বিষ্ঠাবোৰ দেখি কোনোবাই
চিঞৰি চিঞৰি সাৱধান-বাণী শুনাইছে৷ সদাপৰিচিত সেই গোন্ধটোৱে ইতিমধ্যে নাকত মিহি মিহিকৈ
খুন্দিয়াই আছিলেই৷
‘চোৰেই পায়খানা কৰি থৈ গৈছে সেয়া৷ সেইটো কৰিব পাৰিলে
সিহঁতৰ কাৰণে ভাল৷ কাৰণ তেতিয়া সেইফালেদি কোনো মানুহ নাহে৷ আৰু আহিলেও নাক-মুখ কোঁচাই
দূৰেদিহে যায়৷ মৰিলেও এইফালে নাহে আৰু নাচায়ো৷ সেই সুবিধাতে চৰাই-চিৰিকটি বাহিৰলৈ ওলোৱাৰ
আগতেই চোৰৰ দলে সিন্ধিয়েদি বস্তু-বাহানি উলিয়াই নিয়ে৷’
চোৰে হেনো শৰ্মা ছাৰৰ পৰিবাৰ মানে দ্ৰৌপদী বৰমাই
গলত পিন্ধি থকা সোণৰ নেকলেচডালত হাত দিছিল৷ টোপনিতে গম পাই গ’ল বৰমাই৷ টনাটনিত এটুকুৰা ছিগি
ডিঙিতে ৰৈ গ’ল৷ এটুকুৰা চোৰে থপিয়াই লৈ গ’ল৷ কথাখিনি এজনে আন এজনক কৈ থাকোঁতেই
শুনা পালোঁ৷ আচৰিত কাণ্ড দেখোন! ভয় ভয় লাগি
গ’ল মনে মনে৷
খবৰটো পাই ঘটনাস্থলীত উপস্থিত হোৱা বিভিন্নজন লোকৰ
মাজত আলোচনা-পৰ্যালোচনা চলিয়ে থাকিল৷ পুলিচত এজাহাৰ দিয়াৰ কথা ওলাল৷ চোৰৰ কাৰ্যকলাপবোৰৰ
বিষয়ে ওলাল৷ আৰু আমি চেঙেলীয়াসৱেও ৰস পাই ধ্যানমগ্ন চিত্তে সেয়া শুনি গ’লোঁ৷ জানিবলৈ পালোঁ চুৰিবিদ্যা
সম্পৰ্কে নজনা-নুশুনা বহুতো কথা৷ জীৱনলৈ সেয়া মনত থাকি গ’ল বেলেগ ধৰণৰ এটা অভিজ্ঞতাৰ ৰূপত৷
‘সিন্ধি দিয়াৰ সময়ত চোৰে গাৰ পৰা কানি-কাপোৰবোৰ
খুলি থয়৷ এইটো লাইনত ভদ্ৰলোকৰ দৰে চোলা-পেণ্ট, জোতা-চেণ্ডেল আদি নচলে৷ আনকি উলংগ হ’বলৈ লাজ কৰিলেও উদ্দেশ্য সিদ্ধি
নহয়৷ আটি আটি লেঙুটি বান্ধিবই লাগিব৷ শুদা ভৰিৰে থাকিবই লাগিব৷ তেনেকুৱা ৰূপতে চোৰে
নিজৰ দেহত চপ্চপীয়াকৈ তেল সানি লয়৷ তেলেৰে গাটো পিছল কৰি ল’লে কোনোবাই গবা মাৰি ধৰিলেও মূৰ
পোলাকা দি এৰাই আহিবলৈ সহজ হয়৷ আনহাতে, সিন্ধি খন্দা কামটো হোৱাৰ পিছত চোৰে প্ৰথমে
কলগছৰ টুকুৰা এডোখৰ বাটটোৱেদি লাহেকৈ ভিতৰলৈ ঠেলি দিয়ে৷ এইটো এটা ডাঙৰ পৰীক্ষা৷ ইয়াৰ
দ্বাৰা গৃহস্থ কেনেবাকৈ সাৰ পাই আছে নেকি, ভিতৰত বেৰৰ সিপাৰে কোনোবাই অস্ত্ৰ-শস্ত্ৰসহ
চোপ লৈ আছে নেকি তাৰে উমান লয়৷ কেতিয়াবা চোৰে মূৰ সোমোৱা বুলি ভাবি গৃহস্থই চোৰে আগুৱাই
দিয়া কলগছৰ টুকুৰাটোতে প্ৰচণ্ড মাৰ শোধায়৷ আত্মসুৰক্ষাৰ এই পৰীক্ষাৰ ফলতে একো এটা সৰকাই
নিব নোৱাৰিলেও নিজৰ শৰীৰৰ অকণো ক্ষতি-খুন নোহোৱাকৈ চোৰ বাচি যায়৷ আৰু তৎক্ষণাৎ সিদ্ধান্ত
সলনি কৰি তৎমুহূৰ্ততে তাৰ পৰা পলাই পত্ৰং দিয়ে৷ গৃহস্থই বাহিৰলৈ ওলাই আহি চোৰ চোৰ বুলি
চিঞৰে মানে চোৰ গৈ কোনোবা ধুবুৰী পায়গৈ৷ তেতিয়া আৰু ধৰাৰ সাধ্য কাৰো বাপেকৰো নাথাকে৷
