Saturday, 16 August 2014

ৰাণী লক্ষ্মী বাই


(গল্প নহয়, সত্য)

অসহ্য গৰম আজি । দীৰ্ঘসময় ধৰি কাৰেণ্ট নাই । বতাহ গৰম, পানী গৰম । কাষলতিয়েদি জোল বৈ গৈছে । কি কৰো কি কৰো লাগিছে । ভাবিলো... মজিয়াতে পাটীখন মেলি লৈ পৰি থাকো নেকি ? কাৰেণ্ট আহিলে উঠি গৈ আকৌ কামত ধৰিম !

ঐ মা, আঁহা আঁহা, অলপ ৰেষ্ট লোৱাহি । দুপৰীয়াখন গৰমত টিঘিলঘিলাই ফুৰিব নালাগে দেই । বেমাৰ হব...’’ উদ্দেশ্যবিহীনভাৱে আগফাল-পাছফাল কৰি থকা জীয়েকক লক্ষ্য কৰি বিছনাত বাগৰ দি থকা অৱস্হাৰ পৰাই মাকে সাৱধানী নিৰ্দেশ জাৰি কৰিলে ।

মা, আঁহাচোন, মোৰ ওচৰলৈকে আঁহা...’’ মই মৰম লগাকৈ মতাত তাই মোৰ ওচৰতে পাটীত বাগৰিলহি ।

বুজনিৰ সুৰত মই লাহেকৈ ক
লো... এইটোতো তোমাৰ ৰেষ্ট হাউচহে । জানানে নাজানা ? তুমি এতিয়া ৰেষ্ট হাউচতহে আছা । এয়া তোমাৰ আচল ঘৰ নহয় নহয় । গতিকে যি কেইদিন ইয়াত মানে আমাৰ লগত আছা, ভালদৰে ৰেষ্ট লৈ লোৱা, বুইছা ।’’

সৰু ছোৱালী তাই । কি বুজিলে নাজানো ।

তেনেকুৱাতে মাকে মাত দিলে...
আমি আচলতে ৰাণী লক্ষ্মী বাইহে, জানানে নাজানা মা ?’’
এইবাৰ পিছে ছোৱালীও অবাক, ময়ো অবাক । ৰাণী লক্ষ্মী বাই ! কি কয় মায়ে ? একো নুবুজি তাই মোৰ আৰু মই তাইৰ চকুলৈ চাই থাকিলো ।

নীৰৱতা ভংগ কৰি মাকে মাত দিলে...
অঁ, ৰাণী লক্ষ্মী বাই । ...
আমি মাইকী মানুহবোৰ যেতিয়ালৈকে মাক-বাপেকৰ লগত থাকো, তেতিয়ালৈকে ৰাণী । মানে সৰু বা জীয়ৰী কালটোত আমি হ
লো ৰাণী । তাৰ পাছত বিয়া হৈ ন-বোৱাৰী হিচাপে যেতিয়া গিৰিয়েকৰ ঘৰলৈ যাওঁ, তেতিয়া আমি হওঁ লক্ষ্মী । মানে লখিমী বোৱাৰী । আৰু তাৰ পাছত যেতিয়া এটা-দুটাকৈ লৰা-ছোৱালী জন্ম হয়, তেতিয়া আমি হৈ পৰো বাই । বাইৰ নিচিনাকৈ সিহঁতক আলপৈচান ধৰাই আমাৰ কাম । গতিকে ৰাণী লক্ষ্মী বাই । বুজিলা এতিয়া ?’’

বে-ল-লেগ কথা কলা দেই তুমি । ৰাণী-লক্ষ্মী-বাই । ৱাঃ । এই গেলা গৰমত ভাল জমালা কিন্তু ।’’ ..মই মাকলৈ অলপপৰ চাই ৰলো ।

(12 June 2013)

No comments:

Post a Comment