অন্যহাতে, পৰীক্ষাটোৰ জৰিয়তে কোনো প্ৰতিবন্ধকতা নাই বুলি সুনিশ্চিত হ’লে অৰ্থাৎ অশুভ একো নঘটিলে চোৰৰ
বাবে চিন্তা কৰিবলগীয়া নাথাকে৷ ইংগিত পাই যায় যে ৰাস্তা মুকলি আছে৷ তেতিয়া সিন্ধিয়েদি
আস্তেকৈ নিজেই ভিতৰলৈ সোমায়৷ তাৰ পিছত ভিতৰৰ কামখিনি সাৱধানে সমাধা কৰাৰ পৰ্ব৷ কাম
হৈ গ’লে চোৰ-বাহিনীৰ পৰৱৰ্তী লক্ষ্যটো হয় তড়িৎ গতিৰে সিন্ধিস্থলীৰ পৰা নিৰাপদ স্থানলৈ প্ৰস্থান৷’
আনমনা হৈ এনেবোৰ কথা শুনি থকাৰ লগে লগেই আমি এখন
কল্পনা ৰাজ্যতো ডুবি থাকোঁ চোৰৰ কাম-কাজবোৰ মনতে সজাই-পৰাই৷ বিপদৰ এই খেলখনৰ ভিতৰুৱা
খবৰবোৰে কৌতূহলৰ মাত্ৰা অধিক পৰিমাণে বঢ়াই তোলে৷
‘গহনা নিবলৈ প্ৰথমে চোৰে লেঙুটিখন কঁকালত আগফালে
ভালদৰে গাঁঠি মাৰি লয়৷ কাপোৰৰ আগটো বহলাই লৈ সোণৰ গহনাখিনি লেঙুটিৰ কাপোৰৰ ভাঁজত মেৰিয়ায়৷
তাৰ পাছত জৰী এডালেৰে ওপৰে-তলে চোঁচনি-গাঁঠি মাৰে৷ তেতিয়া অকণোৱেই লৰচৰ নকৰা হয়৷ তাৰ
পিছত কাপোৰৰ আগটো পোন্ধ মৰাৰ দৰে পাছফাললৈ নি টোপোলাটোৰ সৈতে সকলো ঢাকি লয়৷ আকৌ আগলৈ
আনি কঁকালৰ পাকটোৰ তলেদি সুমুৱায়৷ আকৌ কাপোৰখন মেলি পাছফালে নিয়ে আৰু পাছফালে মেৰিয়াই
বান্ধি পেলায়৷ এনেবোৰ কামত সুবিধা হ’বলৈ সেয়ে লেঙুটিখন কিছু দীঘল হ’ব লাগে৷ পাৰ্গত চোৰে লেঙুটি বন্ধা
কলাটো ইমান সুন্দৰকৈ জানে যে তলত কিবা সুমুৱাই ৰাখিছে বুলি কোনেও ধৰিবকে নোৱাৰে৷’
জীৱনৰ অভিজ্ঞতাৰে পুষ্ট অগ্ৰজ লোকৰ কথাবোৰ শুনি
উত্তেজনাত আমাৰ চকুবিলাক ক্রমান্বয়ে ডাঙৰ ডাঙৰ হৈ আহে৷ মুখবোৰেও হা কৰি তেওঁলোকৰ পিনে
একেথিৰে চাই ৰয়৷ টু শব্দ এটাও উচ্চাৰণ নকৰি আমি কেৱল বাধ্য ছাত্ৰৰ দৰে কাণ উনাই ৰওঁ
পিছৰখিনি শুনিবৰ বাবে৷
‘চোৰৰ ফৰ্মূলামতে এটা ডাঙৰ চুৰিকাণ্ড সুকলমে সংঘটিত
কৰাৰ পিছত বহু দিনলৈ তাপ মাৰি থাকিব লাগে৷ কাৰণ গৃহস্থই ওচৰৰ পুলিচ থানাত গোচৰ দিয়েগৈ৷
পুলিচ, চি.আই.ডি., চুবুৰীয়া সকলোৱে প্ৰথম কিছুদিনলৈ চোৰ ধৰিবৰ অৰ্থে তদন্ত চলায়, বিচাৰ-খোঁচাৰ
কৰে, বস্তুৰ অনুসন্ধানত চাৰিওফালে ঘূৰা-ঘূৰি কৰি থাকে৷ মানুহেও কথাটো মনত ৰাখে৷ চোৰে
তেতিয়া পৰাপক্ষত ওলোৱা-সোমোৱা কৰি থাকিব নালাগে৷ সুস্থিৰতা বৰ্তাই ৰাখিব লাগে৷ বয়-বস্তুবোৰ
সযতনে লুকুৱাই থ’ব লাগে৷ যথাশীঘ্ৰে মাটিত গাঁত
খান্দি ভালদৰে পুতি ওপৰৰ চিন-মোকাম নোহোৱা কৰিব পাৰিলে ভাল৷ সকলো ঠাণ্ডা হোৱাৰ পিছত
এদিন সেইবোৰ খান্দি উলিয়াই নিজৰ মাজত অৰ্থাৎ দলৰ সদস্যবৰ্গৰ মাজত ভাগ-বতৰা৷ তাৰ পিছত
দূৰণিৰ ঠাইত বিক্রীৰ ব্যৱস্থা বা অন্য যি মন কৰে...’
বুজি পালোঁ, তাৰ মানে চোৰ এটা নহয়, কেইবাটাও আহে৷
কথাটো আচৰিত যেনেই লাগিল৷ কেনেকৈযে কৰে এনেবোৰ বিপদজনক কাম! সঁচাকৈ জীৱন-মৰণৰ বেহা দেখোন৷
ধৰা পৰিলেই হাড় ভাগি যোৱাকৈ পুলিচৰ মাৰ৷ তথাপি ভয় নালাগেনে সিহঁতৰ? …কম সময়তে অনেক প্ৰশ্নই জুমুৰি দি ধৰেহি৷
‘চোৰৰ আকৌ কিছুমান বিশেষ গুণো আছে দেই৷ চোৰে আন্ধাৰত
গা ঢাকি থিয় হৈ থাকিব জানে৷ ছাঁ-পোহৰৰ খেলত চোৰ অভ্যস্ত হ’বই লাগিব৷ আনহাতে, অকণো লৰচৰ
নকৰি একে ঠাইতে বহুসময় থৰ লাগিও থাকিব পাৰে চোৰে৷ কোনেও তিলমাত্ৰও গম নাপায়৷ অতি বিচক্ষণতাৰে
কেৱল চকুকেইটাৰে ইফালে-সিফালে চাই সুৰুঙাৰ সন্ধান কৰে৷ সুবিধা পালেই ধূৰ্ত শিয়ালৰ দৰে
ফটচনে নাইকিয়া হৈ যায়৷ শুদা ভৰিৰে অকণো সাৰি-শব্দ নোহোৱাকৈ মেকুৰীৰ নিচিনাকৈ আলফুলে
খোজ পেলাব পাৰে সিহঁতে৷ গোন্ধৰ প্ৰতিও সিহঁতৰ সচেতনতা কুকুৰৰ সমপৰ্যায়ৰ৷ উশাহ পৰ্যন্ত
বন্ধ কৰি ৰাখিব পাৰে৷ গভাইত চোৰ ক'বলৈহে, এনেয়ে নহয়৷ মন্ত্ৰ নকৰাকৈ অদৃশ্য হ’ব পৰাৰ জ্ঞান আয়ত্ত কৰিব পৰালৈকে
যথেষ্ট কষ্ট আছে এই বৃত্তিটোত৷ কামলৈ আহোঁতে ৰাগিয়াল দ্ৰব্য সেৱন কৰাও একেবাৰেই নিষেধ৷
গতিকে তেনেকুৱা চোৰ হ’বলৈ হ’লে কিছুমান অপৰিহাৰ্য ট্ৰেইনিং
লোৱাৰো দৰকাৰ৷ প্ৰবীণ দাগী চোৰৰ তত্ত্বাৱধানত থাকি থাকি নবীন অনুগামী এই বিদ্যাত সংগোপনে
এদিন পকা হৈ উঠে৷ আৰু নিজৰ একান্ত সাধনাৰ বলত এদিন নিজেই অভিযান চলাব পৰা হয়গৈ৷’
তেনেকুৱা মুহূৰ্ততে জীপগাড়ী এখন ৰয়হি৷ ৰঙা টুপী পিন্ধা পুলিচৰ লোককেইজনমান নামি আহে৷ একেবাৰে আগৰজনৰ হাতত ডায়েৰী এখন থাকে৷ পুলিচ ওচৰ চপাত ভয়ে ভয়ে আমি আঁতৰি যাওঁগৈ৷
............................................
সময়ৰ পৰিৱৰ্তন হৈ অহাৰ লগে লগে এতিয়া
সিন্ধি আৰু সিন্ধি-সৰকা চোৰ উভয়ৰে বিলুপ্তি ঘটিছে৷ কোনোবাই ক’ৰবাত পুলিচে ধৰি অনা চোৰ দেখিলেও
সিন্ধি কিমানে দেখিছে সেইটো আজিৰ তাৰিখত নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নই হ’ব চাগৈ৷
(‘কথা-ৰত্নাকৰ’ৰ লেখকৰ প্ৰতি ঋণ স্বীকাৰ কৰিছোঁ৷)
No comments:
Post a Comment